আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 6 March 2011

যদি মই হেৰাই যাওঁ

চন্দৰ্মা কলিতা
------------------

যদি মই হেৰাই যাওঁ,
বিচাৰি নুফুৰিবানে মোক?
ডুবি যোৱা বেলিটিয়ে এৰি যোৱা পোহৰকণত অথবা
নিঁয়ৰে সেমেকাই তোলা পুঁৱতিনিশাবোৰত?

যদি মই হেৰাই যাওঁ,
ব্যাকুল হৈ ৰৈ নাথাকিবানে,
সৰাপাতবোৰ গছকি মই উভতি আহিম বুলি?

গলিপৰা জোনাকখিনিক জানো চুব পাৰিবা,
কাষে কাষে মই নাথাকিলে?
কবিতাবোৰ লিখি থাকিবানে,
কোনোবাখিনিত মই হেৰাই গ’লে?

তুমি আছা বাবেই হেৰাই যাব নোৱাৰিলো।
তোমাক শেষ কৰি যোৱাৰ অপবাদ
মই কিদৰে সহো?

শিৱৰ ১৪৩ টা নাম

অতিদেৱ
অদ্ৰিনাথ
অদ্ৰীশ
অনংগাৰি
অম্বিকানাথ
আশুতোষ
ইন্দু মৌলী
ইন্দুভূষণ
ইন্দুশেষৰ
ঈশান
উমানাথ
উমানন্দ
উমাপতি
উমেশ
উৰগভূষণ
একনাথ
কাশীনাথ
কাশীপতি
কাশীশ
কাশীশ্বৰ
কেদাৰনাথ
কৈলাসনাথ
কৈলাসপতি
কৃতজ্বৰ
কৃত্তিৱাস
কন্দুকেশ্বৰ
খণ্ডপৰশু
গংগাধৰ
গিৰিজাকান্ত
গিৰিশ
গিৰীশ
গৌৰীনাথ
গৌৰীশ্বৰ
গুৰাকেশ
গুড়াকেশ
চেকিতান
চন্দ্ৰিল
চন্দ্ৰচূড়
চন্দ্ৰমৌলী
চন্দ্ৰশেখৰ
জটাধাৰী
জটাধৰ্
জটীয়া
জ্বালী
জল্পেশ্বৰ
যোগীন্দ্ৰ
যোগেশ
যোগেশ্বৰ
ডম্বৰুধৰ
তাৰকেশ্বৰ
তাৰকনাথ
ত্ৰিনাথ
ত্ৰিনেত্ৰ
ত্ৰিনয়ন
ত্ৰিপুৰঘ্ন
ত্ৰিলোচন
ত্ৰিশূলী
ত্ৰিশূলধাৰী
ত্ৰ্যম্বক
দিগম্বৰ
দেৱাদিদেৱ
দেৱেশ
দুৰ্গাধীশ
দুৰ্গাপতি
দুৰ্গেশ
দুৰ্গেশ্বৰ
ধূৰ্জ্জটি
ধূৰ্জটি
ধূৰ্জতি
নকুল
নীলকন্ঠ
নীলগ্ৰীৱ
নটেশ্বৰ
নটৰাজ
নটশেখৰ
নন্দ্যেশ্বৰ
পিনাকী
পিনাকপাণি
পঞ্চানন
পুৰঞ্জয়
পুৰভিদ
প্ৰমথেশ
পুৰমথন
প্ৰমথনাথ
পুৰুহৰ
পশুপতি
ফণীধৰ
ফণীভূষণ
বাণেশ্বৰ
বিভূতিভূষণ
বিৰূপাক্ষ
বিল্বেশ্বৰ
বিশ্বেশ্বৰ
বিশ্বনাথ
বীৰেশ্বৰ
বৈদ্যনাথ
ব্যোমকেশ
বলিয়া-গোসাঁই
বৃষধ্বজ
বৃষভবাহন
বহিৰেতা
বহ্নিৰেতাঃ
ভৃংগেশ্বৰ
ভগনেত্ৰ
ভৈৰৱ
ভোলানাথ
ভূতনাথ
ভূতভাৱন
ভূদেৱ
ভৱানীকান্ত
ভৱানীপতি
ভৱেশ
ভুৱনেশ্বৰ
মৃগাংকশেখৰ
মৃগাঙ্কমৌলি
মৃগাঙ্কশেখৰ
মাৰজিৎ
মৃত্যুঞ্জয়
মহাদেৱ
মহানট
মহেশ
মহেশ্বৰ
ৰামেশ্বৰ
ৰুদ্ৰ
শংকৰ
শিৱ
শেখৰ
শম্ভুনাথ
শ্ৰীকন্ঠ
শৰ্ব
শূলী
শূলপাণি
শশীভূষণ
সিদ্ধদেৱ
সোমেশ্বৰ
সোমনাথ
সতীন্দ্ৰ
সতীপতি
সতীশ
সদাশিৱ
স্মৰজিৎ
হিংগুলেশ্বৰ
হৰ

