আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Monday 7 February 2011

‘জ্যোতিপ্রসাদ কোন আছিল’ আৰু প্রাসংগিক চিন্তাঃ


{প্রসংগঃ Gitartha Bordoloi দেৱৰ লেখা,১৭ জানু,ইং ২০১১ :
প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিল?
এগৰাকী যুৱতীৰ উত্তৰ : নামটো শুনিছো | ভালদৰে ক’ব নোৱাৰিম | মই English mediumত আছিলো | আমাৰ Courseত এইবোৰ নাছিল !
(আজি শিল্পী দিৱসৰ দিনা টেলিভিছনৰ পৰ্দাত দেখা পোৱা এটা দৃশ্য)
}---------------------------------------------------------------------------------...------------------------
মেধী ডাঙৰীয়াই এটা সাধাৰণ যেন লগা প্রশ্নৰে পৰিকল্পিতভাৱেই জ্যোতিপ্রসাদৰ প্রাসংগিকতা এই মঞ্চত উত্থাপিত কৰাৰ বাবে তেওঁলৈ ধন্যবাদ যাঁচিছো |
     আজিৰ তাৰিখত,মইযে জ্যোতিপ্রসাদৰ নামত কিবা এটা চিন্তা কৰিছো (আৰু অন্তঃত দহজনৰ আগত প্রকাশ কৰিছো) সেইটোৱেই এটা ‘আপুৰুগীয়া’ কথা হৈ পৰিছে; যিসময়ত মোৰ বয়সৰ হাজাৰজন অসমীয়া ডেকা-ডেকেৰীয়ে নিজৰ বিবেক-মগজুক আন কোনো বহুজাতিক প্রতিষ্ঠানৰ নামত বন্ধকত থৈ সস্তীয়া পার্থিৱ আমোদ-প্রমোদেৰে সুখ-স্বাচ্ছন্দৰ জীৱন অতিৱাহিত কৰিবলৈ সাজু হৈছে অথবা মাটি-ভেঁটি বেচি কোনজন দালালৰ হাতেৰে চৰকাৰী চাকৰী এটা হস্তগত কৰি ঘৰ-সংসাৰ তৰিব পাৰি তাৰ ভাৱনাত বিভোৰ হৈছে নতুবা দেশৰ বা-বাতৰি পাগুলী চাৰিআলিৰ চুকত কেৰমগুটি খেলি থাকোতে কোনটো ৰাজনৈতিক দলৰ প্রচাৰকার্যত সহায়তা কৰিলে ঠিকা-ঠুকলিৰ বাট মুকলি হ’ব তাৰে গণনা কৰিছে |
     জ্যোতিৰ সময়ৰ অসমীয়া সমাজ এতিয়া নাই | মানুহ,প্রযুক্তি,সমাজ-ব্যৱস্থা,চিন্তা-চর্চা আৰু সময়-এই সকলো সলনি হৈছে |কিন্তু এনে ৰূ্পান্তৰ আগন্তুক কৌ্টি কৌ্টি বছৰলৈ চলি থাকিলেও জ্যোতিপ্রসাদৰ প্রাসংগিকতা অসমীয়া সমাজৰ বিৱর্তনৰ সোঁতত কেতিয়াও হেৰাই নাযায়,বা যাব নোৱাৰেও |সেই সময়ৰ অসমীয়া সমাজৰ প্রতিটো অপৈণত অংগকে(ক্ষেত্রকে)
জ্যোতিপ্রসাদে নিজৰ প্রতিভাৰে সাঁচত গঢ়ি যিদৰে এক অনন্য স্বকীয় নৱৰূপ প্রদান কৰিলে আৰু যাৰ বলত আজি অসমীয়া জাতিয়ে ভাৰতৰ অন্য সংস্কৃতিবান জাতিসমূহৰ মাজৰে এটা হৈ মূৰ তুলি থাকিবলৈ সমর্থবান হৈছে ;সেই বিৰল ত্যাগ,দেশপ্রেম,জাতীয়তাবোধ আৰু সমাজ-সংস্কৃতিৰ মজিয়ালৈ আগবঢ়াই যোৱা অৱদান অসমে দ্বিতীয় এজন অসমীয়াৰ পৰাযে আদায় কৰিব পাৰিব,তাত মই সন্দেহ প্রকাশ কৰো |

