আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

কবিতা




“শব্দম”
-
(@উচ্চজিৎ কলিতা)



বহুদিন বিৰতিৰ পিছত
জুই একুৰা জ্বলিব ধৰিছে
গুমগুমাই থকা আঙঠাৰ পৰা
সিহঁতৰ বুকুৰ ভিতৰত;
কোনো আন্দোলনৰ ভুৱা শ্লোগান নহয়
নহয় কোনো শোষকৰ চতুৰালি,
বালিমাহীৰ দুখেৰে নোওৱা
জোনাকৰ গধূলিবোৰত আৰু
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
উদাত্ত কণ্ঠে নিগৰি বৈছে
সিহঁতৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
দূৰৈত গুৰুম্ গুৰুম্ হিলৈৰ নিনাদ ভেদি
নদীয়ে-বতাহে, পথাৰে-পাহাৰে
আকাশ কঁপাই বিয়পি পৰিছে
শব্দৰ সৈতে একাত্ম হৈ পৰা
এমুঠি স্বপ্নাবেশীৰ হৃদয়-ধ্বনি ।

কমলা-বিমলা-ৰমলাকুঁৱৰী
তহঁতৰ বাবে আজি
দুঃসময়ৰ বুকু ফালি ওলাই আহিছে
বহুকেইজন বাৰীকোঁৱৰ,
সপোনৰ দেশৰ পৰা লৈ আহিছে এমুঠি শব্দ,
তহঁতক শিকাই দিব প্রতিবাদৰ ভাষা ।
অসমীয়া আজি জাতি মৃত, কোনে কয় !
দেখুৱাই দিবি শকতি অসমীয়াৰ
কাৰণ, তহঁত যে বিপ্লৱী-তহঁত যে তাণ্ডৱী।
এই জুই জ্বলিছে
শব্দিল আলি-কেঁকুৰিত,
আমি জ্বলাম এই জুই নৱ শতিকাত
শদিয়াৰ পৰা ধুবুৰীলৈ
উজনিৰ পৰা নামনিলৈ ।
হাদিৰাচকী এইবাৰ শৰাইঘাট হ’ব,
সকলোতে উৰিব অসমীয়াৰ বিজয় পতাকা;
জাগি উঠ অসমীয়া ডেকা
জাগি উঠ অসমীয়া গাভৰু
তহঁত আজি নৱযুগৰ যুঁজাৰু,
ৰৈ নাযাবি-হাৰি নাযাবি
তহঁত যে আজীৱন বিপ্লৱী;
লক্ষ্যত যদিহে থাক অবিচল
আকৌ আমি সমস্বৰে গাম
“আমি অসমীয়া, নহওঁ দুখীয়া............”

ৰঙা তেজেৰে, বন্দুকৰ নলীৰে
অসমী আইৰ বুকু বিদাৰি লিখা বুৰঞ্জী সলাই
আহ, লিখোঁ আমি নতুন যুগত
নতুন মৰমৰ নতুন প্রেমৰ শব্দময় ইতিহাস ।
পাণবজাৰৰ অশ্লীল বতাহজাক ঠেলি পঠিয়াই
সাগৰিকাৰ বাবে বোৱাই আনিব লাগিব
এজাক নতুন বতাহ,
জীপাল পথাৰত ফুটাই তুলিব লাগিব
মোৰ দেশৰ মাটিৰ গান ।

শুনিছ, শুনিবি, শুনিবই লাগিব তহঁতে,
নৱ শতিকাৰ গৰ্ভত আমি ধাৰণ কৰাম
শব্দেৰে গঢ়া মানৱ্তাৰ অমোঘ বীৰ্য্য,
পুনৰ জী উঠিব অসমীয়াৰ জীয়া ইতিহাস,
হিংসা গলি গলি 
জিলিকি উঠিব ভাৰতৰ পূব আকাশত
এক আলো্কময় নৱ প্রভাত ।


----------------------------------------------------------------------------------------

হৃষীৰাজ শৰ্মা


"মা"লৈ এখন চিঠি:

