আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Tuesday 1 February 2011

অসমীয়াত কথা বতৰা : কিছু নিয়মাৱলী

এই গ্রুপৰ কিছু প্ৰক্ষেপিত উদ্দেশ্য এনেধৰণৰ :
১) প্ৰথম আৰু প্ৰধান কথা ফে’চবুকৰ গৰিষ্ঠ সংখ্যক লোকক অসমীয়া উনিক’ড ত লিখিবৰ বাবে আকৰ্ষিত কৰা। গতিকে এই গ্রুপটো বহুতৰ বাবে অসমীয়া উনিক’ড ত লিখিবৰ বাবে পাঠশালা স্বৰূপ হ’ব।
 ২)লাহে লাহে তেঁওলোকক শব্দ সঙ্ঘ , ঈ- জোনাকী যুগ, অসমীয়া উকিপেডিয়া আদি প্ৰকল্প সমূহৰ বিষয়ে আভাস দিয়া (যিসকলে এতিয়াও নেজানে)হ’ব । যেতিয়া তেঁওলোক অসমীয়া উনিক’ড ত লিখিবৰ বাবে দক্ষ হ’ব, তেতিয়া তেঁওলোকে শব্দ সঙ্ঘ , ঈ- জোনাকী যুগ, অসমীয়া উকিপেডিয়া আদি প্ৰকল্প সমূহলৈ অৰিহনা যোগাব পাৰিব।
৩) এই গ্রুপত সৰু—সুৰা আলোচনা কিছুমান আৰম্ভ কৰি সেইবিলাকক সু সংগত ভাবে সম্পাদনা কৰি অসমীয়া উকিপেডিয়াত অন্তৰ্ভুক্ত কৰিব পৰা যাব।
 8) আলোচনা সমুহৰ যৰিয়তে বিভিন্ন বিষয়ৰ দক্ষ সমল ব্যক্তি চিনাক্ত কৰি তেঁওলোকৰ সহযোগত কিছুমান সৰু সৰু গ্রুপ তৈয়াৰ কৰি শব্দ সঙ্ঘ , ঈ- জোনাকী যুগ, অসমীয়া উকিপেডিয়া আদি প্ৰকল্প সমূহলৈ সংযোগ কৰা হ’ব।


 সকলোৰে জ্ঞাতাৰ্থে বিশেষ অনুৰোধ: 
১) পৰাপক্ষত অসমীয়া UNICODEত পোষ্ট কৰিবলৈ চেষ্টা কৰিব। নৱাগত সকলে লাজ কৰাৰ কাৰণ নাই। কাৰোবাৰব ভুল হ'লে অমায়িক ভাৱে আঙুলিয়াই দিব। ঠাত্তা মস্কৰা বা সস্তীয়া মন্তব্য নিদিব।
২) কোনোধৰণৰ আপত্তিজনক বা আন কাৰোবাৰ ব্যক্তিত্বত আঘাত হানিব পৰা মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি কিছু সৃষ্টিশীল ৰুচিসম্পন্ন বিষয়ৰ আলোচনা হোৱা উচিত।
৩) এই ফ’ৰামত সকলোৰে চ্যাটিং কৰাৰ অধিকাৰ আছে। এই ফ’ৰাম টোৰ প্ৰধান উদ্দেশ্য অসমীয়া ভাষা , সাহিত্য, বা সম্পৰ্কীয় বিষয়ৰ আলোচনা। ইয়াত বিভিন্ন বয়সৰ ব্যক্তি থাকে। সকলোৰে কথা আমি ভাবিৱ লাগিব। ব্যক্তিগত পৰ্য্যায়ৰ কথা আলোচনা কৰাৰ বাবে অলপ অসুবিধা আছে।
৪) গতিকে অকনমান আমাক সহায় কৰক। এনেধণৰ সৰু সুৰা নিয়ম সমূহ মানি নচলিলে সদস্যজনক আঁতৰাই দিয়া হ'ব।

No comments:

Post a Comment