আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Thursday 23 June 2011

মহাপুৰুষ মাধৱদেৱৰ- "নাম-ঘোষা"


অসমীয়া সাহিত্যৰ এক মহান সৃষ্টি বঢ়াৰ পো মাধৱদেৱৰ "নাম-ঘোষা" বা "হেজাৰী-ঘোষা" ৷  এই মহান সৃষ্টিক ইউনিক'ড কৰণ কৰি ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ববাসীক  উপলব্ধ কৰাৰ উদ্দেশ্যেৰে এই সামান্য প্ৰচেষ্টা হাতত লৈছো ৷গতানুগতিক  দৈনন্দিন  গুৰু সেৱাৰ সলনি একুট দুুকুট কৈ নামঘোষা খন অসমীয়া ইউনিক'ডত লিখি যাম ৷ আপোনালোকেও সহায়ৰ হাত আগবঢ়াব খুজিলে আগবঢ়াব পাৰে ৷  কৃষ্ণ !
-----------------------------------------------------
***************
শ্ৰী শ্ৰী হৰি শৰণম্
***************

নাম-ঘোষা
===========
হে মুক্তাৱপি নিস্পৃহাঃ প্ৰতিপদপ্ৰোন্মীলদানন্দং ৷
যামাস্থায় সমস্তমস্তকমণিং কুৰ্ব্বন্তি যং সেৱসে ৷৷
তান ভক্তানপিতাঞ্চ ভক্তিমপি তং ভক্তপ্ৰিয়ং শ্ৰী হৰিং ৷
ৱন্দে সন্তৎমৰ্থেয় হনুদিৱসং নিত্যংশৰণ্যং ভজেম্ ৷৷

ভজন
============

ছবি
-----
মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি ৷
সমস্ত মস্তক-মণি নিজ ভকতৰ বশ্য
ভজোহেন দেব যদুপতি ৷৷ ১

যাৰ ৰাম-কৃষ্ণ নাম  নাৱে ভৱ-সিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত ৷
সদানন্দ সনাতন  হেনয়  কৃষ্ণক সদা
উপাসা কৰো ঁহো হৃদয়ত ৷৷ ২

নমস্কাৰ
----------
মৎস্য কুৰ্ম্ম নৰসিংহ  বামন পৰশুৰাম 
হলীৰাম বৰাহ শ্ৰীৰাম ৷
বুদ্ধ কল্কি নামে দশ  আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ৷৷ ৩

উপদেশ
----------
একান্ত ভকত সৱে  নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত ৷
বৈকুণ্ঠকো পৰিহৰি  যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ৷৷ ৪

অব্যক্ত ইশ্বৰ হৰি  কিমতে পূজিবা তাংক
ব্যাপকত কিবা বিসৰ্জন ৷
এতাৱন্ত মূৰ্তিশূন্য  কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ৷৷ ৫

যিটো জনে শুদ্ধ ভাৱে  হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে ৷
হৰিৰ প্ৰসাদে সিটৌ  বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-গুণ গায়া নাচে ৷৷৬

কৰ্মত বিশ্বাস  যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ,
দূৰটো বিধুৰ হোন্ত তাৰ ৷
অহঙ্কাৰ থাকয়েন্তো  সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱন কীৰ্তন ধৰ্ম যাৰ ৷৷ ৭

সকল নিগম লতা  তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য স্বৰূপ ৷
সুমধুৰ সুমঙ্গল  শ্ৰদ্ধায়ে হেলায় লৈয়া
নৰমাত্ৰ তৰে ভৱকূপ ৷৷ ৮

যিটোজনে কৃষ্ণকথা  বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয় ৷
যত তীৰ্থ স্নান দান  দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয় ৷৷ ৯

যাৰ পুত্ৰ সৱে ঐত  হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে৷
দধি দু্গ্ধ ঘৃত মধু  নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে ৷৷ ১০

সেহিসে সকল শাস্ত্ৰ  পঢ়িলে শুনিলে সি সি
অনুষ্ঠান সকলে কৰিল ৷
নিৰাশা ইশ্বৰ কৃষ্ণ  তাহাংক সমুখ ভৈল
আশাক যিজনে পিঠি দিল ৷৷ ১১

