আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Saturday, 7 May 2011

দৈনন্দিন:(খণ্ড:২)

Mitali Barman


দৈনন্দিন:
(খণ্ড:২)
প্ৰসংগ: পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ” (Remix!!) :

প্ৰথমে জানি ল’ব লাগিব ‘আধুনিক’, ‘আধুনিকতা’ আৰু ‘আধুনিকীকৰণ’ মানে কি? ‘আধুনিক’ মানে ‘নতুন/নবীন’, ‘আধুনিকতা’ মানে ‘নতুনত্ব/নবীনত্ব’ আৰু ‘আধুনিকীকৰণ’ মানে হ’ল ‘নবীনীকৰণ বা পুৰণি এটাক নতুনকৈ সজাই-পৰাই তোলা’৷
সুৰীয়া অসমীয়া ভাষাৰ কবি-গীতিকাৰ-গায়কসকলে প্ৰাণৰ পৰশেৰে ঢৌৱাই অসমৰ সংগীতজগতখনো ছন্দে-সুৰে মূৰ্চ্ছনাময় কৰি থৈ গৈছে৷ গুৰুদুজনাৰ কথা নকলোঁৱেই যেনিবা, বিষ্ণু-জ্যোতিৰ পৰা আৰম্ভ কৰি কতজনে অসমীয়া সংগীতৰ বৰপথাৰখন চহকী কৰি থৈ গৈছে সতকাই আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি৷ কিমান ভাল লাগে, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তই গোৱা এফাকি গীতৰ কলি শুনিলে৷ জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ কথা..... আস্ মন মুহি যায়৷ দীপালি বৰঠাকুৰৰ কণ্ঠত “সোণৰ খাৰু নালাগে মোক” শুনিলে অজানিতে ভৰি আহে দুনয়ন!! “পকাধানৰ মাজে মাজে সৰু সৰু আলি” আৰু দেও পাৰি উমলি-জামলি কটোৱা অভিন্ন শৈশৱ!! কিন্তু হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ৰখা এই গীতবোৰতো যেতিয়া তথাকথিত ‘আধুনিকীকৰণ’ৰ প্ৰলেপ সানি দিয়া হয়, সঁচাকৈ খুব অশান্তি লাগে৷ 
এবাৰ এই প্ৰসংগতে মোৰ বাইদেউ এজনীৰ লগত কথা পাতিছিলোঁ৷ মোক বাইদেৱে কৈছিল, তেওঁ হেনো “ৰিমিক্স” গীতবোৰ খুব ভাল পায়৷ মোক সুধিছিল “তুমিনো কিয় ইমান বেয়া পোৱা?” এক চেকেণ্ডো অপব্যয় নকৰাকৈ কৈ চিধা-চিধিকৈ কৈ দিছিলোঁ “চোৱা বা, আশী বছৰীয়া আইতা এগৰাকী এনেয়ে ধুনীয়া৷ বয়স আৰু অভিজ্ঞতাই আইতাগৰাকীক আৰু ধুনীয়া কৰিছে৷ এতিয়া সেই আইতাজনীক যদি আমি গাভৰু সজাবলৈ গৈ টিকটিককৈ “মেক-আপ” এসোপা সানি দিওঁ, অসজা নালাগিবনে?” এই উত্তৰ পাই তেওঁৰ আৰু “ৰিমিক্স” গীতৰ প্ৰতি থকা পীৰিতি উৰি গ’ল ৷ ইয়াৰ মাজতে এনেকৈ কোৱা মানুহো ওলাইছে যে আজিৰ নৱ-প্ৰজন্মই আমাৰ পুৰণি গীতবোৰ নাজানে৷ গতিকে কিছুমান গায়কে সেইবোৰ নতুনকৈ গাই আমাক ‘উপহাৰস্বৰূপে’ আগবঢ়াইছে৷ তাতনো আপত্তি কিহৰ?? হয়, আপত্তি নিশ্চয় আছে৷ ধৰি লোৱা হ’ল, আপোনাৰ এটা চোলা আছে৷ বহুদিন হ’ল আপুনি চোলাটো পিন্ধা নাই বা কিবা কাৰণত চোলাটোৰ কথা পাহৰি আছে৷ এদিন আপোনাৰ আলমাৰিটো চিজিল লগাই থাকোতে আপোনাৰ ভণ্টি বা মায়ে চোলাটো পাই আপোনাৰ হাতত দিলে৷ এতিয়া বাৰু সেইটোক আপুনি ‘উপহাৰ’ বুলি ক’ব নেকি? যিটো বস্তু আগৰে পৰা আপোনাৰেই তাক বহুদিনৰ মূৰত পালেওতো সি আপোনাৰে, নহয় জানো? মোৰ বোধেৰে একেখিনি কথাকে গীতৰ ক্ষেত্ৰতো ৰিজাব পাৰি৷
আধুনিকীকৰণৰ নামত অযথা হৈ-হাল্লা কৰি অনাহকত এসোপা বাজানাৰ প্ৰয়োগ কৰি সেই অমিয়া-মাধুৰীসনা গীতবোৰ অশ্ৰব্যহে কৰি তোলা হয় যেন (প্ৰতিযোগিতাৰ দৌৰাত্ম্য)৷ বিশ্বাস কৰক, অলপতে দীপালি বৰঠাকুৰৰ “সোণৰ খাৰু নালাগে মোক” গীতটিৰ remix-টো শুনিলোঁ আৰু সেইটো শুনি তাৰ পাচত এঘণ্টামান ক’ত গৈ, কি কৰি মোৰ frustration বাহিৰ কৰিব পাৰি ভাৱি আছিলোঁ৷ অকল সেইটোৱেই নহয়, আপোনালোকেও ভাবি চাওকচোন “এইখনি গাঁও বুকুৰ আপোন” গীতটিত গাঁও এখনৰ যি সৰল প্ৰতিচ্ছবিৰ অথবা “পোহনীয়া চৰাইটি উৰিলে” গীতটিত যি আলসুৱা-আকলুৱা ভাৱৰ প্ৰকাশ হৈছে, তাকো যদি নতুনকৈ কেচিঅ’, ড্ৰামচেট আদিৰ সংগতত গাই কোনোবাই আমালৈ ‘উপহাৰ’ আগবঢ়াই কেনে লাগিব পাৰে (আপোনালোকেও এই গীতকেইটিৰ remix শুনিছে যদি কথাখিনি আৰু ভালকৈ বুজি পাব)!! বাথৰুমত গান গোৱা আমাৰ দৰে যদু-মধুবোৰৰ কথা বাদ দিয়ক, প্ৰথিতযশা আৰু স্বনামধন্য শিল্পীয়েও যে remix-ৰ ৰমৰমীয়া বেহাত নামি পৰিছে? প্ৰচাৰ লাভ কৰিবলৈ কিছুমান শিল্পীয়ে এনে কৰিব পাৰে, কিন্তু প্ৰতিষ্ঠিতজনকতো ৰাইজে এনেয়ে চিনি পায়, আদৰ কৰে৷ তেন্তে? 
ৰক্ষণশীল মই নহয়৷ নতুনক হেঁপাহেৰে আদৰি লোৱাত কাহানিও মই কাৰ্পণ্য নকৰোঁ৷ কিন্তু নবীনীকৰণৰ নামত যিবোৰ কথা-কাণ্ড চলি আছে, ই বাৰু সঁচা অৰ্থত নবীনীকৰণনে? আজিকালি কেতিয়াবা সন্দেহ হয়--- নে ময়েই পিচ পৰি আছোঁ, ‘আধুনিকীকৰণ’ৰ প্ৰকৃত অৰ্থ ময়েই বুজি পোৱা নাই নেকি? ময়েই মিলাব পৰা নাই নেকি খোজ সংগীত জগতত আধুনিকৰ পৰশত আধুনিকীকৰণ হোৱা আধুনিকতাৰ লগত!!

