আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday, 10 April 2011

প্রতিজনলৈ এটা অনুৰোধ:


-অৰুণজ্যোতি দাস

 এইটো এটা শুভ লক্ষণ দেখা পাইছো যে, অন্তর্জালত অসমীয়া লিখাৰ পদ্ধতিৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ চর্চাক সামৰি এই ফেচবুকে এখন খুব সুন্দৰ  ক্ষেত্র প্রদান কাৰিছে |ই আমাৰ বাবে অতি গৌৰৱৰ বিষয়|যিসকল অসমীয়াই পেচাগত কাৰণতে হওঁক বা অন্য চাঁপৰ বাবেই হওকঁ,ছপা মাধ্যমৰ পৰা অলপ দূৰত থাকিবলগা হৈছে,মোৰ ভাৱ হয়,তেওঁলোকৰ স্ব-কৃষ্টি,স্ব-জাতি,স্ব-ভাষাৰ প্রতি... মোহটো বেছি থাকে|আৰু এইটো উল্লেখ নকৰিলেও হ’ব যে নিজৰ ভাষা-সংস্কৃতি-কৃষ্টিৰ প্রসাৰ,প্রচাৰ,উত্তৰণ তথা সমৃদ্ধিৰ হকে তেওঁলোক সদা সচেতন আৰু প্রতিনিয়ত ইচ্ছুক|যিহেতু এইসকলে অসমৰ মেধা সম্পন্ন ,প্রতিষ্ঠিত তথা উচ্চ শিক্ষিত নতুন প্রজন্মটোক প্রতিনিধিত্ব কৰে,মই আশা কৰোঁ,তেওঁলোকৰ সু-গঠিত আৰু সমূহীয়া প্রচেষ্টাক জাতিটোৱে সৎৱ্যহাৰ কৰিলে অসমীয়াৰ মংগল সাধন হব|


এইখিনিতে উনুকিয়াব খুজিছোঁ যে ,(ফেচবুকৰ এই দলটোৰ সদস্যসকলে ইতিমধ্যেই জানেই কিজানি)কেবাগৰাকিও বৰেণ্য প্রবাসী আৰু স্থানীয় অসমীয়াই আ‍ন্তর্জাল যোগেও অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সমূহীয়া উন্নতিৰ হকে দেহে কেহে খাতি আছে|এই আপাহতে তেঁওলোকলৈ মোৰ হিয়াভৰা অভিনন্দন আৰু শুভকামনা যাঁচিলো|দুটিমান তেনে অনুষ্ঠান হ'ল FASS(Friends of Assam & Seven Sisters),শব্দ(http://www.xobdo.org/),Xomidhan গোষ্ঠি(http://xomidhan.org/), Sakori.org আদি|ফেচবুকৰ এই দলৰ আঁত ধৰোঁতা তথা সদস্যবৃন্দও এই জাগৰণৰ অন্তর্ভুক্ত আৰু ধন্যবাদৰ পাত্র|

