আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

অসমীয়াত কথা বতৰা : কিছু নিয়মাৱলী

প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ এই অসমীয়া কথা ৰতৰা গ্ৰুপলৈ৷ অনুগ্ৰহ কৰি নিম্নোক্ত কথা খিনি এবাৰ সময়লৈ পঢ়ি চাওঁক -


১) আপোনাক আপোনাৰ যি বন্ধুয়ে আমন্ত্ৰণ জনাইছে তেখেতৰ পৰা এই গ্ৰুপৰ বিষয়ে থুল মুল এটা আভাস  লওঁক আৰু যদি আপুনি নিজে এই গ্ৰুপৰ সদস্য হৈছে তেতিয়া হলে আপুনি নিশ্চয় এই গ্ৰুপৰ উদ্দেশ্যৰ বিষয়ে জানে ।

২ ) গ্ৰুপত লিখা থকা আমাৰ post আৰু
লগতে তলত উল্লেখিত doc file সমূহ
লিখন সঁজুলি নিৰ্বাচন (choosing typing tool)
অভ্রত অসমীয়া আখৰ লিখাৰ পদ্ধতি
বাৰাহা টাইপিং পদ্ধতি
প্ৰধান সমস্যা সমূহ -( most common problems)
পঢ়ি চাওঁক - হয়তো আপুনি scroll কৰি তললৈ অথবা পিছৰ পৄষ্ঠা সমূহ চাব লগীয়া হ'ব পাৰে৷ (এই অসুবিধাৰ বাবে আমি দুঃখীত) ।

) আপোনাৰ কোনোবা বন্ধুয়ে (এই গ্ৰুপত থকা , আপুনি pvt chatৰ সহায় লব পাৰে) যদি অসমীয়া লিখিব পাৰে অথবা জানে তেখেতক সোধক ।

৪) এই সকলো কৰাৰ পাচতো যদি আপুনি কিবা অসুবিধাৰ সন্মুখিন হৈছে , গ্ৰুপত post কৰক৷ post কৰোতে এই কথা কেইটালৈ মন কৰিব --

  (ক) অনুগ্ৰহ কৰি অসমীয়াত লিখক নহলে ইংৰাজীত লিখক
  (খ) যি সকলে অসমীয়াত লিখিব পৰা নাই সেই সকলে English ত লিখক, কিন্তু ইংৰাজী  আখৰ ব্যৱহাৰ কৰি অসমীয়া নিলিখিব ,তেনে লিখা যিমানেই প্ৰয়োজনীয় নহওঁক কিয়  আতৰাই দিয়া হব৷
  ( গ ) কিন্তু ইংৰাজী লিখা কেবল অসমীয়া টাইপিং সম্বন্ধীয় সমস্যাৰ কথাতে সীমাবদ্ধ কৰি ৰাখক৷
  (ঘ ) আপোনাৰ কবলগীয়া/সুধিব লগীয়া কথা খিনি যিমান পাৰে চমুকৈ আৰু স্পষ্টকৈ লিখক (বানান ভুল হব বুলি সংকোচ নকৰিব)
  (ঙ)  অযথা post অথবা উত্তৰ (reply) নিদিব, ধন্যবাদ বা অন্য সৌজন্যমূলক উত্তৰ বোৰো স্থান সাপেক্ষে কেতিয়াবা অপ্ৰয়োজনীয় হব পাৰে (আপুনি কাৰোবাৰ কথা/post ভাল পালে likeকৰিলেই হব|)
  (চ )  আপোনাৰ post/উত্তৰ বোৰ সেই আলোচনা (discussion thread) সম্বন্ধীয় কৰি ৰাখিব৷
  ( ছ ) Thread hijacking(Thread hijacking - আলোচনাৰ মূল কথাৰ পৰা আতৰি অন্য আলোচনা কৰা) সম্পূৰ্ণৰূপে অবাঞ্চনীয়
  (জ)  তৰল/আক্ৰোশ মূলক/ঠাট্টা মূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকক৷ ( এনে মন্তব্য ততালিকে আতঁৰাই (delete) দিয়া হব)
 (ঝ)  কিবা যদি কাৰোবাৰ ভুল দেখা পাইছে অনুগ্ৰহ কৰি শুধৰাই দিয়ক (মাৰ্জিত ভাষাৰ মাজেৰে)

আকৌ কওঁ --
ইংৰাজী  আখৰ ব্যৱহাৰ কৰি অসমীয়া নিলিখিব ,তেনে লিখা যিমানেই প্ৰয়োজনীয় নহওঁক কিয়  আতৰাই দিয়া হব৷
  ইংৰাজী লিখা কেবল অসমীয়া টাইপিং সম্বন্ধীয় সমস্যাৰ কথাতে সীমাবদ্ধ কৰি ৰাখক৷ -----
উপৰোক্ত কথাখিনি আমাৰ পৰা আপোনলৈ আদেশ বুলি নল’ব, এইখিনি আমাৰ ফালৰ পৰা আপোনালৈ অনুৰোধ হে, আৰু এই কথা খিনি সকলোৰে বাবে প্ৰযোজ্য । আমি প্ৰশাসক  সকলো ইয়াৰ উৰ্ধত নহয় ।





 সকলোৰে জ্ঞাতাৰ্থে বিশেষ অনুৰোধ: 
১) পৰাপক্ষত অসমীয়া UNICODEত পোষ্ট কৰিবলৈ চেষ্টা কৰিব। নৱাগত সকলে লাজ কৰাৰ কাৰণ নাই। কাৰোবাৰব ভুল হ'লে অমায়িক ভাৱে আঙুলিয়াই দিব। ঠাত্তা মস্কৰা বা সস্তীয়া মন্তব্য নিদিব।
২) কোনোধৰণৰ আপত্তিজনক বা আন কাৰোবাৰ ব্যক্তিত্বত আঘাত হানিব পৰা মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি কিছু সৃষ্টিশীল ৰুচিসম্পন্ন বিষয়ৰ আলোচনা হোৱা উচিত।
৩) এই ফ’ৰামত সকলোৰে  পোষ্ট কৰাৰ অধিকাৰ আছে। এই ফ’ৰাম টোৰ প্ৰধান উদ্দেশ্য অসমীয়া ভাষা , সাহিত্য, বা সম্পৰ্কীয় বিষয়ৰ আলোচনা। ইয়াত বিভিন্ন বয়সৰ ব্যক্তি থাকে। সকলোৰে কথা আমি ভাবিৱ লাগিব। ব্যক্তিগত পৰ্য্যায়ৰ কথা আলোচনা কৰাৰ বাবে অলপ অসুবিধা আছে।
৪) গতিকে অকনমান আমাক সহায় কৰক। এনেধণৰ সৰু সুৰা নিয়ম সমূহ মানি নচলিলে সদস্যজনক আঁতৰাই দিয়া হ'ব।


আহক আমি সকলোৱে মিলি অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁ ---
আপোনাৰ উপদেশ তথা সহায় আমাৰ কাম্য --
চিৰ চেনেহী মোৰ ভাষা জননী --
জয় আই অসম --
ধন্যবাদ ....

সমূহ অসমীয়াত কথা বতৰা প্ৰশাসক
*( এই কথা খিনিৰ সময় সাপেক্ষে কিছু সাল সলনি হব পাৰে)