আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Wednesday 2 February 2011

অন্ত:জালত অসমীয়া কেনেকৈ দেখিব আৰু লিখিব পাৰি

 মনজিৎ নাথ
--
<মই এই পোষ্টটো ২০১০ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে মোৰ ব্যক্তিগত ব্ল'গত লিখিছিলোঁ>


এটি পদক্ষেপ

বেচ্ কিছুদিনৰ পৰা ভাৱি আছিলোঁ অসমীয়াতে অন্তঃজাল (Internet) ত কিবা এটা লিখিম বুলি- মোৰ মৃত্যুৰ ক্ষণ গণি থকা "‌‍সাহিত্যিক মনজিৎ নাথ" জনক জীয়াই তুলিবলৈ এটি প্ৰয়াস কৰিম, লগতে BlogSpot.com ৰ তুলনাত কেঁচুৱা মোৰ কৰ্মস্থলীৰ Live Space ক অলপ মোৰ মাতৃভাষাৰ সোৱাদ দিম ( মোৰ দেশ আৰু কৰ্মভক্তিৰ নমুনা )। শেহতীয়াকৈ ৱাহিদ দাই FASS ত আৰম্ভ কৰা আলোচনাটোৱে মোক বহুত জোশ্, এটা নতুন কাৰণ আৰু এটি বিষয়ও দিলে |


অন্তঃজালত অসমীয়া কেনেকৈ লিখিব লাগে-- কথাটো ভৱাৰ লগে লগে এশটা প্ৰশ্নই জুমুৰি দি ধৰে, আৰু আমি অসমীয়াবোৰ তো বিখ্যাত - "হ'ব দে, পিছত লাহে লাহে শিকিম" , "অসমীয়া শিকি পেলাই কি ডাল হ'ব" ইত্যাদি ঋনাত্মক চিন্তাধাৰাত | কিন্তু তাৰ মাজত ৱাহিদ দাই আৰম্ভ কৰা আলোচনাটো বেচ্ আশাবাদী | ORKUT ৰ Community বিলাকৰ দৰে ইয়াত ৰাইজে কেৱল লেকচাৰ নিদিয়ে, আটাইবোৰ জ্ঞানী মানুহ আৰু বেচ্ passionate | মোৰ "অসমীয়া মাধ্যমত পঢ়া বাবে অসমীয়া জানো" ধাৰণাটোৱে দুটামান ক্ষেত্ৰত মুখ থেকেচা খালে- সেয়ে ভাৱিলোঁ, কেৱল কি কি কৰিব লাগে কৈ থকাতকৈ কিৱা লিখা উচিত | "উপদেশতকৈ আৰ্হি ভাল" |

আটাইতকৈ জৰুৰী প্রশ্ন দুটাঃ

প্ৰথম প্ৰশ্ন : মোৰ সংগণক যন্ত্ৰ (PC) টোত অসমীয়া আখৰ দেখাই নেযায় / দুটামান আখৰ কেৱল দেখা যায়, আটাইবোৰ নেদেখিচোন / অন্তঃজাল থকা জৰুৰী নেকি / ই-পত্ৰ (E-mail) ত অহা অসমীয়া আখৰ চাবলৈ কিবা বেলেগ ব্যৱস্থা নেকি / Operating system কি হ'ব লাগে / মোৰ laptop টো DELL ৰ, COMPAQ ৰ নহয় বাবে নেদেখি ইত্যাদি ??

উত্তৰ : বহুত প্ৰশ্নৰ এটাই সমিধান- আপোনাৰ PC টোত অসমীয়া আখৰ দেখুৱাব পৰা Font ৰ অনুপস্থিতি, লগতে কিছু গঠনৰ সাল -সলনি | অন্তঃজাল থকা জৰুৰী নহয়, Operating System নতুন (Win Vista ৰ পিছৰ পৰা, বাকীবোৰ{mac, Linux}ৰ বিষয়ে মোৰ জ্ঞানৰ অভাৱ) থাকিলে আপুনি নিশ্চয়কৈ দেখা পাব লাগে | অনুগ্ৰহ কৰি তলৰ যিকোনো অন্তৰ্জালস্থানলৈ যাওক আৰু অলপ নতুন জ্ঞান লাভ কৰক-
ক. http://ildc.in/Assamese/aindex.aspx
খ. http://www.xobdo.org/dic/help/unicode.php
গ. http://en.wikipedia.org/wiki/Wikipedia:Enabling_complex_text_support_for_Indic_scripts
ঘ. http://salrc.uchicago.edu/resources/fonts/installing.shtml

