আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 24 June 2012

কীর্ত্তন।।সপ্তম খণ্ড।।।।  গজেন্দ্র উপাখ্যান  ।।
              ।।প্রথম কীর্ত্তন।।

ঘোষা ।। ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ।।৩৯।।
পদ   ।। ৰাজাক সাদৰি মুনি বুলিলা বচন
         শুনা পৰীক্ষিত কুৰুকুলেৰ নন্দন ।।
         পৰম মধুৰ মাধৱৰ গুণচয়
         শুনা সাৱধানে হৌক পাপৰ প্রলয় ।।৪৭৩।।
         ক্ষীৰ সাগৰৰ মাজে ত্রিকূট পর্ব্বত
         প্রকাশন্তে আছে তিনি লোকত বেকত ।।
         সুৱর্ণ ৰজত লোহা জ্বলৈ তিনি শৃঙ্গ
         চক্ষুত চমক লাগৈ দেখিতে বিৰিঙ্গ ।।৪৭৪।।
         আনো যত শৃঙ্গ ৰত্নে কৰৈ তিৰিমিৰি
         দশোদিশ প্রকাশিয়া শৌভৈ শুক্লগিৰি ।।
         অযুত যোজন জুৰি জ্বলৈ গিৰিবৰ
         উচ্ছ্রিত দেখিয় দশ হাজাৰ প্রহৰ ।।৪৭৫।।
         ক্ষীৰ সাগৰৰ ঢৌ চৌভিতি উথলে
         পখালে পর্ব্বত সুশীতল দুগ্ধজলে (৪৯) ।।
         থানে থানে আছে ভূমি অনেক উদ্যান
         ফুলে জকমক গন্ধে নাহিকে সমান ।।৪৭৬।।
         নদী নদ অশেষ বিশেষ সৰোবৰ
         স্ফটিক নির্ম্মল জল দেখি মনোহৰ ।।
         বিদ্যধৰীসৱে তাতে নামি কৰৈ স্নান
         পখালে শৰীৰ বৱৈ সুগন্ধিত ঘ্রাণ ।।৪৭৭।।
         পৰম আমোদ গন্ধ উথলে সদায়
         দশোদিশ জুৰি তাৰ বায়ু বহি যায় ।।
         দেখি সুশোভন বৰুণৰ (৫০) উপবনে
         যাত নিতে ক্রীড়ে দেৱ দিৱ্য নাৰীগণে ।।৪৭৮।।
         শাল তাল তমাল মন্দাৰ পাৰিজাত
         চম্পক অশোক আনো পুষ্প অসংখ্যাত ।।
         আম জাম লেবু জৰা জামীৰ খাজুৰি
         বেল নাৰিকল তাল তাম্বুল পাকড়ি ।।৪৭৯।।
         অগৰু চন্দন পদ্ম সৰল সোণাৰু
         আনো যত তৰুতৃণ সৱে কল্পতৰু ।।
         ছয় ঋতু এক কালে বসন্ত উদয়
         ভ্রমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয় ।।৪৮০।।
         বহয় মলয়া বায়ু আমোদিত মন
         নৃত্য গীত কৰৈ তৈতে অপেস্বৰাগণ ।।
         হৰি গুণ গীত গাৱৈ গন্ধর্ব্ব কিন্নৰে
         পাপ দূৰ হৌক হৰি বোলা নিৰন্তৰ ।।৪৮১।।

                ।।দ্বিতীয় কীর্ত্তন।।
ঘোষা ।। ৰাম দামোদৰ হৰে
         সেৱকে কাতৰ কৰে ।।৪০।।
পদ   ।। বনৰ সিটো বিতোপন নাম
         কহিতে যাহাৰ নাহি উপাম ।।
         তাহাৰ মাজে সৰোৱৰ এক
         সাগৰ সঙ্কাশ দেখি প্রত্যেক ।।৪৮২।।
         সৱর্ণময় পদ্ম আছে জুড়ি
         ভ্রমৰে মধু পিয়ৈ তাতে পৰি ।।
         ৰাজহংস আদি যতেক পক্ষী
         পৰি পৰি থাকৈ নযায় উপেক্ষি ।।৪৮৩।।
         কুমুদ ইন্দু উতপল ফুল
         ফুলি আছে গন্ধে নাহিকে তুল ।।
         চৌভিতি বেঢ়ি আছৈ তৰুবনে (৫১)
         কহিবে নাম তাৰ কোনজনে ।।৪৮৪।।
         কদম্ব ৰঘু নাগেশ্বৰ গাছে
         ফুলে ঝকমক বেঢ়িয়া আছে ।।
         মালতী মধাই জাঁই যূতি যত
         পাৰিজাত মুখ্য সমস্ত ।।৪৮৫।।
         বহৱৈ বসন্ত মলয়া বাৱ
         কোকিলে তেজে সুললিত ৰাৱ ।।
         সেহি বনমাজে গজেন্দ্র আছে
         অনেক হস্তী ফুৰৈ আগে পাছে ।।৪৮৬।।
         যতেক বৃক্ষ বেত বাংশ খৰি
         ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি ।।
         যাৰ গন্ধ পাইলে সিংহো পলায়
         যতেক পশু ডৰে জীৱ যায় ।।৪৮৭।।
         মদ জল ধাৰা বহিয়া যায়
         ভ্রমৰে তাক সেৱৈ সর্ব্বদায় ।।
         চৰন্তে ফুৰন্তে ক্রীড়ন্তে যাই
         ৰহিলা গজেন্দ্র ভাগৰ পাই ।।৪৮৮।।
         দুগুণে পীড়িল ৰবি কিৰণে          
লড়িল দুনাই জলপান মনে ।।
         পর্ব্বত কাম্পৈ গজেন্দ্রৰ ভিৰে
         পদ্মগন্ধ পাইল জলৰ তীৰে ।।৪৮৯।।
         নামিল গৈয়া সৰোৱৰ মাজে
         চৌভিতি হস্তীসমে গজৰাজে ।।
         পদ্মৰ ধূলায়ে সুগন্ধি জল
         পিলেক তৃষ্ণায়ে হুয়া বিকল ।।৪৯০।।
         অগাধ জল আতিশয় জুৰ
  গজেন্দ্র পাৰৈ ঘনে ঘনে বুৰ (৫২) ।।

