আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Friday, 1 April 2011

ভাষা-উপভাষা-"ধেকেৰী ভাষা(?)":

মিতালী বৰ্মন
-

আমি বহু সময়ত বহুজনৰ লগত বিভিন্ন প্ৰসংগত কথা-বতৰা পাতোঁ৷ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষা হ'ল একমাত্ৰ অৱলম্বন৷ ভাষা আৰু উপভাষা এটা আনটোৰ অবিহনে অসম্পূৰ্ণ৷ কিন্তু কি কাৰণে নাজানোঁ এচাম লোকৰ এই বিষয়ে ধাৰণাটো স্পষ্ট নহয়৷ বহুজনক বুজাবলৈও চেষ্টা কৰোঁ, এচামে বুজে৷ এচামে নুবুজে বা বুজিবলৈ চেষ্টাও নকৰে৷ নিজৰ ভুল ধাৰণাকে সাৱতি আনন্দ ল'ব খোজাজনক আৰু কি বুলি বুজোৱা যায় (গৰুৰ আগত টোকাৰি বাই, শিং জোকাৰি ঘাঁহ খাই)!
আমি কাগজে-কলমে যিটো ভাষা ব্যৱহাৰ কৰোঁ সেয়াই হ'ল মান্য ভাষা (standard language)৷ এই মান্য ভাষাৰ কেইবাটাও উপভাষা (dialect) থাকিব পাৰে৷ আমাৰ অসমীয়া মান্য ভাষাটোৰো দুটা উপভাষা আছে; উজনি অঞ্চলৰ উপভাষা আৰু নামনি অঞ্চলৰ উপভাষা৷ বৃহত্তৰ অসমৰ উজনি অঞ্চল আৰু নামনি অঞ্চলৰ বিভাজন কেৱল ভৌগলিকহে মাথোন৷ সেইবুলি এইবোৰক অন্যভাৱে লৈ লোৱাৰ কোনো প্ৰয়োজন নাই নাইবা উজনি অঞ্চল বা নামনি অঞ্চলৰ মানুহে ইজনে আনজনক হেয় দৃষ্টিভংগীৰে চোৱাৰো একো প্ৰয়োজন নাই৷ কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে মনত এনে ধাৰণা পোষণ কৰি থকা লোকৰ সংখ্যাই সৰহ৷ আন নালাগে ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত এনে মতানৈক্য বেছি৷
দেখা যায়, বহুজনে নামনি অঞ্চলৰ উপভাষাটোক "ধেকেৰী ভাষা" বুলি কয় আৰু তেওঁলোকৰ মতে এই "ধেকেৰী ভাষা" কোৱা মানুহবোৰ "ধেকেৰী"৷ কথাটো কিমানদূৰ যুক্তিসংগত কোনোৱে এবাৰলৈও ভাবিছেনে? ভাষাৰ ছাত্ৰী হিচাপে যিমান দূৰ জানোঁ পৃথিৱীৰ ক'তোৱেই "ধেকেৰী" নামৰ কোনো ভাষা নাই৷ আৰু যদি "ধেকেৰী" বুলি ক'বই লাগে তেন্তে আটাইবোৰ "ধেকেৰী"৷ কাৰণ, পদ্ম আছে পাণিত যাৰ তেওঁ পদ্মপাণি হোৱাৰ দৰেই 'ধেক' আছে যাৰ সিয়েই "ধেকেৰী"৷ 'ধেক' মানে হ'ল কথা কোৱাৰ সুৰ, লয়(tone)৷ আৰু যদি সেয়াই হয় তেন্তে এই নিয়ম কেৱল অসমীয়া ভাষাৰ উপভাষা এটাৰ ক্ষেত্ৰতে কিয়, পৃথিৱীৰ আটাইবোৰ ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব৷ চীনদেশ বা জাপানৰ ভাষা প্ৰধানত: সুৰ-প্ৰধান(tone based)৷ এটা শব্দ উচ্চ সুৰত ক'লে এটা অৰ্থ, আকৌ সেই একেটা শব্দই নিম্ন সুৰত ক'লে আন এটা অৰ্থ৷ এই নিয়ম প্ৰয়োগ কৰি এতিয়া এবাৰ ভাবি চোৱা প্ৰয়োজন প্ৰকৃততে নামনিৰ উপভাষাটো "ধেকেৰী" নেকি? মোৰ বান্ধৱী এজনীক কৈছিলোঁ মাত্ৰ এটা যুক্তিযুক্ত যুক্তি দিয়া যাৰ বাবে নামনিৰ উপভাষাটোক "ধেকেৰী" বুলি কোৱা হয়৷ মনেমনে থকাৰ বাহিৰে তেওঁৰ আৰু একো উপায় নাছিল৷
উজনিৰ বন্ধুসবে নামনিৰ বন্ধুসবৰ উপভাষাটো বা নামনিৰ বন্ধুসবে উজনিৰ বন্ধুসবৰ উপভাষাটো ঠাট্টা কৰিলেও, হাঁহিলেও তেওঁলোকে প্ৰত্যকে নিজে কোৱা উপভাষাটো জানো শুদ্ধ (চালনিয়ে বেজীটোক হাঁহে, তোৰ গাত ফুটা আছে)? আৰু যদি শুদ্ধই হয় তেন্তে সেয়া মান্য ভাষা হৈ নাযাবনে? এই যে মান্য ভাষাটোতকৈ সামান্য তাৰতম্য আছে তাতেইতো উপভাষা এটাৰ সৌন্দৰ্য্য নিহিত হৈ থাকে৷
উদাহৰণ:
মান্যভাষা: ক'ৰ পৰা আহিলা?
উজনিৰ উপভাষা: ক' পা আহিলা?
নামনিৰ উপভাষা: ক'ৰ পাই আইহলা?
চাওঁকচোন ইমান সুন্দৰ! আনকি শব্দৰ ক্ষেত্ৰৰ পৰা চাব গ'লেও, উজনি আৰু নামনি অঞ্চলত প্ৰয়োগ হোৱা বিবিধ শব্দৰ সমাহাৰে আমাৰ অসমীয়া ভাষাটোৰ শব্দ-ভাণ্ডাৰ চহকী কৰিছে৷ গতিকে নিজৰ উপভাষাবোৰৰ মাজতে মতানৈক্য ৰাখি অবান্তৰ মত কিছুমান পোষণ কৰি থকাতকৈ প্ৰত্যেকে প্ৰত্যেকৰ উপভাষাক সন্মান সহকাৰে চোৱাটোৱেই বাঞ্ছনীয়৷ তুলুঙা শব্দ কিছুমানৰ ব্যৱহাৰেৰে নিজৰ ভাষাটো অথবা তাৰ উপভাষাবোৰক অসন্মান কৰাটো এজন অসমীয়াৰ বাবে সঁচাকৈয়ে অতি লজ্জ্বাজনক আৰু দুখজনক!

