কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ ।
মাকৰ ঘৰত জীয়াৰী বাঢ়ে , পথাৰত বাঢ়ে ধান ।।
কথাতেই কটা যায় ।
কথাতেই বঁটা পায় ।।
কাকনো বুলিম ককা,
আটাইৰে ডাঢ়ি চুলি পকা ।
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।
খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়েই পিৰা ।
খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।
খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।
খাবলৈ নেপালো জহা ধানৰ ভাত ,
শুনিবলৈ নেপালো অমাতৰ মাত ।
মাকৰ ঘৰত জীয়াৰী বাঢ়ে , পথাৰত বাঢ়ে ধান ।।
কথাতেই কটা যায় ।
কথাতেই বঁটা পায় ।।
কাকনো বুলিম ককা,
আটাইৰে ডাঢ়ি চুলি পকা ।
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।
খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়েই পিৰা ।
খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।
খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।
খাবলৈ নেপালো জহা ধানৰ ভাত ,
শুনিবলৈ নেপালো অমাতৰ মাত ।