মা তোমালৈ এখন চিঠি লিখিম বুলি ভাবিছিলোঁ
সেই যে তাহানিতে বুকুৰ বাবাৰ শিৰত হাত ফুৰাই বিদায় দিছিলা
নোটোকো বুলিয়েইটো চকুপানীবোৰ সযতনে সাঁচি থ’লা
কিমান বিশাল তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালী
য’ত তুমি সাঁচি ৰাখিছা সময়বোৰ
সেই সময়বোৰকেই একলগ কৰি লিখাৰ কথা আছিল এদিন
তোমাৰ বিশালতাক কেতিয়া চিনি পাম ম‍ই?
মা ম‍ই দেখিছোঁ বন্ধুত্বৰ সোৱাদ, মৰমৰ প্ৰকাশ
ম‍ই দেখিছোঁ নদী পাৰ হৈ অহা প্ৰতিজন লোকৰে গুপুত অহংকাৰ
আৰু দেখিছোঁ আত্মপ্ৰতিষ্ঠাৰ দৌৰত নিজকে হেৰুৱাব খোজা প্ৰতিজনৰে নীৰৱ শোক
এই দেখি থকা বোৰকে তোমাকো দেখুৱাবলৈ খুজিছিলোঁ
পিছে কোনোবাই এদিন ক’লে,
চিঠিয়ে হেনো হৃদয়ৰ বতৰা কঢ়িওৱা বন্ধ কৰিছে আজিকালি
মা, তুমিতো তোমাৰ বাবাৰ অন্তৰৰ কথাবোৰ বুজি পাবা অন্তত
ম‍ই এতিয়াও তাহানিৰ বাবা হৈয়েই আছোঁ তোমাৰ বাবে
মা সময়বোৰ বদলিল,
হয়তো তুমি সাঁচি থোৱা সময়বোৰ আজিৰ বাবে ইতিহাস
পাঁচ বছৰত কত নদীয়ে সোঁত সলালে তাৰ হিচাপ তুমিতো ৰখা নাই
পাঁচ বছৰত মৰিশালিত ফুল গজিল, দিন বাঢ়িল, ৰাতি বাঢ়িল
নোকোৱা কথাবোৰ কৈ কৈয়েই কোনে কিমান কাঢ়িলে
তাৰ খবৰ তুমিতো ৰখা নাই
কিমান ৰাখিলোঁ, কিমান দিলোঁ,
সকলোবোৰ আজি অতীত মা
তোমালৈ লিখিবলৈ দুখ লাগিছে,
দূৰণীতো অনুভৱ কৰিছোঁ জাতিৰ পতন আৰু ব্যৰ্থ ৰণহুংকাৰ|
মা, জীৱনৰ সকলো দ্বাৰ বন্ধ হোৱাৰ পিছত
ম‍ইও দৌৰিছোঁ ভোগবাদীৰ ভাৱনাত
পদে পদে বিশৃংখল হৈ পৰিছে মোৰ সত্ত্বা,
স্বপ্নবোৰ বৰ ভয়ানক মা
কেৱল জীয়াই থকাৰ তাড়নাতে চকু থাকিও কণা, কাণ থাকিও কলা আজি ম‍ই
বিপন্ন পথেৰে বহুখিনি আগবঢ়াৰ পিছত দিনবোৰৰ লগত মিলিবলৈ শিকিলোঁ
আৰু এদিন হাতত ধৰি পোহৰৰ স’তে চিনাকী কৰাই দিলে এজনে
দেখিলোঁ আজিও পুৱাৰ বেলিৰ সেই একেই সুমথিৰা ৰং
শুকুলা কুঁৱলীবোৰৰ আৰ্দ্ৰতা আৰু বতাহত ভাঁহি অহা মন্ত্ৰধ্বনি
বিশ্বাস কৰিবানে মা, সকলোবোৰ যেন আজিও সাৰে আছে
অন্তৰেৰে বৈ গৈছে সহস্ৰ সমুদ্ৰৰ ঢল
ম‍ই মুগ্ধ মা, তোমাৰ সময়বোৰ সযতেনে আছে আজিও
তুমি সাঁচি ৰখা সময়বোৰকে ন সাজত নতুনকৈ গঢ়ি পিতি সজাম বুলি ভাবিছোঁ
তুমি আশীৰ্বাদ দি যাবা মা, তোমাৰ বাবা এতিয়া ঘূৰি আহিছে
কোনো কথাই সলনি হোৱা নাই এতিয়াও, তুমি শিকোৱাৰ দৰেই
ম‍ই আজিও জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া..||