---------------------------------------------------------------------
Pallav Pran Goswami প্রত্যেক উপভাষাৰে সুকীয়া সৌন্দৰ্য আছে। ওপৰৰ আলোচনাত, বোধহয়, মৰিগঞা উপভাষা (বা নগাঁৱৰ পশ্চিম অঞ্চলৰ উপভাষা)কো সামৰি ল'ব পাৰি। সকলো উপনৈয়ে মহাবাহু (অসমীয়া ভাষা)কে সমৃদ্ধ কৰিছে। আলোচনাটিৰ বাবে ধন্যবাদ।


Leenazna Sarma গোস্ৱামী ডাঙৰীয়াই ঠিকেই কৈছে, ম‍ই নিজে নগাঁৱৰ পশ্চিমাঞ্চলৰ মানুহ, ইয়াত আৰু এটা ৰূপ চলে | খালোঁ, কৰিলোঁ আদি ইয়াত খালং, কৰিলং আদি বুলি কয়, খ-ৰ উচ্চাৰণ স- বুলি আৰু ৰ-ৰ উচ্চাৰণো খুব কমেই আৰু কষ্টেৰে কৰে | খুব সম্ভৱ এই উচ্চাৰণ পদ্ধতি আহিছে এই ঠাই খণ্ডৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠিৰ ভাষাৰ প্ৰভাৱত | বিজ্ঞজনে সবিশেষ জানব পাৰিব | ভাষাবিদ গোলোক চন্দ্ৰ গোস্ৱামী ডাঙৰীয়াও মূলতে এই অঞ্চলৰে ব্যক্তি |


