আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 24 June 2012

।।অষ্টম খণ্ড।।

।।     হৰমোহন     ।।
।।      প্রথম কীর্ত্তন   ।।

ঘোষা।।
মুখে বোলো ৰাম কৃষ্ণ সনাতন হৰি।
হৰিহৰ লীলাকথা শুনা কর্ণভৰি।।৪২।।
পদ  ।।
পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে।
কহো কৃষ্ণ কথা শুনা পৰম উৎসু্কে।।
বিপৰীত স্ত্রী-মায়া দেখি মাধৱৰ।
শুনা যেন মতে কামাতুৰ ভৈলা হৰ।।৫১১।।
শুনিলন্ত হৰে পাছে কথা বিপৰীত।
স্ত্রীৰূপ ধৰি হৰি হৰিলা অমৃত।।
দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ।
শুনি ত্রিনয়নৰ মনত মহা ৰঙ্গ।।৫১২।।
নয়নে দেখিবো বিষ্ণু ভৈলা যেন নাৰী।
এহি বুলি বৃষভত চড়ি ত্রিপুৰাৰী।।
লগ লাগি গৌৰীও বহিল স্বামী কাছে।
দেখি নন্দী আদি কৰি যত ভৃত্য আছে।।৫১৩।।
কৈলাস ছানিয়া সৱে কোবাৱৈ নিশান।
দণ্ডে ছত্রে বাদ্যে ভণ্ডে ধৰিল যোগান।।

 [খণ্ড .             কীর্ত্তন ৪৩.৫২২]

আকাশৰ পথে গৌৰীনাথ গৈলা লড়ি।
বিষ্ণুৰ পুৰীক আন্টাইলেক দৰদৰি।।৫১৪।।
বৃষভৰ নামি হৰ আৰো গৌৰী মাৱ।
বিষ্ণুক সাদৰি দুয়ো ভৈলা ভূমিপাৱ।।
মাধৱৰ মন্দিৰক দূৰতে আকলি।
প্রণামিলা শঙ্কৰে কৰিয়া কৃতাঞ্জলি।।৫১৫।।
ৰত্নৰ মন্দিৰে সুৱর্ণৰ সিংহাসনে।
কৰন্ত প্রকাশ বহি প্রভূ নাৰায়ণে।।
সুনন্দ কুমুদ নন্দ পাৰিষদগন।
চতুভির্তি বেঢ়ি সেৱৈ কৃষ্ণৰ চৰণ।।৫১৬।।
জগতজননী লক্ষ্মী আছন্ত উপাসি।
শঙ্কৰক দেখি হৰি তুলিলন্ত হাসি।।
বসিবাক লাগি হৰি দিয়াইলা আসন।
সভার্য্যে বসিল তাতে দেৱ ত্রিনয়ন।।৫১৭।।
আদৰিল হৰি যেন বিধি ব্যৱহাৰ।
কৰিলা পার্ব্বতী সমে শিৱক সৎকাৰ।।
শঙ্কৰে কৰিলা হৃষীকেশক সেৱলি।
আৰম্ভিলা তুতি পাছে কৰি কৃতাঞ্জলি।।৫১৮।।

।।তৃতীয় কীর্ত্তন।।

ঘোষা ।।
ত্রাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি।
কৰা কৃপা নাথ সেৱকৰ মন পূৰি।।৪৩।।
পদ   ।।
নমো নমো মাধৱ বিধিৰ বিধিদাতা।
তুমি জগতৰ গতি মতি পিতা মাতা।।
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোহ্মাত ব্যতিৰেক।।৫১৯।।
তুমি কার্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱর্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশুপক্ষী সুৰাসুৰ তৰু তৃণ।
অজ্ঞানত মূঢ়জনে দেখৈ ভিন্ন ভিন্ন।।৫২০।।
তোমাৰেসে মায়ায়ে মোহিত সর্ব্বক্ষণে।
তুমি আত্মা তোহ্মাক নজানে একোজনে।।(৫৯)
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নপাই তোহ্মাক বিচাৰে বাহিৰত।।৫২১।।
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নমাগোহো সুখভোগে নলাগে মুকুতি।
তোহ্মাৰ চৰণে মাত্র থাকোক ভকতি।।৫২২।।
_____________________________________________________ 
৫৯। পা. মূঢ়জনে
_____________________________________________________
[খণ্ড .      কীর্ত্তন ৪৩.৫৩৩]