     এটা কথা সহজেই অনুমেয় যে,আমাৰ ন-প্রজন্মই আ‍ন্তর্জালৰ পৰা জ্ঞান(সর্বতোপ্রকাৰৰ!) আহৰণ কৰাৰ প্রতি বেছি আসক্ত|আৰু আজিকালিৰ সময়ত ই তেনেই স্বাভাৱিক|আন্তর্জালৰ ভাল গুণখিনি ল’বৰ বাবে আমি  আমাৰ লৰা-ছোৱালীক উৎসাহিত কৰিব লাগে আৰু নিজৰ কলা-কৃষ্টি-সংস্কৃতিক শুদ্ধভাৱে শিকিবৰ বাবে প্রেৰণা দিব লাগে|
মই ভাবোঁ, আন্তর্জালৰ মাধ্যমেৰে যি পাঠদানৰ চিন্তা-চর্চা চলিছে,সি এটা অতি আদৰণীয় প্রচেষ্টা |কিন্তু পৰিতাপৰ কথা এইটোৱেই যে আমি বহুতেই নিজৰ ভাষাটোক শুদ্ধকৈ উচ্চাৰণ আৰু ৱ্যৱহাৰ কৰিব নাজানো|মোৰ ভয় হয়,যাতে আমাৰ এই নির্ভেজাল সৎ প্রচেষ্টাৰ কোনো বিৰূপ প্রতিফলন আমাৰ ন-প্রজন্মৰ ওপৰত নপৰে আৰু এই প্রচেষ্টা যাতে সফল হয়|
তাৰ বাবে মই নিম্নোক্ত পৰামর্শ কেইটা মোৰ ফালৰ পৰা আগবঢ়ালো|
১)অসমীয়া আলোচনা মঞ্চত(আন্তর্জালেই হওক বা অন্য মঞ্চই) আপোনাৰ জ্ঞানেৰে ঢুকি পোৱা্লৈকে কেৱল অসমীয়া শব্দ ৱ্যৱহাৰ কৰক| নহ’লে অসমীয়া প্রতিশব্দ বোৰ বিলুপ্ত হ’ব|
২) ন-শিকাৰুক শুদ্ধ উচ্চাৰণ শিকাৰ প্রতি আকৃষ্ট কৰক|পৰাপক্ষত নিজেও প্রকৃত উচ্চাৰণ বিজ্ঞ জন বা গৱেষণা-গ্রন্থৰ পৰা শিকা আৰম্ভ কৰক|
৩)দন্ত্য ‘ন’/মূর্ধণ্য ‘ণ’/তালৱ্য ‘শ’/হসন্ত আদি প্রাথমিক শিক্ষাৰ আদিপাঠ সম্পূর্ণ শুদ্ধ উচ্চাৰণেৰে শিকাবলে’ যত্নপৰ হওঁক|(প্রসংগঃhttp://learn.xobdo.org/index.php?option=com_content&view=article&id=3%3Al0101&catid=2%3Ac01&Itemid=2)
৪) পেট কটা ‘ৰ’ বুলি মই জনাত কোনো বর্ণ অসমীয়াত নাই,যিদৰে নাই “স্বৰে অ/স্বৰে আ”| এইবোৰ আমি ভুলকৈ শিকালে কি দুর্গতি হ’ব পাৰে, নিশ্চয় সুধীবৃন্দই জানিছে|
৫) ইজনে সিজনক ভুল(‘ভূল’ নহয়)আঙুলিয়াই দিব লাগে,যাতে পৰস্পৰৰ  উন্নতি হয়|
-সেই ভুল, ব্যাকৰণ/উচ্চাৰণ/গাঁঠনি বা মতামতৰ হব পাৰে|

এই ভাষ্য মোৰ সম্পূর্ণ ব্যক্তিগত|মতামতৰ বাবে আগতীয়াকৈ ধন্যবাদ যাঁচিলো|
--অৰুণজ্যোতি দাস 