-----------------------------------------------------
৪০। পা. কৃষ্ণ কৃপা কৰা প্রভু ত্রাহি ৰঘুপতি ।।
৪১। পা. সোপনে সচিতে/ সপোনে সচিতে/ স্বপনে সচিতে
৪২। পা. ওষধি
৪৩। পা. আছন্ত প্রহ্লাদ
৪৪। পা. পুৰুষ কোটি/ পুৰুষ সৱে
৪৫। পা. পাঞ্চেন্দ্রিয়ে/ পাঞ্চদিগি/ পাঞ্চদিকি
৪৬। পা. হেন অনুগ্রহ কৰিয়োক
৪৭। পা. হৰি নমো দামোদৰ যাদৱ
৪৮। পা. নভৈল ভকতি ইহ মনুষ্য জন্মত
৪৯। পা. গন্ধজলে
৫০। পা. তৰু যত
৫১। পা. উপবনে
৫২। পা. গজেন্দ্রে ঘনে ঘনে পাৰৈ বুৰ
------------------------------------------------------
হস্তিনী সমে কৰৈ জলক্রীড়া।
খণ্ডিল সমস্তে ৰৌদ্রৰ পীড়া।।৪৯১।।
হস্তী হস্তিনীক কৰাৱৈ স্নান।
পিয়াৱৈ জল গৃহস্থৰ ঠান।।
দায়ায়ে পুত্র ভা. ভার্য্যা সমে ৰঙ্গে। 
গর্ব্বে জলক্রীড়া কৰৈ মাতঙ্গে।।৪৯২।।
বিষয় সুখত ভৈলেক ভোল।
নেদেখে মৃত্যু আসি পাইলে কোল।।
জলত গজেন্দ্রে ক্রীড়ৈ উল্লাসে।
দেখিল তাক পাছে মহাগ্রাসে।।৪৯৩।।
ক্রোধে ধায়া আসি দিলে কামোৰ।
সিবেলা দুহানো ভৈল আজোৰ।।(৫৩)
গজেন্দ্রক গ্রাহে আজুৰি টানে।
হস্তীয়ো গ্রাহক আজুৰি আনে।।৪৯৪।।
যতেক বল আছে মানে দিল।
গ্রাহ গজেন্দ্রৰ যুদ্ধ মিলিল।।
দুইৰো অদভূত যুদ্ধ দেখিত।
ত্রিদশ দেৱ ভৈলা ভয়ে ভীত।।৪৯৫।।
দেখন্তে আতিশয় অসদৃশ।
যুজন্তে সহস্র গৈল বৰিষ।।
__________________________________________
৫৩। পা. সিবেলা দুইৰো ভৈল যুদ্ধ ঘোৰ।
_________________________________________
জগতে আছে এক দৃষ্টি কৰি।
শুনা সভাসদ ঘুৰিও হৰি।।৪৯৬।।

।।তৃতীয় কীর্ত্তন।।

ঘোষা ।।
কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ।
কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ।।৪১।।
পদ ।।
শুক নিদগতি কথা শুনা নৃপবৰ।
মিলিল অদ্ভুত যুদ্ধ গ্রাহ গজেন্দ্রৰ।।
আকাশত দেৱগণে দেখন্ত বিস্ময়।
গ্রাহ গজেন্দ্রৰ কাৰো নাহি ভঙ্গ জয়।।৪৯৭।।
কতো কালে গজেন্দ্রৰ বল ভৈল হানি।
গ্রাহৰ বাঢ়িল বল পিয়া স্বাদ পানী।।
শ্রান্ত ভৈল গজৰাজ যুজিতে নপাৰে।
চিহঁৰৈ হস্তিনীসৱে বেঢ়ি চাৰি পাৰে।।৪৯৮।।
আনো যত দন্তাল স্বামীৰ ঘোৰ দুঃখে।
ৰাখিত নপাৰি কাৰো বাক্য নাসৈ মুখে।।
দেখিয়া গজেন্দ্রে আপুনাৰ মৃত্যু ভয়।
ৰাখন্ত নাহিকে আৰ পুত্র ভার্য্যাচায়।।৪৯৯।।
সঙ্কট বেলাত তাৰ সদবুদ্ধি ভৈল।
কি ভৈল কি ভৈল বুলি গুণিবাক লৈল।।
আমি হেন গজেন্দ্র জগতে যাক কহে।
মহগর্ব্বে ভ্রমন্তে পাইলেক জলগ্রাহে।।৫০০।।
সহস্র বৎসৰ যিটো যুজো অপ্রয়াসে।
জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে।।
আমাক ৰাখিৱে আৱে কমন বান্ধৱ।
অন্তকালে গতি মোৰ কেৱলে মাধৱ।।৫০১।।
মহাবলৱন্ত কাল ভূজঙ্গক ভয়ে।
যাক সেৱা কৰন্ত সদায়ে যোগীচয়ে।।(৫৪)
পলায় জগতৰে মৃত্যু যি প্রভূক ডৰে।
যাক ভয়ে চন্দ্র-সূর্য্য পৱন সঞ্চৰে।।৫০২।।
হেন জগন্নাথ অনাথৰ ইষ্টদেৱ।
হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ।।
এহি বুলি মৰণত নভৈল বিকল।
শুণ্ডে মেহ্রাই ধৰিলন্ত সুৱর্ণ কমল।।৫০৩।।
পৰম আনন্দে মাধৱত দিয়া চিত্ত।
গজেন্দ্রে কৰিলা স্তুতি আতি বিপৰীত।।
_____________________________________________________
৫৪।পা.মহাবলৱন্ত কাল ভূজঙ্গক ভয়ে।
        যাক সেৱা কৰন্ত ব্রজৰ গোপীচয়ে।।
____________________________________________________
যাক শুনি তৰৈ সুখে ঘোৰ নৰকক।
অন্তকালে পাই হেন মাধৱ বন্ধুক(৫৫)।।৫০৪।।
শুণ্ডে মেহ্রাই পদ্মগোট উপৰক তুলি।
গজেন্দ্রে শৰণ লৈলা ত্রাহি হৰি বুলি।।
শুনি শীঘ্রে চৰি হৰি গৰুড়ৰ স্কন্ধে।
ভকতক ৰাখিবাক আসিলা প্রবন্ধে।।৫০৫।।
গৰুড়ৰ নামি হৰি পৰম বিক্রমে।
শুণ্ডে ধৰি তৰক তুলিলা গ্রাহে সমে।।
চক্র ধৰি তেখনে ছিৰিলা গ্রাহ মুখ।
হৰিৰ প্রসাদে গজেন্দ্রৰ গৈল দুখ।।৫০৬।।
হস্তী গুচি তৈতে চতু্র্ভূজ ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্র লৈলা।
কৰিলা প্রণাম পাছে দণ্ডৱতে পৰি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি।।৫০৭।।
কৃষ্ণ পৰশনে গ্রাহো শাপক নিস্তৰি।
দিব্য ৰূপ ধৰিয়া স্বর্গক গৈলা লড়ি।।
শুনা কৃষ্ণ কথা জন্ম নকৰিও বৃথা।
হৰিৰ চৰিত্র আত নাহিকে অন্যথা।।৫০৮।।
____________________________________________
৫৫। পা.যাক শুনি তৰি ভৱ ভয় অন্ধকূপ।
অন্তকালে পাই সাই মাধৱৰ ৰূপ।।
___________________________________________
দুর্ল্লভ মনুস্য জন্ম পাইবা কত ভাগে।
সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে।।
যত দেখা ধন জন সৱে বিষ্ণুমায়া।
আকাশত সঞ্চৰে মেঘৰ যেন ছায়া(৫৬)।৫০৯।।
**            **            **(৫৭)

কৃষ্ণ কথা শ্রৱণ কীর্ত্তনে ভৱ তৰি।
হেন জানি সদায়ে ঘুষিয়ো হৰি হৰি।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সর্বলোক।।
বোলো হৰি হৰি সৱে পাতক চাড়োক(৫৮)।।৫১০।।

।।গজেন্দ্র উপাখ্যান সমাপ্ত।।৭।।
____________________________________________________________________________________
৫৬। পা.আকাশত প্রকাশে মেঘৰ যেন ছায়া।।
পা.প্রকাশে সঞ্চাৰে মেঘৰ যেন ছায়া।।
৫৭। কোনো পুথিত নিম্নোক্ত শাৰী দুটি ৫১০ নং পদৰ প্রথমার্দ্ধ্বৰূপে পোৱা
      যায়

বিজুলী চমক যেন জীৱন অথিৰ।
পদ্মৰ প্ত্রৰ যেন জল নুহি থিৰ।।
৫৮। কোনো কোনো পুথিত পোৱা নগলেও প্রায়বিলাক পুথিতেই এই দুটি কলি
পোৱা যায়, আৰু প্রাসঙ্গিক যেন লাগে।
___________________________________________________________________________________

No comments:

Post a Comment