আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 20 February 2011

মাছৰ নাম

১.আঁৰি    ২.ইলিছ  ৩.এলেং ৪.কলিয়াজৰা ৫.কছ  ৬.কুঢ়ি ৭.কাৱৈ ৮.কান্দুলী ৯.খলিহনা ১০.খৰিয়া
১১.গৰৈ  ১২.গেদগেদী  ১৩.গংগাটোপ ১৪.গাগল  ১৫.গৰুৱা  ১৬.চন্দা  ১৭.চেঙা ১৮.চেনি পুঠি
১৯.চুঙা ৰৌ  ২০.চেঙেলী  ২১.চিটল  ২২.ছেলকণা  ২৩.টোৰা ২৪.তৰামাছ  ২৫.দৰিকণা  ২৬.নাৰ
 ২৭.পাভ  ২৮.পুঠি  ২৯.পাটীমুটুৰা   ৩০.পিঠিয়া   ৩১.বলিয়ৰা  ৩২.তোৰা  ৩৩.নেৰিয়া
৩৪.বাহু   ৩৫.বাত  ৩৬.বোকা ঘৰিয়া  ৩৭.বৰদোৱা  ৩৮.বৰালি    ৩৯.বছা  ৪০.বামি
৪১.বতিয়া   ৪২.ভেট   ৪৩.ভাঙোন  ৪৪.ভেছেলী   ৪৫.মাগুৰ   ৪৬.মিছামাছ   ৪৭.মালি
৪৮.মিৰিকা   ৪৯.মোৱা   ৫০.ৰৌ   ৫১.ৰিঠা  ৫২.লাচিম   ৫৩.শাল   ৫৪.শ’ল  ৫৫.শিঙি  ৫৬.শিঙৰা
৫৭.শিলঘৰিয়া   ৫৮.লাওপেটা


নাৰ বাত পাভ মাছ, আৰু এটা কাছ, বাৰ টকাত কিনি আনি কিয় বাৰু নাচ !!!


বুঢ়া গল হাটলৈ, বুঢ়ীয়ে ধৰিলে পাচ৷
মোৰে মুৰ খাৱ বুঢ়া তই নিকিনিবি মাছ৷৷
মাছ কিনোতে, মাছ কিনোতে টকা হ’ল ক্ষয়৷
মৰলিয়াৰ খাৰসুপি অমৃত যেন হয়৷ 

- (বেজবৰুৱা)


মৰে উৰুলিপুঙা, মৰে পদুলিশুঙা, মৰে অলপ পানীৰ মাছ৷

মাছে গৰকা পাচলি খাবা শাহুৱে গৰকা বোৱাৰী বাবা৷


আগ গুণি নুগুনিলে পাছ৷ লোভত মৰিল বৰশীৰ মাছ৷

3 comments:

  1. অতি দৰকাৰী পদক্ষেপ।🙏🙏👍✊✌।
    আমাৰ ৱাটচএপ গ্রুপ এটা আছে। আমি এনে মূলমন্ত্র লৈয়ে কথা বতৰা ,আলাপ আলোচনা কৰো।

    ReplyDelete
  2. মাছ প্ৰকাৰ

    ReplyDelete
  3. *সাগৰীয় মাছৰ নাম* Please dibo sn

    ReplyDelete