Friday, 1 April 2011

কেইটামান অসমীয়া সাঁথৰ


  • "চুই চা চুই চা, চুই দিলে পইছা"=কেৰেলুৱা
  • "ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ" =আমৰলি পৰুৱা।
  • "টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় " =বৰল।
  • "মাকে বৰশী বায়, পুতেকে সৰগ চায়" = বাঁহ গছ আৰু বাঁহ গাজ।
  • "মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?"=জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)।
  • "টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি"=জাল
  • "বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে"=দিয়াচলাই (জুইশলা)
  •  "কাণত ধৰি নাকত বহে?"=বিতচকু,চশমা
  • "এজনী কলী গাই ঘাটে ঘাটে পানী খায়?"=বৰশী
  • "ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা"=
  • "ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী"=আঠুৱা
  • " কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ?"=বিড়ি
  • "কি বস্তু কাটিলে দীঘল হয়?"=নলা (drain)
  • "চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা. " =হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু
  • "এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল"=কলাপাত
  • 'হাবিত কাঁহে ওলাই নাহে'=কুঠাৰ
  • "ৰজাৰ লাঠি ঘন ঘন গাঠি"=কুহিয়াঁৰ
  • "এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি"= বিচনী
  • "এডাল খেৰে ঘৰটো বেৰে" =চাকি নাইবা মমবাতি
  • "ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত" =জোনাকী পৰুৱা
  • "আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ"=কুহিয়াৰ
  • ওপজিয়ে লৰ মাৰে কোন='জেঠী পোৱালি
  •  ওপজিয়ে জপিয়ায় কোনে? = আখৈ
  • এনু এনু এনু, ধৈইৰবান্নাই ঠেনু=ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)
  • মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই= ৰেডিঅ'
  • উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্= কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)
  • 'কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা" =কঁঠাল
  •  "জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ?"=নিমখ
  • "পেট আছে পেটু নাই, মুখ আছে জিভা নাই"= কলহ
  • তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?=চৌকা
  •  ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি
  • "এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?"=ওকণি
  • "গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?"=যঁতৰ
  • "আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ?" =দুৱাৰডলি
  • "ৰজাৰ দলিছা.....দুয়োফালে বাগিছা"=ৰাস্তা?
  • "২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল?"
  • "ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি"
  • "উপজিয়ে বুঢ়া হয় কোন, উপজিয়ে ৰঙা হয় কোন?=বুঢ়া আঙুলি,  ৰঙআ বেলি
  • "ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি "= জিভা
  • "২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ?"=তামোল-পান
  • "ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা" =ভূ ঁইকপ/ অনাতা ঁৰ
  • "কৈ মৰিল কোন   নকৈ মৰিল কোন, দি মৰিল  কোন, নিদি মৰিল  কোন"=কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক)
  • "উপি উপি বাটত আছে চুপি"=জোক
  • "ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি" = চোতাল
  • "পেট আছে পেটু নাই, মুখ আছে জিভা নাই"= কলহ/টেকেলী
  • "কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে"=দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত)
  • "খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল"= নাৰিকল
  • "য'লৈ যোৱা মোক লগত লৈ যোৱা"=ছাঁ/ছাঁয়া
  • "নদী আছে পানী নাই, চহৰ আছে মানুহ নাই"= মানচিত্ৰ
  • "ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ"= আঁঠুৱা
  • "ক'লৈ যোৱা মোক মাৰি থৈ যোৱা"= দুৱাৰ
  • "লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত"= তামোল গছ
  • "গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি"=-আনাৰস/মাটিকঁঠাল/সফুঁৰিকঠাল/কেতেকীকঁঠাল ।
  • "আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই"=কেচুঁৱাৰ দাঁত
  • "ইলিলিত্‍ চৰাইটোৱে বিলিলিত্‍ কৰে,সাগৰ দেখিলে পাংখা মেলে"=জাল

সমালোচক আৰু সমালোচনা (আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়)

মিতালী বৰ্মন
-----

কোন কেনেকুৱা কথাটোৰ বিশ্লেষণ কৰাটো খুব কঠিন কাম৷ "মানুহে প্ৰতি মনটো"৷ হয়তো এই মূহুৰ্ত্তত মই ভাৱি থকা কথাটো আপুনি নাভাৱিবও পাৰে! মই অসমীয়াত 8(চাৰি) বুলি লিখিলে তাকে কোনোবাই ইংৰাজী 8(এইট) বুলিও বুজিব পাৰে৷ ভাল-বেয়াৰ সমাহাৰেই জীৱন৷ কিন্তু মন কৰিলেই বুজিব পাৰি ভালৰ শলাগ লোৱা মানুহ আৰু আনৰ দোষ খুচৰি থকা মানুহৰ সংখ্যাৰ অনুপাতটোত কিমান বৈসম্যতা৷ কিছুমানৰ বাবে আনক সমালোচনা কৰাটো অতি সহজ আৰু সুখৰ কাম৷ কথা কিছুমান এক গুণৰ দহগুণ কৰি মুখৰোচক কাহিনী সজাতেই যেন তেওঁলোকৰ জীৱনৰ সাৰ্থকতা৷ আনকি বহু ক্ষেত্ৰত এনে হোৱাও দেখা যায় যে, যাৰ সমালোচনা হৈ আছে বহুতে প্ৰকৃততে তেওঁক নাজানেও, চিনিও নাপায়, কিন্তু সমালোচনাত ভাগ লৈ মজা লোৱাৰ লোভকণ সামৰিবও নোৱাৰে৷ ধৰি লোৱা হ'ল, অমুকাৰ ল'ৰা আৰু অমুকাৰ ছোৱালীৰ সম্পৰ্ককলৈ আজি এটা আলোচনা (সমালোচনা?) হ'ল৷ কাইলৈ বাতৰি (উৰাবাতৰি?)টো প্ৰচাৰ (অপপ্ৰচাৰ?) হ'ব আৰু কাইলৈ বাদ দি পৰহিলৈ সিহঁতক নৈৰ পাৰত বহি কথা পাতি থকা দেখা মানুহ এজাকো ওলাব পাৰে; আৰু ওলোৱাটোৱেই স্বাভাৱিক৷ কেৱল ইমানেই নে, আৰু বা কত কিমান! কিন্তু কথাৰ গুৰি ক'ত তাৰহে বিচাৰ কৰোঁতা কোনো নাই৷ কথাটো প্ৰকৃততে কিমান সঁচা, কিমান মিছা ভাবিবলৈ কাৰো আহৰি নাই৷