ডিফলুৰ পাৰত এদিন

বৰ্ণালী দেউৰী বৰা
-----
ফাগুনৰ উন্মাদনা গাত সানি
ভৰুণ হৈছিল ৰাশি ৰাশি শিমলু,
অকৃত্ৰিম অনন্য ৰুপৰ পোহাৰ মেলি
বাউল কৰিছিল দূৰ দিগন্তক,
চটিয়াই দিছিল মুঠিয়ে মুঠিয়ে
ৰঙীণ আবিৰ আকাশৰ সীমনালৈ,
নীলাকাশেও অধোবদনে মুখ লুকুৱাইছিল
তলসৰা ৰঙা ৰঙা দলিচাত,
পুলকিত হৈছিল অজান শিহৰণত..

দুৰাকাছ বোৰে কৰিছিল প্ৰেমালাপ
শীৰ্ণ ডালটিৰ সতে নদীৰ বুকুত,
সাজি কাচি ওলাইছিল দৰা গপতে গঙ্গাটোপ
কইনা দনিকণাৰ পদুলি দলদোপ হেন্দোলদোপ
আনন্দত উঠলি উঠিছিল পখীজাকৰ হৃদয়
মৌ-মিঠা সুৰেৰে জুৰিছিল আয়তী নাম হৈ সদয়,
চিতলে উজান দিছিল বিয়া নাম গাই
সেউজ সেউজ ভাটৌ জাকে ৰং চালে
জাত জাত জোৰা নাম গায় ।

বাঁহীৰ সুৰত উন্মনা হৈছিল ধৰনী
বিৰিখৰ ডালেৰে সাজিছিল বননী
লাজতে হেঙুলী ৰাঙলী হো্ৱা দেখি বেলি
সকাহ দিছিল ডাৱৰে আচঁল মেলি
লাজকুৰীয়া চাৱনি এটি থৈ চকুত,
হেঙুলীয়া লহৰ তুলিছিল নদীৰ বুকুত ।
নীৰৱ সাক্ষী ডিফলু আছিল ৰুদ্ধবাক,
ৰিৱ ৰিৱ মলয়াছাটি গাত সানি,
ঘৰমূৱা হৈছিল অচিন চৰাইৰ জাক.........

বনৰীয়া সূর্যমুখী


-মানস জ্যোতি চেতিয়া

------

বনৰীয়া সূর্যমুখী বুলি কয় তোমাক সিহঁতে
কিন্তু মইতো তোমাক বনৰীয়া-ঘৰচীয়াৰ বাচ-বিচাৰ কৰা নাছিলো !
মই এতিয়াও পাহৰি যোৱা নাই ... তুমি সেই প্রজাতিৰে অংশ ।
পৃথিৱীৰ পৰা কি পালা কি নাপালা…?!
তেনে এটা প্ৰশ্নৰ পিচত পথভ্ৰষ্ট হ'বলৈ এৰি দিলা কিয়…?!
হয়তো তুমি বুজিলা পোৱাতকৈ দিয়াৰ মূল্য… !
ক'ত পোহৰ-আন্ধাৰ পাৰ কৰিলা...একে সূর্য একে চন্দ্রৰ তলত...
ক'ত চিনাকি অচিনাকি কৃট-পতংগ, পক্ষী… এ
চুহি নিলে তোমাৰ মৌ, তোমাৰ ফল… দি গ'ল এমুঠি আশা…
হয়তো তুমি বিচাৰিছিলা তোমাৰ ৰেণু-ফল বোৰৰ বিস্তাৰন…
কিন্তু তুমি সুখী … সিহঁতৰ সুখবোৰলৈ চাই… !
তুমি কৃতজ্ঞ… তোমাৰ চাৰিওফালৰ কাঁটইটীয়া গোলাপবোৰলৈ !
আৰু অপতৃণবোৰ ...! সিহঁতকো ভাল পাবলৈ শিকিলা…!
হাঃ হাঃ হাঃ… তুমি এতিয়াও পাহৰি যোৱা নাই আপেক্ষীকতাবাদ…!
সিহঁতো জীয়াই থাকিৱ বিচাৰে একে পৃথিৱীৰ তলত…. ।

