আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Friday 1 April 2011

সমালোচক আৰু সমালোচনা (আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়)

মিতালী বৰ্মন
-----

কোন কেনেকুৱা কথাটোৰ বিশ্লেষণ কৰাটো খুব কঠিন কাম৷ "মানুহে প্ৰতি মনটো"৷ হয়তো এই মূহুৰ্ত্তত মই ভাৱি থকা কথাটো আপুনি নাভাৱিবও পাৰে! মই অসমীয়াত 8(চাৰি) বুলি লিখিলে তাকে কোনোবাই ইংৰাজী 8(এইট) বুলিও বুজিব পাৰে৷ ভাল-বেয়াৰ সমাহাৰেই জীৱন৷ কিন্তু মন কৰিলেই বুজিব পাৰি ভালৰ শলাগ লোৱা মানুহ আৰু আনৰ দোষ খুচৰি থকা মানুহৰ সংখ্যাৰ অনুপাতটোত কিমান বৈসম্যতা৷ কিছুমানৰ বাবে আনক সমালোচনা কৰাটো অতি সহজ আৰু সুখৰ কাম৷ কথা কিছুমান এক গুণৰ দহগুণ কৰি মুখৰোচক কাহিনী সজাতেই যেন তেওঁলোকৰ জীৱনৰ সাৰ্থকতা৷ আনকি বহু ক্ষেত্ৰত এনে হোৱাও দেখা যায় যে, যাৰ সমালোচনা হৈ আছে বহুতে প্ৰকৃততে তেওঁক নাজানেও, চিনিও নাপায়, কিন্তু সমালোচনাত ভাগ লৈ মজা লোৱাৰ লোভকণ সামৰিবও নোৱাৰে৷ ধৰি লোৱা হ'ল, অমুকাৰ ল'ৰা আৰু অমুকাৰ ছোৱালীৰ সম্পৰ্ককলৈ আজি এটা আলোচনা (সমালোচনা?) হ'ল৷ কাইলৈ বাতৰি (উৰাবাতৰি?)টো প্ৰচাৰ (অপপ্ৰচাৰ?) হ'ব আৰু কাইলৈ বাদ দি পৰহিলৈ সিহঁতক নৈৰ পাৰত বহি কথা পাতি থকা দেখা মানুহ এজাকো ওলাব পাৰে; আৰু ওলোৱাটোৱেই স্বাভাৱিক৷ কেৱল ইমানেই নে, আৰু বা কত কিমান! কিন্তু কথাৰ গুৰি ক'ত তাৰহে বিচাৰ কৰোঁতা কোনো নাই৷ কথাটো প্ৰকৃততে কিমান সঁচা, কিমান মিছা ভাবিবলৈ কাৰো আহৰি নাই৷

এটি সাময়িক ব্যক্তিগত অভিজ্ঞতা: মোৰ বন্ধু এজনে ‘ফেচবুক’ত তেওঁৰ এখন ফটো লগাইছিল৷ মন্তব্যও আহিল বহুতো৷ কিন্তু বন্ধু অতি দুখী হৈ মোক ফোন কৰি ক'লে যে তেওঁৰ কোনোবা বন্ধুৱে হেনো অশালীন মাতেৰে সমালোচনা কৰি ফটোখনত মন্তব্য দিছে৷ ঠিকেই, কিছুমান মানুহে স্থান-কাল-পাত্ৰ নাচাই য'তে-ত'তে যি-তি কৈ ফুৰে৷ বন্ধুৱে দুখ পাইছিল ইয়াকে ভাৱি যে, এতিয়া মানুহবোৰে তেওঁৰ কথা কি বুলি ভাবিব! কিন্তু বুজা নাছিল যে অশালীন মাত মাতি তেওঁক অপদস্থ কৰিবলৈ বিচৰা তেওঁৰ বন্ধুৱে ৰাজহুৱাকৈ নিজৰহে প্ৰকৃত স্বৰূপটো উদঙাই দিলে৷ লগে লগে সৰুতে মায়ে শিকোৱা কথা এষাৰলৈ মনত পৰি গ'ল "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"৷ কথাষাৰ কিমান গুৰুত্বপূৰ্ণ তাকেই বুজাবলৈ মায়ে আমাৰ পঢ়া কোঠালিত ক্ৰচষ্টিচ কাপোৰত চিলাই কৰি বহু দিনলৈ সজাই থৈছিল৷
আনক সমালোচনা কৰাৰ আগতে নিজক জানি লোৱাটো খুবেই প্ৰয়োজনীয়৷ হয়, সমালোচনাও লাগে, সমালোচকো লাগে৷ ভালৰ বাবে কৰা সমালোচনা সদায় স্বাস্থ্যকৰ আৰু আদৰণীয়৷ কিন্তু বিনা কাৰণত অথবা অপ্ৰয়োজনত কৰা সমালোচনা ফুটুকাৰ ফেনহে মাথো, অবাবত সময় খৰচ কৰাৰ বাদে আন একো নহয়৷ আমাক এতিয়া সৃষ্টিশীল সমালোচনাৰহে প্ৰয়োজন; মোৰ বন্ধুৰ বন্ধুজনৰ দৰে নিজৰ ব্যৱহাৰেৰে নিজৰ পৰিচয় দিয়া সমালোচক অথবা সমালোচনাৰ নহয়৷

No comments:

Post a Comment