এটি সাময়িক ব্যক্তিগত অভিজ্ঞতা: মোৰ বন্ধু এজনে ‘ফেচবুক’ত তেওঁৰ এখন ফটো লগাইছিল৷ মন্তব্যও আহিল বহুতো৷ কিন্তু বন্ধু অতি দুখী হৈ মোক ফোন কৰি ক'লে যে তেওঁৰ কোনোবা বন্ধুৱে হেনো অশালীন মাতেৰে সমালোচনা কৰি ফটোখনত মন্তব্য দিছে৷ ঠিকেই, কিছুমান মানুহে স্থান-কাল-পাত্ৰ নাচাই য'তে-ত'তে যি-তি কৈ ফুৰে৷ বন্ধুৱে দুখ পাইছিল ইয়াকে ভাৱি যে, এতিয়া মানুহবোৰে তেওঁৰ কথা কি বুলি ভাবিব! কিন্তু বুজা নাছিল যে অশালীন মাত মাতি তেওঁক অপদস্থ কৰিবলৈ বিচৰা তেওঁৰ বন্ধুৱে ৰাজহুৱাকৈ নিজৰহে প্ৰকৃত স্বৰূপটো উদঙাই দিলে৷ লগে লগে সৰুতে মায়ে শিকোৱা কথা এষাৰলৈ মনত পৰি গ'ল "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"৷ কথাষাৰ কিমান গুৰুত্বপূৰ্ণ তাকেই বুজাবলৈ মায়ে আমাৰ পঢ়া কোঠালিত ক্ৰচষ্টিচ কাপোৰত চিলাই কৰি বহু দিনলৈ সজাই থৈছিল৷
আনক সমালোচনা কৰাৰ আগতে নিজক জানি লোৱাটো খুবেই প্ৰয়োজনীয়৷ হয়, সমালোচনাও লাগে, সমালোচকো লাগে৷ ভালৰ বাবে কৰা সমালোচনা সদায় স্বাস্থ্যকৰ আৰু আদৰণীয়৷ কিন্তু বিনা কাৰণত অথবা অপ্ৰয়োজনত কৰা সমালোচনা ফুটুকাৰ ফেনহে মাথো, অবাবত সময় খৰচ কৰাৰ বাদে আন একো নহয়৷ আমাক এতিয়া সৃষ্টিশীল সমালোচনাৰহে প্ৰয়োজন; মোৰ বন্ধুৰ বন্ধুজনৰ দৰে নিজৰ ব্যৱহাৰেৰে নিজৰ পৰিচয় দিয়া সমালোচক অথবা সমালোচনাৰ নহয়৷

টেঙা আম, পকা আম ,পোক লগা গেলা আম

Anjal Borah
আমগুৰিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গগৈ-
"বাৰে বাৰে টেঙা আম বেচিব নোৱাৰে অগপই" (জনসাধাৰণ)
ঢকুৱাখনাত প্ৰচাৰ চলাই চন্দ্ৰমোহন-
"কংগ্ৰেছৰ টেঙা আম বেচাৰ দিন উকলিল" (অসমীয়া প্ৰতিদিন)
পিছে প্ৰশ্নটো হ'ল পকা আম কোনে বেচিব, বা কোনে বেচিছিল?? এতিয়া কলি আমৰ দিনত সকলোৱে কলিতে বেচিছে !! ৰাইজে পাঁচবছৰৰ পিছত পকিলে খাব আৰু !!

Pankaj Barah কলি আমৰ আঠাই সকলোকে ঘাঁ লগাইছে, কলি আমৰ আঠাই লেতেৰা গুছাব নোৱাৰা দাগ লগাইছে সমাজত । এই যে পাঁচবছৰৰ কথা কৈছা, পাঁচবছৰত আমত পোক লাগে আৰু গেলি যায়। আৰু লেতেৰা কৰে । কিছুমানে পোক লগা গেলা আমৰে কিছু অংশ ভাগ পায়। বাকীবোৰে সেলেপি সেলেপি থাকে অহা পাঁচবছৰলৈ ।

Anjal Borah পংকজ, অতি নিদাৰুণ সত্য কথা এষাৰ ক'লা হে !!

