.... আমি কোনো দ্যন্ত উচ্চাৰণ নকৰোঁ | দন্ত্য ত,থ,দ,ধ,ন,স- এইবোৰক আমি দ্যন্ত নাম দিওঁ, কিন্তু উচ্চাৰণত সিহঁতৰ কোনো দ্যন্ত ৰূপ নোলায় | মূৰ্ধন্য ট,ঠ,ড,ঢ,ণ,ষ-এইবোৰক মূৰ্ধন্য নামতহে বোলোঁ ; সিহঁতৰো মূৰ্ধন্য উচ্চাৰণ আমাৰ নহয় | দন্ত্য ত-বৰ্গ আৰু মূৰ্ধন্য ট-বৰ্গৰ বৰ্ণকেইটাৰ অমি দন্ত-মূলীয় অৰ্থাত্ দাঁতৰ আলুৰপৰা ওলোৱা উচ্চাৰণহে কৰোঁ | ৰ আৰু ল- এই দুটাৰ উচ্চাৰণো একেই দন্ত-মূলীয় |
তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স- এই তিনিটাৰ এটাতো উচ্চাৰণ তালব্য, মুৰ্ধন্য বা দন্ত্য নহয় ; বা সংস্কৃতৰ দৰে শ,ষ,স উচ্চাৰণো সিহঁতৰ নহয় | তিনিওটাকে আমি বোলোঁ স(X ) তালুৰ পিছভাগৰ মঙহাল অংশত(Velum) জিভা লগাই-ক,খ,গ,ঘ,ঙ-ৰ আৰু হ-ৰ দৰে | আন কোনো ব্যঞ্জনৰ লগত যোগ হ’লেই ইয়াৰ উচ্চাৰণ সংস্কৃত স-ৰ নিচিনা হয় |
চ,ছ- অসমীয়াত প্ৰথম চ আৰু দ্বিতীয় ছ-ও সংস্কৃতৰ চ,ছ-ৰ নিচিনা উচ্চাৰিত নহয় | সিহঁত দুইটাৰ একে দন্ত-মূলীয় উচ্চাৰণ স- প্ৰায় সংস্কৃতৰ স আৰু ইংৰাজী S–অৰ ওচৰা-উচৰি | বৰ্গীয় জ আৰু য় উচ্চাৰণ নহ’লে অন্ত:স্থ য-ও দন্ত মূলৰপৰা ওলায়-উচ্চাৰিত হয় |
-----
Siddhartha Borkotoky
মহেশ্বৰ নেওঁগদেৱৰ লিখনিটোৰ উদ্ধৃতিৰ বাবে গীতার্থদালৈ ধন্যবাদ। ‘অসমীয়াত কথা বতৰা’ গোটত যোগ দিয়াৰ পৰাই উচ্চাৰণ সম্বন্ধীয় আলোচনা সমূহ চকুত পৰি আছিল, আৰু নেওঁগদেৱৰ ঠিক এই লিখনিটোকে বিচাৰি উলিয়াই দুআষাৰ লিখিম বুলি পাঙি থাকোতেই আজি ইয়াক দেখা পালো...ঁ। এটা ভাষাৰ লিপি আৰু উচ্চাৰণৰ বিকাশে প্রায়ে পৰস্পৰ সংগতি ৰক্ষা কৰা দেখা নাযায়। লিপি সমূহ সাধাৰণতে মূ্লীয় ভাষাৰ পৰা ধাৰ কৰা আৰু বিকাশৰ ক্ষেত্রত স্থৱিৰ। ইয়াৰ বিপৰীতে ভাষা এটাৰ উচ্চাৰিত ৰূপ চিৰ-পৰিবর্তনশীল – প্রধানতঃ নৃতাত্বিক গাথনিয়ে ইয়াৰ দিশ ঠিৰাং কৰে। অসমীয়া ভাষাৰ লিপি দেৱনাগৰী মূ্লীয় আৰূ বানান-নীতি মূলতঃ সংস্কৃত-ভিত্তিক। সেয়ে ণত্ত্ব-বিধি, ষত্ত্ব-বিধি ইত্যাদি আমাৰ ব্যাকৰণত আজিও প্রযোজ্য। ইয়াৰ বিপৰীতে আমাৰ কথন-ৰীতি, উচ্চাৰণ আদিৰ উৎপত্তি আৰু বিবর্তন হৈছে প্রাচ্য-মাগধী ভাষাক কেন্দ্র কৰি কিন্তু মংগোলীয় তথা অষ্ট্রিক উপাদানেৰে সমৃদ্ধ হৈ। অন্যান্য প্রাচ্য-মাগধী মূ্লীয় ভাষা যেনে বাঙালী, উৰিয়াৰ সৈ্তে সেয়ে অসমীয়াৰ পার্থক্য সুস্পষ্ট। অসমীয়াত ‘শ’, ‘ষ’ আৰু ‘স’ৰ উচ্চাৰণ একেই হৈ পৰা, সংস্কৃতৰ ‘s’, ‘sh’ আহি ‘স’ হৈ পৰা – এইবোৰ আমাৰ ভাষাটোৰ দূর্বলতা নহয়, বৰঞ্চ আমাৰ সামাজিক আৰু ভাষিক বিবর্তনৰ ধ্বজাবাহকহে, আৰু আমাৰ জাতিগত স্বকীয়তাৰ পৰিচায়ক। প্রসংগক্রমে উনুকিয়াই থওঁ যে অসমীয়াত ‘স’ উচ্চাৰণৰ আঁত ধৰিয়েই কিছু নৃ্তত্ববিদে প্রাচীন অসমলৈ এক প্রাক-আর্য্য ককেছীয়ান প্রব্রজনৰো এক সুত্র ডাঙি ধৰে ( প্রসংগ (Reference) উদ্ধৃত কৰিব নোৱাৰাৰ বাবে ক্ষমাপ্রার্থী, প্রায় দুবছৰ পুর্বে প্রান্তিকত এই বিষয়ে এটি প্রৱন্ধ প্রকাশ পাইছিল )। তদুপৰি, কিছুমান বর্ণৰ উচ্চাৰণ লোপ পোৱাটো আন বহু ভাষাতো দেখা যায়। উদাহৰণ স্বৰূপে, অৱধী উপভাষা সমূহত ‘sh’ উচ্চাৰণ বিলুপ্তপ্রায়; Spanish সকলে ‘j’ aru ‘h’ দুয়োটাকে ‘হ’ বোলে – যেনেঃ ‘Jose’ ক কোৱা হয় ‘হ’জে’ বুলি।
উচ্চাৰনৰ এক চকুত পৰা পাৰ্থক্য থকাহেতেন ভাল হলহেতেন |সেইটোৱে অসমীয়া ভাষা উচ্চাৰনৰ এটা মন কৰিব লগীয়া দিশ হলহেতেন |"ৱ" আৰু "ব"ৰ উচ্চাৰনৰ পাৰ্থক্যও কেতিয়াবা স্প্ষ্ট নহয় কিন্তু, মন কৰিচ্ছেনে ?মোৰ বোধেৰে বঙালী সাহিত্যতো বৰ্তমান এই উচ্চাৰনৰ পাৰ্থক্যটো নাই ছাগে ?
সুন্দৰ প্ৰয়াস, এনে প্ৰয়াসে ভাষাটোক আৰু মানুহ খিনিকো সবল আৰু বলিষ্ঠ কৰি তুলিব... জয়তু ভাষা জননী
ReplyDelete