বিশেষ দ্ৰষ্টব্য: মই যদি সকলোবোৰ ইয়াতে লিখি দিওঁ, মই আপোনালোকৰ জ্ঞানৰ পৰিসৰ সীমিত কৰিম | মোৰ উদাৰতাৰ আন এটি দৃষ্টান্ত |


দ্বিতীয় প্ৰশ্ন : এতিয়া মোৰ সংগণক যন্ত্ৰ (PC) টোত, ই-পত্রত মই অসমীয়া আখৰ দেখা পাও, কিন্তু মই নিজে কেনেকৈ লিখিম ?
উত্তৰ : অসমীয়া আখৰ লিখিবৰ কাৰণে বহুত ব্যৱস্থা আছে | মই অসমত দেখিছোঁ ৰামধেনু আৰু LEAP Office বহুতকে ব্যৱহাৰ হয় | কিন্তু মই যিমান দূৰ জানো তেওলোকে Unicode Font ব্যৱহাৰ নকৰে, ফলস্বৰূপে সেই লিখাবোৰ অন্তঃজালত থ'লেও সন্ধানী যন্ৰই দেখুৱাব নোৱাৰিব | এই ক্ষেত্ৰত মই সদায় সহায় লওঁ - Avro KeyBoard ৰ | ইচ্চুক ব্যক্তিয়ে এভ্ৰো বিনামূল্যে DownLoad কৰি ল'ব পাৰে ইয়াৰ পৰা:
http://download.cnet.com/Avro-Keyboard/3000-6675_4-10517967.html?part=dl-6281330&subj=dl&tag=button

এভ্ৰোৰ উপৰিও TDIL ৰ সুৱিধাসমূহ (http://ildc.in/Assamese/adownload2k.htm) , Baraha Unicode ইত্যাদিৰ জৰিয়তে অসমীয়া আখৰ লিখিব পাৰি | Notepad, Word Document, Wordpad যিকোনো স্থানত লিখিব পাৰি-- সংৰক্ষণ(Save) কৰাৰ সময়ত Encoding = Unicode বুলি সংৰক্ষণ কৰাটো কাম্য |


জানিবলগীয়া:
১) ওপৰৰ গঠনখিনি সম্পন্ন কৰাৰ পিছত আটাইবোৰ ব্ৰাউজাৰে স্বয়ংক্ৰিয়ভাৱে অসমীয়া আখৰ দেখুৱাব লাগে | তথাপি যদি কিবা অসুৱিধা লাগিছে, এয়া পঢ়ক- http://salrc.uchicago.edu/resources/fonts/configuring.shtml

২) অন্তঃজালৰ যিকোনো ঠাইতে অসমীয়াৰে লিখিব পাৰি - ORKUT Community ৰ Message বোৰ, FACEBOOK ৰ "What are you doing" , BlogSpot.com ৰ ব্ল'গবোৰ, GTALK ত Chat কৰিবলৈ, Twitter r ত, কাৰোবাৰ লিখনিৰ Comment--- আপুনি যি ইচ্ছা তাকেই লিখিব পাৰে, কোনো সীমাবদ্ধতা নাই; কেৱল লিখিবলৈ মনটো লাগে---"মন কৰিলেই চন হয়" |