তাজমহলৰ বিৰুদ্ধে

মুকুল পাঠক 

তাজমহল কেতিয়াও দেখা নাই
ফটো দেখিছো
গৰিমা শুনিছো
মইি নাজানো তাজমহল আচলতে কি
ছাহজাহানৰ প্ৰেম নে মুমতাজৰ সৌন্দৰ্য
নে সম্ৰাটৰ অহমিকা
নে প্ৰেমৰ নামত মুমতাজক কৰা প্ৰতাৰণা
চৰিত্ৰৰ দিশেৰে সম্ৰাটো হেনো নাছিল চহকী
নিজ কন্যালৈ দিছিল লোলুপ দৃষ্টি
মুমতাজো নাছিল তেওঁৰ একমাত্ৰ পত্নী
তেন্তে তাজমহলৰেই প্ৰয়োজনেই বা আছিল কি
মাত্ৰ প্ৰসস্তি ?
হায় মুমতাজ !
তুমিতো নাজানা
কিমানবাৰ প্ৰেমৰ পুজা হৈছে তোমাৰ সমাধিত
কিমানবাৰ উচ্ছাৰিত হৈছে তোমাৰ নাম
কিমানবাৰ গৰ্বীত হৈছে ভাৰতবৰ্ষ
কিমানবাৰ লোৱা হৈছে মোগলৰ নাম
কিমানবাৰ ?
কিমানবাৰ মুমতাজ ?
তুমি এটা নাম নহয়
তুমি ইতিহাস
তুমি প্ৰতীক
তুমি সপোন
তুমি দিঠক
আৰু বহুতো কিবা নাম নজনা গৌৰব তুমি
কিন্তু তুমি নাজানা
তুমি প্ৰেমৰ নামত হোৱা প্ৰতাৰণাৰো সৌধ
প্ৰেমৰ নামত তুমি অহংকাৰৰ দৌল
তোমাৰ পতীৰ প্ৰেমে নিশকতীয়া কৰে প্ৰেমৰ সংজ্ঞা
আছিল জানো সেই প্ৰেম অমৰ কৰিব লগা
কিয় পিন্ধোৱা হৈছিল প্ৰেমৰ প্ৰতীক মালা
ছাহজাহানক লগ পালে সুধিলো হেতেন
বিছ হাজাৰ শ্ৰমিকৰ নাছিল নেকি হৃদয়
নাছিল নেকি তেওঁলোকৰ পত্নী প্ৰেম
নাছিলনে বাৰু এগৰাকী মুমতাজ বুকুৰ মাজত
সেয়া কি প্ৰেম নাছিল ?
তেন্তে তাৰ স্বীকৃতি ক’ত ?
কিয় ছাহজাহান কিয় নিদিলা শ্ৰমীকৰ প্ৰেমৰ মুল্য
তেওঁলোকেওতো পত্নী প্ৰেমৰ বাবেই কাম কৰিছিল
সোতৰ বছৰ ধৰি চলাই গৈছিল
ঘাম পেলোৱাৰ যুঁজ
মুমতাজবাদ চহৰত খোদিত হৈছিল নে তেওঁলোকৰ নাম
দহ হাজাৰ হাতীয়ে টানিছিল প্ৰকাণ্ড শিলৰ পাহাৰ
সুদুৰ চীন আৰু তীব্বতৰ পৰা অনাইছিলা পাথৰ
ওস্তাদ আহমেদ লাহাউৰিৰ নিখুত হাতৰ পৰশত
ছবি হৈ জিলিকিছিল তাজ
আমানত খান চিৰাজীয়ে লিখিছিল আখৰ
আৰু ইছমাইল খান আফ্ৰিদী ?
যাৰ হাতেৰে আকাশ মুখি মুধচ গঢ়াইছিলা
সেই সকলৰ নাছিল নেকি প্ৰেম
তেতিয়া ক’লৈ গৈছিল তোমাৰ প্ৰেমীক মন ছাহজাহন ?
তোমাৰ চকুত ধৰা পৰা নাছিলনে এবাৰো
তেওঁলোকৰ হৃদয়ৰ প্ৰেম ভালপোৱা
ভালপাব পৰাকৈ তেওঁলোকৰো কিজানি আছিল
আশাৰে ভৰা এখনি কোমল হিয়া
সেই অন্যায় কৰিও আজি তুমি বন্দিত
নিজ প্ৰেমৰ প্ৰশংসাত মদমত্ত
তুমি প্ৰেমীক নে কামুক
মমতাজৰ মৃত্যু কোনে সজাইছিল
চৈধ্যটা সন্তানে কিয় ভৰাই নুতুলিলে তোমাৰ মুমতাজ প্ৰেম
প্ৰসৱ কালীন মৃত্যু কোনে জাপি দিয়া
ছাহজাহান উত্তৰ দিয়া
উত্তৰ দিয়া
তথাপিও কিয় নগলিল তোমাৰ হিয়া
আছিল জানো স্বৰ্গীয় অনুভৱী প্ৰেম তোমাৰ মনত
তাজমহলত কিয় নিজিলিকিল সেই মহানুভৱতা
হ’ব পাৰে তাজমহল মুমতাজৰ স্মৃতি সৌধ
এয়া প্ৰেম নহয়
সম্ৰাটৰ অহংকাৰ
তোমাৰ যোগ্যতা নাই প্ৰেমৰ নামত থিয় দিয়াৰ
তোমাৰ বাবে লজ্জানত হয় পবিত্ৰ প্ৰেম
তাজমহল সাজিলেই প্ৰেম প্ৰমানিত নহয়
হেৰা তাজমহল
নাথাকিলেই যেনিবা মুমতাজ
নাথাকিলেই যেনিবা সম্ৰাটৰ বল আৰু শৌৰ্য
তথাপিও আমি প্ৰেমীক
হৃদয়ৰ পৰা
সেই প্ৰেমক তুমি অপমান কৰিছা
তোমাৰ বাবেই উপলুঙা হৈ পৰে
নিঃকিন হৈ পৰে দৰিদ্ৰৰ প্ৰেম
মচিবতো নোৱাৰো তোমাৰ ইতিহাস
ভাঙিবও নোৱাৰো
সেইবাবেই
সেইবাবেই মইও আজিও চোৱা নাই তোমাক
প্ৰেমৰ কোমলতাত তুমি পৰাজিত প্ৰতীক
তোমাৰ দৰ্শন নহলেও হৃদয়ৰ পৰা আমিবোৰ প্ৰেমীক
প্ৰেমীক বাবেই মোৰ ওচৰত মূল্যহীন তুমি
ধিক তোমাৰ প্ৰেম ছাহজাহান
অহংকাৰ তোমাৰ প্ৰেমীকা
মুমতাজ নহয় |