মুখে লৌক নাম মোৰ কর্ণে তৱ কথা।
হৃদয়ত পাদপদ্ম থাকোক সর্ব্বথা।।
সজ্জনৰ সঙ্গ নুগুচোক সর্ব্বক্ষণে।
এতেক প্রসাদ মাগো তোহ্মাৰ চৰণে।।৫২৩।।
শুনা যি কাৰণে আইলো গোচৰ তোহ্মাৰ।।
দেখি আছো তোহ্মাৰ বিৱিধ অৱতাৰ।।
সম্প্রতি ধৰিলা প্রভু যিটো নাৰীৱেশ।
তাক দেখিবাক লাগি আইলো হৃষীকেশ।।৫২৪।।
যিটো নাৰীৱেশ ধৰি মুহিলা দানৱ।।
দেৱৰ অমৃত পান সাধিলা মাধৱ।।
সেহি নাৰীৱেশ দেখিবাক অভিলাষে।
কৌতূহলে সভার্য্যে আসিলো তযু পাশে।।৫২৫।।
ভৃত্য হেন জানি যদি মোক আছে দায়া।
দেখায়ো আমাক কেনমত তিৰীমায়া।।
ভকতৰ মনোৰথ কৰিয়ো পূৰণ।
হেন শুনি হাসি মাতিলন্ত নাৰায়ণ।।৫২৬।।
দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ।
সিকাৰণে শঙ্কৰ ধৰিলো নাৰীৱেশ।।
কামুকজনৰ তাত মহা কুতূহল।
তুমি মহাযোগীৰ দেখিবে কোন ফল।।৫২৭।।
ঘোৰ নাৰীমায়া সৱ মায়াতে কুৎসিত।
মহা সিদ্ধ মুনিৰো কটাক্ষে হৰৈ চিত্ত।।
দৰশনে কৰৈ তপ জপ যগ ভঙ্গ।
জানি জ্ঞানীগণে এড়ৈ কামিনীৰ সঙ্গ।।৫২৮।।
সিটো স্ত্রী-ৰূপক দেখিবা কোন কাজে।
তুমি ভোল ভৈলে হাসিবেক সামৰাজে।।
এতেকেসে বোলো ক্ষমা কৰা পশুপতি।
হেন শুনি হাসি হৰে হৰিত বদতি।।৫২৯।।
মহাযোগবলে শুদ্ধ কৰি আছো কায়া।
ব্রহ্মময় দেখো কি কৰিবে পাৰৈ মায়া।।
দহি আছো মদনক আৰো শঙ্কা নাই।
মাধৱে মাতিলা হাসি শঙ্কৰক চাই।।৫৩০।।
দেখাইবো তোহ্মাক আজি সেহি তিৰীৱেশ।
এহি বুলি অন্তর্দ্ধান ভৈলা হৃষীকেশ।।
আগত নাহিকে হৰি ভৈলা কোন ভিতি।
চতুভির্তি চান্ত হৰে পার্ব্বতী সহিতি।।৫৩১।।
বিদূৰক লাগি হৰে চান্ত হুয়া থিয়।
চাপৰি চাহন্ত নেত্র বলাই সদাশিৱ।।
উঠন্ত বৈসন্ত মাত্র কৰে উসমিস।
কৈক গৈলা কৃষ্ণ একো নপান্ত উদ্দিশ।।৫৩২।।
এহিমতে চান্ত হৰে আকুলিত ভাৱে।
ভণিল শঙ্কৰে গোৱিন্দৰ দুই পাৱে।।
শুনা সর্ব্বজনে মহাভাগৱত পদ।
বোলো হৰি হৰি ডাকি খণ্ডোক আপদ।।৫৩৩।।

[খণ্ড .                      কীর্ত্তন ৪৪.৫৩৭]

ঘোষা।।
জয় জয় ৰাম(৬০)            জয় ছিৰীৰাম(৬১)
জয় সনাতন হৰি।।৪৪।।
পদ।।
পাছে ত্রিনয়ন                  দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফল ফুল ধৰি                  জকমক কৰি
               আছে যত বৃক্ষমান।।
শিৰীষ সেউতী                 তমাল মালতী
লৱঙ্গ বাগী গুলাল।
কৰবীৰ বক                   কাঞ্চন চম্পক
ফুলভৰে ভাগে ডাল।।৫৩৪।।
শেৱালি নেৱালি               পলাশ পাৰলি
                পাৰিজাত যুতি জাই।
বকুল বন্দুলি                   আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই।।
কনৌৰ(৬২) কনাৰী           কদম্ব বাবৰি
নাগেশ্বৰ সিংহচম্পা।(৬৩)
____________________________________________________
৬০। পা.জয় হৰি ৰায় ; ৬১। পা. জয় শ্রীৰাম
৬২। পা. কনৌজ ;       ৬৩। পা. সুনিচম্পা
___________________________________________________
অশোক অপাৰ                দৱনা(৬৪) মন্দাৰ
মণিৰাজ ৰাজচম্পা।।৫৩৫।।
কুন্দ কুৰুবক                  কেতেকী তগৰ
গন্ধে মোহে বহুদূৰ।
গুটিমালী ভেণ্টি                ৰাঙ্গল ৰেৱতী
মৰুৱা মধাই ধুস্তৰ।।
চন্দন অগৰু                   দিব্য কল্পতৰু
দেৱদাৰু পদ্মবচি(৬৫)
প্রতি গাছে গাছে               ভিণ্ডা বান্ধি আছে
সুৱর্ণ মাণিকে খচি।।৫৩৬।।
মণি মৰকত                   থলী নানা মত
দীপ্তি কৰৈ তাৰ কাছে।
মহা মনোহৰ                   দীঘি(৬৬) সৰোৱৰ
তাৰ মাজে মাজে আছে।।
চাৰিও কাষৰে                 পৱাল বাখৰে
বান্ধিছে বিচিত্র কৰি।
বৈদূর্য্যৰ বাট              ফটিকৰ ঘাট
মৰকত খাটখৰি।।৫৩৭।।
সুৱর্ণ কমল                    ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি।
______________________________________________________
৬৪। পা. দেৱনা ; ৬৫। পা. পদ্মবসি ; ৬৬।পা. দিব্য
______________________________________________________
শোভে চক্রৱাক                ৰাজহংস জাক
মৃণাল ভূঞ্জৈ উভঞ্জি।।
কোঢ়া(৬৭) কঙ্ক বক          বিবিধ চটক
ভ্রমন্ত নির্ভয় ভাৱ।
অমৃত সমান                   জল কৰি পান
তেজৈ সুললিত ৰাৱ।।৫৩৮।।
চাৰিও পাৰত                  দিব্য পুষ্প যত
গন্ধে দশোদিশ ভাসে।
অনেক ভ্রমৰে                  বেঢ়িয়া গুঞ্জৰে
মধুপান অভিলাষে।।
যত দিব্য পক্ষী                ফল ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি                 কোকিলৰ শুনি
বহয় মলয়া বাৱ।।৫৩৯।।