-------------------------------------------------------
সময়



সময়ক ম‍ই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ
তুমি আঁতৰি যোৱাটোৱেই শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
তুমি আহিছিলা এদিন সময়ৰ বিমানত, সংগোপনে
মোৰ আইয়ে যে গাইছিল “দেউতা ৰাজা এ, হিৰ হিৰ ন’ক’ৰবি..”
দুঃসময়ৰ বৰষুণত তেওঁ তিতি জুৰুলী জুপুৰী
নাঙলৰ মুঠিত ধৰি উচপ খায় দেউতাই
কিজানি এইবাৰো কপালৰ ৰেখা বানে উটুৱায়.!
সময়বোৰ স্বাৰ্থপৰ, তোমাৰ দৰেই
তোমাৰ চৌপাশে যেতিয়া অনিশ্চয়তাৰ কুঁৱলী
সেমেকা ৰাতিপুৱাবোৰত উম বিচাৰিয়েইতো তুমি থিতাপি ল’ব খুজিছিলা
ময়েই কাষ চপাইছিলোঁ তোমাক হাতে হাত ধৰি..
সময়বোৰ ম‍ই কিদৰে ধৰি ৰাখোঁ?
শেতেলীত পৰি আকাশৰ তৰা গণাৰ উন্মাদনা
দেউতাৰ দৈন্যতা; ঘৰৰ উৰুখা চাল
বৰষুণ পৰিলেই পাটীগনিত পাতত ৰয়, দুটোপাল পানী মোৰ বহীৰ পাতত..
হাতত এচাৰিৰ কোব, সুৰেণ চাৰে সকীয়ায়
সময়বোৰ দূৰ্বোধ্য
তুমিও; আজিলৈ নুবুজিলোঁ, কিয়
মোৰ যন্ত্ৰণাৰ দিনবোৰতেই নিউটন আহিছিল, স্ক্ৰুডিনজাৰ আহিছিল
ভোকৰ স’তে যুঁজি যুঁজি এবেলা পাৰ কৰিছিলোঁ চাইন থিতা কচ থিতাৰ স’তে
পিছত সপোনে ভোকাতুৰ কৰিছিল পানবজাৰৰ চুকত
সময়বোৰে পিছলৈ নজোকোৱা হ’ল,
কিজানি তুমি আহিবা বুলি ভয় খাইছিল
সময়বোৰ ম‍ই কাহানিও পাহৰিব নোৱাৰিলোঁ
ইঞ্জিনিয়েৰিঙৰ ৰেগিঙৰ প্ৰথম ৰাতিৰ বাইশটা চৰ
কৃষ্ণাৰ সম্মুখত তোমাৰ নেইলপলিচৰ ৰং..কফি নে ৰঙা, চেঃ মনত নাই
এয়া মোৰ নিলাজ সময়, আশাৰ সময়, ভালপোৱাৰ সময়
তুমি হিয়াত গুজি থোৱা প্ৰতিটো ফুলকেই ম‍ই কবিতা নাম দিছোঁ
তুমি চাই ৰোৱা প্ৰতিটো ঋতুকে ম‍ই বসন্ত নাম দিছোঁ
তোমাৰ ওঁঠ নিগৰা প্ৰতিটো হাঁহিকেই ম‍ই গান বুলি গাইছোঁ
সময়বোৰ ধৰি ৰাখিবলৈ পৰা হ’লে..! কিজানি তোমাকো..
সময়বোৰে দেউতাক আজি গৌৰৱৰ পোছাক পিন্ধাইছে
আইৰ শুকান ওঁঠ ভেদি শাওঁনী হাঁহি বিৰিঙিছে
সময়ে কঢ়িয়াই আনিছে আনন্দৰ তানপুৰা, সুখৰ ধ্ৰুপদী সংগীত বাজিছে ৰাতি দিন
সময়ে হাঁহিছে, সময়ে নাচিছে, সময়ে উমলিছে
সেই হাঁহি বোৰক বান্ধি ৰাখিবলৈ তুমি নাই
তুমি আজি তোমাৰ সময়্ত বন্দী
আৰু ম‍ই?
আঁতৰি যোৱাটোৱেই তোমাৰ শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
সময়ক ম‍ই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ; ঠিক তোমাৰ দৰেই..