Tuesday 1 March 2011

বিহু হুঁচৰি


১) অ’ হেৰ’ দদাই নদাই ভদীয়া ককাই/ ৰংমন বিহুৱা ঐ/ আহ ঐ২ সমনীয়া।

২) কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহী নিয়ৰ পাই মুকলি হল ঐ গোবিন্দাই ৰাম।
৩)   হুৰাই লৈ আহতৰ পাত
     আয়ে বৈয়ে দিয়া চেলেং ঐ চতিয়া
     লবলৈ নোজোৰে গাত।
৪) বৈদে ২ ককালৰ টঙালি ঘুনুচা ঐ/ মূৰত পাগে মৰা গামোচা ঐ
৫) ৰংপুৰ ৰমক বিজুলীৰ চমক বহাগৰ বিহু পাই ঐ গা কৰে ৰমক-জমক
৬) আহ ঐ লগৰীয়া/ খেলো আমি লহৰীয়া/ ফুতুকলা মৃতং বজাই দে ধুতং/ আহ ঐ ২ লগৰী্যা।

৭) চততে চকৰি গোমচেং ঐ/ বহাগত বাবৰি গোমচেং ঐ/ জেঠতে আমনা ধান।
     গৰুৰ বিহুৰ দিনা গোমচেং ঐ/ বস্ত্র দান কৰিবা গোমচেং ঐ/ তেহে পাবা বৈকু‍ণ্ঠত ২ স্থান ।
৮) আশীবাদ ।
৯) স্বগদেউ ওলালে বাটচৰাৰ মুখলৈ/ ঐ দুলীয়াই পাতিলে দোলা ২/ কাণত জিলিকীলে নৰা জাংফাই ঐ গাতে গোমচেংৰ চোলা।
১০) উজায়ে আহিলে মিচিং নাও এখনি ঐ/ ঐ জিলিকে আহিলে টিং/ ঐ টিং ৰে ওপৰত নাচনী আহিছে/ ঐ সেওতা ফলাতে চিন।
১১) ছোৱালী :
           কিনো চ’ত মহীয়া বতাহ জাকি মাৰিলে/ গছে-বনে সলালে পাত/ কিনো অসমীয়াৰ বিহুটী আহিলে গৰুৰ চালে লগালে মাত।
১২) মোৰ মামনি বাখৰ ঐ তৰাণী ঐ হাবিলৈ /মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/মোৰ মামনি বাখৰ ঐ (তৰা পাতে কাটিব)২ তোক/
মোৰ মামনি বাখৰ ঐ ডেকা লৰাৰ বিহুলৈ/মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/ মোৰ মামনি বাখৰ ঐ (ওলাবযে অমাতৰ)২ মাত।
১৩) গগনা আৰণি (গগনা পুৰণি ঐ)২/ (গগনা কিহেৰে)২ বাই/ দুফালে দুচতি (মাজতে এচতি ঐ)২ (মুগা সুতাই লগায়ে মাত)২।
১৪) সুতুলি
মাটিৰে সুতুলি বনাই লৈ আনিছো ঐ/ তোমাকে দিমে মই বুলি চেনাই লাহৰী ঐ / (কেঁকোৰা ঐ গাতৰে)২ মাটি।
১৫) পেপা-বাহী
১৬) দকৈ পথাৰত ভুই ৰুই আছিলা/ বৰা ধানৰ সৰুকৈ মুঠি/ ৰুওতে ঐ বিষাৱ ককাল নো ঐ লাহৰী/ আহোতে ঐ বিষাৱ ভৰি।
ছোৱালীঃ
মুকলি পথাৰত মোৰ ধন চেনাই ঐ/ হালে নো বায় আছিলা ২/ মইনো লগাও মৰমৰ মাত।
মোৰে মাতে শুনি মোৰ ধন চেনাই ঐ/ হালৰ গৰু এৰিলা ২/ এৰিলা ঐ পেটৰে ভাত।
১৭) আনে মাছ মাৰে আন্ধুলি- কান্ধুলি আমি মাছে মাৰু কুহি/ আনে বিয়া কৰাই কুমলীয়া ছোৱালী আমি বিয়া কৰাও বুঢ়ী
(হেৰা লুথুপ থুপ বুঢ়ী হলে নিনিও তোক (সমনীয়াই)২ হাঁহিব মোক)2।
ছোৱালীঃ
কি কলি কি কলি তই হেৰ’ জধলা চাই চিটি কথা কবি মোক/ তই হলি জধলা চকু দুটা টেলেকা কোনে দিব ছোৱালী তোক
(হেৰা লিটিকাই নাঁহাহিবা মিছিকীয়াই (যৌৱন গলে)২ পাবলৈ নাই)2।
১৮) ওচৰ (চাপি)২ নাহিবি নাচনী নাহিবি নাচনী /তোৰে গাত মোহিনী আছে চেলেং বাখৰ ঐ /ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ঐ/ দিখৌ কপি লগা দলং চেলেং বাখৰ ঐ/ (জাজী নৈৰ নিমলা পানী)৩।
১৯) আশীবাদ ।