।।চতুর্থ কীর্ত্তন।।
ঘোষা।।
হৰি নাৰায়ণ।।৪৫।।
পদ  ।।
হেন দিব্য উপবন(৬৮)        দেখিলন্ত ত্রিনয়ন
দিব্য কন্যা এক আছে তাতে।
______________________________________________________
৬৭। পা. কোন্টা/ কোণ্ডা ; ৬৮। পা. হেন মহা দিব্যগন 
______________________________________________________
কোটি লক্ষ্মী সম নোহে        কটাক্ষে ত্রৈলোক্য মোহে
ভণ্টাখেৰি খেলে দুয়ো হাতে।।
তপ্ত সুৱর্ণৰ সম               জ্বলৈ দেহা নিৰুপম
ললিত বলিত হাতপাৱ।
চক্ষু কমলৰ পাসি             মুখে মনোহৰ হাসি
সঘনে দৰশৈ কামভাৱ।।৫৪০।।
উর্দ্ধক ক্ষেপন্ত ভণ্টা            কৰন্ত কটাক্ষ ছটা
লীলাগতি দেখাই ফুৰৈ পাক।
সোলকৈ উচ্চল খোপা         খসৈ পাৰিজাত থোপা
বাম হাতে সম্বৰন্ত তাক।।
কর্ণত কুণ্ডল দোলৈ            স্তন হলফল কৰৈ
গলে ৰত্নমালা ঝিকি পাৰে।
সুৱর্ণ কঙ্কণ ধ্বনি              কৰৈ ৰুণঝুন শুনি(৬৯)
প্রকাশৈ হৃদয়ে হেমহাৰে।।৫৪১।।
কন্ঠে লোলে সাতসৰী          লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছ গুচি যান্ত।
পিন্ধি শাড়ী খোণ্টাজালি(৭০) যেন মৈৰা কৰৈ চালি
হৰক কটাক্ষ কৰি চান্ত।।
দৰশান্ত কাষ পিষ্ঠি            ক্ষণোহো সমুখ দৃষ্টি
চাহি লাজে যান্ত চক্ষু মুদি।
____________________________________________________
৬৯। পা. সুৱর্ণ কঙ্কণগণ   সিও কৰে ৰুণঝুন
৭০। পা. খোণ্টজালি/ নেত ঘোণ্টাজালি
___________________________________________________
ভ্রমন্ত অনেক ভাৱে            উৰুৱাৱৈ বস্ত্র বাৱে
উচ্চ কুচকুম্ভ(৭১) হোৱে উদি।।৫৪২।।
কঙ্কালে কিঙ্কিণী বাজে          চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন।
হালৈ অতি মধ্যদেশ           সংসাৰ মোহিনী বেশ(৭২)
একো অঙ্গে নাহি খতিখুণ।।
মুখ চন্দ্র সম শোভে           পদ্মৰ সুৰভি লোভে
বেঢ়ি মধুকৰে কৰৈ ৰোল।
শৰীৰৰ লাস বেশ             নেত্রৰ কটাক্ষ ঠেস
দেখি শম্ভু আতি ভৈলা ভোল।।৫৪৩।।
পূর্ব্ব শত্রু হেন জানি    কামদেৱে বাণ হানি(৭৩)
মনক মদ্দির্ল মহেশৰ।
নাহি শ্রুতি বুদ্ধি জ্ঞান          কামানলে দহে প্রাণ(৭৪)
লাজ কাজ এড়িলা শঙ্কৰ।।
সৱে যোগ ধ্যান গৈল          কন্যাক মাতিবে লৈল
প্রাণেশ্বৰী চাপ মোৰ পাশ।।
আষাৰেক মাত মোক          জন্মৰ সফল হৌক
দেখি থাকো তোৰ লয়লাস।।৫৪৪।।
আৰ কি তোহ্মাত বাজ        মোক্ষতো নাহিকে কাজ
  আৰ কোন ছাৰ স্বর্গসুখ।
_________________________________________________________________________________________________________________________________________________________
৭১। পা. কুৎসস্তম্ভ ; ৭২। লাৱণ্যবেশ
৭৩। পা. কামদেৱে শৰ হানি ; ৭৪। শোষে প্রাণ
_____________________________________________________________  
তুমি বিন নাহি আন           তুমি মোৰ যোগ ধ্যান
থাকিবো তোহ্মাৰ চাই মুখ।
নকৰ মানিনী মান             মদনে দহৱে প্রাণ(৭৫)
বোল বান্ধৈ আশ্বাস আমাক।
বোলন্ত অনেক বোল          কন্যাতেসে হুয়া ভোল
পাসৰিল পাশতে উমাক।।৫৪৫।।
যত আছে ভূতগন              কাহাতো নেদন্ত মন(৭৬)
কেৱল কন্যাত মাত্র হিয়া।
স্বামীৰ দেখিয়া ভাৱ            হাসন্ত পার্ব্বতী মাৱ
চাপৰি মুখত বস্ত্র দিয়া।।
আনো যত অনুচৰ              বৈলখিল নিৰন্তৰ
শঙ্কৰৰ দেখি হেন কাম।
শুনা সমজ্যাৰ লোক(৭৭)     কলিত সুমতি হোক
ডাক ছাড়ি বোলা ৰাম ৰাম।।৫৪৬।।

