আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Friday 1 April 2011

টেঙা আম, পকা আম ,পোক লগা গেলা আম

Anjal Borah
আমগুৰিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গগৈ-
"বাৰে বাৰে টেঙা আম বেচিব নোৱাৰে অগপই" (জনসাধাৰণ)
ঢকুৱাখনাত প্ৰচাৰ চলাই চন্দ্ৰমোহন-
"কংগ্ৰেছৰ টেঙা আম বেচাৰ দিন উকলিল" (অসমীয়া প্ৰতিদিন)
পিছে প্ৰশ্নটো হ'ল পকা আম কোনে বেচিব, বা কোনে বেচিছিল?? এতিয়া কলি আমৰ দিনত সকলোৱে কলিতে বেচিছে !! ৰাইজে পাঁচবছৰৰ পিছত পকিলে খাব আৰু !!

Pankaj Barah কলি আমৰ আঠাই সকলোকে ঘাঁ লগাইছে, কলি আমৰ আঠাই লেতেৰা গুছাব নোৱাৰা দাগ লগাইছে সমাজত । এই যে পাঁচবছৰৰ কথা কৈছা, পাঁচবছৰত আমত পোক লাগে আৰু গেলি যায়। আৰু লেতেৰা কৰে । কিছুমানে পোক লগা গেলা আমৰে কিছু অংশ ভাগ পায়। বাকীবোৰে সেলেপি সেলেপি থাকে অহা পাঁচবছৰলৈ ।

Anjal Borah পংকজ, অতি নিদাৰুণ সত্য কথা এষাৰ ক'লা হে !!

No comments:

Post a Comment