কীৰ্ত্তন || তৃতীয় খণ্ড |||| পাষণ্ড মৰ্দ্দন
||
|| প্ৰথম কীৰ্ত্তন
||
ঘোষা || কলিৰ ধৰ্ম্ম হৰি নাম জান |
পাপীৰ নিন্দাত নেদিবা কাণ
||৭
পদ || কহিলা শুকে বেদান্তৰ মৰ্ম্ম
|
শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম ||
কলিসি শ্ৰেষ্ঠ চাৰিযুগ মাজে
|
প্ৰশংসে কলিক জ্ঞানী সমাজে
|| ৭২
অপ্ৰয়াসে সিজে কলিত পুণ্য |
কলিৰ শুনা যেন মহাগুণ ||
কৰিয়া কীৰ্ত্তন কলিত আতি |
পাৱে বৈকুণ্ঠক চৌত্ৰিশ জাতি || ৭৩
সত্য যুগে কৰি ধ্যান সমাধি |
ত্ৰেতাত সমস্তে যজ্ঞ আৰাধি ||
দ্বাপৰে পূজি নানা ভক্তিভাৱে |
কলিত কীৰ্ত্তনে সি গতি পাৱে
|| ৭৪
সত্য যুগে যত আছিল প্ৰাণী |
কলিত জন্মিবো বোলে কৈসানি ||
হৰি নাম ঘুষি কলি যুগত
|
নিছয়ে হুইবেক লোক ভকত || ৭৫
দোষৰ নিধি কলি যদি পাপী
|
আছে মহাগুণ আত তথাপি ||
কেৱলে কীৰ্ত্তনে সংসাৰ তৰি |
বন্ধ ছিণ্ডি হোৱৈ আপুনি হৰি
|| ৭৬
কলিত কীৰ্ত্তনে হোৱৈ ভকত |
আত পৰে লাভ নাহি লোকত
||
আমাৰ বোলে চিত্ত নেদা ঠাৰি |
একাদশ স্কন্ধ চোৱা বিচাৰি || ৭৭
কলিৰ লোক অতি পাপমতি |
নসাধৈ আন ধৰ্ম্মে আৰ গতি ||
ৰাম নাম যিটো সততে গাৱে
|
সেহিসে হাততে মুকুতি পাৱে
|| ৭৮
দুষ্ট চিত্তো যদি হৰি সুমৰে
|
তথাপিতো তাৰ পাতক হবে ||
অনিচ্ছাতো যেন অগনি পোলে |
বিষ্ণুধৰ্ম্মোত্তৰ আগমে বোলে || ৭৯
ঘোৰ সংসাৰৰ মুখ্য আষুধি |
হেন হৰি নাম এৰি বিবুধি
||
লভিবে মুকুতি কোন উপায় |
মিছাত পণ্ডিত ফুৰে বোলাই || ৮০
নাৰদে কহন্ত মুনিক মাতি |
আশ্চৰ্য্য আশ্চৰ্য্য দেখিয়ো আতি
||
হৰি হেন নাম আছে বিয়াপি
|
সংসাৰ তাপত মৰৈ তথাপি || ৮১
হৰি নামে নামে নামে নিশ্চয়
|
মোহোৰ জীৱন নাৰদে কয় ||
কলিৰ কালে আউৰ আতপৰ |
নাহি নাহি নাহি গতি লোকৰ
|| ৮২
নাৰদে দিলন্ত তিনি কতপা |
আক নামানিবে কোননো লপা ||
নাৰদৰ বাণী শিলৰ ৰেখা |
বৃহত নাৰদী বিচাৰি দেখা
|| ৮৩
সমস্ত লোকৰ ধৰ্ম্মক এৰি |
বিষ্ণুৰ নামক সততে ৰড়ি ||
সিজনে যি গতি লভিবে সুখে
|
সকলে ধাৰ্ম্মিকে নাপাৱৈ দু:খে || ৮৪
জানিয়া হৰিক সততে স্মৰ |
ক্ষণেকো নপাসৰিবাহা নৰ ||
যত মহাপুণ্য মহা পাতক |
ই দুইৰ কিঙ্কৰ জানা প্ৰত্যেক || ৮৫
তথাপি যদি চিত্ত নেদা থাৰি
|