।।  পঞ্চম কীর্ত্তন  ।।

ঘোষা।।
দেহু দেখা ৰাম নয়ন ভৰি চাঞো(৭৮)
 অৰুণ পাৱৰ বালাই লৈয়া মৰি যাঞো(৭৯)।।৪৬।।
পদ  ।।
শুক নিগদতি শুনিয়োক ৰাজা পাছে।

হৰক নমাতি কন্যা এহিমতে আছে।।
_________________________________________________
৭৫। পা. দহয় প্রাণ৭৬। পা. কাহাতো নাহিকে মন ;
৭৭। পা. শুনা সামাজিক লোক ; ৭৮। পা. চাওঁ ; ৭৯। পা. যাওঁ
_______________________________________________________________________________________
ভণ্টা খেড়ি খেলন্তে হাতৰ পৰা উড়ি।(৮০)
গৈল বেগে গুটি কতো দূৰক উফৰি।।৫৪৭।।
তাক খেদি যান্তে কন্যা বেগ ধৰি ধাই।
কটিৰ বসন বায়ু নিলে উড়ুৱাই।।
ভৈল তনু উদাস বেকত গুপ্ত অঙ্গ।
লাজে আণ্ঠু সাৱটি কৰন্ত অঙ্গ ভঙ্গ।।৫৪৮।।
হুয়া কুজী জুমুৰী অঙ্কক হাতে ঢাকি।
লাজে চকু মুদি কতো অধোমুখে থাকি।।
আঁৰ হুইবে লাগি ওচৰত নাহি গাছ।
হাস্য কৰি কতো টেৰ কৰি চান্ত পাছ।।৫৪৯।।
দৰশান্ত ভাৱ শঙ্কৰৰ মোহ হেতু।
দেখিলা কন্যাৰ গুপ্ত অঙ্গ বৃষকেতু।।
ভৈলন্ত বিমোহ মন মদনে দহয়।
পার্ব্বতীক লাগি এড়িলন্ত লাজ ভয়।।৫৫০।।
বহ্নিৰ সংযোগে যেন উথলিল ঘৃত।
দুঃসহ মদন শৰে জর্জৰিত চিত্ত।।
একো নেদেখন্ত কামাতুৰ ভৈলা বৰ।
কন্যাক ধৰিবে লাগি দিলেক লৱৰ।।৫৫১।।
খটমট কৰি বাজে গলে মূণ্ডমাল।
কঙ্কালৰ সুলকি পৰিল বাঘছাল।।
______________________________________
৮০। পা. খেলাৱন্তে খেৰি হাতৰপৰা পৰি।
______________________________________
ভৈলন্ত উলঙ্গ তাকো নচান্ত চাপৰি।
দেখি পলাইবাক লৈলা কন্যায়ো লৱৰি।।৫৫২।।
হাসি লাজে আঁৰ হোন্ত ঈগাছে সিগাছে।
ভোল হুয়া শঙ্কৰো খেদন্ত পাছে পাছে।।
হস্তিনীক যেন মত্ত হস্তী যায় খেদি।
পলান্ত সুন্দৰী শঙ্কৰক লাগ নেদি।।৫৫৩।।
প্রাণ যায় শঙ্কৰৰ কাম উতপাতে।
মহাবেগে খোপাত ধৰিলা বামহাতে।।
ৰহ প্রাণেশ্বৰী বুলি কৰি আলিঙ্গন।
মহাকাম ভোলে দিলা মুখত চুম্বন।।৫৫৪।।
আৰিমুৰি কৰৈ কন্যা নথাকৈ থমকি।
বাহুৰ মাজৰ পৰা পড়িল হুসকি।।
দুনাই লৱড় দিল বিমুকুত কেশে।
পাছত খেলন্ত হৰে উলঙ্গত বেশে।।৫৫৫।।
পাকত আন্তৰি যান্ত শৰীৰ দেখাই।
কতো আঁৰ হোন্ত কন্যা হাসি মুচুকাই।।
কতো ঘন তনভাৰ ছলে দেখাই যান্ত।
ৰহ প্রাণেশ্বৰী বুলি শঙ্কৰে চেঞ্চান্ত।।৫৫৬।।
নাহি শ্রুতি বুদ্ধি যেন বাতুল লক্ষণ।
নাৰীময় দেখন্ত সমস্তে বৃক্ষগণ।।
দাৰুণ মদন বাণে কৰৈ লটিঘটি।
কন্যা বুলি ধৰিলন্ত বৃক্ষক সাৱটি।।৫৫৭।।

।।ষষ্ঠ কীর্ত্তন।।

ঘোষা ।।
ইবাৰ কৰুণাময় নকৰা নৈৰাশ।
ছোড়া মায়া(৮১) কৰা দয়া ভৈলো তযু দাস।।৮৭।।
পদ   ।।
ইবাৰ নেৰস প্রাণেশ্বৰী যাইবি কই।
চেঞ্চান্ত বিস্মৃতি(৮২) কামবাণে মূর্চ্ছা গই।।
হৰস বদনে বান্ধৈ দিয়ো মোক চুমা।
কৰা আলিঙ্গন কি কৰিতে পাৰে উমা।।৫৫৮।।
কিয়নো নেদস প্রাণেস্বৰী মোক লাগ।
যেহি লাগে সেহি দিবে পাৰো মোত মাগ।।
কৈলাসৰ পাতিবো তোহোঁক(৮৩) অধিকাৰী।
সেৱা কৰি থাকিবে যতেক দিব্যনাৰী।।৫৫৯।।
নকৰিবো দ্বন্দ্ববাদ নপাৰিবো গালি।
ময়ো দাস তোহ্মাৰ থাকিবো আজ্ঞা পালি।।
তোহ্মাৰেসে কৰি দিবো পার্ব্বতিক চেড়ী।
আউৰ যে নযাস প্রাণেশ্বৰী মোক এড়ি।।৫৬০।।
দেখিবো নৱাৰা যেৱে আহ্মাৰ কুৱেশ।
জটাকো মুণ্ডাঞে তেৱে কৰিয়ো আদেশ।।
সর্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ।
মুণ্ডমালা গুচাই আঁৰো গলে হেমহাৰ।।৫৬১।।
__________________________________
৮১। পা. ছোড়মায়া ; ৮২। পা. তোহ্মাক
__________________________________