ভাষা-উপভাষা-"ধেকেৰী ভাষা(?)":

মিতালী বৰ্মন
-

আমি বহু সময়ত বহুজনৰ লগত বিভিন্ন প্ৰসংগত কথা-বতৰা পাতোঁ৷ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষা হ'ল একমাত্ৰ অৱলম্বন৷ ভাষা আৰু উপভাষা এটা আনটোৰ অবিহনে অসম্পূৰ্ণ৷ কিন্তু কি কাৰণে নাজানোঁ এচাম লোকৰ এই বিষয়ে ধাৰণাটো স্পষ্ট নহয়৷ বহুজনক বুজাবলৈও চেষ্টা কৰোঁ, এচামে বুজে৷ এচামে নুবুজে বা বুজিবলৈ চেষ্টাও নকৰে৷ নিজৰ ভুল ধাৰণাকে সাৱতি আনন্দ ল'ব খোজাজনক আৰু কি বুলি বুজোৱা যায় (গৰুৰ আগত টোকাৰি বাই, শিং জোকাৰি ঘাঁহ খাই)!
আমি কাগজে-কলমে যিটো ভাষা ব্যৱহাৰ কৰোঁ সেয়াই হ'ল মান্য ভাষা (standard language)৷ এই মান্য ভাষাৰ কেইবাটাও উপভাষা (dialect) থাকিব পাৰে৷ আমাৰ অসমীয়া মান্য ভাষাটোৰো দুটা উপভাষা আছে; উজনি অঞ্চলৰ উপভাষা আৰু নামনি অঞ্চলৰ উপভাষা৷ বৃহত্তৰ অসমৰ উজনি অঞ্চল আৰু নামনি অঞ্চলৰ বিভাজন কেৱল ভৌগলিকহে মাথোন৷ সেইবুলি এইবোৰক অন্যভাৱে লৈ লোৱাৰ কোনো প্ৰয়োজন নাই নাইবা উজনি অঞ্চল বা নামনি অঞ্চলৰ মানুহে ইজনে আনজনক হেয় দৃষ্টিভংগীৰে চোৱাৰো একো প্ৰয়োজন নাই৷ কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে মনত এনে ধাৰণা পোষণ কৰি থকা লোকৰ সংখ্যাই সৰহ৷ আন নালাগে ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত এনে মতানৈক্য বেছি৷
দেখা যায়, বহুজনে নামনি অঞ্চলৰ উপভাষাটোক "ধেকেৰী ভাষা" বুলি কয় আৰু তেওঁলোকৰ মতে এই "ধেকেৰী ভাষা" কোৱা মানুহবোৰ "ধেকেৰী"৷ কথাটো কিমানদূৰ যুক্তিসংগত কোনোৱে এবাৰলৈও ভাবিছেনে? ভাষাৰ ছাত্ৰী হিচাপে যিমান দূৰ জানোঁ পৃথিৱীৰ ক'তোৱেই "ধেকেৰী" নামৰ কোনো ভাষা নাই৷ আৰু যদি "ধেকেৰী" বুলি ক'বই লাগে তেন্তে আটাইবোৰ "ধেকেৰী"৷ কাৰণ, পদ্ম আছে পাণিত যাৰ তেওঁ পদ্মপাণি হোৱাৰ দৰেই 'ধেক' আছে যাৰ সিয়েই "ধেকেৰী"৷ 'ধেক' মানে হ'ল কথা কোৱাৰ সুৰ, লয়(tone)৷ আৰু যদি সেয়াই হয় তেন্তে এই নিয়ম কেৱল অসমীয়া ভাষাৰ উপভাষা এটাৰ ক্ষেত্ৰতে কিয়, পৃথিৱীৰ আটাইবোৰ ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব৷ চীনদেশ বা জাপানৰ ভাষা প্ৰধানত: সুৰ-প্ৰধান(tone based)৷ এটা শব্দ উচ্চ সুৰত ক'লে এটা অৰ্থ, আকৌ সেই একেটা শব্দই নিম্ন সুৰত ক'লে আন এটা অৰ্থ৷ এই নিয়ম প্ৰয়োগ কৰি এতিয়া এবাৰ ভাবি চোৱা প্ৰয়োজন প্ৰকৃততে নামনিৰ উপভাষাটো "ধেকেৰী" নেকি? মোৰ বান্ধৱী এজনীক কৈছিলোঁ মাত্ৰ এটা যুক্তিযুক্ত যুক্তি দিয়া যাৰ বাবে নামনিৰ উপভাষাটোক "ধেকেৰী" বুলি কোৱা হয়৷ মনেমনে থকাৰ বাহিৰে তেওঁৰ আৰু একো উপায় নাছিল৷
উজনিৰ বন্ধুসবে নামনিৰ বন্ধুসবৰ উপভাষাটো বা নামনিৰ বন্ধুসবে উজনিৰ বন্ধুসবৰ উপভাষাটো ঠাট্টা কৰিলেও, হাঁহিলেও তেওঁলোকে প্ৰত্যকে নিজে কোৱা উপভাষাটো জানো শুদ্ধ (চালনিয়ে বেজীটোক হাঁহে, তোৰ গাত ফুটা আছে)? আৰু যদি শুদ্ধই হয় তেন্তে সেয়া মান্য ভাষা হৈ নাযাবনে? এই যে মান্য ভাষাটোতকৈ সামান্য তাৰতম্য আছে তাতেইতো উপভাষা এটাৰ সৌন্দৰ্য্য নিহিত হৈ থাকে৷
উদাহৰণ:
মান্যভাষা: ক'ৰ পৰা আহিলা?
উজনিৰ উপভাষা: ক' পা আহিলা?
নামনিৰ উপভাষা: ক'ৰ পাই আইহলা?
চাওঁকচোন ইমান সুন্দৰ! আনকি শব্দৰ ক্ষেত্ৰৰ পৰা চাব গ'লেও, উজনি আৰু নামনি অঞ্চলত প্ৰয়োগ হোৱা বিবিধ শব্দৰ সমাহাৰে আমাৰ অসমীয়া ভাষাটোৰ শব্দ-ভাণ্ডাৰ চহকী কৰিছে৷ গতিকে নিজৰ উপভাষাবোৰৰ মাজতে মতানৈক্য ৰাখি অবান্তৰ মত কিছুমান পোষণ কৰি থকাতকৈ প্ৰত্যেকে প্ৰত্যেকৰ উপভাষাক সন্মান সহকাৰে চোৱাটোৱেই বাঞ্ছনীয়৷ তুলুঙা শব্দ কিছুমানৰ ব্যৱহাৰেৰে নিজৰ ভাষাটো অথবা তাৰ উপভাষাবোৰক অসন্মান কৰাটো এজন অসমীয়াৰ বাবে সঁচাকৈয়ে অতি লজ্জ্বাজনক আৰু দুখজনক!