     আজিৰ ৰাভা-গাৰো-মিচিং-বড়ো-কছাৰীৰ ভেদাভেদৰ দিনত আপুনি দেখা পাইছে নে জ্যোতিপ্রসাদে বান্ধি যোৱা সমন্বয়ৰ এনাজৰীডাল? নাট-গীতৰ ইমান সুদৃঢ় ভেঁটি স্থাপন কৰি যোৱাৰ পিছতো দেখোন অসমত এটাও অপেছাদাৰী নাট্যগোষ্ঠী জনপ্রিয় হ’ব পৰা নাই | ভ্রাম্যমানৰ মঞ্চত আপুনি একেখিনি নাচ-গান/কাৰিকৰী কৌশলৰ সমাহাৰ আৰু তাৰকাক লৈ টনাটনিয়েই দেখি আছে !(ভবেন্দ্র নাথ শইকীয়া/মহেন্দ্র বৰঠাকুৰৰ এখন দুখন চিন্তা-উদ্বেগকাৰী,কলাসুলভ মানদন্ডবিশিষ্ট যি নাটক আগতে প্রদর্শিত হৈছিল,মুনাফাৰ লোভত প্রযোজকে আজিকালি সেয়াও আঁতৰাই দিছে )
     আপুনি অনুভৱ নকৰেনে ,লাহে লাহে আজিৰ নতুন গায়ক/গায়িকা(তথাকথিত ‘শিল্পী’!)ই অসমীয়া থলুৱা সুৰৰ নাম-চিহ্ন নোহোৱা কৰি সম্পুর্ণ পশ্চিমীয়া শৈলীৰে গীত গাবলৈ আৰম্ভ কৰিছে বুলি ?জ্যোতি-বিষ্ণু-পার্বতীৰ গীত শুনি যি মানসিক প্রশান্তি আপুনি লাভ কৰে, একেই সুখানুভুতি আপোনাক দিব পাৰেনে আজিৰ জুবিন-মানস-সীমান্ত-দীক্ষুহঁতৰ গানে?
     মই অনুভৱ কৰো,জ্যোতিপ্রসাদ আৰু এজন জন্ম হওক |কিন্তু সেয়া নহয়-মইয়ো জানো |’আজিৰ প্রতিজনেই জ্যোতিপ্রসাদ হ’বও নোৱাৰে’!