মমতাৰ কাহিনী – এখন চিঠি আৰু কিছু সঁচা কথা


-----------------------

১/ মোৰ কাহিনীৰ নায়িকা মমতাৰ কথাৰে 

 হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি” নামৰ কালজয়ী কবিতাটিৰ সোৱাদ নোপোৱা লোক হয়তো আজিৰ অসমত খুব কমেই পোৱা যাব | কি এক দুখ, কি এক প্ৰগাঢ় ভালপোৱা সন্নিবিষ্ট হৈ আছে তাক পঢ়োতাজনেহে বুজিব পাৰে | কবিতাৰ মাধ্যমেৰে কবিয়ে প্ৰকাশ কৰিছে মমতাৰ ভালপোৱা, আৰু ভালপোৱাজনক হেৰুৱাৰ বেদনা | ঠিক একেই বেদনা, একেই ভালপোৱা আছিল মোৰ কাহিনীৰ “মমতা”ৰ |  মোৰ কাহিনীৰ মমতা বাস্তৱত তেজ মঙহৰ এগৰাকী মানুহ | ভদ্ৰ সমাজত কাঁঠফুলাৰ দৰে বাঢ়ি অহা আন এখন সমাজৰ বাসিন্দা তাই, যি নিশাৰ অন্ধকাৰত চঞ্চল হৈ উঠে | এক কথাত ক’বলৈ গ’লে আজিৰ তাৰিখত মোৰ কাহিনীৰ “মমতা” এগৰাকী “গণিকা”, এগৰাকী “বেশ্যা” | আপুনি হয়তো ভাবিব পাৰে আমাৰ সমাজত ঘৃণাৰ চকুৰে চোৱা এগৰাকী বেশ্যাৰ কথা আজি কিয় আলোচনাৰ বিষয় হৈ পৰিছে ! কিন্তু আপুনি হৃদয়ঙ্গম কৰিব লাগিব তাইৰ অনুভূতিবোৰ, তাইৰ ভালপোৱাবোৰ | আভিধানিক অৰ্থত আজিৰ “মমতা”ই ধনৰ বিনিময়ত নিজৰ দেহ বিক্ৰী কৰে | আমাৰ সমাজত, বাট-পথত অলেখ মমতাৰ ভিৰ আপুনি দেখিবলৈ পাব | সিহঁতৰ মাজৰে কিছুমানে ধন ঘটাৰ সহজ উপায় বিচাৰি উলিয়াইছে এইদৰে, কিন্তু কিছুমানক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰাইছো আমি, এই ভদ্ৰ সমাজে | মোৰ কাহিনীৰ নায়িকা এই দ্বিতীয় শ্ৰেনীৰ | জীৱনটোক ভালদৰে বুজি পোৱাৰ বয়সত তাই প্ৰেমত পৰিছিল, নিশাৰ আকাশত তৰা গণিছিল, শুকুলা মেঘৰ ঘৰ সাজিছিল সপোনত | দেও দি ফুৰা চৰাইৰ দৰে অনুভৱ কৰিছিল নিজকে | দুভাগ নিশা পাহাৰৰ সিপাৰে যেন তাইক কোনোবাই ৰিঙিয়াই কৈছিল “মোৰ ভালপোৱাৰ ঠিকনা তোমাৰ হৃদয়” | সপোনত যেন কোনোবাই তাইক কৈ উঠিছিল,

"এই !! শুনা !
তোমাৰ ওঁঠৰ জোখ লোৱা বহু দিন হ’ল
এই !! উঠানা ! প্লিজ !"
[কবিতা: এটা মাতাল উজাগৰী নিশা তোমাৰ নামত (মনোজ মন)]

২/ বান আহিছিল তাইৰ জীৱনলৈ :

 ভালপোৱাৰ ফাকু-গুড়ি চটিয়াই লৈছিল তাই নিজৰ দেহত, আৰু এদিন আজীৱন প্ৰেমৰ নৈত সাঁতুৰি ফুৰাৰ প্ৰতিশ্ৰুতিৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাটনি মেলিছিল | তাই হয়তো জনা নাছিল, হৃদয়ৰ মাজুলীত যে এতিয়া গড়াখহনীয়াৰ বতৰ | এদিন তাই অনুভৱ কৰিলে, প্ৰেমৰ নৈত সাঁতুৰি ফুৰুতে উভটি যোৱাৰ বাটেই হেৰুৱালে | তাই দেখিলে বনৰীয়া লঁতাৰ দৰে মেৰিয়াই ধৰিবলৈ উদ্যত কিছুমান হাত, নিমিষতে গিলি পেলোৱা দৃষ্টিত আবদ্ধ তাইৰ শৰীৰ | পাহাৰৰ সিপাৰে ৰিঙিয়াই মতা তাইৰ মনৰ মানুহজন এতিয়াচোন ৰূপান্তৰিত হৈ পৰিছে এজন দানৱলৈ ! ধনৰ বিনিময়ত ঠেলি দিছে তাইক  অন্ধকুপলৈ, য’ত তাইৰ বাবে অপেক্ষা কৰি ৰৈ থাকে এক কুটিল হাঁহি |

“বানে পোৱা নৈৰ বলিয়া সোঁতত উটি যাব নিবিচাৰো ম‍ই |
আশাবোৰ বুকুত সাৱতি বাট চাই ৰ’ম পাৰত বহি |
যদি সেই আশা বুকুতেই ৰৈ যায় !
যদি নৈ বৈ ঢৌ বাগৰি সুঁতি সলায় !
তথাপিও বাট চাই ৰ’ম, আকৌ বাৰিষা আহক |
নৈৰ বুকুত যে এটা সৰু দ্বীপ আছে,
যাক হৃদয় বুলি কয়,
তাতেই আছিল মোৰ ঘৰ |”
[কবিতা: বান আহিছিল (মনোজ মন)]



 ৩/ তাই এতিয়াও বাট চাই আছে :

 মোৰ কাহিনীৰ “মমতা”ৰ জীৱনলৈ ভালপোৱা আৰু উভটি নাহিল | সেইবোৰ বিক্ৰী হৈ গ’ল ধনৰ বিনিময়ত | এতিয়া তাই পৰিণত হ’ল অন্ধকাৰ গ’লিৰ এখন বেনাৰলৈ | অলেখ অযুত চেষ্টাৰেও মচিব নোৱাৰিলে তাত খোদিত লেতেৰা আখৰবোৰ | কিন্তু আপুনি জানো হত্যা কৰিব পৰিব প্ৰেমক ! তাইও নোৱাৰিলে | ভালপোৱাৰ দুগালত আঁকি দিয়া ওঁঠৰ দাগবোৰ বিচাৰি হাবাথুৰি খোৱা তাইক দেখিবলৈ পাব অপুনি নৈৰ ঘাটত, আউলি-বাউলি হৈ বহি ৰোৱা প্ৰতিটো গধূলি | যদি আপুনি কাণ পাতি ৰয় তেতিয়া হয়তো শুনিবলৈ পাব পাৰে তাইৰ উচুপনি | আপুনি যদি হৃদয়বান হয় তেন্তে চকু মুদিলেই দেখিবলৈ পাব এখন চিঠি; যাক হয়তো আপুনি নাম দিব পাৰে “এজনী বেশ্যাৰ এখন অশ্লীল চিঠি” |

“মৰমৰ,
আজি বহুত দিন হ’ল তোমাক নেদেখা |
মোক বাৰু তুমি ঘৃণা কৰা নেকি !
মোৰ দেহত এতিয়া শিয়াল-কুকুৰৰ আচোঁৰ |
তুমি যে গ’লা! এবাৰলৈও উভতি নাহিলা |
বিয়াৰ নিশা হোমৰ জুইঁক সাক্ষী কৰি
তুমিয়েই কোৱা নাছিলা জানো !
"মোৰ সাঁতোটা জীৱন তোমাৰ নামত" !
পিতাইৰ ঘৰৰ পৰা বিদায়ৰ দিনা
কান্দি আউলি-বাউলি হওঁতে
ভবাতো নাছিলো!
সেই যে সেমেকা মন আজিও সেমেকি ৰ’ব |
জনাতো নাছিলো তোমাৰ জীৱিকা মোৰ দেহ !
ৰাজপথত বিচাৰি ফুৰিবা
মোৰ বাবে নতুন নতুন প্ৰেমিক |
সিহঁতবোৰে মোৰ বুকুখন খুলি খুলি খোৱাৰ সময়ত
দুৱাৰৰ সিপাৰে বহি তুমি বাৰু কি ভাবি থাকা !
মোৰ লগত পাৰ কৰা ফুলশয্যাৰ নিশাৰ কথা?
তোমাক হয়তো ম‍ই জনোৱা নাই !
সিহঁতৰ উশাহঘন শব্দত বিচাৰো
তোমাৰ উপস্থিতি |
তোমাৰ বাবেই মই পাৰি দিছিলো সুকোমল শয্যা,
য’ত স্থান দিছিলা ৰুবিনা, পাৰৱিন, মিনতিহঁতক |
তুমি শুনিছিলানে !
দুৱাৰৰ সিপাৰৰ মোৰ উচুপনিবোৰ !
তুমিও থিক একেদৰেই উচুপি উঠা নেকি বাৰু !
মোৰ দেহৰ প্ৰেমত পৰা সেই এদিনিয়া প্ৰেমিকবোৰ দেখি !
তোমাৰ বাৰু হিয়া কঁপি উঠেনে ?
সিঁহ্তবোৰৰ অট্টহাস্য শুনি |
কি পাৰ্থক্য তোমাৰ আৰু সিহঁতৰ !
আৰু বিশেষ নিলিখো |
তুমি যদি কেতিয়াবা উজাই আহা
মোৰ বুকুৰ উপত্যকাত জিৰাবলৈ,
মোক জনাবলৈ নাপাহৰিবা |
কপালত আকিঁ ল’ম ৰঙা অকণমান ,
আৰু মেলি দিম দুহাত বুকু উদঙাই |
কিন্তু ! কিন্তু !!
মোৰ বুকুত যে এতিয়াও শিয়াল-কুকুৰৰ আঁচোৰ !
আকৌ আতঁৰি যাবা নেকি !
ৰুবিনা, পাৰৱিন, মিনতিহঁতৰ বুকুৰ উম বিচাৰি !!”