পদ্ম পুৰাণত চায়ো বিচাৰি ||
বৃহত সহস্ৰ নামত আছে |
নপাইলে আমাক নিন্দিবা পাছে
|| ৮৬
কহিলা শুকে পৰমাৰ্থ বাণী |
মহাভাগৱত শাস্ত্ৰ প্ৰমাণি |
নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে ।
পৱিত্ৰ কৰা হৰি হৰি বোলে ॥ ৮৭
যত মহাপুণ্য মহাপাতক৷
ই দুয়ো কিঙ্কৰ জানা প্ৰতে্যক ৷৷৮৫৷৷
তথাপি যদি চিত্ত নেদা ঠাৰি৷
পদ্মপুৰাণত চায়ো বিচাৰি৷৷
বৃহৎ সহস্ৰ নামত আছে৷
নপাইলে আমাক নিন্দিবা পাছে৷৷৮৬৷৷
কহিলা শুকে পৰমাৰ্থ বাণী৷
মহাভাগৱত শাস্ত্ৰ প্ৰমাণি৷৷
নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে৷
পবিত্ৰ কৰা হৰি হৰি বোলে৷৷৮৭৷৷
৷৷ দ্বিতীয় কীত্তৰ্ন ৷৷
ঘোষা৷৷
হৰি ও হৰি ৰাম মুৰািৰ ৷
কীত্তৰ্নৰ নিন্দা সৈতে নপাৰি ১৬৷৷ ৮ ৷৷
পদ ৷৷
চাণ্ডালে কৰিছে হৰি কীত্তৰ্ন৷
বুলিয়া নিন্দৈ যিটো অজ্ঞজন ৷৷
তাক সম্ভাষণ যিজনে কৰৈ ৷
আজন্মৰ পুণ্য তেখনে হৰৈ ৷৷৮৮৷৷
বিষ্ণুৰ গুণ নাম অলঙ্কৃত ৷
অন্ত্যজো যিবা কৰি আছৈ গীত ৷৷
তাক নিন্দা কৰৈ যিটো কুমতি৷
পুণ্যক নাশি যাইবে অধোগতি ৷৷৷৮৯৷
আমাৰ বোলে পতিয়ন নাই ৷
দেখিয়ো সূতসংহিতাক চাই৷৷
ৰজো গুণে কৰৈ কমৰ্মত প্ৰীতি ৷
কৰ্ম্মীৰ দম্ভ ভাৱে বাঢ়ৈ আতি ৷৷ ৯০৷৷
কৰে হিংসা ধৰ্ম্ম নোপোজে বোধ ৷
নুগুচয় যেন সৰ্পৰ ক্ৰোধ ৷৷
হাসৈ বৈষ্ণৱক যিটো নিষ্ফল৷
পাপত সমূলঞ্চে যায় তল৷৷৯১৷৷
স্ত্ৰী ধন জন যৌৱন মদে৷
অন্ধ হোৱৈ বিদ্যা গৰ্ব্বৰ পদে৷৷
বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দৈ৷
হৰি নামে তাৰ কাণত বিন্ধৈ৷৷৯২
হৰি ভকতক যিজনে হা ঁসৈ৷
নুবুজি বেদৰ অৰ্থ বিনাশৈ৷৷
জগতত বিষ্ণু আছন্ত ব্যাপি৷
শুনিয়া তাক নুবুজয় পাপী৷৷৯৩
স্ত্ৰী মদ্য মাংস সেৱাৰ কথা৷
কৈয়া মৰে কৰৈ জন্মক বৃথা৷৷
নুবুজে বেদ অভিপ্ৰায় গূঢ়৷
কৰ্ম্মক কৰিবে নজানে১৭ মূঢ়৷৷৯৪৷৷
মূৰ্খ হুয়া বোলৈ মঞি পণ্ডিত
নষ্ট কৰি ফুৰৈ আনৰো চিত্ত৷৷
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম৷
বিষ্ণুত অৰ্পিৱ সিসৱ ধৰ্ম্ম৷৷৯৫৷৷
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল৷
মিছাত নজানি নিন্দৈ নিষ্ফল৷৷
আমাৰ বোলে অপ্ৰত্যয় যাহা৷
একাদশ স্কন্ধে বিচাৰি চাহা৷৷৯৬৷৷
