আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Tuesday 1 February 2011

লিখন সজুলী নিৰ্বাচন (choosing typing tool)


এই লেখা খনত আমি  লিখন সজুলী নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিম |  আপোনালোকে হয়তো ইতিমধ্য ধৰিব পাৰিছে যে cyberworld ত  লিখন প্ৰক্ৰিয়া অন্য লিখন পদ্ধতিতকৈ অলপ বেলেগ, এই পদ্ধতিক unicode typing বোলা হয়| ইয়াৰ বাবে কিছুমান বিশেষ সজুলীৰ(tool) প্ৰয়োজন হয় | ইউনিকোড টাপিং সজুলী বহুত ধৰণৰ আছে| আমি ইয়াত কেবল ২ টা মুক্ত (freeware) সজুলীৰ বিষয়ে কম|

ক)  অভ্ৰ key board... :- Omicronlab(www.omicronlab.com)ৰ দ্বাৰা বিকাশিত (developed by) ই এটা অতি জনপ্ৰিয় সজুলী | ই দুই ধৰণত আছে --
১ standard edition - অন্য যিকোনো software দৰে ইয়াক ব্যৱহাৰৰবাবে  installation    কৰাৰ       প্ৰয়োজন হয়|
 ২ portable edition --  নামটোৰ পৰাই জনা যায় যে এই সজুলীটো installation নকৰাকৈও ব্যৱহাৰ কৰিব পাৰি (http://en.wikipedia.org/wiki/Portable_application) (সবিশেষ পদ্ধতিৰ বাবে অভ্ৰ টাপিং পদ্ধতি নামৰ doc fileটো চাওঁক)

খ) বাৰাহা :-
   baraha software (www.baraha.com) দ্বাৰা বিকাশিত বাৰাহা টাপিং সজুলী |ইয়াৰ কোনো portable version নাই |(সবিশেষ পদ্ধতিৰ বাবে অভ্ৰ টাপিং পদ্ধতি নামৰ doc fileটো চাওঁক)
এতিয়া কথা হ’ল  আপুনি কোনটো ব্যৱহাৰ কৰিব  | আমাৰ মতেৰে আপুনি দুইটা ব্যৱহাৰ কৰি চাওঁক ,তাৰ পাছত নিজে নিৰ্ণয় কৰক আপুনি কোনটো  ব্যৱহাৰ কৰিব |
 অভ্ৰৰ মূখ্যসুবিধা সমুহ --
   portable
  customise key board layout

বাৰাহাৰ মূখ্য সুবিধা সমুহ --
 অসমীয়াকে ধৰি প্ৰায় সকলো ভাৰতীয় ভাষা লিখাব বাবে ব্যৱহাৰ কৰিব পাৰি
  অসমীয়া "ৰ" আৰু "ৱ" বাবে mouse click কৰাৰ কোনো প্ৰয়োজন নাই

পুনৰ কৈছো দুয়োটাই ভাল সজুলী আপোনাৰ সুবিধা অনুসৰি বাচি লওক|  সজুলী যিয়েই নহওঁক আমি অসমীয়া লিখিব পাৰিলেই হ’ল, আৰু এইটো হে আমাৰ মূখ্য উদ্দেশ্য|

বনজীত্‍
(এই লিখা খনত সময়ে সময়ে কিছু কথা যোগ বিযোগ কৰা হ’ব পাৰে)

2 comments:

  1. ইউনিকডত অসমীয়া লিখিবৰ বাবে বাহাৰা আৰু অভ্ৰ কি বৰ্ডৰ বাদেও অন্য এটা কাষ্টমাইজদ লে আউট পোৱা যায়। এই লে আউটৰ সহায়ত কোনো অন্যান্য ছফটৱেৰ ব্যৱহাৰ নকৰাকৈ উইনডোজ এক্স পি, ভিষ্টা,০৭, চাৰ্ভাৰ ২০০০, আদিকে ধৰি প্ৰায়ভাগ উইনডোজ অপাৰেটিং চিষ্টেমত অসমীয়া লিখিব পাৰি। অধিক তথ্য আৰু ছফটৱেৰ সংগ্ৰহৰ বাবে 9577007097 নম্বৰত মোৰ লগত যোগাযোগ কৰিব পাৰে।

    ReplyDelete