কীৰ্ত্তন: প্ৰথম খণ্ড "চতুৰ্ব্বিংশতি অৱতাৰ "
|| শ্ৰীকৃষ্ণায় নম : ||
|| শ্লোক ||
কৃষ্ণায় ৱাসুদেৱায় দেৱকীনন্দনায় চ |
নন্দগোপকুমাৰায় গোৱিন্দায় নমো নম: ||
নম: পঙ্কজনাভায় নম: পঙ্কজমালিনে |
নম: পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে ||
বসুদেৱসুতং কৃষ্ণং কংসচাণূৰমৰ্দ্দনম |
দেৱকীহৃদয়ানন্দং কৃষ্ণং ৱন্দে জগদগুৰুম ||
হৰি ৰাম ৰাম ||
মূকং কৰোতি ৱাচালং পঙ্গুং লঙ্ঘয়তে গিৰিম |
য়ত্কৃপা তমহং ৱন্দে পৰমানন্দ মাধৱম ||
|| প্ৰথম খণ্ড ||
|| চতুৰ্ব্বিংশতি অৱতাৰ ||
|| প্ৰথম কীৰ্ত্তন ||
ঘোষা || জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি |
ৰাম ৰাম কেশৱ হৰি || ১
পদ || প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন |
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ ||
তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত |
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত || ১
মত্স্যৰূপে অৱতাৰ ভৈলা প্ৰথমত |
উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত ||
সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া |
নধৰিলা সমুদ্ৰে তোহ্মাৰ মত্স্যকায়া || ২
কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে |
লক্ষ প্ৰহৰৰ পথ জুড়িলা শৰীৰে ||
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে |
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠভাগে || ৩
দিব্য যজ্ঞবৰাহ স্বৰূপ ভৈলা তুমি |
লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি ||
তোহ্মাক কৰিলা যুদ্ধ হিৰণাক্ষ বীৰি |
অপ্ৰয়াসে দৈত্যক মাৰিলা দন্তে ছিড়ি || ৪
আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ |
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ ||
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস |
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস || ৫
বামন স্বৰূপে অদিতিৰ বাক্য পালি |
ইন্দ্ৰক থাপিলা ছলে বলিক নিকালি ||
ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি |
তযু পাদোদকে গঙ্গা ভৈলা উতপতি || ৬
|| দ্বিতীয় কীৰ্ত্তন ||
ঘোষা || যদুমণি যাদব যাদব যাদবানন্দ হৰি || ২
পদ || ভৈলাহা পৰশুৰাম নামে অৱতাৰ |
প্ৰদক্ষিণ কৰি ভূমি তিনি সাত বাৰ ||
ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি |
নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী || ৭
ছিৰীৰাম ৰূপে কৌশল্যাত অৱতাৰি |
বনবাস খপিলা পিতৃৰ বাক্য ধৰি ||
বিৰাধ কৱন্ধ মাৰীচৰ লৈলা প্ৰাণ |
খৰ দুষণক প্ৰভু কৰিলা নিৰ্য্যাণ || ৮
একপাট শৰে বালি সঙ্কলিলা জীৱ |
তোহ্মাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ ||
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু |
বধিলা ৰণত সীতাহৰণৰ হেতু || ৯
বধিলা ৰণত আনো ৰাক্ষস অনেক |
ভক্ত বিভীষণক কৰিলা অভিষেক ||
অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক |
ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোহ্মাক || ১০
সম্বৰিলা সীতা দশৰথৰ বচনে |
অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গ মনে ||
কৰিলাহা ৰাজ্য দশ হাজাৰ বত্সৰ |
লগে স্বৰ্গে নিলা সৱে অযোধ্যা নগৰ || ১১
ৰোহিণীত ভৈলা হলীৰাম অৱতাৰ |
দ্বিৱিদৰ প্ৰাণ লৈলা মুষ্ঠিৰ প্ৰহাৰ ||
প্ৰলম্ব মুষ্টিক ৰুক্ম দন্তবক্ৰ বীৰ |
লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ || ১২
বুদ্ধ অৱতাৰে বেদপন্থ কৰি ছন্ন |
বামানয় শাস্ত্ৰে মুহি আছে অজ্ঞ জন ||
নিচিন্তে চৰণ নাম নলৱে তোহ্মাৰ |
সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ || ১৩
কলিৰ শেষত হৈবা কল্কি অৱতাৰ |
কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ ||
সৱাকো বধিবা বৌদ্ধগণ যত আছে |
কলিৰ শেষত সত্য প্ৰৱৰ্ত্তাইবা পাছে || ১৪
|| তৃতীয় কীৰ্ত্তন ||
ঘোষা || নৰহৰি গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম ||
পদ || সনতকুমাৰে অৱতাৰে তুমি হৰি |
ফুৰিলা দুষ্কৰ ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি ||
পৃথু ৰাজা তোহ্মাত সুধিলা মহাজ্ঞান |
সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান || ১৫
ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ |
পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ ||
যাক আচৰিলে মহা মোক্ষ পদ পাই |
হৰিৰ কীৰ্ত্তন কৰি ফুৰা বীণা বাই || ১৬
ভৈলা অৱতাৰ আৰো নৰনাৰায়ণ |
কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন ||
তোহ্মাক মুহিবে কামদেৱ আইলা সাজি |
দৰ্পচুৰ কৰিলা উলটি গৈলা লাজি || ১৭
কপিল স্বৰূপে আৰো ভৈলা অৱতাৰ |
লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ ||
তোহ্মাৰ প্ৰসাদে যোগ জানি দেৱহুতি |
তোহ্মাৰ চৰণ চিন্তি লভিলা মুকুতি || ১৮
দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয় |
পুছিলন্ত যোগ যদু অলৰ্ক হৈহয় ||
তিনিও ৰাজাত কৈলা যোগৰ যুগুতি |
তোহ্মাৰ প্ৰসাদে পাইলা পৰম মুকুতি || ১৯
যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায় |
যামা নামে দেৱগণ লগত সহায় ||
স্বায়ম্ভুৱ মনুৰ দিনত তুমি হৰি |
ইটো ত্ৰিজগতক আছিলা ৰক্ষা কৰি || ২০
পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি |
জড়যোগাচাৰ্য্য ধৰি পৰ্য্যটিলা ভূমি ||
পৰম জ্ঞানৰ পথ দেখাইলা আপুনি |
পৰমপদক পাৱে যাক জানি শুনি || ২১
অৰাজক ভৈলা নষ্ট হোৱে সৱে প্ৰজা |
দেখি তুমি ভৈলা পৃথু নাম আদি ৰাজা ||
পৃথিৱীক ধৰিয়া দুহিলা সৰ্ব্ব ৰস |
জগততে ব্যাপিলা তোহ্মাৰ মহাযশ || ২২
সাগৰ মথন্তে অমৃতৰ ঘট ধৰি |
ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি ||
যত বৈদ্যশাস্ত্ৰচয় কৰিলা প্ৰকাশ |
যাহাক জানিলে হয় ব্যাধিৰ বিনাশ || ২৩
ধৰিলাহা সংসাৰমোহিনী নাৰী বেশ |
দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ ||
ভকত দেৱক পান কৰাইলা অমৃত |
তোহ্মাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃতকৃত্য | ২৪
|| চতুৰ্থ কীৰ্ত্তন ||
ঘোষা || নৰহৰি গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম || ৪
পদ || ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি |
দেখিলাহা প্ৰজা ভৈল অল্পমতি ||
কৰিলা অনেক শাখা চাৰিও বেদৰ |
পুৰাণ ভাৰতশাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ || ২৫
গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি |
তোহ্মাত শৰণ লৈল আৰ্ত্তনাদ কৰি ||
শুণ্ডে মেহ্ৰাই পদ্মগোট উপৰক তুলি |
গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি || ২৬
শুনি শীঘ্ৰে চড়ি তুমি গৰুড়ৰ স্কন্ধে |
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে ||
গৰুড়ৰ নামি তুমি পৰম বিক্ৰমে |
শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে || ২৭
আথেবেথে চক্ৰে ছিঁড়িলাহা গ্ৰাহমুখ |
তোহ্মাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দু:খ ||
হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা |
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা | ২৮
তোহ্মাক নমিলা গৈয়া দন্তৱতে পৰি |
পাৰিষদ হুয়া বৈকুন্ঠক গৈলা লৰি ||
তযু পৰশনে গ্ৰাহে শাপক নিস্তৰি |
বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি || ২৯
হয়গ্ৰীৱ নামে আৰ ভৈলা অৱতাৰ |
তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তোহ্মাৰ ||
তোহ্মাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে |
বাজ ভৈলা বেদগণ নিশ্বাস কাঢ়ন্তে || ৩০
সপত্নী মাতৃৰ বাক্যে বিদাৰিলে মন |
ধ্ৰুৱে আসি আৰাধিলা তোহ্মাৰ চৰণ ||
ত্ৰৈলোক্যৰ উপৰে তাহাঙ্ক থৈলা থাপি |
গোধিকাৰ পুচ্ছভাগে দেখিঅ অদ্যাপি || ৩১
দেৱেদৈত্যে আনিবাক নৱাৰে মন্দৰ |
অপ্ৰয়াসে আনি তুমি মথিলা সাগৰ ||
দানৱক যুজিলা দেৱৰ হুয়া ভিতি |
তোহ্মাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি || ৩২
কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্বজনে |
মোক্ষপদ সাধা আউৰ শ্ৰৱণ কীৰ্ত্তনে ||
কৃষ্ণৰ কিঙ্কৰ কহে শঙ্কৰে সম্প্ৰতি |
বোলা হৰি হৰি পাপ যাউক অধোগতি || ৩৩
|| চতুৰ্ব্বিংশতি অৱতাৰ সমাপ্ত || ১ ||
||দ্বিতীয় খণ্ড ||
||নাম অপৰাধ ||
|| প্ৰথম কীৰ্ত্তন ||
ঘোষা || কৰিও হৰিৰ চৰণে ৰতি |
কলিত হৰিৰ নামেসে গতি || ৫
পদ || পদ্মপুৰাণৰ স্বৰ্গ খণ্ডত |
নিৰূপি আছে কলি ধৰ্ম্ম যত ||
তাক শুনা আৱে একান্ত চিতে |
যাৰ ইচ্ছা আছে ভৱ তৰিতে || ৩৪
আছে চাৰিসিদ্ধ জ্ঞানী পৰম |
ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম ||
তাসম্বাক পায়া নাৰদ ঋষি |
পুছিলা সংশয় কথা হৰিষি || ৩৫
ঈশ্বৰ ভগৱন্ত কৃপাময় |
কহিছা যিটো মহা পাপচয় ||
কেন মতে হোৱে বিনাশ তাৰ |
কলিত কোন পুণ্যে পাই পাৰ || ৩৬
কহিয়া ছেদিয়ো সংশয় যত |
চাৰিও তোৰা মহাভাগৱত ||
শুনিয়া সনত কুমাৰ মুনি |
দিলন্ত উত্তৰ মনত গুণি || ৩৭
গোৱিন্দৰ প্ৰিয় নাৰদ শুনা |
ভাগৱত ধৰ্ম্ম আপুনি জানা ||
হৌক মোক্ষ বুলি সৱে লোকৰ |
কৰিলা প্ৰশ্ন সংসাৰত সাৰ || ৩৮
যেন মতে পাৱে সংসাৰ পাৰ |
শুনা সাৱধানে উত্তৰ তাৰ ||
সদায়ে এড়িল আচাৰ ধৰ্ম্ম |
নভৈল যাৰ কিছো জাতকৰ্ম্ম || ৩৯
শঠবুদ্ধি যিটো জগতে বঞ্চৈ |
দম্ভ অহঙ্কাৰ সদা নুগুচৈ ||
সুৰাপায়ী চাতুকাৰ চাণ্ডাল |
নিষ্ঠুৰ বাক্য বোলে সৰ্ব্বকাল || ৪০
পুত্ৰ দাৰা ধন আতেসে ৰতি |
সৱাতো অধম যি পাপমতি ||
সিসৱো পাপত হোৱৈ তৰণ |
যদি হৰি পদে লৱৈ শৰণ || ৪১
দেৱতো উত্তম কৰুণাকৰ |
মুকুতি পাৱে যাত চৰাচৰ ||
যিটো থাকৈ তান দ্ৰোহ আচৰি |
ভজিলে তাকো নিস্তাৰন্ত হৰি || ৪২
যিটো মন্দমতি অধম নৰে |
হৰিৰো মহা অপৰাধ কৰে ||
নামত শৰণ লৱে বাৰেক |
নামে হৰে তাৰ সৱে পাতেক || ৪৩
সুহৃদ হৰি নাম সমস্তৰে |
তাৰো অপৰাধ যি নৰে কৰে ||
তাহাৰ ৰক্ষাৰ নাহি উপায় |
আৱশ্যে সিটো অধোগতি যায় || ৪৪
হৰিও ৰাখিব নৱাৰে তাক |
শুনিয়া নাৰদে বুলিলা বাক ||
নামৰ কোন অপৰাধগণ |
লোকৰ যিটো পুণ্য কৰে ছন || ৪৫
পাপক সঞ্চি যায় অধোগতি |
কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি ||
শুনি মুনি বাক্য বুলিলা তথা |
পুছিলা পৰম ৰহস্য কথা || ৪৬
পূৰ্ব্বত কহিলা মোত শঙ্কৰে |
প্ৰকাশিবো আক তোহ্মাৰ তৰে ||
শুনা যেন যেন দ্ৰোহ নামৰ |
হৰি হৰি বোলা সমস্ত নৰ ॥ ৪৭
|| দ্বিতীয় কীৰ্ত্তন ||
ঘোষা || ঘুষিয়ো হৰি হৃদি ৰূপ ধৰি |
নাহি আন পুণ্য নামক সৰি || ৬
পদ || ভকতক নিন্দা কৰে অধম |
জানিবা নামৰ দ্ৰোহী পৰম ||
যাত হন্তে ভৈল নামৰ খ্যাতি |
তাৰ কি নিন্দা নামে সহে আতি || ৪৮
গুণনাম যত বিষ্ণু শিৱৰ |
তাক ভিন্ন বুদ্ধি কৰৈ যিটো নৰ ||
নামৰ সিও মহা অপৰাধী |
নৰকত পৰৈ দৈৱে নাবাধি || ৪৯
যিটো পাপী কৰৈ গুৰুক হেলা |
বেদকো নিন্দৈ যদি কোনো বেলা ||
নামৰ ইয়ো দুয়ো অপৰাধ |
ভুঞ্জিবে যাতনা নাহিকে বাধ || ৫০
হৰিৰ নামে কৰৈ অৰ্থবাদ |
নামৰ মহিমা কৰে উচ্ছাদ ||
সিজনো নামৰ দ্ৰোহী পৰম |
নৰকে পচে নাহি তাৰ জন্ম || ৫১
নামত বলে কৰৈ পাপবুদ্ধি |
অষ্টাঙ্গযোগে তাৰ নাহি শুদ্ধি ||
নাম অপৰাধী সিও পৰম |
ভুঞ্জিবে যাতনা অনেক জন্ম || ৫২
ধৰ্ম্ম হোম ব্ৰত তীৰ্থত স্নান |
যতেক আছে মহাযজ্ঞ দান ||
আক এৰে কৰে নামক সৰি |
কতনো যাতনা ভুঞ্জিবে মৰি || ৫৩
নামক কীৰ্ত্তন কৰন্তে আনে |
আন মন কৰি নুশুনে কাণে ||
অধক যাই সিয়ো হোৱৈ কলা |
বাইবেক কাণত তপত শলা || ৫৪
নাহিকে শ্ৰদ্ধা নাপাতয় কাণ |
তাক যিটো দেয় নামক দান ||
নামৰ দ্ৰোহী নাহি তাত পৰে |
ভুঞ্জাইবে যাতনা যম কিঙ্গৰে || ৫৫
শুনিয়া নামৰ মহিমা নীতি |
তথাপি নামত নকৰৈ প্ৰীতি ||
নামৰ দ্ৰোহী সিও অহঙ্কাৰী |
ভুঞ্জিৱেক কাকে জিহ্বা উভাৰি || ৫৬
এহি দশ অপৰাধী নামৰ |
আমাত কৃপায়ে কহিলা হৰ ||
পূৰ্ব্বত সমস্ত মুনিৰ আগে |
তোমাত আৱে কৈলো অনুৰাগে || ৫৭
নামৰ দ্ৰোহ নেৰে যিটো জানি |
পাপত পচৈ সিও মন্দ প্ৰাণী ||
মাতৃক ক্ৰোধে তেজৈ যেন অন্ন |
দু:খ মাত্ৰ পাৱৈ বালকগণ || ৫৮
এৰিয়া অপৰাধ দেৱ ঋষি |
নামত যতন কৰা হৰিষি ||
নামেসে কৰিবে পৰম সিদ্ধি |
হৰিৰ নাম জগতৰে নিধি || ৫৯
পুছিলা নাৰদ ঋষি দুনাই |
যাহাৰ বিজ্ঞান বৈৰাগ্য নাই ||
সদায় মজি আছে বিষয়তে |
এৰাইবে নামৰ দ্ৰোহ কিমতে || ৬০
সনত কুমাৰে দিলে উত্তৰ |
নামৰ দ্ৰোহী যিটো পাপী নৰ ||
সততে ফুৰে হৰি নাম গাই |
তেৱেসে নামৰ দ্ৰোহ এড়াই || ৬১
স্বৰূপ শুনা ঋষি উদাসীন |
যিজন নাম অপৰাধহীন ||
হৰিৰ তেৱে একে নামে তৰৈ |
শুনৈ বা ভণৈ বা মনত স্মৰৈ || ৬২
কহিলা ৰহস্য মোত শঙ্কৰে |
আক যিটো নৰে কীৰ্ত্তন কৰে ||
মুকুতি পাৱৈ এৰে অপৰাধ |
কহিলো নাৰদ নাহিকে বাধ || ৬৩
পৰম বান্ধৱ হৰিৰ নাম |
যিজনে আক লৱৈ অবিশ্ৰাম ||
তাৰ সাত কাৰ্য্য সাধিবে দেখা |
প্ৰতি প্ৰতি লোৱা সাতৰো লেখা || ৬৪
প্ৰথমে দহিবে পাতকচয় |
কৰিবে মহাপুণ্য অভ্যুদয় ||
কৰাইবে বিষয়ত বিৰকতি |
কৃষ্ণত পৱাইবে প্ৰেম ভকতি || ৬৫
উপজাইবে আতি বৈষ্ণৱ জ্ঞান |
মায়াকো দহিয়া কৰৈ নিৰ্য্যাণ ||
চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি |
থৈৱন্ত তেন্তে এৰে একে কৰি || ৬৬
তেৱেসে নাম হুইব উপাশান্ত |
কহিলো পৰম তত্ত্ব একান্ত ||
নাম বিনে নাহি কলিত গতি |
কলিৰ লোক হুইবে পাপমতি || ৬৭
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ |
জানিবা কলিৰ নামেসে সাৰ ||
কলিত সদা নুসুমৰৈ হৰি |
হেলাত মৰৈ আত্মঘাত কৰি || ৬৮
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে |
মনুষ্য জন্মক নপায় সেন্থৰে ||
আকো বৃথা কৰা কিনো অভাগী |
মাণিক্যক বিকা কাঞ্চক লাগি || ৬৯
কেতিক্ষণে কিবা মিলৈ বিঘাত |
তথাপি চেতন নাহিকে গাত ||
আজি কালি কিবা মিলৈ মৰণ |
হৰিৰ নামত লৈয়ো শৰণ || ৭০
নকৰিবা নিন্দা মোক মহন্তে |
আসিল শাস্ত্ৰ বাৰাণসী হন্তে ||
তাহাঙ্ক চাই নিবন্ধিলো পদ |
হৰি হৰি বুলি তৰা আপদ || ৭১
|| নাম অপৰাধ সমাপ্ত ||২||
No comments:
Post a Comment