[কবিতা: এজনী বেশ্যাৰ এখন অশ্লীল চিঠি (মনোজ মন)]

"ৰিমিক্স,সংগীত আৰু অসমীয়া"

অৰুণজ্যোতি দাস
--------------------

গোলকীকৰণৰ ফলস্বৰূপে পৃথি‌ৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খো‌ৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গা‌ৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্য‌ৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বি‌ৱৰ্তনৰ সূচনা কৰিছে।

এনে হো‌ৱাৰ ফলত কিছু যে সুবিধা হো‌ৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰি‌ৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।

এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলু‌ৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ ন‌ৱ-প্ৰজন্মই আচাৰ-ব্য‌ৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃতি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।

অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!

গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপো‌ৱা দুই এজন অত্যুৎসাহী যু‌ৱক-যু‌ৱতীৰ কাণত অসমীয়া থলু‌ৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ যোতগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলু‌ৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হো‌ৱা নাই।

কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জী‌ৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কে‌ৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলো‌ৱা প্ৰভা‌ৱকহে বেছি মূল্য দিব।

সততে শুনিবলৈ পো‌ৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।

[এই লেখাৰ স্পষ্ট অনুধা‌ৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সো‌ৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰু‌ৱা)৭)অনুভ‌ৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰু‌ৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]

সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভা‌ৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হো‌ৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হো‌ৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?

নহয়।পুৰণী গীতত যাদু সানি থো‌ৱাৰ সাঁথৰটোও জটিল নহয়।

সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ড‌ৱ দেখি কোনো আদিম জনগোঙষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হো‌ৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভা‌ৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যো‌ৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ্ু কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।

যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজী‌ৱনৰ স্বাভা‌ৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গা‌ৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভ‌ৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।

পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলু‌ৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণ‌ৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনো‌ৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।

আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভ‌ৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মান‌ৱ জী‌ৱনৰ স’তে সংগীৰতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে।

অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰ‌ৱস্থা হ’ব।

জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকু‌ৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!

“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভা‌ৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হোৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।

ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভা‌ৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নো‌ৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নো‌ৱাৰেনে?

চেষ্টা কৰক,নিশ্চয় পাৰিব ।

[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]

আবেলিৰ অনুভৱ--




আবেলিৰ অনুভৱ  


(লেখাটো প্ৰাসংগিকতা ককাৰ স্মৄতিত , বিশেষকৈ ককালৈ মনত পৰাৰ বাবে )
--------------------------------

আপুনি হয়তো আবেলি বুলি ক’লে কি যে আৰাম !বুলি কৈ এনেদৰে শুই থাকে |কিন্তু হয়তো বহুতোলোকে মোৰ দৰে অথবা আপোনাৰ দৰে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি ফুৰে |জীৱন বুলি ক’লে সংগ্ৰামৰ বাবে বেলেগভাৱেও অনুভৱ কৰিব পাৰি |কিন্তু এইবুলিয়েই জীৱনটোক এৰি দিব পাৰি নেকি ? কি অৰ্থত কলো হয়তো বুজি পাইছে |

    আবেলি বুলি ক’লে মোৰ মনত পৰে -বাল্যকালত শুকান পথাৰত চিলা উৰুৱাৰ কথা |ককা -ৰ সতে ধেমালি কৰো |ক’ত কেতিয়া পাইছিলো পাহৰিলো যদিও "যি ককা-আইতাৰ সান্নিধ্য  লাভ কৰে সি প্ৰখৰ বুদ্ধিমত্তা হয় ” |যেনে ককা -আইতাই সৰুকালতে আমাক সাধু কোৱাৰ কথাবোৰে হয়তো মোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰালে যে সাধুৱে শিশুৰ বৌদ্ধিক বিকাশত অলপ হ’লেও সহায় কৰে |                                                        
    এতিয়া শিশুবুলি ক’লে প্ৰত্যেকে ব্যস্ত গীত-নৄত্য , কম্পিউটাৰ ইত্যাদিত |অকণমান সময় আমি সাধু অথবা ধেমালি কৰিবলৈ সময় উলিয়াবলৈ চেষ্টা কৰিব লাগে |
-ৰনৌজ কুমাৰ গগৈ  (চাও ৰিদিপ ৰঞ্জন)

এজন মানুহৰ কথাৰে (১)...

Saitanya Kumar Bharadwaj
-------------------------
বহুত দিনৰ পৰা লিখিম লিখিম বুলি ভাবি আছিলো, কেনেকৈ আৰম্ভ কৰিম ভাবি পোৱা নাছিলো | এতিয়া ভাবিলো এনেকৈ থাকিলে লিখা নহব |
২০১০ চনৰ নবেম্বৰ মাহৰ কথা মোৰ ভগ্নীসম মৌচুমীয়ে ফেচবুকৰ “অসমীয়াত কথা-বতৰা” নামৰ গোট এটাৰ ভৰাই দিলে | তাৰ আগলৈকে ফেচবুকৰ চোতালখন ভালদৰে গচকাই নাছিলো | ২০০৯ চনত খোলা এটা মোৰ ID অকামিলা হৈছিল | কিন্তু শেহতীয়াকৈ এই গ্ৰুপটোঅৰ জৰিয়তে মোৰ ফেচবুকৰ পৃথিবীখনে নতুন প্ৰাণ পাই উঠিল | অসমৰ বাহিৰত থকা হেতুকে “অসম” আৰু “অসমীয়া” বুলিলে গাটোত কিবা শিহৰণ জাগি উঠে | সপ্তাহটোৰ শেষলৈকে বাট চাও, ঘৰৰ বা সম্পৰ্কীয় মানুহৰ লগত কথা পাতিবলৈ | মাজতে ফোন কৰিবলৈ ভয়, হয়্তোবা গালি দিয়ে “পঢ়া-শুণা নকৰি ঘৰলৈ কিয় ফোন কৰি থাকা” বুলি | মাজে মাজে খবৰ-কাগজৰ ইন্টাৰনেট সংস্কৰণ চাও | তাতো অনবৰতে বেয়া(?) কথা বোৰেই পঢ়িবলৈ পাও | মনটো বেয়াহে লাগে | “অসমীয়াত কথা-বতৰা” গ্ৰুপটোৰ পৰা বহুত অসমীয়া মানুহ লগ পাইছো, যেন আমি সকলো এখন চোতালত হে বহি কথা পাতি আছো |
মানুহে কয়, ইন্টাৰনেট/কম্পিউটাৰ আদিয়ে কাম-কাজ, পঢ়া শুণাত ব্যাঘাত জন্মায় | কথাটো নোহোৱা নহয় যদিও ম‍ই বা আপুনি কি হিচাপে ব্যবহাৰ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে | ম‍ইও বহুখিনি সময় চিনেমা চাই কটাইছিলো, গৱেষণাৰ নথি-পত্ৰ বিচৰা বা লিখাৰ বাবে বেছি সময় নালাগে | বাকীখিনি সময় অবাবতে গুছি যায় | কম্পিউটাৰৰ প্ৰ্তি হেপাহ সৰুৰে পৰা আছিল, ১৯৯৭ ত হায়াৰ চেকোন্ডাৰীত Basis level শিকাৰ দিনৰ পৰা নামটো অসমীয়াত লিখাৰ সপোন দেখিছিলো | ২০০১ চনত Windows ত কাম কৰোতে “ৰামধেনু” বুলি অসমীয়া লিখাৰ সজুলি আছে বুলি শুণিছিলো, কিন্তু আজিলৈকে দেখা নাই | ২০০৫ চনত নিজৰ হাতলৈ লেপটপ আহিল | কোনোবাই “আদৰ্শ ৰত্নে” কথা কৈছিল, সেইমতেই ডাউনলোড কৰি লিখা আৰম্ভ কৰি দিছিলো | সেই লিখা MSWORD তে সীমাবন্ধ থাকিল |
এতিয়া আচল কথালৈ আহোঁ | “অসমীয়াত কথা-বতৰা” গ্ৰুপত ভৰ্তি হোৱাৰ পিছত ফেচবুকত অসমীয়া শব্দৰ জোৱাঁৰ উঠিল | কবিতা, গল্প, ফকঁৰা-যোজনা ইত্যাদি ইত্যাদি | মোৰো দুই এটা হোৱাই-নোহোৱাই লিখিবলৈ মন গ’ল | “আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা” | এবাৰ MSWORD ত লিখি paste কৰি দিলো, হায় কপাল, ই কিবা বিকৃত ৰূপ ললে | গম পালো মোৰ সেই অসমীয়া লিখা শিক্ষাৰ সীমাবদ্ধতা | UNICODE নামৰ নতুন শব্দ (বস্তু!) এটাৰ মুখামুখি হলো | তাৰ পৰাই আৰম্ভ হ’ল ইন্টাৰনেটত মোৰ অসমীয়া লিখাৰ যাত্ৰা | গ্ৰুপৰ লিখনিৰ পৰা AVRO ডাউনলোড কৰিলো, নিজৰ নামত “চৈ” লিখিবলৈ দুদিন লাগিল |তাৰ পিছ্ত BARAHA ললো, সাময়িক ভাবে ভাল পালো আৰু তাকেই আজিও ব্যবহাৰ কৰি আছো |
আৰম্ভ হ’ল অনলাইন শিক্ষাৰ...
“আছেনে?”
“হয়, কওঁক |”
“মোৰ এটা অসুবিধা আছে, I am unable to write “I” in assamese.”
“?”
“I am unable to write “moi” by using baraha, can u help me?”
“ma^i”
“ম‍ই”
“পাৰিছে দেখোন, হাঃহাঃহাঃ”
“পাৰি গলো, হাঃহাঃহাঃ”
সেয়া আছিল মানুহজনৰ লগত প্ৰথম ইন্টাৰনেটৰ ভাষাৰে কথা-বাৰ্তা |
তাৰ পিছ্ত তেওঁৰ পৰা তেনেকুৱা বহু অসুবিধা দুৰ কৰিলো | এদিন মোৰ বন্ধুৰ তালিকাত যোগ হ’ল |
এদিন হঠাতে লিখিলো, “আপুনি কি কৰে, ক’ত থাকে?”, তেওঁৰ উত্তৰত “?” চিহ্নটোহে দিছিল | নিজৰ প্ৰ্ফাইলত একো বিবৰণ নথকা মানুহজনৰ বিষয়ে জানিবলৈ বৰ মন গৈছিল| তাৰ পিছত ধাৰণা হৈছিল য়ে তেওঁ প্ৰ্চাৰ বিমুখ বা নিজৰ চিনাকি নিদিয়াকৈ আনৰ উপকাৰ সাধন কৰি যাব খোজে | বহুতক দেখিছো একৰ কাম কৰি দহৰ সমানকৈ ঢোল বজোৱা | একেবাৰে সাধাৰণ কথা, নিৰ্বাচনৰ আগতে চৰকাৰে উন্নয়ন উন্নয়ন বুলি বাতৰিৰ পৃষ্ঠা ভৰাই ৰাখে | পিছে অসম বা ভাৰত সেই একে অবস্থাতে আছে, বৰঞ্চ বেয়া বুলিহে কব পাৰি | এই মানুহজন সচাঁই অতুলনীয় |
মোৰ বন্ধুৰ তালিকাত সোমোৱাৰ পিছত তেওঁৰ ফ’ট’বোৰে মোক আকৰ্ষন কৰিলে | Macro Photography | ম‍ই আগতে Macro Photography ভালকৈ লক্ষ্য কৰা নাছিলো | সদায় দেখি থকা বস্তুবোৰো ইমান ধুনীয়া হব পাৰেনে? বহু সময় ৰহ লাগি চাই থাকো | চাই থাকিলে হেপাহ নপলায় | নিয়ঁৰৰ টোপালত প্ৰ্তিবিম্ব, যেন এখন সৰগহে ৰচনা কৰিছে | আমাৰ চকুৰে নেদেখা বস্তুবোৰ তেওঁ দেখা পায় | পোক-পতঙ্গ, সৰীসৃপ, ফুল, পাত একোকে সাৰি যাব দিয়া নাই তেওঁ | এখনতকৈ আনখন এখোপ ওপৰত | যিবোৰ পোক-পতঙ্গ দেখিলে ভয়তে নোম শিয়ঁৰি উঠিছিল আজি সেইবোৰে ৰূপৰ বাহাৰ লৈ চকুৰ আগত ভাহি আছে | এজন মানুহ আৰু এটা কেমেৰা | নিশ্চয় প্ৰফেচনেল কেমেৰামেন হব ! জনাৰ উপাও নাই | মাজে মাজে ফেচবুকত বাতৰি কাকতৰ scan copyদেখো- “মোৰ আজি প্ৰ্কাশিত ফ’ট’” তাৰ তলত original copy টো দিয়া থাকে | ক’তা তেওঁৰতো ফ’ট’ বাতৰি কাকতত ওলোৱা নাই | নহয়, তেওঁ চাগে, discovery Chanel বা National Geography ৰ photoghapher !