Manoranjan Majumder প্ৰথমে মোৰ নিজৰে সমস্যা এটা হৈছিল | আমাৰ মাঁ- দেউতা হঁতে ঘৰত নলবৰীয়া ভাষা ব্যৱহাৰ কৰে ...আনহাতে মোৰ জন্ম উজনি অসমত ...গতিকে মোৰ প্ৰথমে দুয়োটা ভাষা সংমিশ্ৰণ হৈ কিবা বেলেগ এটা হে ওলাইছিল ...কিন্তু তাৰ ফলত মোৰ এটা লাভ হ’ল যে দুয়োটা ভাষাৰ (উপ-ভাষাৰ) পাৰ্থক্য খিনি বুজি পালো |মই ক’ৰবাত পঢ়িবলৈ পাইছিলো যে উপভাষাৰ ক্ষেত্ৰত নামনিৰ খিনি উজনি অসমত কৈ বেছি পুৰুষবাচক | আনহাতে দক্ষিণ ভাৰতৰ ভাষা খিনি পূৰ্বোত্তৰ বা উত্তৰ ভাৰততকৈ বেছি পুৰুষবাচক | আছলতে উচ্চাৰণৰ ফালৰ পৰা এই বিভক্ত টো কৰা হৈছে |


Manjit Nath আজিহে মই ধেক শব্দটোৰ অৰ্থ জানিলোঁ, ধন্যবাদ

HrishiRaj Sharma এইটো কথাত মোৰ অলপ খোকোজা আছে| খেনোৱে কথাটো অলপ বেলেগকৈ কয়| ঢেকেৰী শব্দটো লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি| আচলতে স্বাধীনতাৰ আগতে অবিভক্ত অসমৰ লগত বাংলাদেশৰ এটা অংশও সাঙোৰ খাই আছিল| তেতিয়াৰ পৰাই বাংলাদেশৰ পৰা লোক সকল অসমলৈ প্ৰব্ৰজন কৰি আছিল| গুৱাহাটীত এসময়ত "ঢাকায়া পট্টী" বুলি এখন ঠাই আছিল| সাধাৰণতে বাংলাদেশী সকলে নামনি অসমত বেছিকৈ বেপাৰ বণিজ আৰু কৰ্ম কৰি পেট প্ৰৱৰ্তাইছিল| আৰু ঢাকাৰ সেই মানুহবোৰৰ ভাষাৰ লগত নামনি অসমৰ কথিত ভাষাৰ বহুখিনি মিল আছিল..গতিকে ঢাকাৰ পৰা ঢাকায়া আৰু তাৰ অপভ্ৰংশ হিচাপে "ঢেকেৰী" শব্দটোৰ উত্‍পত্তি হয়| এয়া সম্পূৰ্ণ ভৌগলিক আৰু তাৰ বাবে সমাজৰ কোনো লোক জগৰীয়া নহয়| কিন্তু কিছুমান মানুহে এইটোকেই বেলেগ ৰূপত উপস্থাপন কৰিলে| এইখিনি ম‍ই শুনা কথাহে, মোৰ ওচৰত কোনো লিখিত তথ্য নাই| পিছেআপুনি যিমান চিঞঁৰ বাখৰ কৰিলেও লাভ নাই| বহুতে হয়তো নিজৰ প্ৰজ্ঞাৰ খাতিৰত এই বিষয়ে বহুত উচ্চ খাপৰ লেকচাৰ দিব, কিন্তু সময়ত সকলোৱে নিজৰ নিজৰ aukat দেখুৱাব‍ই| এক অসমীয়া হৈথাকিব নোৱাৰাৰ কাৰণেই আমাৰআজি এই গতি| কোনদিনা অসম এক হ’ব এই কথা ভগৱানেহে জানে..!!

Pankaj Barah মিতালী বঢ়িয়া বঢ়িয়া ৷ ( উজনিৰ উপভাষা: ক' পা আহিলা? হাঃ হাঃ , ঠিক কৈছা)৷ বৰ ভাল কথা জানিলো দেই, ধেক্ শব্দৰ অৰ্থ ৷

3 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. মিতু বা...ভাষা নাই ক’বলৈ...ম‍ই এটা কথাই ক’ম : তোমাক ’বা’ হিচাপে পাই ম‍ই ধন্য | লেখাটো পঢ়ি কিমান ভাল লাগিছে বুজাব নোৱাৰোঁ |

    ReplyDelete
  3. চীৰ চেনেহী মোৰ ভাষা জননী

    ReplyDelete