আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 6 March 2011

ডিফলুৰ পাৰত এদিন

বৰ্ণালী দেউৰী বৰা
-----
ফাগুনৰ উন্মাদনা গাত সানি
ভৰুণ হৈছিল ৰাশি ৰাশি শিমলু,
অকৃত্ৰিম অনন্য ৰুপৰ পোহাৰ মেলি
বাউল কৰিছিল দূৰ দিগন্তক,
চটিয়াই দিছিল মুঠিয়ে মুঠিয়ে
ৰঙীণ আবিৰ আকাশৰ সীমনালৈ,
নীলাকাশেও অধোবদনে মুখ লুকুৱাইছিল
তলসৰা ৰঙা ৰঙা দলিচাত,
পুলকিত হৈছিল অজান শিহৰণত..

দুৰাকাছ বোৰে কৰিছিল প্ৰেমালাপ
শীৰ্ণ ডালটিৰ সতে নদীৰ বুকুত,
সাজি কাচি ওলাইছিল দৰা গপতে গঙ্গাটোপ
কইনা দনিকণাৰ পদুলি দলদোপ হেন্দোলদোপ
আনন্দত উঠলি উঠিছিল পখীজাকৰ হৃদয়
মৌ-মিঠা সুৰেৰে জুৰিছিল আয়তী নাম হৈ সদয়,
চিতলে উজান দিছিল বিয়া নাম গাই
সেউজ সেউজ ভাটৌ জাকে ৰং চালে
জাত জাত জোৰা নাম গায় ।

বাঁহীৰ সুৰত উন্মনা হৈছিল ধৰনী
বিৰিখৰ ডালেৰে সাজিছিল বননী
লাজতে হেঙুলী ৰাঙলী হো্ৱা দেখি বেলি
সকাহ দিছিল ডাৱৰে আচঁল মেলি
লাজকুৰীয়া চাৱনি এটি থৈ চকুত,
হেঙুলীয়া লহৰ তুলিছিল নদীৰ বুকুত ।
নীৰৱ সাক্ষী ডিফলু আছিল ৰুদ্ধবাক,
ৰিৱ ৰিৱ মলয়াছাটি গাত সানি,
ঘৰমূৱা হৈছিল অচিন চৰাইৰ জাক.........

No comments:

Post a Comment