আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Monday 7 February 2011

অসমীয়া চন্দ্রবিন্দু বিধি


(মহেশ্বৰ নেওগৰ 'নিকা অসমীয়া ভাষা' আৰু গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ'ৰ আধাৰত)

(১) অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়৷ সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়৷ যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ৷ একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি৷

(২) মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়৷ যেনে- মই ...মনে মনে গুণো, কাণ পাতি শুনো৷ ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়৷ এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে৷

(৩)কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া৷ এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়৷

(৪)আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়৷" এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে৷

(৫)আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে৷ ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়৷

(৬)সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ যেনে-গ্ৰাম > গাঁওকণ্টক > কাঁইটঅঙ্ক > আঁকসঞ্চ > সাঁচৱংশ > বাঁহ পঞ্চ > পাঁচ ইত্যাদি৷

(৭) কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়৷ যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি৷ এইবোৰত অনুনাসিকতাই মূল কাৰণ৷

(৮)'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই৷ যেনে- নেওগ, নেওতা ইত্যাদি৷

(৯)বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে৷ যেনে- সিহঁত, তহঁত৷

(১০) মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে৷ যেনে-কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ); কাঁচ (দাপোন ), কাচ্ (সাজ পাৰ কৰা); আঁহ (ফল মূল্, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰন কৰা); বাঁহ (এবিধ গছ ),বাহ (চৰাইৰ ঘৰ); আঁহত (এবিধ গছ ), আহত (আঘাত পোৱা); ভাঁজ (কোণ, পাক ), ভাজ (তেলত সিদ্ধ কৰা ); পাঁচ (সংখ্যা), পাচ (পাচত); ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।
          ওপৰৰ শব্দবোৰে কি ভিন্ন অৰ্থ প্ৰকাশ কৰিছে আমাৰ সদস্য সকলে নিশ্চয় জানে৷ সেয়ে মই নিদিলোঁ৷ নাজানে যদি ভাবিকচোন বা কোনোবা এজনে সম্পাদনা কৰি বেকেটৰ ভিতৰত অৰ্থ দুটা লিখক৷

No comments:

Post a Comment