আগলৈ...




এক মিনিটৰ গল্প: "সংকুচিত"

Manoranjan Majumder
--------------------
চিগাৰেটতো জ্বলাই মুখত কিছুপৰ ৰাখিলো |আলিবাটৰ সিটো পাৰে বহা বুঢ়া ভিক্ষাৰীজনলৈ মোৰ চকু গ’ল |আজিও ঠিক সেই একে ঠাইতে ভিক্ষাৰীজন বহিছে |কাষেৰে পাৰ হৈ যোৱা মানুহ জাকক উদ্দ্যেশি বুঢ়াই কিবা-কিবি কৈ আছে |কিছুমানে হয়তো দুই-এটকা দলিয়াই থৈও গৈছে |হয়্তো পুতৌ ভাৱে অথৱা পূণ্য অৰ্জ্জনৰ আশাত |বুঢ়াই নিৰ্বিকাৰ ভাৱে টকা কিটা কাষতে থকা বাটিটোত থৈছে |মই নীৰৱ দৰ্শক হৈ মাত্ৰ চাই আছোঁ |থিয়েটাৰৰ এক বিশেষ মূহুৰ্ত্তত যেনেকৈ দৰ্শকে মৌন হৈ মাত্ৰ অভিনয় চাই থাকে ঠিক তেনেকৈ মৌন হৈ মই মাত্ৰ চাই আছোঁ |এনেতে সিফালৰ পৰা বোজাই ভৰ্ত্তি ট্ৰাক এখন আহিল |ট্ৰাকখন ভিক্ষাৰীজনৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল |বুঢ়াৰ দেহটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল |মানুহ বোৰে হৈ-হাল্লা কৰি ট্ৰাকখন ৰখালে |ভোকাতুৰ বাঘৰ দৰে মানুহবোৰ ট্ৰাকখনৰ ওপৰত জপিয়াই পৰিল |আলু আৰু পিয়াজঁ বোজাই কৰি আনিছিল ট্ৰাকখনে |বাটৰ মানুহ বোৰে যেনেকৈ পায় তেনেকৈ আলু -পিয়াজঁ বোৰ লৈ গ’ল |ট্ৰাকখনৰ চকাত এতিয়াও তেজৰ দাগ |মোৰ চিগাৰেটতো শেষ হোৱাত ময়ো ঘৰলৈ খোজ দিলো |
(ৰচনা কাল -১২ ফেব্ৰু’ ২০১১)

এক মিনিটৰ গল্প "এজন হৃদয়্হীন ব্যক্তিৰ স্বীকাৰোক্তি "

Manoranjan Majumder
-----------------------

হয় , মই এজন হৃদয়্হীন ব্যক্তি | হৃদয় বুলিবলৈ মোৰ একো নাই | বিবেক মই কেতিয়াবাই বৰ্জ্জন দিছোঁ | পঙ্গু মনৰ গ্লানি কঢ়িয়াই থকা মই এজন হৃদয়্হীন ব্যক্তি | কি ক’লে , মই এজন সন্ত্ৰাসবাদী ? হয়তো আপোনাৰ
চকুত মই এজন সন্ত্ৰাসবাদী | কিন্তু মোৰ নিজৰ দৃষ্টিত মই হয়তো আপোনাতকৈ বহুগুণে ভাল | কাৰণ মই আপোনাৰ দৰে দুখীয়াৰ দৰে তেজ শুহি নাখাওঁ , চকুৰ আগতে পত্নী , ভনীক কাৰোবাৰ কামনাৰ বলি হ’বলৈ নিদিওঁ |... হয় , আপুনি ঠিকেই শুনিছে , যোৱা সপ্তাহত চাৰি-আলিৰ বোমাটো ময়েই ফুটাইছিলো | সেই বোমাৰ আঘাতত মন্ত্ৰীৰ বুকু-কলিজা ফাটি চিৰা-চিৰ হৈছিল | মন্ত্ৰীৰ বিধৱা পত্নীয়ে ছিন্ন-বিছিন্ন হোৱা শৱ-দেহটোত পৰি হিয়া ঢাকুৰি কান্দিছিল | আৰু মোৰ কলিজা কিমান শাত পৰিছিল সেয়া হ্য়তো আপুনি কল্পনাও কৰিব নোৱাৰে |...
আপুনি মোৰ আদৰ্শৰ বিষয়ে সুধিছে ? আদৰ্শ মোৰ নাই | যিটো আদৰ্শত মই এই গোটটোত যোগদান কৰিছিলো সেই আদৰ্শ মই ইয়াত বিছাৰি নাপালো | এতিয়া এই বন্দুক টোৱেই মোৰ শেষ আদৰ্শ | কোনো কাৰণতে মই কাকো ক্ষমা কৰিব নোৱাৰো | সেয়ে মই এজন হৃদয়্হীন ব্যক্তি | আপোনাৰ জানিবলৈ মন নাযায় নে মোৰ হৃদয় ক’ত হেৰাই গ’ল ? ক’ত বিসৰ্জ্জন দিলো মই ইয়াক ? যিদিনাখনেই আপোনাৰ সৈন্য দল আহি মোৰ চকুৰ আগতে মোৰ পত্নী আৰু ভনীক উঠাই লৈ গ’ল আৰু পিছদিনা যেতিয়া সিহঁতৰ দেহ গাৱঁৰ সীমাৰ পথাৰখনত পালো তেতিয়াই মই হৃদয়ক বৰ্জ্জন কৰিলো |শিলত পৰিণত হ’ল মোৰ হৃদয় | আৰু এতিয়া এই ফাচীঁকাঠত উঠাৰ মুহুৰ্ত্ততো মই ক’বলৈ ভয় কৰা নাই যে মই এজন হৃদয়্হীন ব্যক্তি |
বিঃদ্ৰঃ এই লেখাটোৰ উদ্দেশ্য কোনো সন্ত্ৰাসবাদী গোটক প্ৰশ্ৰয় দিয়াটো নহয়|

