আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Tuesday 15 February 2011

ল'ৰালিৰ পদ্যবোৰ

বগাকৈ বগলী বহলাই বহিছে,বলুকাত বিয়লি বেলা।
বকুল বাগৰিছে ববছা বনতে,বুটলি বিলাওগৈ ব'লা।
-------------------------------------------------------

পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, ঘৰৰ মূধত পৰি থকিল গোটেই শুকুৰবাৰ


-------------------------------------------------------

হলৌ উঠিল টকৌ গছত 

লগাই খদৌ মদৌ,

 জৌ জৌ কৈ সৰিল নিয়ঁৰ

 হ’ল জলৌ জপৌ
------------------------------------------------------



লাও পুলি ল’ৰাই ৰুলোঁ,
 ৰুলোঁ ল’ৰাই লফা, 
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই 
তাঘূৰ ঘূৰাই মাতা


---------------------------------------------------------




শিয়ালী ঐ নাহিবি ৰাতি...তোৰে কানে কাতি ল’গামে বাতি


------------------------------------------------------------


এক্কা গাড়ীত উঠি টংকই দিল্লী চহৰ চালে, উচ্চ উচ্চ অট্টালিকা দেখি চমক খালে।


---------------------------------------------------


তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত উৰে
ওপৰে গেড়ুৱা, মাজত শুকুলা, তলত শ্যামল নাচে
 বগাৰ মাজত অশোক চক্রৰ চিত্র জিলিকি ৰয়
 আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়




----------------------------------------------


নাৰ বাট পাভ মাছ আৰু এটি কাছ 
বাৰ টকাত কিনি আনি
 কিয় বাৰু নাচ

-------------------------------------------------

অ’ হেৰৌ ৰহীমলা বাই, 
তোৰ মান বুধিয়ক নাই, 
জোকৰ মুখত চূণ দি, টিংখং বগলীক, 
নিমিষতে বুধি পাঙি দিলি পঠিয়াই.....


-----------------------------------------------


পাঠশালাৰ পদুম পুখুৰ্ৰীৰ পাৰৰ প্ৰিয়ম পাঠকে পাটাচাৰকুচিত পতা প্ৰতিযোগিতাত পানীত পৰা প্ৰিয়ংকা পাটগিৰীক পানীৰ পৰা প্ৰাণ পোৱাই প্ৰশংসনীয়ভাৱে পিতলৰ পৰিস্কাৰ পুৰণি পাত্ৰ প্ৰৱীণ পৰাশৰৰ পৰা প্ৰথম পুৰস্কাৰৰূপে পাইছিল.......এইটো ল’ৰালিৰ পদ্য নহয়,কিন্তু "বগাকৈ বগলী......."ৰ লগত সাদৃশ্য থকা আটাইকেইটা শব্দৰ প্ৰথম আখৰটো একেটা বৰ্ণৰে আৰম্ভ হোৱা বাক্য


----------------------------------------------------
গ-গুৱাহাটীৰ গণেশগুৰিৰ গীতালিৰ গিৰিয়েক গগণৰ গাৰ গেঞ্জীটো গৰমত গেলা গেলা গোন্ধাইছে
আ-কাৰ--দাদা পাঠা কাটা দা পালা না নাপালা হা?
ই-কাৰ--ভিনিহি তিনিটি সিকিদি মিচিৰি কিনি খিৰিকীদি দিবি (এটা কেৱল ঈ-কাৰ আছে)

------------------------------------------------------


পিতলৰ পৰিস্কাৰ পুৰণি পাত্ৰ প্ৰৱীণ পৰাশৰৰ পৰা প্ৰথম পুৰস্কাৰৰূপে পাই পিতাকলৈ পত্ৰ পঠিয়ালে |


--------------------------------
অকণৰ ঘৰ নগৰত | নগৰত বৰ বৰ ঘৰ | নগৰত বৰ গৰম | গছৰ তলত অলপ নৰম | অকণ বৰ সহজ সৰল | শৰত অকণৰ লগৰ | শৰত বৰ নদন বদন | অকণ শৰতৰ বৰ মৰমৰ | শৰতৰ জনম মহৰমৰ সময়ত | শৰতৰ ঘৰ চহৰত | শৰতৰ ঘৰত নৰম নৰম বৰফৰ দম | চতৰ সময়ত গৰম বতৰত অকণৰ লগত হয় শৰতৰ দন | বয়সৰ ফলত হয় মৰমৰ দন | শৰতৰ ফলকত অকণৰ কলমৰ দম | শৰতৰ মনত কলৰ বল | অকণৰ গলধনত শৰতৰ চৰ | মৰমৰ অকণ হয় পৰ.
------------------------------------


অ’ ফুল অ’ ফুল, নুফুল’ কিয় ?
 গৰুয়ে যে আগ খায়;ম‍ইনো ফুলিম কিয়? ... 
 অ’ গৰু অ’ গৰু,আগ খাৱ কিয়? 
 গৰখীয়াই যে মোক নাবান্ধে;ম‍ইনো নাখাম কিয়?


--------------------------------


শুৱনি আমাৰ গাওঁখনি অতি শুৱনি গছৰে ভৰা..


------------------------------
নিচিনো তোমাক ক’ত আছা প্ৰভু আমি অতি সৰু ল’ৰা,চিয়ঁৰি চিয়ঁৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা


-------------------------------
হালধীয়া চৰায়ে বাও-ধান খায়,
সাউদৰ পুতেকে নাওঁ মেলি যায়। 
 নাঁৱে বোলে টুলুং-ভুটুং, 
ব'ঠাই বোলে বাও,
গধুলিতে গধুলিতে দবা কোবাও।

5 comments:

  1. ‘শুৱনি আমাৰ ঘাও খনি..’ আৰু ‘ নিচিনো তোমাক ক’ত আছা প্ৰভু ...’দুয়োটা পদ্যৰ সম্পুৰ্ণ পাঠ উল্লেখ থকাহেতেন অতি মনোৰম হ’লহেতেন ৷ আশা কৰো সোণকালে উক্ত পদ্য দুটাৰ সম্পুৰ্ণ পাঠ পঢ়িব পাম ৷

    ReplyDelete
  2. ভাল লগিল | সৰুতে স্কুলত পঢ়া দিনবোৰলৈ মনত পেলাই দিলে |

    ReplyDelete
  3. http://kobitakuki.blogspot.in/
    পুৰণি অসমীয়া পদ্যৰ সংকলন

    ReplyDelete
  4. বহুত বানান ভুল আছে৷
    প্ৰচেষ্টা প্ৰশংসনীয়৷

    ReplyDelete
  5. বহুত বহুত ভাল লাগিল

    ReplyDelete