বাঘছাল এড়ি পিন্ধো দেৱাঙ্গবসন।
ভস্ম গুচাই গাৱে ঘষো অগৰু চন্দন।
যেহি লাগে বোল বান্ধৈ সৱে মঞি কৰো।
মুখ চাই নমাত সম্যক আতে মৰো(৮৪)।।৫৬২।।
কতনো কৰিলো তোৰ ঘোৰ অপৰাধ।
এভো যেন কৰ বান্ধৈ বচন নবাধ।
দান্তে খেৰ কামোৰো সাৱট হাত মেলি।
তোৰ মোৰ হৌক ক্রীড়া কৌতুহল কেলি।।৫৬৩।।
স্ত্রী বুলি বৃক্ষক চুম্বন্ত আঙ্কোৱালি।
দেখিয়া হাসন্ত নাৰীৰূপে বনমালী।
অনন্তৰে হৰে চক্ষু মেলি চাইলা পাছে।
দেখন্ত নোহন্ত কন্যা ধৰি আছে গাছে।।৫৬৪।।
তাক এড়ি সুন্দৰীক খেদন্ত দুনাই।
যেন মত্ত হস্তী হস্তিনীক খেদি যায়।।
লাগ নেদি ৰমণীও পলান্ত লৱড়ি।
মহাবেগে শঙ্কৰে খেদন্ত ভৰি ভৰি।।৫৬৫।।
নযায় নুপুহায় মদনৰ উতপাতে।
পাইলো পাইলো বুলি কতো চাব দেন্ত হাতে।।
অঙ্গুলিৰ আগে যেন চোৱৈ উচ্চকুচ।
আন্তৰন্ত কন্যা হৰ পড়ি যান্ত মূছ(৮৫)।।৫৬৬।।
__________________________________
৮৪। পা. মুখ চাই নমাত আতেসে বৰ হাৰো।।
৮৫। পা. মূর্চ্ছা/মূৎস/মূর্চ্ছ
__________________________________

পুৰাতন শত্ৰু কামদেৱে ছিদ্ৰ পাই |
প্ৰহাৰান্ত পুষ্পবাণ দুনাই দুনাই ||
মদনৰ শৰে হৰ হৃদয়ত ফুটি |
মহাদুঃখে মাটিত পাড়ন্ত লোটা পুটি || ৫৬৭ ||


কতো উঠি কন্যাক কৰন্ত কাউবাউ |
আঙ্গুলি মুখত কৰো পালটিয়া চাউ ||
তোৰেসে নিমিত্তে কৰে মদনে গদধ |
যেৱে মৰোঁ তোত লাগিবেক বধ || ৫৬৮ ||


মহাপাপ প্ৰাণীবধ তাকো শংকা নাই |
কোননো সাধিবি স্বৰ্গ আহ্মাক মৰাই ||
এভো পাশ চাপ আশি কৰো আলিঙ্গন |
তোহোৰ সফল হৌক নব যৌবন || ৫৬৯ ||


নেদেখয় কেৱে বান্ধৈ কিয় কৰ লাজ |
নাহি আন পুৰুষ নিৰ্জন বন মাজ |
যেৱে নাসস আপুনি চাপো কোল |
এহি বুলি লাসে লাসে যান্ত হুয়া ভোল || ৫৭০ ||


|| সপ্তম কীৰ্ত্তন ||



ঘোষা || প্ৰাণ হৰি নেয় বুলি ডাক ছাড়ে ত্ৰিপুৰাৰি |
হৰক মুহিয়া যান্ত মোহন মুৰাৰি || ৪৮ ||


পদ || দেখি হাসি সুন্দৰী পলান্ত লাগ নেদি |
নযা নযা বুলি বৃষধ্বজে যান্ত খেদি ||
গিৰি-গুহা বন নদ-নদী সৰোবৰ |
খেদিয়া ফুৰন্ত হৰে দ্বীপ-দ্বীপান্তৰ || ৫৭১ ||


আছে ঋষিগণৰ আশ্ৰম যত যত (৮৬) |
পলান্তে খেদন্তে দুয়ো প্ৰবেশিল তাত ||
মদনৰ পীড়াত এৰিলা হৰে লাজ |
খেদিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ || ৫৭২ ||


আউল-জাউল হুয়া চক্ষু-মুক্ষ ঢাকে জটে |
বিবস্ত্ৰে কন্যাক হৰে খেদে উলঙ্গতে ||
দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰ |
কেহো মুখে বস্ত্ৰ দিয়া পশে অভ্যন্তৰ || ৫৭৩ ||


উন্মত্ত পাগল কিনো ভৈলা মহাদেব |
কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ ||
উলঙ্গতে খেদন্ত কাহাৰ ঝীউ |
লাজ-কাজ মৰ্য্যদা এড়িলা সদাসিউ || ৫৭৪ ||


