আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Tuesday 1 February 2011

অভ্ৰ কীবৰ্ড কাষ্ট’মাইজেচন (customization)


কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে প্ৰথমে cdac ৰ leap office চফ্টৱেৰটো ব্যৱহাৰ কৰিছিলো । কিন্তু এই চফ্টৱেৰটো ব্যৱহাৰৰ বহুতো সীমাবদ্ধতা থকাৰ বাবে পিছলৈ অভ্ৰ কীবৰ্ড ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলো । কিন্তু leap officeৰ inscript টাইপিঙত অভ্যস্ত হোৱাৰ বাবে অভ্ৰ ব্যৱহাৰ কৰিবলৈ অসুবিধা পাইছিলো । সেইবাবে অভ্ৰৰ কীবৰ্ড কাষ্ট’মাইজেচনৰ সুবিধাটো গ্ৰহন কৰি নিজৰ বাবে সুবি...ধাজনক এখন কীবৰ্ড তৈয়াৰ কৰি উলিয়ালো । বনজীত্দাৰ কথামতে আপোনালোকৰ সতে কথাখিনি share কৰো বুলি ভাবিলো । কোনোবা উপকৃত হলে ভাল লাগিব ।     

১. অভ্ৰৰ চেটিঙ্‌চ অংশত ক্লিক কৰি ‘কী-বৰ্ড লে-আউট এডিটৰ : বিল্ড কাষ্টম লে-আউট - (keyboard layout editor : build custom layouts)’ অংশলৈ আহক ।

২. এতিয়া এখন কী-বৰ্ড ডিচপ্লে হ’ব আৰু তাৰ প্ৰতিটো বুটামত  ক্লিক কৰিলে টাইপ কৰিব পৰা এটা অংশ দেখা পাব । আপোনাৰ কম্পিউটাৰৰ কী-বৰ্ডত কোনো এটা ইংৰাজী আখৰ টিপিলে যিটো অসমীয়া আখৰ টাইপ হোৱাটো বিচাৰে তাত সেই অসমীয়া আখৰটো মাউচ ব্যৱহাৰ কৰি (অভ্ৰৰ click and type option, নতুবা যিকোনো  অসমীয়া টাইপিঙ tool) লিখক । উদাহৰণ : ধৰি লওক আপুনি K টাইপ কৰিলে ‘ক’ লিখাটো বিচাৰে, গতিকে ডিচপ্লে হৈ থকা কী-বৰ্ডৰ K ত ক্লিক কৰিলে টাইপ কৰিব পৰা এটা অংশ দেখা পাব আৰু তাত আপুনি অসমীয়া টাইপিঙ toolৰ সহায়ত ‘ক’ লিখক । একেদৰেই আপুনি বাকী আখৰ বিলাকো লিখিব পাৰিব ।

৩. ২ নং পদ্ধতি ব্যৱহাৰ কৰি কী-বৰ্ডৰ normal আৰু  shift দুয়োটা view আপডেট কৰক ।

৪.   কী-বৰ্ডৰ normal আৰু  shift দুয়োটা viewৰ একোটা screen shot লৈ লওক আৰু jpg , gif নতুবা bmp formatত save কৰি লওক ।

৫. এতিয়া attach image for layout viewer অংশত image দুখন সংলগ্ন কৰক ।

৬. Build অংশত ক্লিক কৰক আৰু ইয়াক C:\Program Files\Avro Keyboard\Keyboard Layouts ত এটা নিজা নাম দি save কৰক ।

৭. এতিয়া অভ্ৰক পুনৰ আৰম্ভ কৰাৰ পিছত আপোনাৰ নিজা কী-বৰ্ডৰ option টোও আপুনি ব্যৱহাৰ কৰিব পাৰিব ।

No comments:

Post a Comment