আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Tuesday 15 February 2011

"পটন্তৰ", "জতুৱা ঠাঁচ", "যোজনা", "ফকৰা-যোজনা", "প্ৰবচন", আৰু "খণ্ডবাক্য"-ৰ সংক্ষিপ্ত সংজ্ঞা




বিৰাজ কুমাৰ কাকতি


---------------------------

(বি:দ্ৰ: এই লিখনিটো ২০০৮ ইং চনৰ ৩০ জানুৱাৰীত শব্দ সংঘৰ গুগ'ল গোটত আলোচনাৰ বাবে দিয়া হৈছিলে। )


পটন্তৰ: কোনো এক হিতোপদেশ দিয়া এফাঁকি বা দুফাঁকি কথা । সাধাৰণতে উপদেশটোৰ অৰ্থ বুজাবলৈ এটা তুলনা থাকে । এইখিনি কথা শব্দটোৰ মাজতে সোমাই আছে - (পট+অন্তৰ=পটন্তৰ) । যেন - "শুই থকা শিয়ালে... হাঁহ ধৰিব নোৱাৰে" । ইয়াৰ অৰ্থ এনেদৰে ভাঙনি কৰিব পাৰি : শুই থকা শিয়াল - এলেহুৱা মানুহ; হাঁহ ধৰিব নোৱাৰে - কোনো কাম কৰিব নোৱাৰে । অৰ্থবিন্যাস কৰি দেখা যায় যে - দৃষ্টান্ত, উপমা, যোজনা আদি ইয়াৰে অনুৰূপ শব্দ ।

জতুৱা ঠাঁচ (MAXIM/AXIOM): জতুৱা ঠাঁচ আৰু ফকৰা যোজনাবোৰৰ উদ্দেশ্য একেই । মাত্ৰ জতুৱা ঠাঁচবোৰৰ অৰ্থটো ওপৰে-ওপৰে চালে ধৰিব পৰা নেযায়; অৰ্থটো অন্তৰ্নিহিত হৈ থাকে । সেয়েহে প্ৰায়বোৰ কিতাপতে জতুৱা ঠাঁচ আৰু ফকৰা যোজনা বুলি উল্লেখ থকা দেখা যায় ।

যোজনা (EXAMPLE): উদাহৰণ, দৃষ্টান্ত, উপমা ।

ফকৰা-যোজনা (IDIOM): ফকৰা-যোজনাবোৰো পটন্তৰৰ দৰে একে অৰ্থত ব্যৱহাৰ হয় । ফকৰা শব্দটো ফিকৰা অৰ্থাৎ এফাঁকি শব্দটোৰ পৰা আহিছে; যোজনা মানে হৈছে উপমা, উদাহৰণ, দৃষ্টান্ত ।

প্ৰবচন (PROVERB): প্ৰ+বচন; অৰ্থাৎ বহুদিনৰ পৰা চলি অহা কোনো চুটি কিন্তু মনত ৰাখিবলগীয়া হিতোপদেশ । বহুতে বিশ্বাস কৰা গূঢ় অৰ্থ থকা কিছুমান হিতোপদেশাত্মক পংক্তি ।

খণ্ডবাক্য (PHRASE/CLAUSE): খণ্ড+বাক্য; বিশেষ ভাৱ বুজোৱা দুটা/তিনিটা শব্দৰ সমষ্টি । খণ্ডবাক্যবোৰ বাক্যত ব্যৱহাৰ হলেহে অৰ্থ বুজাব পাৰে । যেনেঃ স্বৰূপকৈ ক'ব লাগিলে আজি-কালি সকলো মানুহেই স্বাৰ্থান্বেষী হৈ গ'ল । ইয়াতে স্বৰূপকৈ ক'ব লাগিলে হৈছে এটা খণ্ডবাক্য ।

বি:দ্ৰ: এই লিখনিটো ২০০৮ ইং চনৰ ৩০ জানুৱাৰীত শব্দ সংঘৰ গুগ'ল গোটত আলোচনাৰ বাবে দিয়া হৈছিলে।


No comments:

Post a Comment