আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Thursday 17 February 2011

অসমীয়া কোন?

ছগনলাল জৈন(অগ্রদূত, শাৰদীয় সংখ্যা, ১৯৭৮ পৃষ্ঠা-আঠ)
--------------------------------------------------------------------

প্রকৃত ‘অসমীয়া’ হোৱাৰ বাবে আপুনি সুদীৰ্ঘ কাল ইয়াত থাকিবও নালাগে, ব্যৱসায়-বাণিজ্য বা চাকৰিৰে আপোনাৰ মানসিক-দৈহিক সেৱাও আগবঢ়াব নালাগে ।আপোনাৰ অসমীয়া ভাষা জ্ঞান থকাৰ প্রয়োজন নাই। কেৱল মাত্ৰ লাগে ইয়াৰ মাটি, ইয়াৰ মানুহ, ভাষা-সাহিত্য-সংস্কৃতি আৰু... জীৱন পদ্ধতিৰ প্রতি এক নিশ্চল আন্তৰিক প্রেম । যদি কোনোবাই আপোনাৰ সন্মুখত এইবোৰক নিন্দা কৰে , বেয়া বুলি কয়- তেতিয়া আপোনা-আপুনি আপোনাৰ তেজ গৰম হ’ব লাগিব, খং উঠিব লাগিব । যদি এনে হয় তেতিয়া বুজিব লাগিব আপুনি হাড়ে-হিমজুৱে খাটি ‘অসমীয়া’ হৈ উঠিছে । এনে হোৱাৰ পাছত আপোনাক কোনেও অনা-অসমীয়া বুলি ক’বলৈ সাহস কৰিব নোৱাৰে ।See more


No comments:

Post a Comment