এহি বুলি জুমাজুমে হাসে সব সখী |
ঋষিগণো শঙ্কৰক কামাতুৰ দেখি ||
বিষ্ণু বিষ্ণু স্মৰি সৱে চপৰাইলা মাথ |
কিনো বিপৰ্য্যয় ভোল ভৈল গৌৰিনাথ || ৫৭৫ ||


কেহো বোলে শংকৰৰ কেন মায়া বুজা |
পাদ্য-অৰ্ঘ্য দিয়া আগ বাঢ়ি কৰো পূজা ||
এহি বুলি উথি যান্ত কতো ঋষিগণ |
লৱৰন্তে কৰযোড়ে বোলন্ত বচন || ৫৭৬ ||


তুমি চৰাচৰ গুৰু জগতৰ বাপ |
সৰ্ব্বজান হুয়া আৱে কৰা হেন পাপ ||
ক্ষেণেক বিশ্ৰাম কৰা আহ্মাৰ থানত |
যতেক বোলন্ত মানে নপশৈ কাণত || ৫৭৭ ||


কামিনী হৰিল চিত্ত কামে ভৈল ভোল |
নুশনন্ত শংকৰে ঋষিৰ মাত-বোল ||
ৰমণীৰ পাছে পাছে ফুৰন্ত লৱড়ি |
গাৱ দেখাই সুন্দৰী পলান্ত ভৰি ভৰি || ৫৭৮ ||


নপাৱন্ত লাগ তান নাহি সুখ শান্তি |
খেদন্তে খেদন্তে হৰ ভৈল হাৰাশাস্তি ||
উগুল থুগুল মন মদনে বিকল |
বহিবে লাগিল শংকৰৰ বিন্দু জল || ৫৭৯ ||


হস্তিনীক খেদন্তে হস্তীৰ যেন স্ৰৱৈ |
যেন গিৰি শিখৰৰ গেৰু ধাৰা বৱৈ ||
সেহি মতে শঙ্কৰৰ বিন্দু যায় পড়ি |
দেখি ঋষিগণে আন্তৰন্ত তাঙ্ক এড়ি || ৫৮০ ||


পিঠি দিয়া কতো সুমৰন্ত হৰি ৰাম |
মহাযোগী শঙ্কৰ আহান হেন কাম ||
এই বুলি ঋষিগণ গৈলা ঘৰাঘৰি |
সুমৰিয়া হৃষিকেশ ৰাম কৃষ্ণ হৰি || ৫৮১ ||



|| অষ্টম কীৰ্ত্তন ||

ঘোষা || হৰি কি প্ৰাণ হৰি পশিলো শৰণে |
কৰা কৃপা নাথ মোক অৰুণ চৰণে || ৪৯ ||


পদ || যৈত যৈত শঙ্কৰৰ বিন্দু পড়ি গৈল |
ভুমি গুচি তেখনে সুৱৰ্ণময় ভৈল || (৮৭)
যেহি বৃক্ষ লতাক বিন্দুৰ ছটা ছোৱে |
কাষ্ঠ গুচি তেখনে সুৱৰ্ণময় হোৱে || ৫৮২ ||


তথাপি খেদন্ত হৰ হুয়া উলঙ্গত |
পাক ফুৰি পাইল গৈয়া বৈকুণ্ঠ নিকট ||
পড়িয়া আতাইল যেৱে বিন্দু আছে যত |
তেৱেসে চেতন ভৈল হৰৰ গাৱত || ৫৮৩ ||


চাপৰি চাহান্ত ছাল নাহিকে কটিত |
লাজে অধোমুখ হুয়া বসিলা মাটিত ||
পাছে ব্ৰহ্মজ্ঞান চিন্তি চিত্ত স্থিৰ কৰি |
নাক কাণ ছুইয়া সুমৰন্ত ৰাম হৰি || ৫৮৪ ||


মদনৰ পীড়াক এড়িয়া মহাযোগী |
ব্যাধিৰ সকাশ পাইলা যেন চিৰৰোগী ||
গ্ৰহ গুচি গৈলে যেন স্বস্থ হোৱে বাউল | (৮৮)
মনত গুণন্ত বসি জগতৰ ৰাউল || (৮৯) ৫৮৫ ||


মোৰ কাজে আজি হসুৱাইলো ত্ৰিভুবন |
কেনমতে পতিয়াইবো পাৰ্ব্বতীৰ মন ||
বুলিবেক ফুৰিলা কাহাৰ নাৰী সঙ্গে |
গৃহত পশিষে বান্ধৈ নেদিবন্ত খঙ্গে || ৫৮৬ ||


লঘু ভৈলো মাধবৰ নুশুনিলো হাক |
উমাৰ আগত চাটু বুলিলো কন্যাক ||
এৱে কেনমতে তান আগে হৈবো থিয় |
কৰন্ত অশেষ চিন্তা দেব সদাশিব || ৫৮৭ ||


বিচাৰি চাহিলে দোষ নাহিকে আমাৰ |
যাৰ মায়া পাশে বদ্ধ সকলো সংসাৰ ||
হেন হৰি মুহিলা আপুনি নাৰী হুই |
আত অনুশোচ আৱে কৰো কোন মুই || ৫৮৮ ||


কটাক্ষে সৃজন্ত ব্ৰহ্মাণ্ড কোটি কোটি |
এগোটা ডিম্বৰ মঞি ৰুদ্ৰ এক গুটি ||
যাহাৰ অঙ্গত চৰাচৰ ভৈল বাজ |
হেন হৰি মুহিলা ইহাত কোন লাজ || ৫৮৯ ||


