অৰুণজ্যোতি দাস
--------------------
গোলকীকৰণৰ ফলস্বৰূপে পৃথিৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খোৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গাৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্যৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বিৱৰ্তনৰ সূচনা কৰিছে।
এনে হোৱাৰ ফলত কিছু যে সুবিধা হোৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰিৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।
এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলুৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ নৱ-প্ৰজন্মই আচাৰ-ব্যৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃ তি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।
অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!
গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপোৱা দুই এজন অত্যুৎসাহী যুৱক-যুৱতীৰ কাণত অসমীয়া থলুৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ যোতগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলুৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হোৱা নাই।
কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জীৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কেৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলোৱা প্ৰভাৱকহে বেছি মূল্য দিব।
সততে শুনিবলৈ পোৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।
[এই লেখাৰ স্পষ্ট অনুধাৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সোৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰুৱা)৭)অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰুৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]
সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভাৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হোৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হোৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?
নহয়।পুৰণী গীতত যাদু সানি থোৱাৰ সাঁথৰটোও জটিল নহয়।
সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ডৱ দেখি কোনো আদিম জনগোঙষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হোৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভাৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যোৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ্ু কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।
যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজীৱনৰ স্বাভাৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গাৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।
পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলুৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনোৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।
আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মানৱ জীৱনৰ স’তে সংগীৰতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে।
অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰৱস্থা হ’ব।
জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকুৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!
“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভাৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হোৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।
ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভাৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নোৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰেনে?
চেষ্টা কৰক,নিশ্চয় পাৰিব ।
[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]
গোলকীকৰণৰ ফলস্বৰূপে পৃথিৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খোৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গাৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্যৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বিৱৰ্তনৰ সূচনা কৰিছে।
এনে হোৱাৰ ফলত কিছু যে সুবিধা হোৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰিৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।
এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলুৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ নৱ-প্ৰজন্মই আচাৰ-ব্যৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃ
অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!
গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপোৱা দুই এজন অত্যুৎসাহী যুৱক-যুৱতীৰ কাণত অসমীয়া থলুৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ যোতগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলুৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হোৱা নাই।
কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জীৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কেৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলোৱা প্ৰভাৱকহে বেছি মূল্য দিব।
সততে শুনিবলৈ পোৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।
[এই লেখাৰ স্পষ্ট অনুধাৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সোৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰুৱা)৭)অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰুৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]
সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভাৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হোৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হোৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?
নহয়।পুৰণী গীতত যাদু সানি থোৱাৰ সাঁথৰটোও জটিল নহয়।
সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ডৱ দেখি কোনো আদিম জনগোঙষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হোৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভাৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যোৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ্ু কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।
যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজীৱনৰ স্বাভাৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গাৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।
পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলুৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনোৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।
আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মানৱ জীৱনৰ স’তে সংগীৰতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে।
অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰৱস্থা হ’ব।
জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকুৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!
“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভাৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হোৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।
ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভাৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নোৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰেনে?
চেষ্টা কৰক,নিশ্চয় পাৰিব ।
[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]
No comments:
Post a Comment