আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Sunday, 24 June 2012

কীৰ্ত্তন৷৷চতুৰ্থ খণ্ড৷৷ ধ্যান বৰ্ণন 
ঘোষা৷৷
ৰামেসে জীৱন ৰামেসে প্ৰণ৷
ৰাম বিনা নাহি বান্ধৱ আন৷৷১০৷৷
পদ৷৷ 
তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক৷৷
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ৷
হৰিনামে কৰে সৱে সুসাঙ্গ৷৷১২৩৷৷
বামনৰ আগে শুক্ৰৰ বাক৷
অষ্টম স্কন্ধত দেখিয়ো তাক৷৷
ভকত জনেসে মোৰ হৃদয়৷
ময়ো ভকতৰ হিয়া নিছয়৷৷১২৪৷৷
মঞি বিনে ভক্তে নিচিন্তে আন৷
ভকত বিনা মোৰো নাহি ধ্যান৷৷
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি৷
নৱম স্কন্ধত দেখা বিচাৰি৷৷১২৫৷৷
মুকুতি ৰসকো স্ৰৱৈ ভকতি৷
তাক এড়ি কৰৈ জ্ঞানত ৰতি৷৷
দুখ মাত্ৰ পাৱৈ পাছেসে জানৈ৷
কাষ্ঠ পতানক যেহেন বানৈ৷৷১২৬৷৷
ব্ৰজৰ তৃণ হৈবো মহাভাগ৷
পাইবো গোপিকাৰ ৰেণুক লাগ৷৷
যাৰ মিত্ৰ ভৈলা জগত পতি৷
ব্ৰহ্মায়ে কৰিলা কৃষ্ণক তুতি৷৷১২৭৷৷
ব্যভিচাৰী দুষ্টা ব্ৰজ যুৱতী৷
তথাপি কৃষ্ণত ভৈলা ভকতি৷৷
জানিলো পাপীয়ো ভজোক মাত্ৰ৷
এতেকে ভৈলা মুকুতিৰ পাত্ৰ৷৷১২৮৷৷
কৃষ্ণৰ কথাত যিটো ৰসিক৷
ব্ৰাহ্মণ জন্ম তাৰ লাগৈ কিক৷৷
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি৷
নবাছৈ ভকতি জাতি অজাতি৷৷১২৯৷৷
নন্দৰ ব্ৰজে যত গোপীজাক৷
সদা বন্দো তান পদধূলাক৷৷
নুগুচৈ হৰি গীত দিনে ৰাতি৷
জগতকে কৰৈ পৱিত্ৰ আতি৷৷১৩০৷৷
উদ্ধৱে বন্দিলা গোপীৰ ধূলি৷
আৱে মূঢ়জনে নিন্দে কি বুলি৷৷
শৰীৰক শৱক মই বোলে চিত্তে৷
মমত কৰৈ পুত্ৰ ভাৰ্য্যা বিত্তে৷৷১৩১৷৷
তীৰ্থ বুলি কৰৈ জলত শুদ্ধি৷
প্ৰতিমাত কৰৈ দেৱতা বুদ্ধি৷৷
বৈষ্ণৱত নাই ইসৱ মতি৷
গৰুতো অধম কৃষ্ণ বদতি৷৷১৩২৷৷
একান্তে মৰৈ কৰ্ম্ম মাত্ৰ কৰি৷
হৃদয়ে থাকিয়া বিদূৰ হৰি৷৷
শ্ৰৱণ কীৰ্ত্তন যাৰ অভ্যাস৷
নছাড়ন্ত হৰি তাহাৰ পাশ৷৷১৩৩৷৷
মিছা তৰ্কবাদে ভৈলো আন্ধাৰ৷
নপা ঁও জ্ঞান পন্থ কৰি বিচাৰ৷৷
মাধৱ বামন গোৱিন্দ বুলি৷
কৈসানি মুকুত হৈবো সমূলি৷৷১৩৪৷৷
দশম স্কন্ধত বেদৰ স্তুতি৷
আক নমানিবে কোন যুগুতি৷৷
পাষণ্ডেষে নিন্দৈ বেদৰ বাণী৷
তাৰ সম্ভাষণ এড়িবা জানি৷৷১৩৫৷৷
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি৷
দানে বা সন্ন্যাসে পাৱৈ সম্প্ৰতি৷৷
ভকতে সুখে বসি পাৱৈ তাক৷
উদ্ধৱৰ আগে কৃষ্ণ বাক৷৷১৩৬৷৷
পৰম অহিংস ধৰ্ম্ম সন্ন্যাসে৷
নপাৱে যি মোক জ্ঞান অভ্যাসে৷৷
ভকতেসে কৰৈ আমাক বশ্য৷
কহিলো উদ্ধৱ ইটো ৰহস্য৷৷১৩৭
গৰু গোপিকা পশু বৃক্ষবন৷
নাহি জন্মান্তৰে কিছু সাধন৷৷
এহি জন্মে মাত্ৰ কৰি ভকতি৷
পাইলেক সকলে মোহোৰ গতি৷৷১৩৮৷৷
অশুদ্ধ মন কৰ্ম্মসকল৷
স্ৰৱে যেন আৱা (২৩) ঘটৰ জল৷৷
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা৷
একাদশ স্কন্ধে বিচাৰি দেখা৷৷১৩৯৷৷
বোলন্ত শুকে কিনো ভৈল খেদ৷
পাষণ্ডে কৰিবে বুদ্ধিক ভেদ৷৷
কলিত হৰিৰ কীৰ্ত্তন এড়ি৷
ফুৰিবে লোকে আন কৰ্ম্ম কৰি৷৷১৪০৷৷
পাইবেক শ্ৰম তপ ব্ৰত কৰি৷
একান্তে যিটো নুসুমৰৈ হৰি৷৷
জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ৷
হৰি কীৰ্ত্তনত কৰা আদৰ৷৷১৪১
দ্বাদশ স্কন্ধত এহিসে কৈলা৷
তথাপি মূঢ়ৰ বোধ নভৈলা৷৷
কৰৈ উপালম্ভ হৰি কীৰ্ত্তনে৷
আত্মগাত কৰি মৰৈ আপুনে৷৷১৪২৷৷
------
২৩৷ পা, ঁৱা
----------
বিষ্ণু ভকতক দেখিয়া হা ঁসে৷
আপুনিয়ো নষ্ট আনকো নাশে৷৷
কীৰ্ত্তন শুনিয়া সম্যকে মৰে৷
জানিবা নিতে মহাপাপ কৰে৷৷১৪৩৷৷
হৰি ধ্বনি শুনি বিহ্বল হুই৷
হিয়াত তাৰ লাগে যেন জুই৷৷
সমস্ত শাস্ত্ৰত কৰিয়া সাৰ৷
পাষণ্ড-মৰ্দ্দন নাম ইহাৰ৷৷১৪৪
এহিসে মৰ্দ্দিবে পাষণ্ড মতি৷
জানিবা কলিত নামেসে গতি৷৷
কৃষ্ণৰ কিঙ্কৰ শংকৰে ভণে৷
বোলা হৰি হৰি সমস্তে জনে৷৷১৪৫৷৷

৷৷ পাষণ্ড মৰ্দ্দন সমাপ্ত৷৷৩৷৷


৷ধ্যান বৰ্ণন৷৷

৷৷প্ৰথম কীত্তৰ্ন৷৷
ঘোষা৷৷
ঘোষা৷৷
ত্ৰাহি গোপাল স্বামি৷
মজিলো ভৱ জলধিত আমি৷৷১১৷৷
পদ৷৷
এক মনে শুনা হৰিৰ ধ্যান৷
বৈকুণ্ঠ নামে আছে মহাথান৷৷
শাৰী শাৰী ৰঞ্জে বিমানচয়৷
বৈদূৰ্য্য হীৰা মৰকতময়৷৷১৪৬৷৷
চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি৷
নজানি যাত পশি দিন ৰাতি৷৷
চাৰু সৰোবৰ নিৰ্ম্মল জল৷
সুগন্ধি পদ্ম শোভে উতপল৷৷১৪৭৷৷
আছৈ ৰাজহংস সমূহে ৰঞ্জি৷
লীলায়ে মৃণাল ভুঞ্জৈ উভঞ্জি৷৷
পাৰে পাৰিজাত মলয়া বাৱ৷
চটকে ত্যজে সুললিত ৰাৱ৷৷ ১৪৮
ভ্ৰমৰগণে গাৱৈ হৰি গীত৷
বৈষ্ণৱগণ শুনি আনন্দিত৷৷
হেন বৈকুণ্ঠৰ মাজত পাছে৷
উচ্ছ্ৰিত ৰত্ন মন্দিৰেক আছে৷৷১৪৯৷৷
বৈদূৰ্য্য স্তম্ভ স্ফটিক বাৰ৷
মাণিক্য কপাট হীৰাৰ দ্বাৰ৷৷
কাটিলা জিঞ্জিৰি সুৱৰ্ণাৱলী৷
বিচিত্ৰ মণি মৰকত স্থলী৷৷১৫০৷৷
পদ্মৰাগ ৰত্নে লগাইলা চৌতি৷
কোটি সূৰ্য্য যেন গৃহৰ জ্যৌতি৷৷
বিচিত্ৰ চন্দ্ৰাতপ আছে টানি৷
ঁৰিলা মুৰাৰি মুকুতা মণি৷৷১৫১৷৷
হেন মন্দিৰে ৰত্ন সিংহাসনে৷
আছন্ত বসি প্ৰভু নাৰায়ণে৷৷
চৌপাশে সেৱে পাৰিষদ যত৷
মৌক্তিক ছত্ৰ ধৰি ওপৰত৷৷১৫২৷৷
ধৱল চামৰে দুপাশে বিঞ্চৈ৷
সঘনে সুৰভি কুসুম সিঞ্চৈ৷৷
চৰণে অনেক ভকতি ভাৱে৷
উপাসন্ত লক্ষ্মী জগত মাৱে৷৷১৫৩৷৷
চৈতন্যময় শুদ্ধ ৰূপ ধৰি৷
পৰম আনন্দে আছন্ত হৰি৷৷
আতি চমৎকাৰ ৰূপ বিপুল৷
কন্দৰ্প কোটি যাক নোহে তুল৷৷১৫৪৷৷
কোটি ইন্দু সম আছৈ প্ৰকাশি৷
স্মৰণে দহৱৈ পাতক ৰাশি৷৷
ভকতৰ বন্ধু জগত বাপ৷
বোলা হৰি হৰি হৰোক পাপ৷৷১৫৫৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
কৰুণা সিন্ধু ভকত বন্ধু৷
ৰূপে তুল নোহে কোটি ইন্দু৷৷১২৷৷
পদ৷৷
স্থিৰ বুদ্ধি কৰি ভকতজনে৷
প্ৰত্যেক অঙ্গক চিন্তিবে মনে৷৷
চৰণ পদ্ম দেখি সুখী হুই৷
অৰুণ আতি পদতল দুই৷৷১৫৬৷৷
অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ৷
দেখি চিহ্ন তাতে মিলৈ উৎসৱ৷৷
চৰণ পঙ্কজ আছে প্ৰকাশি৷
আঙ্গুলি পান্তি তাৰ ভৈল পাসি৷৷১৫৭৷৷
দেখিয়া ৰত্নৰ পাকৰি নয়৷
প্ৰকাশৈ তাতে নখচন্দ্ৰচয়৷৷
ৰতনে উজ্জ্বল উঝন্টি যত৷
নূপুৰ প্ৰকাশৈ পাদপৃষ্ঠত৷৷১৫৮৷৷
ৰত্নৰ হোড়ৰ জ্বলে জঙ্ঘাত৷
উৰু কৰিকৰ সম সাক্ষাত৷৷
কটিত প্ৰকাশৈ বসন পীত৷
বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত৷৷১৫৯৷৷
নাভি সৰোৰুহ ৰুচিৰ কান্তি৷
হৃদয়ে প্ৰকাশৈ শ্ৰী বৎস পান্তি৷৷
উৰঃস্থলে লক্ষ্মী দিলন্ত দেখা৷
কষটিত যেন সোণাৰ ৰেখা৷৷১৬০৷৷
পীত বস্ত্ৰে শোভৈ শ্যামল কায়৷
তড়িত-জড়িত জলদ প্ৰায়৷৷
বহল হৃদয়ে মুকুতা হাৰ৷
প্ৰকাশৈ জিলিমিলি পেচন্দাৰ৷৷১৬১৷৷
চিকিমিকি কৰৈ ৰত্ন উজ্জ্বলা(২৪)
আপাদলম্বী গলে বনমালা৷৷
তাহাৰ মধুগন্ধে হুয়া ভোল৷
বেঢ়িয়া মধুকৰে কৰে ৰোল৷৷১৬২৷৷
চাৰু চতুৰ্ভুজ শোভে সুঠান৷
ললিত বলিত নীল মোলান৷৷
কেয়ুৰ কঙ্কণ বলয়া তাতে৷
প্ৰকাশৈ নৱ কিশলয় হাতে৷৷১৬৩৷৷
ৰত্নৰ শলাকা আঙ্গুলি পান্তি৷
আঙ্গুষ্ঠীচয় তাতে কৰে কান্তি৷৷
অৰুণ নখ চন্দমাৰ শাৰী৷
শঙ্খ চক্ৰ গদা পঙ্কজধাৰী৷৷১৬৪৷৷
গলত গলপতা সাতসৰি৷
উড়ৈ নৱগুণ পীত উত্তৰী৷
শ্যামল শৰীৰে শোভৈ অধিক৷
ময়ূৰ পুচ্ছ যেন চিকমিক৷৷১৬৫৷৷
কম্বুকণ্ঠে শোভৈ কৌস্তুভ মণি৷
প্ৰভাতে উদিত আদিত্য যেনি৷৷
পূৰ্ণচন্দ্ৰ ৰুচি মুখমণ্ডল৷
কৰ্ণত মকৰ দোলে কুণ্ডল৷৷১৬৬৷৷
তাৰ ৰশ্মি জ্বলৈ গণ্ড পাণ্ডুৰ৷
ৰুচিৰ চিবুক চাৰু অধৰ৷৷
প্ৰৱাল ৰত্নে যেন কৰৈ কান্তি৷
সুন্দৰ দন্ত মুকুতাৰ পান্তি৷৷১৬৭৷৷
সদায় নুগুছৈ ঈষত হাস৷
নাসা তিলফুল সম প্ৰকাশ৷৷
অৰুণ লোচন পঙ্কজ পাশি৷
ধনু সম আছৈ ভ্ৰূৱ প্ৰকাশি৷৷১৬৮৷৷
------------
২৪৷ পা, ৰত্নৰ জালা
---------------
ৰত্নময় কৰৈ তিলকে কান্তি৷
কপালে লম্বিত অলকা পান্তি৷৷
ৰঞ্জৈ শিৰে ৰত্নময় মুকুট৷
চূড়ামণি ৰত্নে প্ৰকাশৈ জুট৷৷১৬৯৷৷
তাৰ মাজে ৰত্ন  পঙ্কজ মালা৷
উজ্জ্বল মুখ লাগি তাৰ জ্জ্বালা৷৷
হেন মনোহৰ ৰূপ নিৰেখি৷
থাকিব সমস্ত অঙ্গক দেখি৷৷১৭০৷৷
মস্তকৰ পৰা পাদ পযৰ্্যন্তে৷
নমাইব মনক দুনাই দেখন্তে৷৷
ধ্বজ বজ্ৰ পদ্ম অুঙ্কুশ যৱে৷
প্ৰদক্ষিণে নমি পৰিব পাৱে৷৷১৭১৷৷
এতেকে হুইবেক পৰম সিদ্ধি৷
হৰিসে জানা জগতৰ নিধি৷৷
হেলায় সংসাৰ তৰিবা পুনু৷
নকৰা বিফল মনুষ্য  তনু৷৷১৭২৷৷
দৃঢ কৰি ধৰা হৰিৰ পাৱ৷
পাপ সাগৰত এহিসে নাৱ৷৷
কৃষ্ণৰ কিঙ্কৰে শৰে ভণে৷
হৰি হৰি বোলা সমস্ত জনে৷৷১৭৩৷৷
৷৷ ধ্যান বৰ্ণন সমাপ্ত৷৷৪৷৷

No comments:

Post a Comment