বিষ্ণুৰ আগত পৰম অজ্ঞানী |
জিনিলো মায়াক বুলিলোহো গৰ্ব্ববাণী ||
ইসে অহংকাৰে কৰে হৃদয়ত তাপ |
হৰি হৰি স্মৰণে খণ্ডোক ইটো পাপ || ৫৯০ ||


এহি বুলি মৌন ভৈল দেৱতা ঈশান |
কৰিবে লাগিলা মনে মাধবক ধ্যান ||
শুনা সৰ্ব্বজনে মন কৰা উপশাম |
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম || ৫৯১||



||নৱম কীৰ্ত্তন ||

ঘোষা || বান্ধব মাধব দেৱ হৰি | (৯০)
কৰা কৃপা দোষ ক্ষমা কৰি || ৫০ ||


অনন্তৰে দেৱ হৰি দুনাই নিজ ৰূপ ধৰি
শঙ্কৰৰ আগে উপশন |
মুখে কৰি অল্প হাসি হৰক সম্বুধি আসি
বুলিলন্ত প্ৰশংসা বচন ||
শুনা শুনা শুলপাণি জানো তুমি মহাজ্ঞানী
তৰিলা দুস্তৰ মায়া ঘোৰ |
তুমিসে তত্বক জানা নাহি আৰ তুমি বিনা
আৱৰ পৰম প্ৰিয় মোৰ || ৫৯২ ||


শুনা শুনা জ্ঞানশালী তোমাৰেসে বাক্য পালি
দেখাইলো দু্স্তৰ স্ত্ৰী-মায়া |
আত নকৰিবা খেদ কিঞ্চিতো নাহিকে ভেদ
তোমাৰে আমাৰে একে কায়া||
শুনা ভূতনাথ হৰ তুষ্ট হুয়া দেঞো বৰ
হৌক মায়া তোমাৰ অধীন |
সুখে থাকি নিজ থানে মহাকল্প অৱসানে
মোহৰ শৰীৰে যাইবা লীন || ৫৯৩ ||


এহি বুলি বনমালী শঙ্কৰক আঙ্কোৱালি
সমজ্যাক নিলন্ত সাদৰি |
কৰিলন্ত সত্কাৰ দিব্য বস্ত্ৰ অলঙ্কাৰ
পাৰ্ব্বতীকো দিলা মান্য কৰি ||
আনো যত ভূতগণ তুষিলা সবাৰো মন
কৰিলন্ত যথোচিত কাম |
পাছে হৰে মহাতুষ্টি পাৰ্ব্বতী সহিত উঠি
দণ্ডৱতে কৰিলে প্ৰণাম || ৫৯৪ ||


বিষ্ণুত মেলানি মাগি লড়িলা গৃহক লাগি
ভাৰ্য্যায়ে সহিতে শূলধৰ |
চড়িয়া বৃষভ ৰথে শীঘ্ৰে আকাশৰ পথে
আৰোহিলা কৈলাস শিখৰ ||
বসিল সমাজ পাতি বোলন্ত উমাক মাতি
আপুনি দেখিলা প্ৰাণজায়া |
ভৈলোহো বাতুল প্ৰায় মোৰ শ্ৰুতি বুদ্ধি নাই
যেন কৰিলেক বিষ্ণুমায়া || ৫৯৫ ||


মঞি জগতৰ পতি মোৰ হেন ভৈল গতি
আনে কোন থিৰ হৈবে আত |
হেন জানা স্বৰূপত চৰাচৰ আছে যত
সৱে বন্দী বিষ্ণুৰ মায়াত ||
সহস্ৰ বত্সৰ মানে আছিলোহো যোগ ধ্যানে
দেখি তুমি পুছিলা আহ্মাক |
গাৱে ভষ্ম জটা ধৰি অনেক তপস্যা কৰি
আউৰ তুমি আৰাধাহা কাক || ৫৯৬ ||


এড়ি লোভ ক্ৰোধ কাম কাহাৰ জপাহা নাম
আৱৰ আছন্ত কোন দেৱ|
তোহ্মাক কহিলো আমি আছন্ত জগত স্বামী
সুৰাসুৰে যাক কৰৈ সেৱ ||
প্ৰত্যক্ষে দেখিলা আজি যাহাৰ মায়াত বাজি
মোহ হুইয়া এড়িলোহো লাজ |
কামবাণে ভৈলো আউল চেঞ্চাই ফুৰো যেন বাউল
হসুৱাইলো বৈকুণ্ঠ সমাজ || ৫৯৭ ||


কপট যুৱতী বেশে মোহিলন্ত হৃষিকেশে
পাসৰিলো তোহ্মাক পাশত |
কন্যাক ফুৰিলো খেদি গিৰি গুহা বন নদী
অনেক ঋষিৰ আশ্ৰমতে ||
নেদেখিলে কৈৰ লোক কোনে নাহাসিলে মোক
লঘু হুইবে নাথাকিল ঠাই |
এভো মোৰ কম্পৈ হিয়া হেন জানা প্ৰাণ প্ৰিয়া
হৰিৰ মায়াত বড়া (৯১) নাই || ৫৯৮ ||


যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ
হৰিত পৃথক কেহো নোহে |
যি জন ভকতি হীন সি দেখে হৰিক ভিন্ন
হৰিৰ মায়ায়ে তাক মোহে ||
হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ
স্ৰজান্তা পালান্তা দেৱ হৰি |
হৰি নাম হিয়ে ধৰি হৰি নাম সদা স্মৰি
তেৱেসে হৰিৰ মায়া তৰি || ৫৯৯ ||