অসমৰ জিলাসমূহ

১।উত্তৰ কাছাৰ পাহাৰ জিলা
২।ওদালগুৰি জিলা
৩।কাছাৰ জিলা
৪।কামৰূপ (গ্রাম্য) জিলা
৫।কামৰূপ (মহানগৰ) জিলা
৬।কার্বি আংলং জিলা
৭।কোকৰাঝাৰ জিলা
৮।কৰিমগঞ্জ জিলা
৯।গোলাঘাট জিলা
১০।গোৱালপাৰা জিলা
১১।চিৰাং জিলা
১২।ডিব্রুগড় জিলা
১৩।তিনিচুকীয়া জিলা
১৪।দৰং জিলা
১৫।ধুবুৰী জিলা
১৬।ধেমাজি জিলা
১৭।নগাঁও জিলা
১৮।নলবাৰী জিলা
১৯।বঙাইগাঁও জিলা
২০।বাগছা জিলা
২১।বৰপেটা জিলা
২২।মৰিগাঁও জিলা
২৩।যোৰহাট জিলা
২৪।লক্ষীমপুৰ জিলা
২৫।শিৱসাগৰ জিলা
২৬।শোণিতপুৰ জিলা
২৭।হাইলাকান্দি জিলা

কলাৰ সৈতে এখন্তেক

-- -- পাৰ্থপ্ৰতিম শৰ্মা

মানুহৰ মানসিক বিবৰ্তনৰ বিভিন্ন অৱস্থাৰে সৈতে খাপখোৱা কিছু আমোদ-প্ৰমোদ সময়ে সময়ে আহে৷ এই বিবৰ্তনৰ কিছু পৈণত স্তৰত সংগীত, সাহিত্য আদিৰো আগমন হৈছিল৷ কিন্তু আন বহুতৰ দৰে সিবোৰ কেৱল এবাৰ-দুবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগীয়া বিধৰ হৈ নাথাকিল৷ মনক বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ৰ আমোদ, চিন্তাৰ খোৰাক দিব পাৰে বাবেই কলাৰ সৈতে মানুহৰ সম্পৰ্ক নিবিড়, প্ৰবাহমান৷

আন কথাত মানুহৰ অনুভুতি আৰু মেধাই প্ৰায় অবিৰতভাবে বিভিন্ন প্ৰক্ৰিয়াৰে কলাৰ জুতি লৈ আহিছে৷ ইহঁতৰ আবেদন আমাৰ অনুভুতি আৰু মেধা এই দুয়োৰে বাবে উত্তেজক৷ এই উত্তেজনাৰ শিহৰণিৰ সঁহাৰিতেই সংগীত, সাহিত্য, চিত্ৰ আদিৰ প্ৰতি মানুহৰ চিৰন্তন হাবিয়াস৷ তাৰ লগতে আছে সৃষ্টিৰ মাদকতা আৰু শ্ৰবণ, পঠন, পৰিৱেশনৰ জৰিয়তে আনৰ কল্পনা আৰু অভিজ্ঞতাৰ সমভাগী হোৱাৰ এক সামাজিক প্ৰবৃত্তি (social instinct)৷

