আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Thursday 3 February 2011

মতামত: এনে বহুতো ভাল মনোভাৱেই আমাক পৃথিৱীখনত আশাৰে জীয়াই থকাৰ সাহস দিয়ে আৰু যোগ্য কৰি তোলে.


অসমীয়াত কথা বতৰা:
আমাৰ এই অনুষ্ঠানটো ("অসমীয়াত কথা বতৰা") এক বিশুদ্ধ পৰামৰ্শ প্ৰদান স্থলীলৈ পৰিণত হৈছে। যোৱা এটা মাহৰ ভিতৰত মই তিনিটা গুৰুত্বপূৰ্ণ কথা জানিবলৈ ইয়াত প্ৰশ্ন কৰিছিলো আৰু উত্তৰকেইটা লাভ কৰিছিলো- সেই উত্তৰকেইটা প্ৰদান কৰা ব্যক্তিকেইজনক মই কেতিয়াও লগ পোৱা নাই আৰু কেতিয়াও হয়তো লগো নাপাম;কিন্ত এনে বহুতো ভাল মনোভাৱেই আমাক পৃথিৱীখনত আশাৰে জীয়াই থকাৰ সাহস দিয়ে আৰু যোগ্য কৰি তোলে......

Pankaj Jyoti Mahanta

1 comment: