আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday 10 April 2011

প্রতিজনলৈ এটা অনুৰোধ:


-অৰুণজ্যোতি দাস

 এইটো এটা শুভ লক্ষণ দেখা পাইছো যে, অন্তর্জালত অসমীয়া লিখাৰ পদ্ধতিৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ চর্চাক সামৰি এই ফেচবুকে এখন খুব সুন্দৰ  ক্ষেত্র প্রদান কাৰিছে |ই আমাৰ বাবে অতি গৌৰৱৰ বিষয়|যিসকল অসমীয়াই পেচাগত কাৰণতে হওঁক বা অন্য চাঁপৰ বাবেই হওকঁ,ছপা মাধ্যমৰ পৰা অলপ দূৰত থাকিবলগা হৈছে,মোৰ ভাৱ হয়,তেওঁলোকৰ স্ব-কৃষ্টি,স্ব-জাতি,স্ব-ভাষাৰ প্রতি... মোহটো বেছি থাকে|আৰু এইটো উল্লেখ নকৰিলেও হ’ব যে নিজৰ ভাষা-সংস্কৃতি-কৃষ্টিৰ প্রসাৰ,প্রচাৰ,উত্তৰণ তথা সমৃদ্ধিৰ হকে তেওঁলোক সদা সচেতন আৰু প্রতিনিয়ত ইচ্ছুক|যিহেতু এইসকলে অসমৰ মেধা সম্পন্ন ,প্রতিষ্ঠিত তথা উচ্চ শিক্ষিত নতুন প্রজন্মটোক প্রতিনিধিত্ব কৰে,মই আশা কৰোঁ,তেওঁলোকৰ সু-গঠিত আৰু সমূহীয়া প্রচেষ্টাক জাতিটোৱে সৎৱ্যহাৰ কৰিলে অসমীয়াৰ মংগল সাধন হব|


এইখিনিতে উনুকিয়াব খুজিছোঁ যে ,(ফেচবুকৰ এই দলটোৰ সদস্যসকলে ইতিমধ্যেই জানেই কিজানি)কেবাগৰাকিও বৰেণ্য প্রবাসী আৰু স্থানীয় অসমীয়াই আ‍ন্তর্জাল যোগেও অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সমূহীয়া উন্নতিৰ হকে দেহে কেহে খাতি আছে|এই আপাহতে তেঁওলোকলৈ মোৰ হিয়াভৰা অভিনন্দন আৰু শুভকামনা যাঁচিলো|দুটিমান তেনে অনুষ্ঠান হ'ল FASS(Friends of Assam & Seven Sisters),শব্দ(http://www.xobdo.org/),Xomidhan গোষ্ঠি(http://xomidhan.org/), Sakori.org আদি|ফেচবুকৰ এই দলৰ আঁত ধৰোঁতা তথা সদস্যবৃন্দও এই জাগৰণৰ অন্তর্ভুক্ত আৰু ধন্যবাদৰ পাত্র|

     এটা কথা সহজেই অনুমেয় যে,আমাৰ ন-প্রজন্মই আ‍ন্তর্জালৰ পৰা জ্ঞান(সর্বতোপ্রকাৰৰ!) আহৰণ কৰাৰ প্রতি বেছি আসক্ত|আৰু আজিকালিৰ সময়ত ই তেনেই স্বাভাৱিক|আন্তর্জালৰ ভাল গুণখিনি ল’বৰ বাবে আমি  আমাৰ লৰা-ছোৱালীক উৎসাহিত কৰিব লাগে আৰু নিজৰ কলা-কৃষ্টি-সংস্কৃতিক শুদ্ধভাৱে শিকিবৰ বাবে প্রেৰণা দিব লাগে|
মই ভাবোঁ, আন্তর্জালৰ মাধ্যমেৰে যি পাঠদানৰ চিন্তা-চর্চা চলিছে,সি এটা অতি আদৰণীয় প্রচেষ্টা |কিন্তু পৰিতাপৰ কথা এইটোৱেই যে আমি বহুতেই নিজৰ ভাষাটোক শুদ্ধকৈ উচ্চাৰণ আৰু ৱ্যৱহাৰ কৰিব নাজানো|মোৰ ভয় হয়,যাতে আমাৰ এই নির্ভেজাল সৎ প্রচেষ্টাৰ কোনো বিৰূপ প্রতিফলন আমাৰ ন-প্রজন্মৰ ওপৰত নপৰে আৰু এই প্রচেষ্টা যাতে সফল হয়|
তাৰ বাবে মই নিম্নোক্ত পৰামর্শ কেইটা মোৰ ফালৰ পৰা আগবঢ়ালো|
১)অসমীয়া আলোচনা মঞ্চত(আন্তর্জালেই হওক বা অন্য মঞ্চই) আপোনাৰ জ্ঞানেৰে ঢুকি পোৱা্লৈকে কেৱল অসমীয়া শব্দ ৱ্যৱহাৰ কৰক| নহ’লে অসমীয়া প্রতিশব্দ বোৰ বিলুপ্ত হ’ব|
২) ন-শিকাৰুক শুদ্ধ উচ্চাৰণ শিকাৰ প্রতি আকৃষ্ট কৰক|পৰাপক্ষত নিজেও প্রকৃত উচ্চাৰণ বিজ্ঞ জন বা গৱেষণা-গ্রন্থৰ পৰা শিকা আৰম্ভ কৰক|
৩)দন্ত্য ‘ন’/মূর্ধণ্য ‘ণ’/তালৱ্য ‘শ’/হসন্ত আদি প্রাথমিক শিক্ষাৰ আদিপাঠ সম্পূর্ণ শুদ্ধ উচ্চাৰণেৰে শিকাবলে’ যত্নপৰ হওঁক|(প্রসংগঃhttp://learn.xobdo.org/index.php?option=com_content&view=article&id=3%3Al0101&catid=2%3Ac01&Itemid=2)
৪) পেট কটা ‘ৰ’ বুলি মই জনাত কোনো বর্ণ অসমীয়াত নাই,যিদৰে নাই “স্বৰে অ/স্বৰে আ”| এইবোৰ আমি ভুলকৈ শিকালে কি দুর্গতি হ’ব পাৰে, নিশ্চয় সুধীবৃন্দই জানিছে|
৫) ইজনে সিজনক ভুল(‘ভূল’ নহয়)আঙুলিয়াই দিব লাগে,যাতে পৰস্পৰৰ  উন্নতি হয়|
-সেই ভুল, ব্যাকৰণ/উচ্চাৰণ/গাঁঠনি বা মতামতৰ হব পাৰে|

এই ভাষ্য মোৰ সম্পূর্ণ ব্যক্তিগত|মতামতৰ বাবে আগতীয়াকৈ ধন্যবাদ যাঁচিলো|
--অৰুণজ্যোতি দাস 

2 comments:

  1. আপুনি ঠিকেই কৈছে, আজি অসমীয়া ভাষাৰ মানদন্দ আমাৰ মাজৰ পৰা বিলুপ্ত হব ধৰিছে| ইয়াৰ বাবে আমি নিজেই জগৰীয়া| আশা কৰিছো এই "অসমীয়াত কথা বতৰা" ইন্টাৰনেট সম্প্ৰসাৰনৰ জৰিয়তে অসমীযা ভাষা আকৈ আগৰ অবস্থা ঘূৰাই পাব|

    ইতি,
    ওৱাহেদুৰ জামান
    হাজো

    ReplyDelete