এতিয়া, অন্তঃজালৰ সমল বৃদ্ধি কৰিবলৈ মোৰ কেইটিমান ভাৱনা:--

১) অসমীয়া বাতৰি কাকত আৰু ই-আলোচনী বোৰ আটাইতকৈ সহজে লগতে আটাইতকৈ বেছি বৰঙনি যোগাব পাৰে | তেওঁলোকে দৈনিক ইমান অসমীয়া টাইপ কৰে,তাকো শুদ্ধ বানান আৰু ব্যাকৰণেৰে যাক কোনেও প্ৰশ্ন কৰিব নোৱাৰে-- কিন্তু কেৱল অলপ আৰাম বিচৰা এলেহুৱা মনোভাৱ, জ্ঞানৰ অভাৱ আৰু সন্ধানী যন্ৰৰ বিষয়ে অজ্ঞানতাই আমাৰ ভাষাটোৰ কিমান ডাঙৰ ক্ষতি কৰি আছে-- তেওঁলোকক যদি কোনোবাই বুজালেহেঁতেন !

২) মই বা আপোনাতকৈ তেওঁলোক, যিসকলে বিভিন্ন কোম্পানীৰ Language Localization প্ৰকল্পত কাম কৰিছে, তেওঁলোকক এটা ছাতিৰ তলত আনি আমি জ্ঞান লোৱা উচিত/ ভৱিষ্যতৰ কাৰ্য্যসূচী বনোৱা উচিত | এই ব্ল'গটো লিখি থাকোঁতেই মই গম পাইছোঁ, তেওঁলোকে কিমান ডাঙৰ কাম কৰি আছে- অসমবাসীৰ বাবে !

৩) ইতিমধ্যে বহুত অসমীয়া সমল অন্তঃজালত আছে, যিবোৰ Unicode ত লিখা নাই | মই এটা উল্লেখ কৰিমেই- 'গ্ৰন্থ বান্ধৱ'ৰ অসমীয়া কিতাপৰ তালিকা (ruchiraarts.in) | আমি কিবা পদ্ধতিৰ সন্ধান কৰিব লাগিব, যাতে এই সুন্দৰ কষ্টবোৰ আমি Unicode লৈ পৰিবৰ্তন কৰি সন্ধানী যন্ৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ |

৪) 'অসম সাহিত্য সভা' আৰু অসমৰ বেলেগ ভাষা বিষয়ক কমিটিসমূহ , অসমৰ আঞ্চলিক Web-Development/ IT Company বোৰৰ মাজত অন্তঃজালত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা জগাই তোলা টো খুৱেই জৰুৰী | আমি এক ধৰণৰ Campaign এটা আৰম্ভ কৰা উচিত |

এটি আশা----
এয়া এক বলিষ্ঠ পদক্ষেপ হওঁক সংগণক যন্ত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু অন্তঃজালত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰিবলৈ, যাতে অসমবাসীৰ প্ৰযুক্তিবিদ্যাৰ উত্তৰণত ইংৰাজী ভাষাৰ জ্ঞানাভাৱ এটি প্ৰতিবন্ধকতা হব নোৱাৰে, লগতে অসমীয়া ভাষা পৃথিৱীৰ উৎকৃষ্টতম ভাষা হিচাপে পৰিগণিত হয় |

----------------------------------------------------------------------------------

ওপোৰক্ত ব্ল'গটোৰ ওপৰত মই দুটা মন্তব্যও পাইছিলোঁ:

ক> মনজিত, তোমাৰ লিখা পঢ়ি বৰ ভাল পালো | ঘনাই পঢ়িম আৰু মাজে মাজে লিখিম |
---- সত্যজিৎ নাথ

খ> বহু তথ্যযুক্ত হৈছে৷ মৃত্যুৰ ক্ষণ গণি থকা "‌‍সাহিত্যিক মনজিৎ নাথ" জন আকৌ সজীৱ হৈ উঠক - এই আশাৰে....
---- বিক্ৰম ম. বৰুৱা
গ> বৰ সুন্দৰ হৈছে মনজিত। লিখি থাকিবা। আৰু কাৰিকৰী বিষয়বোৰ সাধাৰণ ৰাইজৰ বাবে সহজ ভাষাত বুজাই দিয়াটো বৰ প্রয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ। ----পংকজ বৰা

1 comment:

  1. অসমীয়া ভাষাৰ ওপৰত লিখা আপোনাৰ এই কথাখিনি বৰ প্রয়োজনীয় আৰু সময়োপযোগী

    ReplyDelete