বিষ্ণু বৈষ্ণৱৰ নিন্দা সুনিয়া
নুগুচৈ কৰ্ণত আঙ্গুলি দিয়া৷৷
সমস্ত পুণ্য নষ্ট হোৱৈ তাৰ৷
নৰকত পৰৈ নাহি নিস্তাৰ৷৷৯৭৷৷
বিষ্ণু বৈষ্ণৱক কৰৈ ধিক্কাৰ
কাটিবে আণ্টিয়া জিহ্বাক তাৰ৷৷
শাস্তি কৰিবাক যেৱে নপাৰি৷
গুচিৱে কাণত আঙ্গুলি গাৰি৷৷৯৮
নিন্দা শুনি যদি তৈৰ নুগুচৈ৷
কল্পেক মান নৰকত পচৈ৷৷
যাইবাক যদি নাহি আন থান৷
তথাতে এড়িবে আপুন প্ৰাণ৷৷৯৯৷৷
তেৱেসে হোৱৈ প্ৰায়চিত্ত আতি৷
দক্ষৰ যজ্ঞত কহিলা সতী৷৷
আমাৰ বোলে অপ্ৰত্যয় যাইবা৷
চতুৰ্থ স্কন্ধত বিচাৰি পাইবা৷৷১০০৷৷
যপ তপ ধৰ্ম্ম বেদ বেদাঙ্গ৷
হৰি নামে কৰে সৱে সুসাঙ্গ৷৷১৮
হেন হৰি নামে নাহি বিশ্বাস৷
কিমতে এৰাইব মৃত্যুৰ ত্ৰাস৷৷১০১৷৷
দ্বাদস স্কন্ধৰ তত্ত্ব উদ্ধাৰি৷
কহিলন্ত শুকে উপসংহৰি৷৷
জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি৷
হৰি কীৰ্ত্তনেসে পৰম গতি৷৷১০২৷৷
উৰেষা বাৰাণসী ঠাৱে ঠাৱে৷
কবীৰ(১৯) গীত শিষ্ট সৱে গাৱে৷৷
তথাপিতো আ ঁখি ফুটিল তাৰ৷
হৰি কীত্তৰ্নক কৰৈ ধিক্কাৰ৷৷১০৩৷৷
শুনা সব্বৰ্জ কহোঁ সাক্ষাত৷
মূঢ়ৰ বোলত নাহি সঞ্জাত৷৷
-------------------------------------
১৮(ক)পা,
হৰি নাম বিনা নাহি সুসাঙ্গ৷৷
(খ)হৰি নাম বিনে নুহি সুসাঙ্গ৷৷
১৯৷ পা, কবিৰ৷ কিন্তু ইয়াত ভক্ত কবীৰকহে সূচাইছে৷
-------------------------------------
বোলোক আসি ভাগৱত চাই৷
তেৱেসে বুজো তাৰ মুনিষাই৷৷১০৪৷৷
পুৰাণ সূযৰ্্য মহাভাগৱত৷
বেদান্তৰো ইটো পৰম তত্ত্ব৷৷
আক নুবুজি ফুৰৈ নিন্দা কৰি৷
তাৰ মুখ দেখি বুলিবা হৰি৷৷১০৫৷৷
৷৷তৃতীয় কীত্তৰ্ন৷৷
ঘোষা৷৷
ত্ৰাহি হৰি ৰাম মোৰে৷
মঞি মজিলো সংসাৰ ঘোৰে৷৷৯৷৷
পদ৷৷
কীৰ্ত্তন মহিমা শুনা উৎসুকে৷
বাঢ়ব স্কন্ধত যি কৈলা শুকে৷৷
সকল ধৰ্ম্মতে কৰি বিশিষ্ট৷
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ৷৷১০৬৷৷
অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি৷
দে ঁও উপদেশ হৰি ভকতি৷৷
ব্যাসৰ শুনি চিত্ত শান্ত ভৈল৷
প্ৰথম স্কন্ধত নাৰদে কৈল৷৷১০৭৷৷
সমস্ত বেদক ব্ৰহ্মায়ে আনি
বিচাৰিলা তিনিবাৰ প্ৰমাণি৷৷
এহিমানে মাত্ৰ কৰিলা সাৰ৷
হৰি কীৰ্ত্তনেসে তৰৈ সংসাৰ৷৷১০৮৷৷
হেন জানি ৰাজা একান্ত মনে৷
কৰিও যতন হৰি কীৰ্ত্তনে৷৷