অপৱিত্ৰ যিটো আতি  পৱিত্ৰ হোৱেবা যদি
সমস্ত অৱস্থা আছে পায়া৷
কমললোচন যিটো  সুমৰে তাৰেসে শুদ্ধ 
বাহিৰে-ভিতৰে হোৱে কায়া ৷৷ ১২

সেহিসে চতুৰ যিটো  পুণ্যৰ নিদান-ভূত
নাৰায়ণ-নামক সুমৰে৷
অচতুৰ সিটোআতি  পাপৰ নিদান-ভূত
নামে অৰ্থবাদ যিটো কৰে ৷৷ ১৩

মহেশে বোলন্ত মোৰ  ৰকাৰাদি নাম শুনি
পৰম প্ৰশন্ন হোৱে মন ৷
শুনিয়ো পাৰ্ব্বতী মই  মনত শঙ্কায়ে ৰঙ্গে
ৰাম বুলিলেক ইটো জন ৷৷ ১৪

কৰ্ণপথে ভকতৰ  হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰে সমস্তয়৷
জলৰ যতেক মল  যেহেন শৰত কালে
স্বভাৱত নিৰ্ম্মল কৰয় ৷৷ ১৫

হুয়া দেৱ দিগম্বৰ  ভস্মে বিভুষিত অংগ
শিৰত ধৰিয়া জটা-ভাৰ৷
মহেশো সেৱন্ত যাক  হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ৷৷ ১৬

ব্ৰহ্মা আদি দেৱগণে  নিশ্চল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি৷
লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাংক সৰি ৷৷ ১৭

সমস্ত বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ  
ইহাৰ অমৃত ৰস পাই৷
পৰম সন্তোষে পান  কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই ৷৷ ১৮

মহাভাগৱত ৰস  মাধৱৰ নাম-যশ
আক পান কৰিল যিজন৷
কৃষ্ণৰ চৰণে চিত্ত  দিয়া মোক্ষ আদি ৰস
ৰতি আন নকৰয় মনে ৷৷ ১৯

কৃষ্ণ নামক সদা  কীৰ্ত্তন কৰয়  যিটো
মনে দৃঢ় কৰিয়া নিশ্চয়৷
নিস্কাম হোক বা যদি  সকাম হোৱয় তাক
কদাচিতো কলি নবাধয় ৷৷২০  

চণ্ডাল পযৰ্্যন্ত কৰি  জগতৰ উপকাৰী
নাহি নাম-গুণ বিনে আন৷
সেহিসে কাৰণে হৰি  নিজ যশ প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ ৷৷ ২১

যিহেতু চৈতন্য-পূৰ্ণ  পৰামাত্মা ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি ৷
তাতেসে  ইন্দ্ৰিয়গণ  ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জল ৰাশি ৷৷ ২২

ৰাম-কৃষ্ণ হৰি নাম  সৰ্ব্ব-ধৰ্ম্ম - অনুপাম
সকল নিৰ্গমে-তত্ব সাৰ,
যাত পৰে ধৰ্ম নাহি আৰ৷
হেন নাম নুসুমৰি  কমন ভাৰষা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ ৷৷২৩

বিষ্ণু-পাদোদক গংগা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয়৷
হেন কৃষ্ণ বিনে কোন  ভগৱন্ত হেন ইটো
শবদৰ স্বৰূপ আছয় ৷৷ ২৪

পুন্য অৰণ্যৰ মাজে  মাধৱৰ নাম সিংহ
প্ৰকাশ কৰয় অতি বড়ে৷
যাৰ ধ্বনি শুনি ভয়ে  মহাপাপ-হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে ৷৷২৫

আপুনি আপোন বন্ধু,  আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে ৷
হৰি নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপোনাক তাৰে ৷৷ ২৬

দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য 
বিষয়ৰ আশা পৰিহৰা৷
সন্তৰ সংগত বসি সুখে হৰি-গুণ গায়া
সন্তোষে অমৃত পান কৰা ৷৷ ২৭

হৰি-নাম কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি৷
হৰিত শৰণ লৈয়া         কেৱল হৰিৰ নাম
কীৰ্ত্তন কৰন্ত হোৱে সিদ্ধি৷৷ ২৮
------------------------------
শংকা 

বিষয়-সমন্ধ -সুখ  সমস্ত যোনিতে পায়
হৰি-সেৱা একো স্থানে নাই৷
হৰিৰ সেৱাৰ যোগ্য  কেৱল মনুষ্য-তনু
জানি ফুৰা হৰি -গুণ গাই৷৷২৯

