আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 27 February 2011

"মা"লৈ এখন চিঠি:


হৃষীৰাজ শৰ্মা


মা তোমালৈ এখন চিঠি লিখিম বুলি ভাবিছিলোঁ
সেই যে তাহানিতে বুকুৰ বাবাৰ শিৰত হাত ফুৰাই বিদায় দিছিলা
নোটোকো বুলিয়েইটো চকুপানীবোৰ সযতনে সাঁচি থ’লা
কিমান বিশাল তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালী
য’ত তুমি সাঁচি ৰাখিছা সময়বোৰ
সেই সময়বোৰকেই একলগ কৰি লিখাৰ কথা আছিল এদিন
তোমাৰ বিশালতাক কেতিয়া চিনি পাম ম‍ই?
মা ম‍ই দেখিছোঁ বন্ধুত্বৰ সোৱাদ, মৰমৰ প্ৰকাশ
ম‍ই দেখিছোঁ নদী পাৰ হৈ অহা প্ৰতিজন লোকৰে গুপুত অহংকাৰ
আৰু দেখিছোঁ আত্মপ্ৰতিষ্ঠাৰ দৌৰত নিজকে হেৰুৱাব খোজা প্ৰতিজনৰে নীৰৱ শোক
এই দেখি থকা বোৰকে তোমাকো দেখুৱাবলৈ খুজিছিলোঁ
পিছে কোনোবাই এদিন ক’লে,
চিঠিয়ে হেনো হৃদয়ৰ বতৰা কঢ়িওৱা বন্ধ কৰিছে আজিকালি
মা, তুমিতো তোমাৰ বাবাৰ অন্তৰৰ কথাবোৰ বুজি পাবা অন্তত
ম‍ই এতিয়াও তাহানিৰ বাবা হৈয়েই আছোঁ তোমাৰ বাবে
মা সময়বোৰ বদলিল,
হয়তো তুমি সাঁচি থোৱা সময়বোৰ আজিৰ বাবে ইতিহাস
পাঁচ বছৰত কত নদীয়ে সোঁত সলালে তাৰ হিচাপ তুমিতো ৰখা নাই
পাঁচ বছৰত মৰিশালিত ফুল গজিল, দিন বাঢ়িল, ৰাতি বাঢ়িল
নোকোৱা কথাবোৰ কৈ কৈয়েই কোনে কিমান কাঢ়িলে
তাৰ খবৰ তুমিতো ৰখা নাই
কিমান ৰাখিলোঁ, কিমান দিলোঁ,
সকলোবোৰ আজি অতীত মা
তোমালৈ লিখিবলৈ দুখ লাগিছে,
দূৰণীতো অনুভৱ কৰিছোঁ জাতিৰ পতন আৰু ব্যৰ্থ ৰণহুংকাৰ|
মা, জীৱনৰ সকলো দ্বাৰ বন্ধ হোৱাৰ পিছত
ম‍ইও দৌৰিছোঁ ভোগবাদীৰ ভাৱনাত
পদে পদে বিশৃংখল হৈ পৰিছে মোৰ সত্ত্বা,
স্বপ্নবোৰ বৰ ভয়ানক মা
কেৱল জীয়াই থকাৰ তাড়নাতে চকু থাকিও কণা, কাণ থাকিও কলা আজি ম‍ই
বিপন্ন পথেৰে বহুখিনি আগবঢ়াৰ পিছত দিনবোৰৰ লগত মিলিবলৈ শিকিলোঁ
আৰু এদিন হাতত ধৰি পোহৰৰ স’তে চিনাকী কৰাই দিলে এজনে
দেখিলোঁ আজিও পুৱাৰ বেলিৰ সেই একেই সুমথিৰা ৰং
শুকুলা কুঁৱলীবোৰৰ আৰ্দ্ৰতা আৰু বতাহত ভাঁহি অহা মন্ত্ৰধ্বনি
বিশ্বাস কৰিবানে মা, সকলোবোৰ যেন আজিও সাৰে আছে
অন্তৰেৰে বৈ গৈছে সহস্ৰ সমুদ্ৰৰ ঢল
ম‍ই মুগ্ধ মা, তোমাৰ সময়বোৰ সযতেনে আছে আজিও
তুমি সাঁচি ৰখা সময়বোৰকে ন সাজত নতুনকৈ গঢ়ি পিতি সজাম বুলি ভাবিছোঁ
তুমি আশীৰ্বাদ দি যাবা মা, তোমাৰ বাবা এতিয়া ঘূৰি আহিছে
কোনো কথাই সলনি হোৱা নাই এতিয়াও, তুমি শিকোৱাৰ দৰেই
ম‍ই আজিও জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া..||

No comments:

Post a Comment