     মেধী ডাঙৰীয়াই ক্ষোভেৰে কৈছে ‘জ্যোতিপ্ৰসাদে কিন্তু জাতিৰ বাবে ভোক, পিয়াহ, ঘৰ-সম্পত্তি আদি সকলো পাহৰি গৈছিল | যক্ষ্মাই কুটি কুটি খাইছিল তেওঁৰ দেহ, তিলতিলকৈ মৰিছিল |’ সঁচা |কিন্তু আজিৰ যুগত আপুনি একে অর্থত,একে মাপেৰে একে সেৱা যদি জাতিৰ বাবে আগবঢ়াবলৈ যায়, আপুনি প্রথম দিনাই বিফল মনোৰথ হৈ উলটি আহিব লাগিব | আপুনি ৰাষ্টাৰে গৈ থাকোতে অপৰিকল্পিতভাৱে লগ পোৱা যিকোনো এজন অসমীয়া ছাত্র-ছাত্রী বা সেৱাৰত বিষয়া বা মন্ত্রী-বিধায়ক বা গৃহিনী বা দোকানী-কৃ্ষক বা শিক্ষিত যুৱক-যুৱতীকে যদি এনেধৰণে সোধে যে ‘অসম-সংগীত কোনে ৰচনা কৰা?’ অথবা ‘জ্যোতিসংগীত শুনিছেনে?’ অথবা ‘আহোমৰ প্রথম ৰজা কোন আছিল?’ অথবা ‘ইয়ান্ডাবু-চুক্তি কেতিয়া হৈছিল?’ অথবা ‘খেঁৰসুতী কোন হয়?’ বা ‘ৰূপালীম-লভিতা কিহৰ নাম(খায়নে পিন্ধে!)?’ তেওঁলোকৰ উত্তৰে নিশ্চয় আপোনাক তিলতিলকৈ হতাশগ্রস্ততাত ভূগাব ! এয়াই আমাৰ অসম দেশ!
     প্রকৃ্ততে অসমীয়া সমাজ বর্তমান বিচ্ছুৰিত হৈ ছিন্ন-ভিন্ন হৈ পৰিছে –যি নিজৰ অস্তিত্ব আৰু ভেঁটিটোকেই চিনি নাপায় |ইয়াৰ কাৰক হিছাপে গোলকীকৰণ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱতকৈ আমাৰ অসমীয়া মানুহখিনিৰ গাফিলতি তথা অকর্মণ্যতাক মই বেছি দোষাৰোপ কৰো |
     এনে প্রেক্ষাপটত জাতিৰ পুণৰোদ্ধাৰ অভিযানত সকলো অসমীয়াই অগ্রণী ভুমিকা পালন কৰি নিজৰ নিজৰ সাধ্য আৰু বল অনুসাৰে নিজৰ নিজৰ এলেকাত মই ভাৱো অলপ হ’লেও নৱ-জাগৰণৰ সৃষ্টি কৰিব লাগে |
     ক)জাতীয়তাবাদ উদ্বেগকাৰী লিখা-মেলা/সভা-সমিতি/আলোচনা সঘনাই পাতি ভিন্ন ভাষা-গোষ্ঠী জাতি-বর্ণ নির্বিশেষে একতা আৰু সমন্বয়ৰ জৰীডালক গাঢ় কৰি তুলিব লাগে |
     খ) কলা-সংস্কৃতি উজ্জীৱিকৰণ আঁচনি যুগুত কৰি ন-প্রজন্মক অসমীয়া কলা-সংস্কৃতিৰ পাঠ আগবঢ়োৱা হওঁক, ন ন অনুশীলন-কেন্দ্র স্থায়ীভাৱে গঢ়ি তোলা হওঁক-য’ত উৎকৃষ্ট শিল্পীৱে পাঠদান কৰিব |বিষয় যেনে –জোতিসংগীত/লোকগীত/বৰগীত/সত্রীয়া নৃ্ত্য-গীত/মুখা শিল্প/বিহু গীত-নৃ্ত্য/ঢোল-খোল-পেঁপা-তাল বাদন আদি |
     গ) দেওবাৰ,গৰমবন্ধ এইবোৰত অংশগ্রহণ কৰিব পৰাকৈ কিছুমান আংশিক সময়ৰ পাঠদান বিদ্যালয়তে আৰম্ভ কৰিব পাৰি |বিষয় যেনে-মুকাভিনয়/স্থাপত্যবিদ্যা/চিত্রাঙ্কন/ভাওনা/অভিনয় আদি |
     ঘ) অসমৰ চুকে কোনে সিঁচৰতি হৈ থকা মইনা-মেল/মইনা-চৰা/শিশু-বিকাশ কেন্দ্রবোৰ পুনর্জাগ্রত কৰি তেঁওলোকৰ কার্য কলাপ নির্ধাৰণ কৰা আৰু উচিত পর্যবেক্ষণ কৰা |
     ঙ) অসমৰ কোনো এঠাইত অন্তঃত বছৰি এবাৰকৈ পষেকীয়া কার্যসূচীৰে সদৌ অসমৰ ন-প্রজন্মৰ বাবে সমূহীয়া কর্মশালা/প্রশিক্ষনৰ ব্যৱস্থা কৰা হওক,য’ত মেধাসম্পন্ন প্রশিক্ষার্থীলৈ জলপানী আগবঢ়োৱা যাওক |
     চ) প্রতি অঞ্চলৰ পৰা স্বেচ্চাসেৱক বাচি উলিয়াই তেওঁলোকক দ্বায়িত্ব অর্পণ কৰা হওক |
     মই ভাৱো, ন-ৰূপত এখন ন-সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু আমাৰ কলা-সংস্কৃতিৰে জগত জিনিবলৈ হ’লে আমি ঠিক এনেধৰণেই আগবাঢ়ি যাব লাগিব-য’ত কেৱল এজন অসমীয়াই নহয়,প্রতিজন উন্নতিকামী অসমীয়াৰ সদিচ্ছা আৰু অৰিহণা(অকল আর্থিক নহয়!) সোমাই থাকিব |

[মতামত বাঞ্চনীয় ]

No comments:

Post a Comment