এই খিনিতে আন এটা কথাও কৈ থোৱা যুগুত হ’ব৷ মনুহৰ মগজুৰ বিবৰ্তনৰ ইতিহাসত মেধাতকৈ অনুভূতিৰ স্তৰটো আগেয়ে আহিছিল৷মগজুৰ গাঁথনি আৰু কামৰ ক্ষেত্ৰটো তেনে এটা দিশ দেখা যায়৷ মগজুলৈ কোনো এটা সংকেত অহাৰ লগে লগে সংকেতটো প্ৰথমে অনুভূতিৰ স্তৰলৈ আৰু তাৰ পিছতহে মেধা, যুক্তি আদিৰ স্তৰলৈ যায়৷ অৰ্থাৎ, সংকেত গ্ৰহণৰ সময়ত মেধাজড়িত প্ৰতিক্ৰিয়াতকৈ অনুভূতি জড়িত প্ৰতিক্ৰিয়াহে আগতে হয়৷আনকথাত কিবা এটা চাই, পঢ়ি, শুনি ভাল লগা বা বেয়া লগা কামটোহে আগতে হয়৷ কিয়, কেনেকৈ জাতীয় চিন্তা ইয়াৰ পিছৰ পৰ্যায়ৰ৷ কলাৰ পৰা আমি প্ৰথমেই বিচৰা বস্তুটো সেয়েহে এক সৰল আমোদ বা আনন্দ৷উচ্চস্তৰীয় আমোদ মেধাৰ খোৰাক৷কলা অনুভূতি আৰু মেধা দুয়োটাৰে বাবে সমানেই আকৰ্ষণীয়৷

সভ্যতাৰ গতিৰ সমান্তৰালকৈ কলাৰো গতি৷ কলাৰ গতি আৰু পৰিবৰ্তন মানুহৰ মন আৰু মেধাৰো পৰিবৰ্তনৰ ইংগিত৷ মনৰ পৰিসৰ বঢ়াৰ লগে লগে কলাৰো পৰিসৰ বহল হৈছে৷ আকৌ মনৰ জটিলতাৰ সমান্তৰালকৈয়ে কলাৰ জটিলটাও বাঢ়িছে, ৰূপ সলনি হৈছে৷ তদুপৰি মন আৰু মেধাক নিয়ন্ত্ৰণ কৰা কাৰক সমূহেও পৰোক্ষভাবে কলাৰ সামগ্ৰিক ৰূপ নিৰ্ণায়কৰ ভূমিকা লয়৷ অৰ্থাৎ কলা এই কাৰক সমূহৰ (সামাজিক, ৰাজনৈতিক…)উৰ্দ্ধত বা আওতাৰ বাহিৰত নহয়৷

মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য নিৰূপণত যিদৰে বংশগতি আৰু সামাজিক পৰিৱেশৰ পটভূমিয়ে ক্ৰিয়া কৰে, কলাৰ সৃষ্টিতো তেনে এক বংশগতি (শিষ্যগতি)আৰু পৰিৱেশৰ প্ৰভাব চকুত পৰে৷ শংকৰদেৱৰ ৰচনাত শ্বেইক্সপীয়েৰ বা ডিকিন্সৰ লিখনিত ট্ৰলষ্টয়ৰ মানসিকতা বা সমসাময়িক পৰিৱেশৰ আভাস নোলায়৷ কিন্তু কোনো বিশেষ ধাৰাত ৰচিত কবিতা বা আন লেখাত স্থান কাল ভেদে এটা চিনাকী সুৰ শুনা যায়৷ এই সুৰ, ভাৱে বংশগতিৰ দৰেই কাম কৰে৷

কোনো কলাৰে আৰম্ভণি বিদ্যায়তনিক নাছিল৷ কলাৰ আৰম্ভণি সাধাৰণতে সৰল, সৃষ্টিশীল, মেধাবী লোকৰ পৰাহে হয়৷ সভ্যতাৰ পৰিক্ৰমাৰ বিভিন্ন স্তৰত ইবিলাকৰ পদ্ধতিগত আৰু বিদ্যায়তনিক চিন্ত-চৰ্চা হ’বলৈ ধৰিলে৷ তাৰ লগে লগে কলা চৰ্চাৰ স্বভাব, দৃষ্টিভংগী আৰু পৰিসৰো বদলি হ’ল৷ কলাত চৰল ৰসাস্বাদনতকৈয়ো উচ্চস্তৰৰ কিবা আছে নেকি তাৰ বিচাৰ খোচাৰো আগবাঢ়িল৷ কলাৰ ৰস লোৱা আৰু আলোচনাত কলাৰ গুণগত মান কৰ্ম, জীৱনবোধ, ঐতহ্যবোধ, জাতীয় চেতনা, সামাজিক চেতনা জাতীয় চিন্তাৰো আগমন হ’ল৷ অৰ্থাৎ কলা সৃষ্টিৰ লগতে সমালোচনাৰ অভ্যাসো আগবাঢ়িল৷ কলা বা ইয়াৰ যিকোনো এটা ভাগো চিন্তাৰ এক অকলশৰীয়া নিসংগ দ্বীপ হৈ নাথাকিল৷এক ‘আন্তজ্ঞান বিভাগ’ সংযোগী চিন্তা-চৰ্চাও আগবাঢ়িল৷আটাইবিলাকৰ মিলা-মিচাত কলাৰ ৰসাস্বাদন আৰু চৰ্চাৰ প্ৰক্ৰিয়াটোও বহুমাত্ৰিক হ’ল৷ আন কথাত অনুভূতি, মেধা আৰু ৰসবোধৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি একেটা গীত, কবিতা, গল্প বা একেখন ছবি, উপন্যাসৰ পৰা পাব পৰা আনন্দ আৰু সেই সম্পৰ্কীয় আলোচনাৰ পৰ্য্যায় আৰু পৰিসৰো বেলেগ হ’বলৈ ধৰিলে৷