মৃত্যুৰ মুখত পৰি  আছে যিটো সিটো নৰে
হৰি-গুণ-কীৰ্ত্তন নকৰে৷
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি-নাম-কীৰ্ত্তনত পৰে ৷৷৩০ 

মৃত্যু তৰিবাৰ আন  আছয় উপায় যত
বিঘিনি - দূষিত নিৰন্তৰে৷
বিঘিনি-ৰহিত যত  মাধৱৰ গুণ-কৰ্ম
কীৰ্ত্তন কৰিয়া সুখে তৰে ৷৷ ৩১

লুব্ধমতি মনুষ্যৰ  হৰি-কীৰ্ত্তনত পৰে
নাহিকে ৰহস্য বিত্ত আৰ ৷
আন আশা পৰিহৰি  মাধৱকে মনে ধৰি
হৰিৰৰ কীৰ্ত্তন কৰা সাৰ ৷৷ ৩২

শুনা পৰমাৰ্থ-তত্ব  শ্ৰীমন্ত-শঙ্কৰ মত
ধৰিয়োক সজ্জন সকল ৷
হৰিৰ কীৰ্ত্তন কৰি  সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্মল ৷৷ ৩৩

শুনা সভাসদচয়  নেৰিবা শাস্ত্ৰৰ নয়
হৰি গুণ ভাগৱত সাৰ ৷
সাধু-সংগ অনুসৰা  শ্ৰৱন কীৰ্ত্তন কৰা
পৰিহৰ পাষণ্ড-আচাৰ ৷৷ ৩৪

ৈবৰাগ্যত পৰে ভাগ্য  নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ ৷
হৰি বিনে পৰিত্ৰাণ  কৰ্ত্তা আৰ নাহি জানা 
ৰিপু নাহি সংসাৰত পৰ ৷৷৩৫

লক্ষ্মীপতি ভগৱন্ত     যাহাৰ প্ৰসন্ন ভৈল 
তাহাৰ দুৰ্লভ কিছু নাই৷
নাৰায়ণ-পৰ ভৈলে  তথাপি কিঞ্চিতো আন
নবঞ্ছায় সেৱা সুখে পাই ৷৷ ৩৬

কৃষ্ণৰ হৃদয় চাৰু  লক্ষ্মীৰ নিবাস স্থান 
মুখ নয়নৰ পান-পাত্ৰ ৷
দিক্ পাল সমস্তৰ  আশ্ৰয় কৃষ্ণৰ বাহু 
ভকতৰ পাদ-পদ্ম মাত্ৰ ৷৷ ৩৭

পৰম  ঈশ্বৰ দেৱ  কৃষ্ণক নপাৱে লাগ
তপ জপ যাগ যোগ দানে ৷
একান্ত ভক্তৰ পদ- ৰেণু শুদ্ধ চিত্তে নাথে
অভিষেক নকৰয় মনে ৷৷ ৩৮

গ্ৰাম্য-কথা বিনাশন  উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সঙ্গত ৷
তাক অনুদিন যিটো  সেৱে তাৰ সতী মতী
হোৱে বাসুদেৱ চৰণত ৷৷ ৩৯

সেহিসে দিনক ভাই  দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্নে নোহয় দুৰ্দ্দিন ৷
হৰি-কথা-অমৃতৰ  সম্যক আলাপ ৰসে
যিটো দিন হোৱয় বিহীন ৷৷ ৪০ 


আগলৈ...

Saturday 7 May 2011

দৈনন্দিন:(খণ্ড:২)

Mitali Barman


দৈনন্দিন:
(খণ্ড:২)
প্ৰসংগ: পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ” (Remix!!) :