হৃষীৰাজ শৰ্মা
নাগপুৰ
২৪/০১/২০১১

---------------------------

চাকি
-Biswajit Nath

(নিশা ২ বাজিলে.. ফেচবুক নিস্তব্ধ হৈ পৰিছে... কবিতা এফাঁকিকেই গাই দিওঁ কোনো নথকাৰ সুযোগ লৈ..)
মোৰ উৰুঙা পঁজাত আজিযে পোহৰৰ অভাব.. ঢিমিক্ ঢামাক চাকিৰ পোহৰ ফালি
আগুৱাই আহিব খুজিছে
এমোকোৰা এন্ধাৰ...!!
পৰা নাই....
জীৱনৰ শেষ ক্ষণলৈকে যুঁজিছে... চাকিটোয়ে...
নিজকে ৰিজাই চালো...
চাকিটোৰ লগত...
তাতেই বিচাৰি পালো...
মোৰ অস্তিত্বৰ সুবাস ।।
নিস্তব্ধতা ফালি গান এফাঁকি জুৰিছোঁ...
কোনোবা পলকত ৰাগিণীৰ চন্দপতন ঘটিল..
ৰূপান্তৰ হল ক্ৰন্দনলৈ...
চাকিটোলৈ চালো...
সি হাৰ মানিবলৈ উদ্যত...
আৰু এখনি যুঁজে পৰিসমাপ্তিৰ ক্ষণ গণিছে...
ভাবিছিলোঁ, মলয়া বতাহ বব...
কিন্তু... সেয়াযে ধুমুহাৰেই আগজাননী আছিল...
কোনোবা পলকত আহিল আৰু গ'ল...
সৃষ্টি কৰি থৈ গ'ল...
মুক্ত আকাশৰ তলত এক উন্মাদৰ...
চাকিটোও নুমাই থাকিল...
এতিয়া... সঙ্গী মাথো মোৰ...
'এন্ধাৰ' আৰু 'মোৰ সপোনৰ উৱলি যোৱা দলিচা' ।।

-----------------

একোকে নাখাওঁ আজি
একেবাৰে ভোক নাই,
আছে যদি আধাসেৰ
চিৰা দিবি ভাল চাই ;

দৈ মোক নালাগে,
গাখীৰৰ সৰ পালে,
খেজুৰীৰ গুড় নেকি.?
লৈ আহ এই ফালে ;

নাই যদি মালভোগ,
জাহাজী কলকে আন,
আজি মোৰ লঘোণত,
এয়ে হ’ব জলপান....
Ucchajit Kalita এইটো অতি পুৰণি "লঘোণ" কবিতাটিৰ কিছু অংশ, সম্পূৰ্ণ কবিতাটি ইংৰাজীত ক'বলৈ হ'লে "Really Hilarious"......
Bornaly Hazarika আমাৰ সকলোৰে অতি মৰমৰ কবি নবকান্ত বৰুৱা...
Ucchajit Kalita ধন্যবাদ !!......প্রিয়কবি নবকান্ত বৰুৱাৰ শিশু কবিতাবোৰ একেলগে কিতাপ আকাৰত প্রকাশ হৈছে নেকি বাৰু ??
মুকুল পাঠক Mukul Pathak উচ্ছজিত্‍ , নৱকান্ত বৰুৱাৰ শিশু কবিতা কিতাপ আকাৰত পোৱা যায়, দুলাল বৰা নামৰ নগঞা প্ৰকাশক এজনে এখন কিতাপ উলিওৱাৰ কথা জানো | বৰ্তমান সেইখন মোৰ ওচৰত নাই | লাগে যদি ম‍ই দুলাল বৰাৰ ফোন নম্বৰটো অপোনাক দিব পাৰো |
Bornaly Hazarika ’লঘোণ’ ৰ বাকী অংশটো: আজি যদি অহা নাই ,ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা ,দুটামান আলু আন, পাপৰ আছিল বোলে ? আঙঠাত সেকচোন..আচাৰো ওলাব পাৰে,বিচাৰিলেচুক-কোণ.. ৰৌ মাছ ভজা আছে ? তাৰো দুচকল দে, এয়ে হ’ব লঘোণত আৰু একো নালাগে...