সাহিত্যৰ লগত সমালোচনা সাঙোৰ খোৱাৰ পিছত স্বাভাবিকতেই সাহিত্যৰ অধ্যয়নো জটিল হ’ল৷ এটা অধ্যয়ন পদ্ধতিক আন এটাই নাকচ কৰি ভালদৰে খোপনি পুতিবলৈ নৌপাওতেই হয়তো তৃতীয় এটাই আগৰ দুয়োটাকে নস্যাৎ কৰি স্থান দখল কৰিলে৷ সাধাৰণ পাঠক মতবাদ আৰু তত্বৰ হেঁচাত উৱাদিহ হেৰুৱাব লগীয়া হয়৷ আকৌ এইবিলাকৰ সৈতে পৰিচয় নাথাকিলেও অপদস্থ হোৱাৰ ভয়৷

টোকাঃ ভাবে-ভাষাই তৰল এই লেখা ২০০০ চনৰ ১২ জুনত তিনিচুকীয়াৰ পৰা তেতিয়া প্ৰকাশিত প্ৰবহন নামৰ সাপ্তাহিক কাকতত ওলাইছিল৷

বনশাক


অপৰাজিতা,
আকলপী,
আদা,
আম,
আমলখি,
উৰহী,
ওলকচু,
ঔটেঙা,
কচু,
কটাৰী ডবুৱা মাহ,
কঁঠাল,
কণবিলাহী,
কুন্দুলি,
কপৌ ঢেঁকীয়া,
কলপচলা,
কলমৌ,
কাঠআলু,
কালমেঘ,
কিৰিঙা লতা,
কেহেৰাজ,
কেঁহেৰাজ,
কেৰোলালতি,
কোটাহিবেঙেনা,
খুতৰা,
খৰুৱাবেঙেনা,
চুকা,
চজিনা,
চুটিয়ালফা,
চেংমৰা,
জাতিলাও,
জালুক,
জিলমিল,
জেটুলিপকা,
টুপুৰীলতা,
টুবুকীলতা,
টাটি কেৰেলা,
টিকনি বৰুৱা,
টেঙামৰা,
ডিমৰু,
ঢেঁকীয়া,
ঢেঁকীয়ালতি,
ঢেৰুৱা,
তিতাকুচি,
তিতাকেৰেলা,
তিতাফুল,
তিতাভেঁকুৰি,
তিতামৰা,
তিঁয়হ,
তেঁতেলী,
তেলকচু,
তৰা-গজালি,
দুপৰটেঙা,
দুবৰি বন,
দহি কচু,
দোৰণ,
নলটেঙা,
নলটেঙা,
নেফাফু,
নৰসিংহ,
পদুম,
পদিনা,
পুনর্ণৱা,
পনিয়ল ,
পাতিসোন্দা,
পানীকচু,
পানীনোৱা,
পালেং,
পিপলি,
পিৰজা,
পিৰজা,
পিৰালি পালেং,
পিৰালিকুঁৱৰী,
বকফুল,
বগা পূৰৈ,
বনখুতুৰা,
বনজালুক,
বনতুলসী,
বনতিয়হ,
বনধেপাই তিতা,
বর্হমথুৰি,
ব্রাহ্মী,বৰুণ,
বাঘ আঁচোৰা,
বাবৰি,
বালি বাবৰি,
বাহক তিতা,
বিশল্যকৰণী,
বেঙেনা,
বেতগাজ,
বৰটেঙেচী,
বৰথেকেৰা,
বৰবিলাহী,
বৰবেঙেনা,
ভূঁই আমলখি,
ভাং,
ভাতকেৰেলা,
ভাতমেটেকা,
ভাতমেটেকা,
ভীমৰাজ বন,
ভেটাইতিতা,
ভেদাইলতা,
ভেবেলী লতা,
ভোটমলা,
ভোলমতি,
মছ্ন্দৰী,
মজ,
মজ,
মদাৰ,
মদাৰ,
মধুসোলেং,
মধুৰী আগ,
মনোৱা,
মূলা,
মহানিম,
মাটি কাঁদুৰী,
মাটিকাঁদুৰী,
মাঠুকঠুকা,
মাধৈলতা,
মানধনিয়া,
মানিমুনি,
মালভোগ,
মিঠাআলু,
মিঠামৰা,
মিঠামৰা,
মেচাকি,
মেজেঙা,
মেথি,
মেদেলুৱা,
মেমেধু,
মৰলীয়া,
মৰাপাট,
মৰিচা শাক,
লফা,
লাই,
লাইজাবৰী,
লাচকচী,
লাতুমণি,
লেহেতি,
লৰবুৱা,
শুকতিলতা,
শুকলতি,
শতমূল,
শিঙাপাত,
শিমলু আলু,
শিলকচু,
শেৱালি,
সোণবৰিয়াল.
সৰু পুৰৈ,
সৰু বিলাহী,
সৰুটেঙেচী,
সৰুমানিমুনি,
সৰিয়হ,
হাঁচিয়তী,
হাতীউৰহী,
হাতীখুতৰা,
হাতীভেকুৰী,
হেঙুনীয়া,
হেলচী,
ৰঙা পূৰৈ,
ৰঙালাও,