প্ৰথমে জানি ল’ব লাগিব ‘আধুনিক’, ‘আধুনিকতা’ আৰু ‘আধুনিকীকৰণ’ মানে কি? ‘আধুনিক’ মানে ‘নতুন/নবীন’, ‘আধুনিকতা’ মানে ‘নতুনত্ব/নবীনত্ব’ আৰু ‘আধুনিকীকৰণ’ মানে হ’ল ‘নবীনীকৰণ বা পুৰণি এটাক নতুনকৈ সজাই-পৰাই তোলা’৷
সুৰীয়া অসমীয়া ভাষাৰ কবি-গীতিকাৰ-গায়কসকলে প্ৰাণৰ পৰশেৰে ঢৌৱাই অসমৰ সংগীতজগতখনো ছন্দে-সুৰে মূৰ্চ্ছনাময় কৰি থৈ গৈছে৷ গুৰুদুজনাৰ কথা নকলোঁৱেই যেনিবা, বিষ্ণু-জ্যোতিৰ পৰা আৰম্ভ কৰি কতজনে অসমীয়া সংগীতৰ বৰপথাৰখন চহকী কৰি থৈ গৈছে সতকাই আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি৷ কিমান ভাল লাগে, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তই গোৱা এফাকি গীতৰ কলি শুনিলে৷ জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ কথা..... আস্ মন মুহি যায়৷ দীপালি বৰঠাকুৰৰ কণ্ঠত “সোণৰ খাৰু নালাগে মোক” শুনিলে অজানিতে ভৰি আহে দুনয়ন!! “পকাধানৰ মাজে মাজে সৰু সৰু আলি” আৰু দেও পাৰি উমলি-জামলি কটোৱা অভিন্ন শৈশৱ!! কিন্তু হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ৰখা এই গীতবোৰতো যেতিয়া তথাকথিত ‘আধুনিকীকৰণ’ৰ প্ৰলেপ সানি দিয়া হয়, সঁচাকৈ খুব অশান্তি লাগে৷ 
এবাৰ এই প্ৰসংগতে মোৰ বাইদেউ এজনীৰ লগত কথা পাতিছিলোঁ৷ মোক বাইদেৱে কৈছিল, তেওঁ হেনো “ৰিমিক্স” গীতবোৰ খুব ভাল পায়৷ মোক সুধিছিল “তুমিনো কিয় ইমান বেয়া পোৱা?” এক চেকেণ্ডো অপব্যয় নকৰাকৈ কৈ চিধা-চিধিকৈ কৈ দিছিলোঁ “চোৱা বা, আশী বছৰীয়া আইতা এগৰাকী এনেয়ে ধুনীয়া৷ বয়স আৰু অভিজ্ঞতাই আইতাগৰাকীক আৰু ধুনীয়া কৰিছে৷ এতিয়া সেই আইতাজনীক যদি আমি গাভৰু সজাবলৈ গৈ টিকটিককৈ “মেক-আপ” এসোপা সানি দিওঁ, অসজা নালাগিবনে?” এই উত্তৰ পাই তেওঁৰ আৰু “ৰিমিক্স” গীতৰ প্ৰতি থকা পীৰিতি উৰি গ’ল ৷ ইয়াৰ মাজতে এনেকৈ কোৱা মানুহো ওলাইছে যে আজিৰ নৱ-প্ৰজন্মই আমাৰ পুৰণি গীতবোৰ নাজানে৷ গতিকে কিছুমান গায়কে সেইবোৰ নতুনকৈ গাই আমাক ‘উপহাৰস্বৰূপে’ আগবঢ়াইছে৷ তাতনো আপত্তি কিহৰ?? হয়, আপত্তি