ৰাজাত কহন্ত শুকে প্ৰবন্ধে৷
বিচাৰি দেখিও দ্বিতীয় স্কন্ধে৷৷১০৯৷৷
আতি লৱলেশ বিষয় সুখ৷
আকে লাগি ভৈল হৰি বিমুখ৷৷
নকৰে ৰতি হৰি কীত্তৰ্নত৷
আপুন কম্মেৰ্ সিও ভৈল হত৷৷১১০৷৷
সিটো চণ্ডালক গৰিষ্ঠ মানি৷
যাৰ জিহ্বাগ্ৰে থাকে হৰি বাণী৷৷
সমস্তে তীৰ্থতে কৰিল স্নান৷
কৰিল সৱ তপ হোম দান৷৷১১১৷৷
সেহিসে কুলীন বেদক বুজৈ৷
যাহাৰ মুখত হৰি নাম সিজৈ৷৷
পৰম তত্তদ্দ্ব জানি দেৱহুতি৷
তৃতীয় সকন্ধত কৰিলা স্তুতি৷৷১১২৷৷
নলাগে লীন মুকুতিকো তথা৷
নাহি হৰপিদ পঙ্জক যথা৷৷
কৰ্ণৰ অমৃত হৰি চৰিত৷
ভকতৰ মুখে শুনিবে নিত৷৷১১৩৷৷
হৰি কথামৃত কণাৰ বাৱে৷
দুনাই আত্মজ্ঞান সুমৰাৱে৷৷
নলাগে বৰ নমাগোহো তাক৷
চতুৰ্থ স্কন্ধত পৃথুৰ বাক৷৷১১৪৷৷
জ্বৰ(২০) মৰণৰ সময় দুঃখে৷
তযু গুণ নাম নেড়োক মুখে৷৷
মাগন্ত ঋত্বিজে
(২১) বৰ প্ৰবন্ধে৷
নাভিৰ(২২) যজ্ঞত পঞ্চম স্কন্ধে৷৷১১৫৷৷
পঞ্চম মহাপাপী যিটোজন৷
তাৰো প্ৰায়শ্চিত্ত হৰি কীত্তৰ্ন৷৷
তাক লাগি ভৈল হৰিৰ মতি৷
ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি৷৷১১৬৷৷
ব্ৰহ্মবধী গুৰবধী যতেক৷
পিতৃ-মাতৃবধী পাপী অনেক৷৷
কুকুৰ খায় হেন ম্লেচ্ছগণে৷
সিও শুদ্ধ হোৱে হৰি কীত্তৰ্নে৷৷১১৭৷৷
চাণ্ডালো হৰি নাম লৱে মাত্ৰ৷
কৰিবে উচিত যজ্ঞৰ পাত্ৰ৷৷
পাপৰ আলু উভাৰয় নামে৷
আক তুচ্ছ কৰি মৰে কি কামে৷৷১১৮৷৷
নামৰ মহিমা জানি সমূলি৷
জগতৰে মোক্ষ হৈৱেক বুলি৷৷
পূৰ্ব্বত আৰ গোপ্য কৰি থৈলা৷
দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা৷৷১১৯৷৷
নলাগে দেৱ দ্বিজ
নলাগে সম্ভৃত শাস্ত্ৰ জানিবে৷৷
মিছাতে মৰে আন কৰ্ম্ম কৰি৷
হোৱন্ত ভকতিতে তুষ্ট হৰি৷৷১২০৷৷
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী৷
পক্ষী মৃগগণ চণ্ডালো আসি৷৷
একান্তে কৰিয়া হৰি ভকতি৷
মহাসুখে পাৱৈ পৰম গতি৷৷ ১২১৷৷
সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী৷
দেখিয়ো বিচাৰ কৰি প্ৰমাণি৷৷
মুৰ্খৰ কথা সৱে পৰিহৰি৷
সদায়ে ডাকিয়া ঘুষিয়ো হৰি৷৷১২২৷৷
-------------------------------------------
২০৷ পা, জড়া
২১৷ ত্বিজ= যজ্ঞক ঁৰোতা, পুৰোহিত
২২৷ নাভি= পৰমহংস ৃষভ মুনিৰ পিতৃ
No comments:
Post a Comment