---------------------------------------------------------------------
Pallav Pran Goswami প্রত্যেক উপভাষাৰে সুকীয়া সৌন্দৰ্য আছে। ওপৰৰ আলোচনাত, বোধহয়, মৰিগঞা উপভাষা (বা নগাঁৱৰ পশ্চিম অঞ্চলৰ উপভাষা)কো সামৰি ল'ব পাৰি। সকলো উপনৈয়ে মহাবাহু (অসমীয়া ভাষা)কে সমৃদ্ধ কৰিছে। আলোচনাটিৰ বাবে ধন্যবাদ।


Leenazna Sarma গোস্ৱামী ডাঙৰীয়াই ঠিকেই কৈছে, ম‍ই নিজে নগাঁৱৰ পশ্চিমাঞ্চলৰ মানুহ, ইয়াত আৰু এটা ৰূপ চলে | খালোঁ, কৰিলোঁ আদি ইয়াত খালং, কৰিলং আদি বুলি কয়, খ-ৰ উচ্চাৰণ স- বুলি আৰু ৰ-ৰ উচ্চাৰণো খুব কমেই আৰু কষ্টেৰে কৰে | খুব সম্ভৱ এই উচ্চাৰণ পদ্ধতি আহিছে এই ঠাই খণ্ডৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠিৰ ভাষাৰ প্ৰভাৱত | বিজ্ঞজনে সবিশেষ জানব পাৰিব | ভাষাবিদ গোলোক চন্দ্ৰ গোস্ৱামী ডাঙৰীয়াও মূলতে এই অঞ্চলৰে ব্যক্তি |