নিশ্চয় আছে৷ ধৰি লোৱা হ’ল, আপোনাৰ এটা চোলা আছে৷ বহুদিন হ’ল আপুনি চোলাটো পিন্ধা নাই বা কিবা কাৰণত চোলাটোৰ কথা পাহৰি আছে৷ এদিন আপোনাৰ আলমাৰিটো চিজিল লগাই থাকোতে আপোনাৰ ভণ্টি বা মায়ে চোলাটো পাই আপোনাৰ হাতত দিলে৷ এতিয়া বাৰু সেইটোক আপুনি ‘উপহাৰ’ বুলি ক’ব নেকি? যিটো বস্তু আগৰে পৰা আপোনাৰেই তাক বহুদিনৰ মূৰত পালেওতো সি আপোনাৰে, নহয় জানো? মোৰ বোধেৰে একেখিনি কথাকে গীতৰ ক্ষেত্ৰতো ৰিজাব পাৰি৷
আধুনিকীকৰণৰ নামত অযথা হৈ-হাল্লা কৰি অনাহকত এসোপা বাজানাৰ প্ৰয়োগ কৰি সেই অমিয়া-মাধুৰীসনা গীতবোৰ অশ্ৰব্যহে কৰি তোলা হয় যেন (প্ৰতিযোগিতাৰ দৌৰাত্ম্য)৷ বিশ্বাস কৰক, অলপতে দীপালি বৰঠাকুৰৰ “সোণৰ খাৰু নালাগে মোক” গীতটিৰ remix-টো শুনিলোঁ আৰু সেইটো শুনি তাৰ পাচত এঘণ্টামান ক’ত গৈ, কি কৰি মোৰ frustration বাহিৰ কৰিব পাৰি ভাৱি আছিলোঁ৷ অকল সেইটোৱেই নহয়, আপোনালোকেও ভাবি চাওকচোন “এইখনি গাঁও বুকুৰ আপোন” গীতটিত গাঁও এখনৰ যি সৰল প্ৰতিচ্ছবিৰ অথবা “পোহনীয়া চৰাইটি উৰিলে” গীতটিত যি আলসুৱা-আকলুৱা ভাৱৰ প্ৰকাশ হৈছে, তাকো যদি নতুনকৈ কেচিঅ’, ড্ৰামচেট আদিৰ সংগতত গাই কোনোবাই আমালৈ ‘উপহাৰ’ আগবঢ়াই কেনে লাগিব পাৰে (আপোনালোকেও এই গীতকেইটিৰ remix শুনিছে যদি কথাখিনি আৰু ভালকৈ বুজি পাব)!! বাথৰুমত গান গোৱা আমাৰ দৰে যদু-মধুবোৰৰ কথা বাদ দিয়ক, প্ৰথিতযশা আৰু স্বনামধন্য শিল্পীয়েও যে remix-ৰ ৰমৰমীয়া বেহাত নামি পৰিছে? প্ৰচাৰ লাভ কৰিবলৈ কিছুমান শিল্পীয়ে এনে কৰিব পাৰে, কিন্তু প্ৰতিষ্ঠিতজনকতো ৰাইজে এনেয়ে চিনি পায়, আদৰ কৰে৷ তেন্তে? 
ৰক্ষণশীল মই নহয়৷ নতুনক হেঁপাহেৰে আদৰি লোৱাত কাহানিও মই কাৰ্পণ্য নকৰোঁ৷ কিন্তু নবীনীকৰণৰ নামত যিবোৰ কথা-কাণ্ড চলি আছে, ই বাৰু সঁচা অৰ্থত নবীনীকৰণনে? আজিকালি কেতিয়াবা সন্দেহ হয়--- নে ময়েই পিচ পৰি আছোঁ, ‘আধুনিকীকৰণ’ৰ প্ৰকৃত অৰ্থ ময়েই বুজি পোৱা নাই নেকি? ময়েই মিলাব পৰা নাই নেকি খোজ সংগীত জগতত আধুনিকৰ পৰশত আধুনিকীকৰণ হোৱা আধুনিকতাৰ লগত!!