(ৰচনাকাল- ১৯ মাৰ্চ ২০১১)

এক মিনিটৰ গল্প: " মুদ্ৰাদোষ "

Manoranjan Majumder
" মুদ্ৰাদোষ "
 ----------------------
বৰুৱাৰ আজি ব্যস্ততাৰ সীমা নাই
| আজি তেওঁৰ একমাত্ৰ জীয়েক সীমাৰ বিয়া | বৰুৱানী ঢুকুৱা কেইবাবছৰো হ’ল | জীয়েকৰ মৰমতে বৰুৱাই দুনাই বিয়াও নকৰালে | বহুতে উপদেশ দিছিল | আন কিছুমানে ছোৱালীও যাচিঁছিল | নাই , বৰুৱাৰ এক কথা | "বিয়া নকৰাওঁ "| তাতে কিছুমানৰ ঠাট্টা | "চাওঁচোন , কিমানদিন অকলে থাকে ?" এনেকৈ কোৱাৰ কাৰণ আছে | কলেজীয়া দিনত বৰুৱা আছিল সাংঘাটিক গ্লেমাৰাছ | সোঁৱে- বাঁৱে অসংখ্য ল’ৰা-ছোৱালীয়ে তেওঁক জুমুৰি মাৰি ধৰিছিল | ধনৰ অভাৱ নাছিল তেওঁৰ | যি কি নহওঁক , কিবা এটা চিন্তা কৰিয়েই বৰুৱাই দুনাই বিয়া নকৰালে |

        জীয়েক সীমাই ঘনে ঘনে মাকৰ ফ’টো খনলৈ চাই সেৱাঁ কৰিছে | বৰুৱাৰো দুচকু সেমেকি উঠিছে | এনেতে খোৱাৰ সময় আহিল | আজিকালিৰ বুফে চিষ্টেমৰ দৰে কাৰবাৰ তেওঁ কৰা নাই | বেঞ্চ-ডেস্ক পাৰি অভ্যাগত সকলক খাবলৈ মাতিছে | বিয়ালৈ ময়ো আহিছোঁ | পিঠিয়া-পিঠিকৈ মানুহবোৰ শাৰী পাতি বহিছে | মোৰ পিছফালে বহিছে কেইগৰাকী মান মহিলা | কথা পকাই পকাই খোৱা আৰম্ভ কৰিছে | এনেতে শুনিলো - এগৰাকীয়ে কৈছে -
- চাওঁকচোন ,আজি জীয়েকৰ বিয়াৰ দিনানো বৰুৱাই এনে কৰিব লাগে নে ?
- কিনো কৰিলে ?
- দেখা নাই ? মোলৈ চাই চকু টিপিয়াই আছে |
- অ’তো ,কি হ’ল তেওঁৰ ?
- বুঢ়া বয়সত পৰকিতি লৰিছে নেকি ?
তেওঁলোকৰ কথা শুনি মই পিছলৈ ঘুৰি চালো
| দেখিলো বৰুৱাই পাণ -তামোলৰ বটা এখন লৈ মহিলা দুগৰাকীৰ ঠিক সমূখত কিছু আতঁৰত থিয় দি আছে | মহিলা দুগৰাকীৰ কথা সচাঁ | বৰুৱাই চকু টিপিয়াই আছে | মই লগে লগে বুজি পালো বৰুৱাৰ চকু টিপিওৱাৰ কাৰণ | মই উভটি মহিলা দুগৰাকীক ক’লো -
- বুজিছে বৰুৱাৰ সেয়া মুদ্ৰাদোষ | জানি- বুজি কৰা নাই |
- আপুনিনো কোন ?
- মই তেওঁৰ জীয়েকৰ কলেজৰ অধক্ষ্যা | এনে অভিজ্ঞতা মোৰো আগতে হৈছে |
 
(ৰচনাকাল - ৫ মে’ ২০১১ )

মৰমৰ ভনী তোলৈ........

Mitali Barman
-------------------
আজি মাইনুৰ বিয়া আৰু মই তাইৰ একমাত্ৰ বায়েকজনী (আৰু ঘৰখনৰ বৰজীয়ৰীজনী) ইয়াত বিশ্ববিদ্যালয়ৰ কামত মূৰ গুজি বহি আছোঁ !! নিৰুপায় !!
মোৰ মৰমৰ মাইনু... সৰু কালৰ বহু স্মৃতি... সৌসিদিনাহে যেন মই তোক মোৰ কোঁচত ল’ব বিচাৰিছিলোঁ আৰু খুৰীমাই মোক বিচনাত বহুৱাই লৈ মোৰ কোঁচত তুলি দিছিল তোক... তই মোৰ কোঁচত উঠিয়েই বমি কৰি দিছিলি পাগলী আৰু মই আলফুলকৈ গামোচাখনেৰে তোৰ মুখ-ডিঙি মচি দিছিলোঁ... মাইনু তোৰ যে স্কুলত লিখা নামটো ‘মৃদুলা’... মোৰ আব্দাৰতেইতো খুৰা-খুৰীমাই এই নামটো ৰাখিছিল... অথচ আজি তোৰ জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ মূহুৰ্ত্তত মই তোৰ ওচৰত নাই !
বিহুৰ বতৰত গাঁৱৰ ঘৰলৈ গ’লে যে আমি গোটেইকেইটা বিহু মাৰিবলৈ ওলাই গৈছিলোঁ, মানুহবোৰে একে মুখে কৈছিল “বৰ্মনথেৰ ছ’লিকেটাই বিহু মাৰবা আইছি, চাহি ৷”(খুৰাটোৱে যে আমাক কাৰোবাৰ নজৰ লাগিব বুলি নঙলামুখলৈয়ো ওলাব নিদিছিল আৰু আমিকেইটাইও খুৰা অ’ফিচলৈ যোৱাৰ পাচতেই আমাৰ অভিযান আৰম্ভ কৰি দিওঁ!) ৷ ক’ৰবাত শিকি আহি মাইনু তই যে মোক বিহু দুফাকি শিকাইছিল “পৰ্বতত বিচাৰি/ তোমালৈয়ে বুলি/ কপৌফুল মই আনিলোঁ/ দুতলা সোণেৰে/ মিনা কৰাই কৰাই/ গহনা মই গঢ়ালোঁ/ কাছাৰি ঘাটতে/ বিয়া পাতিম বুলি/ মনতে মই ভাবিলোঁ/ পিৰিতী বতাহত/ উৰি গুচি গ’লা/ গমকে মই নাপালোঁ”... ক’তা, মই চোন আজিও পাহৰা নাই ! সেইবাৰ যে বিহু শেষ হোৱাৰ পাচত নলবাৰীলৈ ঘূৰি গৈ মাইনু তহঁতলৈ মনত পৰি লুকুৱাই লুকুৱাই ইমান কান্দিছিলোঁ ! কিন্তু আজি ? মাইনু তই আজি কপালত ৰঙা সুৰুয পিন্ধি এঘৰলৈ ওলাই যাবি... অথচ আজি মই তোৰ কাষত নাই !
অকণমান ডাঙৰ হোৱাৰ পাচত গাঁৱৰ ঘৰলৈ গ’লে যে জোনাকৰ বহল চোতালত ঢাৰি-পীৰা পাৰি আমি বৰগীত,বিষ্ণু-জ্যোতিৰ গীতৰ মেলা পাতিছিলোঁ আৰু তই যে মোক আব্দাৰ কৰিছিল “মাজনী বা এইবাৰ তই, ‘লুইতৰ আকাশত তৰাৰ তৰাৱলী’ আৰু ‘মোৰ সুৰৰ চুমাত কোন সাৰ পাৱ’টো গা”! আজি তোৰ বিয়াৰ দিনা কোনে বিয়ানাম গাইছে মাইনু !! কাৰ ওচৰত তই আব্দাৰ কৰিছ !!
তোৰ যে মুখৰ মাতেই নাই মাইনু ৷ মোক আৰু ভয় কৰাৰ কাৰণ নাই ৷ পঢ়ুৱাবলৈ বহি তোক আৰু মই এলজেব্ৰাৰ ফৰ্মূলা নাইবা ৰমন্যাসবাদৰ কথা সুধি কেতিয়াও আমনি নকৰোঁ ৷ সিদিনা যে বিয়াত মাতিবলৈ তই ফোন কৰিছিলি মই কি ভাৱিছিলোঁ জান, মোৰ অকণমানি ভনীজনী ইমান ডাঙৰ হৈ গ’ল নে ! মোৰ দেউতাই মাক কি কয় শুনিবি ? “ইস্ তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” মায়ে হাঁহি হাঁহি কৈছিল দেউতাক “কি কথা কয় হে আপুনি ? তাইৰ বিয়া আৰু আপুনি কৈছে তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” অ’ মাইনু, এখন ঘৰৰ দায়িত্ব ল’ব পৰাকৈ তই ডাঙৰ হৈ গ’লি নেকি অ’! নাই নাই নাই তই অকণো ডাঙৰ হোৱা নাই ৷ মই যে কালি জোৰণৰ পাচত তোলৈ ফোন কৰিছিলোঁ তেতিয়াওতো তই থেনথেনাইছিলি “তই নাহিলি”...
ডাঙৰ খুৰাই আজি পুৱা মোক ফোনত ক’লে “অ’ তই নাইহ্লি৷ তই আহা হ’লি ঘৰখান পহৰ হলহৈ! চাচোন ইতাও কইনা অলই নাই৷ তই থাকা হ’লি তয়ে উইলে দিবা পাল্লি হৈ!”(অ' তই নাহিলি ৷ তই অহা হ'লে ঘৰখন পোহৰ হৈ গ'লহেঁতেন ! চাচোন, কইনা এতিয়াও ওলোৱাই নাই, তই অহা হ'লে, তয়েই উলিয়াই দিব পাৰিলিহেঁতেন!)
উস্ আৰু কোৱা নাযায়... ভিতৰৰ পৰা কিবা এটা আহি মোক কথা ক’ব নোৱাৰা কৰি পেলাইছে অ’... তই কুশলে থাক মাইনু... তোৰ কপালৰ ৰঙা সুৰুযটোৰে স’তে তই কুশলে থাক... কুশলে থাক... তই কুশলে থাক...

বিপন্ন সময়?

Uddip Talukdar
--------------------
অদ্ভূত কথা কিছুমান কম। কিন্তু তর্কৰ খাতিৰতে কোৱা বুলি ধৰিব।
প্রায়েই চবকে হুমুনিয়াহ কঢ়া দেখো, আজি কালিৰ সময় হেনো বেয়া হৈছে। সাম্প্রতিক পৰিস্থিতি হেনো বেয়া হৈছে। আজিকালি কম্পিটিচন বাঢ়ি্ছে। অপৰাধ বাঢ়িছে। মুঠতে ভাল একো হোৱা নাই ধৰণৰ ধাৰণা এটা চবেই মানি লৈছে। ময়ো মানি লৈছিলো। কেইমাহমান আগতে নেচাৰ নে চায়েণ্টিফিক আমেৰিকান-ত প্রবন্ধ এটা পঢ়ি পিছে মোৰ ধাৰণাত খেলিমেলি লাগি গ'ল। আজিকালিৰ পৰিস্থিতি বেয়া হোৱা বুলি কলে আমি বুজাব খোজো এটা সময়ত ভাল আছিল। পিছে আছিল জানো? সেই ভাল সময় সঁচাকে কেতিয়াবা আছিল জানো? প্রবন্ধটোত ঘাইকৈ পশ্চিমৰ বুৰঞ্জীৰ লগত বর্তমানৰ সময়ক তুলনা কৰি ফঁহিয়াই দেখুৱাইছিল যে আচলতে এতিয়াৰ সময়খিনি মানুহৰ ইতিহাসত আটাইতকৈ ভাল সময়। আজিৰ পৃথিৱীত ভোকত থকা লোকৰ সংখ্যা মানৱ জাতিৰ সমগ্র ইতিহাসতেই আটাইতকৈ কম। আজি পৃথিৱীৰ যিকোনো মানুহৰে মানৱাধিকাৰ আগতকৈ বহুত সুৰক্ষিত। ব্যক্তি স্বাধীনতা আজি সাধাৰণ মানুহে যিখিনি পাইছোঁ সেইখিনি কোনো যুগতে কোনো মানুহেই পোৱা নাছিল। বিজ্ঞানৰ অগ্রগতিয়ে মানুহৰ মৃত্যুৰ হাৰ অভাৱনীয় ভাৱে কমাই পেলাইছে। আগতে যিবোৰ অসুখত মানুহ তিলতিলকৈ মৰিবলৈ এৰি দিয়া হৈছিল, আজিকালি তাৰে বহুত বেমাৰ সম্পূর্ণৰূপে নিয়ন্ত্রণাধীন। আজিৰ সন্ত্রাসবাদী আক্রমণত যিমান মানুহ মৰিছে, তাৰ তুলনাত কেইবা গুণ অধিক মানুহ মৰিছিল 'সামান্য' বেমাৰতে--যেনে হাইজা, যক্ষ্মা ইত্যাদি। বিশ্বযুদ্ধ কেইখনৰ কথা নকলোৱেই যেনিবা। অকল নিজৰ প্রতিভা আৰু অধ্যৱসায়ৰ জোৰত আজি এজন মানুহ যিমানলৈ উঠিব পাৰে, এশ বছৰ আগতে সেইকণ সাহসো কৰিব নোৱাৰিছিল।
ভাৰত আৰু অসমৰ কথা কবলৈ গলে, সৌ সিদিনালৈকে জাত-পাতৰ তীব্র বিদ্বেষত বহুত প্রতিভাই বিকাশৰ কোনো সুবিধাই নাপাইছিল। সৰু-সৰু ৰজা আৰু সামন্তৰ মাজৰ যুঁজ-বাগৰতে বহুত মানুহৰ জীৱন অকালতে শেষ হৈ গৈছিল। স্বামীহীন তিৰোতাক জুইৰ মাজলৈ ঠেলি দিয়া হৈছিল। সামন্ত সকলে ৰায়তক মানুহ বুলিয়েই গন্য কৰা নাছিল। তাৰো আগতে আধাখিনি মানুহে দাস হৈ জীৱন কটাবলগীয়া হৈছিল। অসমতে মানৰ আক্রমণত, আহোম আৰু অন্যান্য ৰজাৰ মাজত বা ঠায়ে ঠায়ে মূৰ ডাঙি উঠা বিদ্রোহৰ সময়ত হেজাৰ হেজাৰ মানুহে মৃত্যু সাৱটিব লগা হৈছিল। জয়মতীক কৰাৰ দৰে অত্যাচাৰ পথাৰৰ মাজত সকলো ৰাইজৰ আগতে কৰিব পাৰিছিল।
কিন্তু আজি এই আটাইবোৰ দিন-দুপৰতে কৰা সম্ভৱনে? আমাৰ দেশত ঠায়ে ঠায়ে এনে ঘটনা ঘটি থাকিলেও এইবোৰ এতিয়া নিত্য-নৈমিত্তিক ঘটনা বুলি কোনেও নাভাবে। কেতিয়াবা ঘটিলেও তাৰ বিৰুদ্ধে প্রতিবাদে সমাজ কঁপাই তোলে। সকলোৱেই নাপালেও এতিয়া অন্তত: বেছিখিনি মানুহেই মেধা আৰু প্রতিভাৰ মূল্য পাবলৈ সক্ষম হৈছে। গতিকে আমি 'বেয়া সময়' বুলি ইমান সহজে মানি লোৱাটো উচিত নহয় বুলি মই ভাবো। এনে নহয় যে একো বেয়া হোৱা নাই, বা ঘটা নাই। হৈছে, কিন্তু আগৰ সময়ৰ তুলনাত সেইবোৰ কমিছেহে, বঢ়া নাই। তাতকৈ ডাঙৰ কথাটো হৈছে আগতে যিবোৰ কথা আমি গমেই নাপাইছিলো, সেইবোৰ আমি আজিকালি মূঊর্তৰ ভিতৰতে গম পাওঁ। সেইবাবেই এনে লাগে যেন বেয়া বস্তুবিলাক বেছি হৈছে।
পিছে আচলতে সময় সময় সঁচাকে বেয়া হৈছে জানো?
কথাখিনিত তর্ক কৰাৰ বহুত অৱকাশ আছে। কিন্তু কথাখিনি ভুল বুলি দলিয়াই পেলাবও নোৱাৰি।
আজিৰ সময়ত আগতকৈ কিবা-কিবি বেয়া নিশ্চয় হৈছে, কিন্তু সামগ্রিক ভাৱে সাম্প্রতীক সময় আগতকৈ বহুত ভাল।

এক মিনিটৰ গল্প: ছন্দপতন


ছন্দপতন 
--------
তেতিয়া আবেলি প্ৰায় ৪ বাজিছে
| অলস ভাৱে আকাশ - পাতাল ভাবি বিচনা খনতে পৰি আছিলো | এনেতে দুৱাৰত টোকৰ পৰাত উঠি গৈ দুৱাৰ খন খুলি দিলো | এক পলকৰ বাবে মোৰ মুখৰ মাত হেৰাই গ’ল |এয়া কি ? মোৰ কবিতাৰ প্ৰেৰণা , মোৰ সপোনৰ নাৰীচোন এয়া স্বয়ং মোৰ সমুখত বিদ্যমান | কিছুসময়লৈ দুৱাৰ মুখতে থৰ হৈ ৰ’লো |
- ভিতৰলৈ আহিব পাৰো নে ?
নাৰীৰ মাতত মোৰ মোহভঙ্গ ঘটিল
| উচপ খাই উঠিলো মই |
- অ’ আহক , ভিতৰলৈ সোমাই আহক |
- আচলতে মই আপোনাৰ আগতীয়া অনুমতি অবিহনে লগ ধৰিবলৈ আহিলো | মই আপোনাৰ কবিতাৰ সাংঘাটিক অনুগ্ৰাহী | ক’বলৈ গ’লে আপোনাৰ প্ৰতিটো নতুন কবিতাৰ বাবে মই বলিয়াৰ দৰে অপেক্ষা কৰি থাকোঁ |
ছোৱালীজনীৰ মুখেৰে যেন ফুলহে বৰষিছে
| মই একো শুনা পোৱা নাই |কৰ্ণ কুহৰত কেৱল মৌ বৰষিছে | তাইৰ দীঘল চুলিটাৰি ককাললৈ বৈ আহিছে | কপালতো একোচা চুলি পেলাই থৈছে | ঈষত্‍ বেঙুনীয়া সাজেৰে সচাঁকৈয়ে তাইক তুলি ধৰিছে |ছোৱালীজনী মোৰ ঘৰৰ কাষতে থাকে | ইয়ালৈ নতুনকৈ আহিছে | চিনাকী হোৱাই নাছিলো | কিন্তু প্ৰথম দেখা দিনৰে পৰা মই তাইৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিছিলো | মোৰ বহু কবিতাৰ নায়িকা হৈ পৰিছিল ছোৱালীজনী |অনৰ্গল কথা কৈ গৈ আছে ছোৱালীজনীয়ে | মোৰ কাণত একো সুমোৱা নাই | একেথৰে মাত্ৰ তাইৰ মুখলৈ মই চাই আছোঁ | মনত সুতীব্ৰ ইচ্ছা হৈছে | কৈয়ে দিওঁ নেকি ?- ক’ত আছিলা তুমি ইমান দিনে ?তোমাক দেখা পোৱাৰ আগতে লিখা কবিতাবোৰ জাৱৰ আছিল | তুমিয়েই আহি মোৰ কবিতাত প্ৰাণ দিলা | তুমিয়েই মোৰ প্ৰেৰণা | মোৰ কবিতাৰ জীৱন | নাই , আৰু ৰ’ব নোৱাৰি |তাই হয়তো আচৰিত হ’ব | মুখৰ মাত স্তব্ধ হৈ যাব যেতিয়া গম পাব যে তাইৰ প্ৰিয় কবিগৰাকীৰ কবিতাৰ উত্‍স তাইয়েই | কি ক’ব বাৰু তাই ? - নাই , যি হয় হ’ব | কৈয়ে দিওঁ | নিজৰ বুকুৰ ঢপঢপনি খুব স্পষ্টকৈয়ে মই নিজেই শুনা পাইছোঁ |
-
অ’ লীনা আহিছা ? ব’হাদেই অকণ | মই চাহ বনাই আছিলো | ভিতৰৰ পৰা তোমালোক দুয়োৰে কথাও শুনি আছিলো | খালী চাহ দেই |
হাতত চাহৰ ট্ৰে
’ খন লৈ ঠিক সেই মুহুৰ্ত্ততে শ্ৰীমতী ওলাই আহিল |
-
জানা লীনা | এওঁ যে লিখে কবিতাবোৰ ... প্ৰায়েই কয় , ময়েই হেনো এওঁৰ কবিতাৰ একমাত্ৰ নায়িকা | তেতিয়া মই কওঁ- হ’ব , এই বয়সত আপুনি আপোনাৰ কলেজীয়া প্ৰেম নেদেখুৱালেও হ’ব | ল’ৰা-ছোৱালীহালে কি ভাবিব বাৰু ?
শ্ৰীমতীৰ অট্টহাস্যত মোৰ ছন্দপতন ঘটিল
| চাহ্কাপো গৰম লাভা হৈ ডিঙিয়েদি বৈ যোৱা যেন লাগিল |
(
ৰচনাকাল - ৬ মে’ ২০১১ )

বিকৃত ৰূপত শ্ৰীমন্ত শংকৰদেবৰ নাট

মুকুল পাঠক Mukul Pathak

বিশিষ্ট নাট্যকাৰ দুলাল ৰয়ে শ্ৰীমন্ত শংকৰদেবৰ ৰামবিজয় নাটখন বোলে বিকৃত কৰি তাত নতুন সংলাপ আৰু চৰিত্ৰত সংযোজন কৰিছে বুলি গুৰুতৰ অভিযোগ উটিছে | যোৱা ৬ মাৰ্চত গুৱাহাটিৰ ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক দুলাল ৰয়ে মহাপুৰুষ জনাৰ সৃষ্টিক অপমান কৰি আৰু মৌলীকতা নষ্ট কৰি অংকীয়া ভাওনাৰ ৰীতি-নীতিকো আওকান কৰাৰ গুৰিতৰ অভিযোগ কৰিছে শ্ৰীমন্ত শংকৰদেব সচেতন মঝ্চৰ সচিব প্ৰভাত চন্দ্ৰ দাসে | শংকৰদেবৰ নাটকেইখনক এনেদৰে বিকৃত কৰাটো সমীচিন হৈছেনে বাৰু ? নে আমি আওপুৰণি শৈলী এৰি অলপ আধুনিক প্ৰলেপ সানি নাট কৰিবলৈ যোৱাটো একো ডাঙৰ কথা নহয় ????
Mitali Barman 
গুৰুজনাৰ নাটৰ ক্ষেত্ৰত আওপুৰণি বুলিবলৈ একো প্ৰশ্নই উঠিব নোৱাৰে ৷ গতিকে তাত নতুনৰ প্ৰলেপ সনা কথাটোও পৰিসীমাৰ বাহিৰৰ কথাহে ৷ (গুৰুজনাই 'নাট' লিখিছিল আৰু এতিয়া আমি 'নাটক' লিখোঁ, গুৰুজনাই 'বৰগীত' ৰচিছিল আৰু এতিয়া আমি 'গীত' ৰচোঁ ৷ )
মুকুল পাঠক Mukul Pathak 
হয় বাইদেউ, গুৰুজনাৰ লিখনিত হাত ফুৰাবলৈ সাহস কৰাটোৱেই আচলতে হাস্যপদ কথা | যদি ৰামবিজয় কৰিবলৈ মনেই আছিল, সেই কাহিনীক নিজৰ মতে বনায় নিজৰ নামত মঞ্চস্থ কৰিলেই ভাল | তাত আকৌ শংকৰদেবৰ নামটো সাঙুৰিব কিয় লাগে ???? অতৰ হৈছে |
Barnali Deuri Bora 
বিতৰ্কৰ উৰ্দ্ধলৈ গৈ গুৰুজনাৰ সম্পদ সমূহ সংৰক্ষণ কৰাতহে বেচি গুৰুত্ব দিব লাগে, যাতে এই আপুৰুগীয়া সম্পদ সমূহ কালৰ বুকুত হেৰাই নাযায়..
Makhan Lal Das 
ৰিমিক্স গান শুনি শুনি এনে হৈছে নেকি বাৰু?
Anjal Borah
পুৰণি কোনো কাহিনীক নতুন ধৰণেৰে ৰচনা কৰাত কোনো বাধা নাই, এনে সকলো সাহিত্যতে হৈ আছে৷ কিন্তু জাতি এটাৰ ভাষা-সাহিত্যৰ আভাষ পাবলৈ বা ঐতিহ্য ৰক্ষাৰ বাবে কোনো পুৰণি সাহিত্যকে বিকৃত কৰা উচিত নহয়৷ আচলতে দুলাল ৰয়সকলে এনে কাম নাজানি নকৰে, জানি-বুজি কৰে... যিদৰে জুবিনে জাতীয় সংগীতক বিকৃতি কৰি পৰিৱেশন কৰে৷ আমাৰ নতুন কাম কৰিবলৈ বহুত আছে৷ অথচ আমি সদায় বিতৰ্কৰ মাজত থাকি 'পাব্লিচিটি' বিচাৰোঁ৷ যিটো সকলো ক্ষেত্ৰতে এতিয়া দেখা দিছে৷ ৰাজনীতিৰ পৰা সমাজনীতিলৈকে৷



মোৰ মতে যিকোনো কলাৰে দুটা ভাগ থাকে- এটা pure আনটো applied. pure ধৰণৰ চৰ্চাই কলা বিধৰ গেঁটি সুদৃঢ় কৰি ৰাখে আৰু applied চৰ্চাই তাৰ প্ৰসাৰ ঘটায় | তেনেস্থলত আমি আমাৰ কলাৰ মাধ্যম সমূহকো applied চৰ্চাৰ বাবে এৰি দিয়া উচিত | অতিমাত্ৰা censorshipএ কোনো কলাৰে উত্‍কৰ্ষ সাধন নকৰে | শ্বেইক্চপিয়েৰৰ নাট সমূহ জগত জুৰি কত ৰঙ কত ৰূপেৰে চৰ্চা হৈ আহিছে | তাৰ ফলত সেই মূল নাট সমুহৰ কিবা ক্ষতি হৈছে বুলি ম‍ই নাভাৱো | আৰু জুবিন গাৰ্গক হেপাহ পলুৱাই গালি দিবলৈ ভাল, কিন্তু তেও অসমীয়া লোকগীত সমূহ বা হেৰাই যোৱা বৰগীত সমূহক নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ কথাও স্বীকাৰ কৰিব লাগিব | ভূপেন হাজৰিকাই বৰগীতৰ লগত তবলা-হাৰ্মনিযাম সংগত কৰিলে যদি ভুল নহয়, তাতে কি-ব’ৰ্ড খন বজালেই কিয় সৱ ভুল হৈ যায় | মুঠতে সময়ৰ লগত দৌৰিব নোৱাৰিলে আমি পিচ পৰি ৰ’ম, জগত খন ঠিকেই আগুৱাই যাৱ | গতিকে মোৰ মতে অতি censorship বন্ধ হওক, কলা-সাহিত্য চৰ্চাৰ স্বাধীনতা থাকক, লগতে যিয়ে আগ্ৰহী সি একাণপতীয়াকৈ মূল (pure) চৰ্চাত লাগক, অসম আৰু অসমীয়াৰ ভাল হ’ৱ ||


মই শৰ্মা ডাঙৰীয়াৰ কথাক সমৰ্থন কৰিছো।কিন্তু ব্যক্তিগত ভাবে মই এটা কথা অনুভব কৰো যে এখন চিনেমা আৰু ভাওণাঁক তুলনা কৰিলে নিশ্বয় চিনেমা এখন বেছি মনোৰঞ্জক।ৰাতিটো টোপনি ক্ষতি কৰি কোনো লোকে মনোৰঞ্জনৰ বাবে ভাওঁনা নাচায়।গতিকে ভাওঁনাৰ ওপৰত অত্যাচাৰ নকৰাই ভাল।এই ভাওঁনা অসমীয়া কৃষ্টিৰ বৰ ভেটি। শ শ বছৰৰ আগতে শংকৰ দেৱেনো কি দি গল তাক জানিবৰ বাবে নতুন প্রজন্মক Remix ভাওঁনা দেখুৱাম নে ?মই ভাবো সংৰক্ষনৰ বাবে original বস্তুহে ব্যৱহাৰ কৰিব লাগে।নকল বা Remix বস্তু নহয়।কথাটো ভুলো হ'ব পাৰে। মইহে এনেকৈ ভাবিছো।








এনে ৰক্ষণশীলতা যদি কম নহয়, তেন্তে কেতিয়াবা আমাৰ আদিল হুচেইন ডাঙৰীয়া আদিয়ে যদি ইংলেণ্ডৰ ব্ৰডৱে’ইত শংকৰ দেৱৰ নাট এখনি তাৰ পৰিৱেশৰ অভিযোজনাৰে কৰিবলৈ যাই, আমাৰ আন্দোলনপ্ৰৱণ ৰাজ্য খনত ছাগে আৰু এটা নাট ৰক্ষা আন্দোলনেই আৰম্ভ হৈ যাৱ | অন্ততঃ এটা অসম ব্ন্ধ ||




মুকুল পাঠক Mukul Pathak 
ম‍ই উত্থাপন কৰা মূল বিষয়টোৱেই আছিল যে আমি আচলতে কি কৰা উচিত | এতিয়া দেখা গ’ল যে তীৰ্থ শৰ্মাই কোৱাৰ দৰে Applied and pure, এই দুইটাই সংস্কৃতিৰ প্ৰচলিত প্ৰথা | এটাক বাদ দি আনটো চলিব নোৱাৰে | কথা হ’ল, আমি কিছুমান বাধ্যবাধকতা আৰোপ কৰি মূল (pure) আধাৰটো তেনেকৈ ৰাখিব লাগে আৰু তাত যদি কিবা সংযোজন-বিযোজন কৰিব লগা আছে তাক বৈধ ভাবে কৰা উচিত | শ্ৰীমন্ত শংকৰ দেৱৰ ছখন নাট যেনেদৰে আছে তেনেকৈযে ৰাখি সেয়া মহাপুৰুষ জনাৰ অমূল্য অৱদান ৰূপে গ্ৰহণ কৰাই ভাল | তাৰ পাছতো যদি কোনোই নতুন পৰীক্ষা নিৰিক্ষা চলায়, তেন্তে তাত শ্ৰীমন্ত শংকৰদেৱৰ নামটো সাঙুৰি নোলোৱাই ভাল | পৌৰাণীক কাহিনী বা গ্ৰন্থৰ নতুন সংশ্লেষণ (synthesis) কৰা পৰম্পৰাটো নতুন নিশ্চয় নহয় | কিন্তু যি সময়ত আমি মূল বিষয়টোকে জনপ্ৰিয় আৰু সন্মানীয় পৰ্যায়লৈ নিব পৰা নাই, তেনেস্থলত নতুন প্ৰয়োগৰ বিষয়টো ভাবি চাব লগা | শ্ৰী যুত ৰয় ডাঙৰীয়াই মহাপুৰুষ জনাৰ সংলাপত হাত দিয়া আৰু নান্দী শ্লোক বা অন্যান্য আংগীক সলনি কৰাটো দৃষ্টিকটু হৈছে | নতুন চৰিত্ৰৰ সমাবেশো মন কৰিব লগা কথা |

মোৰ মতে ভাওনাক নতুন ৰূপত প্রদৰ্শণ কৰাৰ অৰ্থ নাই।একেবাৰে original ৰূপটোহে প্রদ্শণ হব লাগে।


Pankaj Barah 

অংকীয়া ভাওনাৰ নিজস্ব শৈলী আছে ৷ তাক বিকৃত কৰা উচিত নহয় ৷ সেইবুলি উপস্থাপনাৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰা পৰীক্ষা নিৰীক্ষাক নুই কৰিব নোৱাৰি ৷ কিছুদিন আগেয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অংকীয়া ভাওনা শৈলী (গায়ন, বায়ন আৰু সুত্ৰধাৰ আদি) নতুন নাটকত সংযোজনৰ চেষ্টা কৰিছিল ( বিজত তেণ্ডুলকাৰৰ বিখ্যাত ঘ ঁচীৰাম কটোৱাল নাটখনৰ নতুন উপস্থাপনাত তেনে কিছু গোন্ধ পাইছিলো) ৷ সেইদৰে অংকীয়া ভাওনাৰ মঞ্চত উপস্থাপনৰ বাবে পোহৰ ব্যৱস্থাপনা, অংগসজ্জা, মঞ্চসজ্জা আদিৰ কিছু পৰীক্ষামূলক কাম বহুতেই কৰিছে ৷ সেইবোৰ মুঠেই বেয়া নহয়, বৰং উৎসাহজনক কথা ৷ দুলাল ৰয়ে কি কৰিছে আমি ভালকৈ নেজানো ৷ অংকীয়া ভাওনাৰ মুল পাণ্ডুলিপি বা গাঠনিক পৰিৱৰ্তন কৰিলে তাক অংকীয়া ভাওনাৰ আধাৰত কৰা সৃজনীশীল নাটক বোলা ভাল ৷ আজিকালি বহু নৃত্য গুৰুৱে শংকৰী নৃত্যক আধাৰ হিচাপে লৈ "সৃজনীশীল আধুনিক নৃত্য " কৰিঅ'গ্ৰাফ কৰিছে ৷ কিন্তু তাক শংকৰী নৃত্য বোলা নাই বা বোলাৰ কাৰন নাই ৷ আমি অসমীয়া মানুহবোৰ অলপ মুক্তমনৰ হ'বৰ হ'ল ৷ অতিশয় ৰক্ষণশীল বুলি জনাজাত ভিয়েনাৰ অ'পেৰা সমূহৰ ক্ৰমবৰ্দ্ধমান শিথিল আৰু আধুনিক মনোভাৱ প্ৰতক্ষ্য কৰিছিলো মোৰ শেহতীয়া ভ্ৰমন কালত ৷



পংকজ বৰা ডাঙৰীয়া ! আপুনি ঠিকেই কৈছে।নাটকত অংকীয়া ভাওনা শৈলী (গায়ন, বায়ন আৰু সুত্ৰধাৰ আদি)ব্যৱহাৰ হোৱাটো খূব ভাল কথাহে।শ্রীদিপক মহন্তৰ এখন নটকটো ইয়াৰ সুন্দৰ ব্যৱহাৰ দেখিছো।কিন্তু গুৰু জনাৰ ভাওঁনাৰ অস্ত্রোপচাৰ মানিব পাৰি জানো ?


গুৰু জনাৰ ভাওঁনাৰ বিকৃতকৰণ কোনোকাৰনতেই মানি ল'ব নোৱাৰি ৷ কিন্তু মঞ্চ উপস্থাপনাৰ বাবে কিছু ব্যৱস্থাপনাগত আনুসংগিক পৰিৱৰ্তন লাগিবই ৷ একেইদৰে সংগীতত- আগতে বৰগীতত হাৰমনিয়াম বেহেলা চেতাৰ আদি ব্যৱহাত হোৱা নাছিল ৷ আজিকালি তাক মানি লোৱা হৈছে ৷ শেহতীয়াকৈ নাৰায়নপুৰৰ বেলগুৰি সত্ৰৰ এটা দলে দিল্লীৰ মঞ্চত ৰাম বিজয় নাট প্ৰদৰ্শন কৰি আহিছে অলপো বিকৃত নকৰাকৈ ৷


দুলাল ৰয়ৰ দৰে এগৰাকী নাট্যকাৰৰ পৰা এই ভুল একেবাৰে আশা কৰিব নোৱাৰি। তেখেতৰ এই ক্ষেত্ৰত কি মন্তব্য জানিবৰ খুবেই মন আছিল।