আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 6 March 2011

যদি মই হেৰাই যাওঁ

চন্দৰ্মা কলিতা
------------------

যদি মই হেৰাই যাওঁ,
বিচাৰি নুফুৰিবানে মোক?
ডুবি যোৱা বেলিটিয়ে এৰি যোৱা পোহৰকণত অথবা
নিঁয়ৰে সেমেকাই তোলা পুঁৱতিনিশাবোৰত?

যদি মই হেৰাই যাওঁ,
ব্যাকুল হৈ ৰৈ নাথাকিবানে,
সৰাপাতবোৰ গছকি মই উভতি আহিম বুলি?

গলিপৰা জোনাকখিনিক জানো চুব পাৰিবা,
কাষে কাষে মই নাথাকিলে?
কবিতাবোৰ লিখি থাকিবানে,
কোনোবাখিনিত মই হেৰাই গ’লে?

তুমি আছা বাবেই হেৰাই যাব নোৱাৰিলো।
তোমাক শেষ কৰি যোৱাৰ অপবাদ
মই কিদৰে সহো?

No comments:

Post a Comment