হেন জানি তুমি দেৱী হৰিৰ চৰণ সেৱি
এৰা লোভ মোহ ক্ৰোধ কাম |
নকৰিয়ো জন্ম বৃথা শুনা সদা হৰি কথা
কৰিয়ো কীৰ্ত্তন হৰি নাম ||
হৰিৰ চৰণ মনে চিন্তিয়োক সৰ্ব্বক্ষণে
কৰিয়ো ভকতি ভালমতে |
তেৱেসে সংসাৰ তৰি হৰিৰ প্ৰসাদে গৌৰী
পাইবা মোক্ষ মোহোৰ লগতে || ৬০০ ||



||দশম কীৰ্ত্তন ||

ঘোষা || জয় কৃষ্ণ বোল নৰ মুখে |
বৈকুণ্ঠে প্ৰয়াণ কৰ সুখে || ৫১ || (৯২)


পদ || শঙ্কৰৰ হেন বাণী পাৰ্ব্বতী গোসানী শুনি
আনন্দতে শিহৰাইলা গাৱ |
উঠি কৰযোড়ে গৌৰী ফুৰি প্ৰদক্ষিণ কৰি
নমিলা শিৱৰ দুই পাৱ ||
তুমি প্ৰভু সৰ্ব্বজান দিলা মোক দিব্য জ্ঞান
সাৰ্থক তোমাৰ মঞি জায়া |
কিনো ভাগ্যবতী আমি তোহ্মাৰ প্ৰসাদে স্বামি
তৰিবো দুস্তৰ ঘোৰ মায়া || ৬০১ ||


আবেসে জানিলো সাৰ ভকতিত পৰে আৰ
নিস্তাৰ কৰন্তা আন নাই |
মিছাতেসে মূঢ়জনে খপে আলজাল মনে
হৰি নামে মোক্ষপদ পাই ||
আৰ চিন্তা নাই মোক্ষ তৰিবো সংসাৰ ঘোৰ
কৌতূহলে হৰি নাম নাৱে | (৯৩)
এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি
থাকিলন্ত কতোদিন মাৱে || ৬০২ || (৯৪)


শুক মুনি নিগদতি শুনিয়োক কুৰুপতি
কহিলোহো হৰিৰ চৰিত |
কপট যুবতী বেশে যেন মতে হৃষীকেশে
মুহিলন্ত শঙ্কৰৰ চিত্ত ||
দৈত্যৰ মুহিয়া মন যেনমতে নাৰায়ণ
ভুঞ্জাইলা অমৃত দেৱতাক |
পুছিলা যতেক মানে কহিলো তোমাৰ থানে
সৱশেষে কৃষ্ণৰ কথাক || ৬০৩ ||


অকপটে যিটো জনে শুনে ভণে এক মনে
শুনিয়োক তাৰ তেন ফল |
খণ্ডয় চৌষষ্ঠি ৰোগ মিলৈ আসি যত ভোগ
মনোৰথ পূৰয় সকল ||
সমস্ত পাপকে বাধি আপুনাৰ মোক্ষ সাধি
এক কোটি পুৰুষ উদ্ধাৰে |
কহো মঞি স্বৰূপত নাহি আন সংসাৰত
হৰি কথা শ্ৰৱণত পৰে || ৬০৪ ||


পৰীক্ষিত হেন জানি চিন্তিয়োক চক্ৰপাণি
হৰিৰ কথাত কৰা ৰতি |
সংহৰিয়ো আন কাম জপিও হৰিৰ নাম
ইহ পৰলোকে হৰি গতি ||
অশাশ্বত মৰ্ত্ত্য লোক জন্মৰ সফল হোক
কৰিয়োক হৰিত ভকতি |
আৰ যেহি মানে লাগে পুছিয়োক মোৰ আগে
কহোঁ কৃষ্ণ কথাক সম্প্ৰতি || ৬০৫ ||


নমো নমো দামোদৰ সংসাৰৰ বিঘ্ন হৰ
ভকত অভয় দাতা দেৱ |
ভাগৱত পদ ছবি ৰচিল শঙ্কৰ কবি
কৃষ্ণৰ চৰণ কৰি সেৱ ||
শুয়োক সাধু লোক নিন্দা নুবুলিবা মোক
যদি দেখা পদত দূষণ |
আমি জগতৰে শিষ্য জানি কৰা বিমৰিষ
মহন্তৰ ক্ষমাসে ভূষণ || ৬০৬ ||


কৃষ্ণে দিল যেন মতি যেন ৰড়ে সৰস্বতী
বিৰচিলো সেহি অভিপ্ৰায় |
যতেক চটক দেখা যাৰ যেন মত পাখা
তাৰ অনুৰূপেসে উড়ায় ||
শুনা সৰ্ব্বজন তত্ত্ব ইটো মহা ভাগৱত
তিনিও লোকত সাৰোত্তৰ |
যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থ স্নান
কোহো আৰ নাপাৱে ওচৰ || ৬০৭ ||


কৃষ্ণ কথা যিবা ভণে যিবা শুনে এক মনে
যমৰ ভাবনা কৰৈ চুৰি
পুৰুষ উদ্ধাৰ কৰি সংসাৰ সাগৰে তৰি
অন্তকালে যাইবে বিষ্ণুপুৰী ||
শঙ্কৰে ৰচিল গীত আপুনাৰ চিন্তা হিত
শুনা সমজ্যাৰ যত জন |
এড়ি আলজাল কাম ডাকি বোলা ৰাম ৰাম
সমাপত মহেশমোহন || ৬০৮ ||


|| হৰমোহন সমাপ্ত || ||