মমতাৰ কাহিনী – এখন চিঠি আৰু কিছু সঁচা কথা


-----------------------

১/ মোৰ কাহিনীৰ নায়িকা মমতাৰ কথাৰে 

 হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি” নামৰ কালজয়ী কবিতাটিৰ সোৱাদ নোপোৱা লোক হয়তো আজিৰ অসমত খুব কমেই পোৱা যাব | কি এক দুখ, কি এক প্ৰগাঢ় ভালপোৱা সন্নিবিষ্ট হৈ আছে তাক পঢ়োতাজনেহে বুজিব পাৰে | কবিতাৰ মাধ্যমেৰে কবিয়ে প্ৰকাশ কৰিছে মমতাৰ ভালপোৱা, আৰু ভালপোৱাজনক হেৰুৱাৰ বেদনা | ঠিক একেই বেদনা, একেই ভালপোৱা আছিল মোৰ কাহিনীৰ “মমতা”ৰ |  মোৰ কাহিনীৰ মমতা বাস্তৱত তেজ মঙহৰ এগৰাকী মানুহ | ভদ্ৰ সমাজত কাঁঠফুলাৰ দৰে বাঢ়ি অহা আন এখন সমাজৰ বাসিন্দা তাই, যি নিশাৰ অন্ধকাৰত চঞ্চল হৈ উঠে | এক কথাত ক’বলৈ গ’লে আজিৰ তাৰিখত মোৰ কাহিনীৰ “মমতা” এগৰাকী “গণিকা”, এগৰাকী “বেশ্যা” | আপুনি হয়তো ভাবিব পাৰে আমাৰ সমাজত ঘৃণাৰ চকুৰে চোৱা এগৰাকী বেশ্যাৰ কথা আজি কিয় আলোচনাৰ বিষয় হৈ পৰিছে ! কিন্তু আপুনি হৃদয়ঙ্গম কৰিব লাগিব তাইৰ অনুভূতিবোৰ, তাইৰ ভালপোৱাবোৰ | আভিধানিক অৰ্থত আজিৰ “মমতা”ই ধনৰ বিনিময়ত নিজৰ দেহ বিক্ৰী কৰে | আমাৰ সমাজত, বাট-পথত অলেখ মমতাৰ ভিৰ আপুনি দেখিবলৈ পাব | সিহঁতৰ মাজৰে কিছুমানে ধন ঘটাৰ সহজ উপায় বিচাৰি উলিয়াইছে এইদৰে, কিন্তু কিছুমানক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰাইছো আমি, এই ভদ্ৰ সমাজে | মোৰ কাহিনীৰ নায়িকা এই দ্বিতীয় শ্ৰেনীৰ | জীৱনটোক ভালদৰে বুজি পোৱাৰ বয়সত তাই প্ৰেমত পৰিছিল, নিশাৰ আকাশত তৰা গণিছিল, শুকুলা মেঘৰ ঘৰ সাজিছিল সপোনত | দেও দি ফুৰা চৰাইৰ দৰে অনুভৱ কৰিছিল নিজকে | দুভাগ নিশা পাহাৰৰ সিপাৰে যেন তাইক কোনোবাই ৰিঙিয়াই কৈছিল “মোৰ ভালপোৱাৰ ঠিকনা তোমাৰ হৃদয়” | সপোনত যেন কোনোবাই তাইক কৈ উঠিছিল,

"এই !! শুনা !
তোমাৰ ওঁঠৰ জোখ লোৱা বহু দিন হ’ল
এই !! উঠানা ! প্লিজ !"
[কবিতা: এটা মাতাল উজাগৰী নিশা তোমাৰ নামত (মনোজ মন)]

২/ বান আহিছিল তাইৰ জীৱনলৈ :

 ভালপোৱাৰ ফাকু-গুড়ি চটিয়াই লৈছিল তাই নিজৰ দেহত, আৰু এদিন আজীৱন প্ৰেমৰ নৈত সাঁতুৰি ফুৰাৰ প্ৰতিশ্ৰুতিৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাটনি মেলিছিল | তাই হয়তো জনা নাছিল, হৃদয়ৰ মাজুলীত যে এতিয়া গড়াখহনীয়াৰ বতৰ | এদিন তাই অনুভৱ কৰিলে, প্ৰেমৰ নৈত সাঁতুৰি ফুৰুতে উভটি যোৱাৰ বাটেই হেৰুৱালে | তাই দেখিলে বনৰীয়া লঁতাৰ দৰে মেৰিয়াই ধৰিবলৈ উদ্যত কিছুমান হাত, নিমিষতে গিলি পেলোৱা দৃষ্টিত আবদ্ধ তাইৰ শৰীৰ | পাহাৰৰ সিপাৰে ৰিঙিয়াই মতা তাইৰ মনৰ মানুহজন এতিয়াচোন ৰূপান্তৰিত হৈ পৰিছে এজন দানৱলৈ ! ধনৰ বিনিময়ত ঠেলি দিছে তাইক  অন্ধকুপলৈ, য’ত তাইৰ বাবে অপেক্ষা কৰি ৰৈ থাকে এক কুটিল হাঁহি |

“বানে পোৱা নৈৰ বলিয়া সোঁতত উটি যাব নিবিচাৰো ম‍ই |
আশাবোৰ বুকুত সাৱতি বাট চাই ৰ’ম পাৰত বহি |
যদি সেই আশা বুকুতেই ৰৈ যায় !
যদি নৈ বৈ ঢৌ বাগৰি সুঁতি সলায় !
তথাপিও বাট চাই ৰ’ম, আকৌ বাৰিষা আহক |
নৈৰ বুকুত যে এটা সৰু দ্বীপ আছে,
যাক হৃদয় বুলি কয়,
তাতেই আছিল মোৰ ঘৰ |”
[কবিতা: বান আহিছিল (মনোজ মন)]



 ৩/ তাই এতিয়াও বাট চাই আছে :