উৎস: বনশাক আৰু ইয়াৰ ব্যৱহাৰ-জুৰী বৰা বৰগোহাঞি ,লক্ষীনন্দন বৰগোহাঞি

আহোম ৰজাই খন্দুৱা পুখুৰী


আইদেউ পুখুৰী,
আঘোণী পুখুৰী,
আঁচুবুলীয়া পুখুৰী,
আঠাই সাগৰ পুখুৰী,
আঠাবাৰী পুখুৰী,
কোৰধোৱা পুখুৰী,
কৰতোৱা পুখুৰী,
কুঁৱৰী পুখুৰী,
খেমদৈ পুখুৰী,
গড়গাঁও পুখুৰী,
গাভৰু পুখুৰী,
গৌৰীবল্লভ পুখুৰী,
গৌৰীসাগৰ পুখুৰী,
চেউনী পুখুৰী,
চোলাধৰ ফুকনৰ পুখুৰী,
জয়সাগৰ পুখুৰী,
জয়া পুখুৰী,
জেঠী পুখুৰী,
টেঙা পুখুৰী,
ডিমৌ পুখুৰী,
ধাই পুখুৰী,
ধিতাই পুখুৰী,
নুমলি পুখুৰী,
নাহৰ পুখুৰী,
নিতাই পুখুৰী,
নিমাই পুখুৰী,
নেওগ গোসাঁই পুখুৰী,
পদুম-পাদৰ পুখুৰী,
পানখিল পুখুৰী,
পেটধোৱা পুখুৰী,
ফুলচেঙৰ পুখুৰী,
ফুলপানীছিগা পুখুৰী,
বগীতলৰ পুখুৰী,
বঙাল পুখুৰী,
বেজদলৈ পুখুৰী,
বৰপাত্র পুখুৰী,
বৰবৰুৱা পুখুৰী,
ভোগদৈ পুখুৰী,
মিঠাই পুখুৰী,
মেগলৌ পুখুৰী,
মেচলৌ পুখুৰী,
মেচাগড় পুখুৰী,
লখিমী পুখুৰী,
লিগিৰি পুখুৰী,
লেছাবাৰী পুখুৰী,
লেপেটাবাৰী পুখুৰী,
শুকান পুখুৰী,
শধোৱা পুখুৰী,
শেনচোৱা পুখুৰী,
সেন্দূৰী পুখুৰী,
সোণতোলা পুখুৰী,
সোণাৰী পুখুৰী,
ৰংনাথৰ পুখুৰী,
ৰঙাচিলা পুখুৰী,
ৰুদ্রসাগৰ পুখুৰী,
ৰৃপহী পুখুৰী,
ৰহচলা পুখুৰী,
ৰহদৈ পুখুৰী,
ৰাজমাও পুখুৰী ।

কাক কি বুলি জানো ?

কাক কি বুলি জানো ?

অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী
অভিনয়াচার্য : ব্রজনাথ শর্মা
অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
অসম গৌৰৱ : হেম বৰুৱা
উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
কথা শিল্পী : আব্দুল মালিক
কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
জননায়ক : দেৱেশ্বৰ শর্মা
ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
দেশভক্ত : তৰুণৰাম ফুকন
ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
নটসূর্য : ফণী শর্মা
নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
পথাৰৰ কবি : ৰাম গগৈ
প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
ফুলনিৰ কবি : পদ্মধৰ চলিহা
বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
বনকোঁৱৰ : আনন্দিৰাম দাস
বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
বাগ্মীবৰ : নীলমণি ফুকন
বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
বিহগী কবি : ৰঘুনাথ চৌধাৰী
বীৰবালা : কনকলতা
ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
মৰমী কবি : দুর্গেশ্বৰ শর্মা
লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
লোকনায়ক : অমিয় কুমাৰ দাস
লোকপ্রাণ : মতিৰাম বৰা
লোকপ্রিয় : গোপীনাথ বৰদলৈ
লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
লৌহ মানৱ : বিষ্ণুৰাম মেধি
শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
শোণিত কোঁৱৰ : গজেন বৰুৱা
সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
সৰস্বতী : নির্মলপ্রভা বৰদলৈ
ৰসাল কবি : দণ্ডিনাথ কলিতা
ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা