আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Monday 7 February 2011

অসমীয়া লিখিবলৈ কেইটামান Browser Plug-in


  • এইখিনিতে মই  অসমীয়া লিখিবলৈ কেইটামান  Browser Plug-in উল্লেখ কৰিলো-

    যদি আপুনি Firefox ব্যৱহাৰ কৰে-
    ১। প্ৰথমে  Firefox Greasemonkey Extension ডাউনল'ড কৰক এই ঠিকনাৰ পৰা-
    https://addons.mozilla.org/en-US/firefox/addon/748/
    তাৰ পাছত  এই ঠিকনালৈ গৈ Greywyvern Virtual Keyboard Interface Install কৰিবলৈ Install ক্লিক কৰক-
    http://userscripts.org/scripts/...show/10974

    ২। লিপিকাৰ Firefox Plug-in ডাউনল'ড কৰক এই ঠিকনাৰ পৰা-
    https://addons.mozilla.org/en-US/firefox/addon/6593/

    যদি আপুনি Google Chrome ব্যৱহাৰ কৰে-
    Greywyvern Virtual Keyboard Interface ডাউনল'ড কৰক এই ঠিকনাৰ পৰা-
    https://chrome.google.com/extensions/detail/cmaofmnfbjkkblmeoohhlmkgfgmebhed?hl=en

    আপুনি এই Plug-in কেইটাৰ  সহায়ত আপোনাৰ  Browserৰ পৰাই যিকোনো  Text Input, Textarea ত অসমীয়া লিখিব পাৰিব।


  • No comments:

    Post a Comment