 মোৰ কাহিনীৰ “মমতা”ৰ জীৱনলৈ ভালপোৱা আৰু উভটি নাহিল | সেইবোৰ বিক্ৰী হৈ গ’ল ধনৰ বিনিময়ত | এতিয়া তাই পৰিণত হ’ল অন্ধকাৰ গ’লিৰ এখন বেনাৰলৈ | অলেখ অযুত চেষ্টাৰেও মচিব নোৱাৰিলে তাত খোদিত লেতেৰা আখৰবোৰ | কিন্তু আপুনি জানো হত্যা কৰিব পৰিব প্ৰেমক ! তাইও নোৱাৰিলে | ভালপোৱাৰ দুগালত আঁকি দিয়া ওঁঠৰ দাগবোৰ বিচাৰি হাবাথুৰি খোৱা তাইক দেখিবলৈ পাব অপুনি নৈৰ ঘাটত, আউলি-বাউলি হৈ বহি ৰোৱা প্ৰতিটো গধূলি | যদি আপুনি কাণ পাতি ৰয় তেতিয়া হয়তো শুনিবলৈ পাব পাৰে তাইৰ উচুপনি | আপুনি যদি হৃদয়বান হয় তেন্তে চকু মুদিলেই দেখিবলৈ পাব এখন চিঠি; যাক হয়তো আপুনি নাম দিব পাৰে “এজনী বেশ্যাৰ এখন অশ্লীল চিঠি” |

“মৰমৰ,
আজি বহুত দিন হ’ল তোমাক নেদেখা |
মোক বাৰু তুমি ঘৃণা কৰা নেকি !
মোৰ দেহত এতিয়া শিয়াল-কুকুৰৰ আচোঁৰ |
তুমি যে গ’লা! এবাৰলৈও উভতি নাহিলা |
বিয়াৰ নিশা হোমৰ জুইঁক সাক্ষী কৰি
তুমিয়েই কোৱা নাছিলা জানো !
"মোৰ সাঁতোটা জীৱন তোমাৰ নামত" !
পিতাইৰ ঘৰৰ পৰা বিদায়ৰ দিনা
কান্দি আউলি-বাউলি হওঁতে
ভবাতো নাছিলো!
সেই যে সেমেকা মন আজিও সেমেকি ৰ’ব |
জনাতো নাছিলো তোমাৰ জীৱিকা মোৰ দেহ !
ৰাজপথত বিচাৰি ফুৰিবা
মোৰ বাবে নতুন নতুন প্ৰেমিক |
সিহঁতবোৰে মোৰ বুকুখন খুলি খুলি খোৱাৰ সময়ত
দুৱাৰৰ সিপাৰে বহি তুমি বাৰু কি ভাবি থাকা !
মোৰ লগত পাৰ কৰা ফুলশয্যাৰ নিশাৰ কথা?
তোমাক হয়তো ম‍ই জনোৱা নাই !
সিহঁতৰ উশাহঘন শব্দত বিচাৰো
তোমাৰ উপস্থিতি |
তোমাৰ বাবেই মই পাৰি দিছিলো সুকোমল শয্যা,
য’ত স্থান দিছিলা ৰুবিনা, পাৰৱিন, মিনতিহঁতক |
তুমি শুনিছিলানে !
দুৱাৰৰ সিপাৰৰ মোৰ উচুপনিবোৰ !
তুমিও থিক একেদৰেই উচুপি উঠা নেকি বাৰু !
মোৰ দেহৰ প্ৰেমত পৰা সেই এদিনিয়া প্ৰেমিকবোৰ দেখি !
তোমাৰ বাৰু হিয়া কঁপি উঠেনে ?
সিঁহ্তবোৰৰ অট্টহাস্য শুনি |
কি পাৰ্থক্য তোমাৰ আৰু সিহঁতৰ !
আৰু বিশেষ নিলিখো |
তুমি যদি কেতিয়াবা উজাই আহা
মোৰ বুকুৰ উপত্যকাত জিৰাবলৈ,
মোক জনাবলৈ নাপাহৰিবা |
কপালত আকিঁ ল’ম ৰঙা অকণমান ,
আৰু মেলি দিম দুহাত বুকু উদঙাই |
কিন্তু ! কিন্তু !!
মোৰ বুকুত যে এতিয়াও শিয়াল-কুকুৰৰ আঁচোৰ !
আকৌ আতঁৰি যাবা নেকি !
ৰুবিনা, পাৰৱিন, মিনতিহঁতৰ বুকুৰ উম বিচাৰি !!”