Manoranjan Majumder প্ৰথমে মোৰ নিজৰে সমস্যা এটা হৈছিল | আমাৰ মাঁ- দেউতা হঁতে ঘৰত নলবৰীয়া ভাষা ব্যৱহাৰ কৰে ...আনহাতে মোৰ জন্ম উজনি অসমত ...গতিকে মোৰ প্ৰথমে দুয়োটা ভাষা সংমিশ্ৰণ হৈ কিবা বেলেগ এটা হে ওলাইছিল ...কিন্তু তাৰ ফলত মোৰ এটা লাভ হ’ল যে দুয়োটা ভাষাৰ (উপ-ভাষাৰ) পাৰ্থক্য খিনি বুজি পালো |মই ক’ৰবাত পঢ়িবলৈ পাইছিলো যে উপভাষাৰ ক্ষেত্ৰত নামনিৰ খিনি উজনি অসমত কৈ বেছি পুৰুষবাচক | আনহাতে দক্ষিণ ভাৰতৰ ভাষা খিনি পূৰ্বোত্তৰ বা উত্তৰ ভাৰততকৈ বেছি পুৰুষবাচক | আছলতে উচ্চাৰণৰ ফালৰ পৰা এই বিভক্ত টো কৰা হৈছে |


Manjit Nath আজিহে মই ধেক শব্দটোৰ অৰ্থ জানিলোঁ, ধন্যবাদ

HrishiRaj Sharma এইটো কথাত মোৰ অলপ খোকোজা আছে| খেনোৱে কথাটো অলপ বেলেগকৈ কয়| ঢেকেৰী শব্দটো লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি| আচলতে স্বাধীনতাৰ আগতে অবিভক্ত অসমৰ লগত বাংলাদেশৰ এটা অংশও সাঙোৰ খাই আছিল| তেতিয়াৰ পৰাই বাংলাদেশৰ পৰা লোক সকল অসমলৈ প্ৰব্ৰজন কৰি আছিল| গুৱাহাটীত এসময়ত "ঢাকায়া পট্টী" বুলি এখন ঠাই আছিল| সাধাৰণতে বাংলাদেশী সকলে নামনি অসমত বেছিকৈ বেপাৰ বণিজ আৰু কৰ্ম কৰি পেট প্ৰৱৰ্তাইছিল| আৰু ঢাকাৰ সেই মানুহবোৰৰ ভাষাৰ লগত নামনি অসমৰ কথিত ভাষাৰ বহুখিনি মিল আছিল..গতিকে ঢাকাৰ পৰা ঢাকায়া আৰু তাৰ অপভ্ৰংশ হিচাপে "ঢেকেৰী" শব্দটোৰ উত্‍পত্তি হয়| এয়া সম্পূৰ্ণ ভৌগলিক আৰু তাৰ বাবে সমাজৰ কোনো লোক জগৰীয়া নহয়| কিন্তু কিছুমান মানুহে এইটোকেই বেলেগ ৰূপত উপস্থাপন কৰিলে| এইখিনি ম‍ই শুনা কথাহে, মোৰ ওচৰত কোনো লিখিত তথ্য নাই| পিছেআপুনি যিমান চিঞঁৰ বাখৰ কৰিলেও লাভ নাই| বহুতে হয়তো নিজৰ প্ৰজ্ঞাৰ খাতিৰত এই বিষয়ে বহুত উচ্চ খাপৰ লেকচাৰ দিব, কিন্তু সময়ত সকলোৱে নিজৰ নিজৰ aukat দেখুৱাব‍ই| এক অসমীয়া হৈথাকিব নোৱাৰাৰ কাৰণেই আমাৰআজি এই গতি| কোনদিনা অসম এক হ’ব এই কথা ভগৱানেহে জানে..!!

Pankaj Barah মিতালী বঢ়িয়া বঢ়িয়া ৷ ( উজনিৰ উপভাষা: ক' পা আহিলা? হাঃ হাঃ , ঠিক কৈছা)৷ বৰ ভাল কথা জানিলো দেই, ধেক্ শব্দৰ অৰ্থ ৷

Sunday, 6 March 2011

যদি মই হেৰাই যাওঁ

চন্দৰ্মা কলিতা
------------------

যদি মই হেৰাই যাওঁ,
বিচাৰি নুফুৰিবানে মোক?
ডুবি যোৱা বেলিটিয়ে এৰি যোৱা পোহৰকণত অথবা
নিঁয়ৰে সেমেকাই তোলা পুঁৱতিনিশাবোৰত?

যদি মই হেৰাই যাওঁ,
ব্যাকুল হৈ ৰৈ নাথাকিবানে,
সৰাপাতবোৰ গছকি মই উভতি আহিম বুলি?

