আবেলিৰ অনুভৱ
(লেখাটো প্ৰাসংগিকতা ককাৰ স্মৄতিত , বিশেষকৈ ককালৈ মনত পৰাৰ বাবে )
--------------------------------
আপুনি হয়তো আবেলি বুলি ক’লে কি যে আৰাম !বুলি কৈ এনেদৰে শুই থাকে |কিন্তু হয়তো বহুতোলোকে মোৰ দৰে অথবা আপোনাৰ দৰে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি ফুৰে |জীৱন বুলি ক’লে সংগ্ৰামৰ বাবে বেলেগভাৱেও অনুভৱ কৰিব পাৰি |কিন্তু এইবুলিয়েই জীৱনটোক এৰি দিব পাৰি নেকি ? কি অৰ্থত কলো হয়তো বুজি পাইছে |
আবেলি বুলি ক’লে মোৰ মনত পৰে -বাল্যকালত শুকান পথাৰত চিলা উৰুৱাৰ কথা |ককা -ৰ সতে ধেমালি কৰো |ক’ত কেতিয়া পাইছিলো পাহৰিলো যদিও "যি ককা-আইতাৰ সান্নিধ্য লাভ কৰে সি প্ৰখৰ বুদ্ধিমত্তা হয় ” |যেনে ককা -আইতাই সৰুকালতে আমাক সাধু কোৱাৰ কথাবোৰে হয়তো মোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰালে যে সাধুৱে শিশুৰ বৌদ্ধিক বিকাশত অলপ হ’লেও সহায় কৰে |
এতিয়া শিশুবুলি ক’লে প্ৰত্যেকে ব্যস্ত গীত-নৄত্য , কম্পিউটাৰ ইত্যাদিত |অকণমান সময় আমি সাধু অথবা ধেমালি কৰিবলৈ সময় উলিয়াবলৈ চেষ্টা কৰিব লাগে |
-ৰনৌজ কুমাৰ গগৈ (চাও ৰিদিপ ৰঞ্জন)
No comments:
Post a Comment