[কবিতা: এজনী বেশ্যাৰ এখন অশ্লীল চিঠি (মনোজ মন)]

"ৰিমিক্স,সংগীত আৰু অসমীয়া"

অৰুণজ্যোতি দাস
--------------------

গোলকীকৰণৰ ফলস্বৰূপে পৃথি‌ৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খো‌ৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গা‌ৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্য‌ৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বি‌ৱৰ্তনৰ সূচনা কৰিছে।

এনে হো‌ৱাৰ ফলত কিছু যে সুবিধা হো‌ৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰি‌ৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।

এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলু‌ৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ ন‌ৱ-প্ৰজন্মই আচাৰ-ব্য‌ৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃতি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।

অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!

গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপো‌ৱা দুই এজন অত্যুৎসাহী যু‌ৱক-যু‌ৱতীৰ কাণত অসমীয়া থলু‌ৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ যোতগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলু‌ৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হো‌ৱা নাই।

কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জী‌ৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কে‌ৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলো‌ৱা প্ৰভা‌ৱকহে বেছি মূল্য দিব।

সততে শুনিবলৈ পো‌ৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।

[এই লেখাৰ স্পষ্ট অনুধা‌ৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সো‌ৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰু‌ৱা)৭)অনুভ‌ৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰু‌ৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]

সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভা‌ৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হো‌ৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হো‌ৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?

নহয়।পুৰণী গীতত যাদু সানি থো‌ৱাৰ সাঁথৰটোও জটিল নহয়।

সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ড‌ৱ দেখি কোনো আদিম জনগোঙষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হো‌ৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভা‌ৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যো‌ৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ্ু কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।

যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজী‌ৱনৰ স্বাভা‌ৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গা‌ৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভ‌ৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।

পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলু‌ৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণ‌ৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনো‌ৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।

আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভ‌ৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মান‌ৱ জী‌ৱনৰ স’তে সংগীৰতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে।

অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰ‌ৱস্থা হ’ব।

জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকু‌ৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!

“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভা‌ৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হোৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।

ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভা‌ৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নো‌ৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নো‌ৱাৰেনে?

চেষ্টা কৰক,নিশ্চয় পাৰিব ।

[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]

আবেলিৰ অনুভৱ--




আবেলিৰ অনুভৱ  


(লেখাটো প্ৰাসংগিকতা ককাৰ স্মৄতিত , বিশেষকৈ ককালৈ মনত পৰাৰ বাবে )
--------------------------------

আপুনি হয়তো আবেলি বুলি ক’লে কি যে আৰাম !বুলি কৈ এনেদৰে শুই থাকে |কিন্তু হয়তো বহুতোলোকে মোৰ দৰে অথবা আপোনাৰ দৰে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি ফুৰে |জীৱন বুলি ক’লে সংগ্ৰামৰ বাবে বেলেগভাৱেও অনুভৱ কৰিব পাৰি |কিন্তু এইবুলিয়েই জীৱনটোক এৰি দিব পাৰি নেকি ? কি অৰ্থত কলো হয়তো বুজি পাইছে |

    আবেলি বুলি ক’লে মোৰ মনত পৰে -বাল্যকালত শুকান পথাৰত চিলা উৰুৱাৰ কথা |ককা -ৰ সতে ধেমালি কৰো |ক’ত কেতিয়া পাইছিলো পাহৰিলো যদিও "যি ককা-আইতাৰ সান্নিধ্য  লাভ কৰে সি প্ৰখৰ বুদ্ধিমত্তা হয় ” |যেনে ককা -আইতাই সৰুকালতে আমাক সাধু কোৱাৰ কথাবোৰে হয়তো মোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰালে যে সাধুৱে শিশুৰ বৌদ্ধিক বিকাশত অলপ হ’লেও সহায় কৰে |                                                        
    এতিয়া শিশুবুলি ক’লে প্ৰত্যেকে ব্যস্ত গীত-নৄত্য , কম্পিউটাৰ ইত্যাদিত |অকণমান সময় আমি সাধু অথবা ধেমালি কৰিবলৈ সময় উলিয়াবলৈ চেষ্টা কৰিব লাগে |
-ৰনৌজ কুমাৰ গগৈ  (চাও ৰিদিপ ৰঞ্জন)