গলিপৰা জোনাকখিনিক জানো চুব পাৰিবা,
কাষে কাষে মই নাথাকিলে?
কবিতাবোৰ লিখি থাকিবানে,
কোনোবাখিনিত মই হেৰাই গ’লে?

তুমি আছা বাবেই হেৰাই যাব নোৱাৰিলো।
তোমাক শেষ কৰি যোৱাৰ অপবাদ
মই কিদৰে সহো?

শিৱৰ ১৪৩ টা নাম

অতিদেৱ
অদ্ৰিনাথ
অদ্ৰীশ
অনংগাৰি
অম্বিকানাথ
আশুতোষ
ইন্দু মৌলী
ইন্দুভূষণ
ইন্দুশেষৰ
ঈশান
উমানাথ
উমানন্দ
উমাপতি
উমেশ
উৰগভূষণ
একনাথ
কাশীনাথ
কাশীপতি
কাশীশ
কাশীশ্বৰ
কেদাৰনাথ
কৈলাসনাথ
কৈলাসপতি
কৃতজ্বৰ
কৃত্তিৱাস
কন্দুকেশ্বৰ
খণ্ডপৰশু
গংগাধৰ
গিৰিজাকান্ত
গিৰিশ
গিৰীশ
গৌৰীনাথ
গৌৰীশ্বৰ
গুৰাকেশ
গুড়াকেশ
চেকিতান
চন্দ্ৰিল
চন্দ্ৰচূড়
চন্দ্ৰমৌলী
চন্দ্ৰশেখৰ
জটাধাৰী
জটাধৰ্
জটীয়া
জ্বালী
জল্পেশ্বৰ
যোগীন্দ্ৰ
যোগেশ
যোগেশ্বৰ
ডম্বৰুধৰ
তাৰকেশ্বৰ
তাৰকনাথ
ত্ৰিনাথ
ত্ৰিনেত্ৰ
ত্ৰিনয়ন
ত্ৰিপুৰঘ্ন
ত্ৰিলোচন
ত্ৰিশূলী
ত্ৰিশূলধাৰী
ত্ৰ্যম্বক
দিগম্বৰ
দেৱাদিদেৱ
দেৱেশ
দুৰ্গাধীশ
দুৰ্গাপতি
দুৰ্গেশ
দুৰ্গেশ্বৰ
ধূৰ্জ্জটি
ধূৰ্জটি
ধূৰ্জতি
নকুল
নীলকন্ঠ
নীলগ্ৰীৱ
নটেশ্বৰ
নটৰাজ
নটশেখৰ
নন্দ্যেশ্বৰ
পিনাকী
পিনাকপাণি
পঞ্চানন
পুৰঞ্জয়
পুৰভিদ
প্ৰমথেশ
পুৰমথন
প্ৰমথনাথ
পুৰুহৰ
পশুপতি
ফণীধৰ
ফণীভূষণ
বাণেশ্বৰ
বিভূতিভূষণ
বিৰূপাক্ষ
বিল্বেশ্বৰ
বিশ্বেশ্বৰ
বিশ্বনাথ
বীৰেশ্বৰ
বৈদ্যনাথ
ব্যোমকেশ
বলিয়া-গোসাঁই
বৃষধ্বজ
বৃষভবাহন
বহিৰেতা
বহ্নিৰেতাঃ
ভৃংগেশ্বৰ
ভগনেত্ৰ
ভৈৰৱ
ভোলানাথ
ভূতনাথ
ভূতভাৱন
ভূদেৱ
ভৱানীকান্ত
ভৱানীপতি
ভৱেশ
ভুৱনেশ্বৰ
মৃগাংকশেখৰ
মৃগাঙ্কমৌলি
মৃগাঙ্কশেখৰ
মাৰজিৎ
মৃত্যুঞ্জয়
মহাদেৱ
মহানট
মহেশ
মহেশ্বৰ
ৰামেশ্বৰ
ৰুদ্ৰ
শংকৰ
শিৱ
শেখৰ
শম্ভুনাথ
শ্ৰীকন্ঠ
শৰ্ব
শূলী
শূলপাণি
শশীভূষণ
সিদ্ধদেৱ
সোমেশ্বৰ
সোমনাথ
সতীন্দ্ৰ
সতীপতি
সতীশ
সদাশিৱ
স্মৰজিৎ
হিংগুলেশ্বৰ
হৰ