আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Saturday 7 May 2011

বিকৃত ৰূপত শ্ৰীমন্ত শংকৰদেবৰ নাট

মুকুল পাঠক Mukul Pathak

বিশিষ্ট নাট্যকাৰ দুলাল ৰয়ে শ্ৰীমন্ত শংকৰদেবৰ ৰামবিজয় নাটখন বোলে বিকৃত কৰি তাত নতুন সংলাপ আৰু চৰিত্ৰত সংযোজন কৰিছে বুলি গুৰুতৰ অভিযোগ উটিছে | যোৱা ৬ মাৰ্চত গুৱাহাটিৰ ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক দুলাল ৰয়ে মহাপুৰুষ জনাৰ সৃষ্টিক অপমান কৰি আৰু মৌলীকতা নষ্ট কৰি অংকীয়া ভাওনাৰ ৰীতি-নীতিকো আওকান কৰাৰ গুৰিতৰ অভিযোগ কৰিছে শ্ৰীমন্ত শংকৰদেব সচেতন মঝ্চৰ সচিব প্ৰভাত চন্দ্ৰ দাসে | শংকৰদেবৰ নাটকেইখনক এনেদৰে বিকৃত কৰাটো সমীচিন হৈছেনে বাৰু ? নে আমি আওপুৰণি শৈলী এৰি অলপ আধুনিক প্ৰলেপ সানি নাট কৰিবলৈ যোৱাটো একো ডাঙৰ কথা নহয় ????
Mitali Barman 
গুৰুজনাৰ নাটৰ ক্ষেত্ৰত আওপুৰণি বুলিবলৈ একো প্ৰশ্নই উঠিব নোৱাৰে ৷ গতিকে তাত নতুনৰ প্ৰলেপ সনা কথাটোও পৰিসীমাৰ বাহিৰৰ কথাহে ৷ (গুৰুজনাই 'নাট' লিখিছিল আৰু এতিয়া আমি 'নাটক' লিখোঁ, গুৰুজনাই 'বৰগীত' ৰচিছিল আৰু এতিয়া আমি 'গীত' ৰচোঁ ৷ )
মুকুল পাঠক Mukul Pathak 
হয় বাইদেউ, গুৰুজনাৰ লিখনিত হাত ফুৰাবলৈ সাহস কৰাটোৱেই আচলতে হাস্যপদ কথা | যদি ৰামবিজয় কৰিবলৈ মনেই আছিল, সেই কাহিনীক নিজৰ মতে বনায় নিজৰ নামত মঞ্চস্থ কৰিলেই ভাল | তাত আকৌ শংকৰদেবৰ নামটো সাঙুৰিব কিয় লাগে ???? অতৰ হৈছে |
Barnali Deuri Bora 
বিতৰ্কৰ উৰ্দ্ধলৈ গৈ গুৰুজনাৰ সম্পদ সমূহ সংৰক্ষণ কৰাতহে বেচি গুৰুত্ব দিব লাগে, যাতে এই আপুৰুগীয়া সম্পদ সমূহ কালৰ বুকুত হেৰাই নাযায়..
Makhan Lal Das 
ৰিমিক্স গান শুনি শুনি এনে হৈছে নেকি বাৰু?
Anjal Borah
পুৰণি কোনো কাহিনীক নতুন ধৰণেৰে ৰচনা কৰাত কোনো বাধা নাই, এনে সকলো সাহিত্যতে হৈ আছে৷ কিন্তু জাতি এটাৰ ভাষা-সাহিত্যৰ আভাষ পাবলৈ বা ঐতিহ্য ৰক্ষাৰ বাবে কোনো পুৰণি সাহিত্যকে বিকৃত কৰা উচিত নহয়৷ আচলতে দুলাল ৰয়সকলে এনে কাম নাজানি নকৰে, জানি-বুজি কৰে... যিদৰে জুবিনে জাতীয় সংগীতক বিকৃতি কৰি পৰিৱেশন কৰে৷ আমাৰ নতুন কাম কৰিবলৈ বহুত আছে৷ অথচ আমি সদায় বিতৰ্কৰ মাজত থাকি 'পাব্লিচিটি' বিচাৰোঁ৷ যিটো সকলো ক্ষেত্ৰতে এতিয়া দেখা দিছে৷ ৰাজনীতিৰ পৰা সমাজনীতিলৈকে৷



মোৰ মতে যিকোনো কলাৰে দুটা ভাগ থাকে- এটা pure আনটো applied. pure ধৰণৰ চৰ্চাই কলা বিধৰ গেঁটি সুদৃঢ় কৰি ৰাখে আৰু applied চৰ্চাই তাৰ প্ৰসাৰ ঘটায় | তেনেস্থলত আমি আমাৰ কলাৰ মাধ্যম সমূহকো applied চৰ্চাৰ বাবে এৰি দিয়া উচিত | অতিমাত্ৰা censorshipএ কোনো কলাৰে উত্‍কৰ্ষ সাধন নকৰে | শ্বেইক্চপিয়েৰৰ নাট সমূহ জগত জুৰি কত ৰঙ কত ৰূপেৰে চৰ্চা হৈ আহিছে | তাৰ ফলত সেই মূল নাট সমুহৰ কিবা ক্ষতি হৈছে বুলি ম‍ই নাভাৱো | আৰু জুবিন গাৰ্গক হেপাহ পলুৱাই গালি দিবলৈ ভাল, কিন্তু তেও অসমীয়া লোকগীত সমূহ বা হেৰাই যোৱা বৰগীত সমূহক নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ কথাও স্বীকাৰ কৰিব লাগিব | ভূপেন হাজৰিকাই বৰগীতৰ লগত তবলা-হাৰ্মনিযাম সংগত কৰিলে যদি ভুল নহয়, তাতে কি-ব’ৰ্ড খন বজালেই কিয় সৱ ভুল হৈ যায় | মুঠতে সময়ৰ লগত দৌৰিব নোৱাৰিলে আমি পিচ পৰি ৰ’ম, জগত খন ঠিকেই আগুৱাই যাৱ | গতিকে মোৰ মতে অতি censorship বন্ধ হওক, কলা-সাহিত্য চৰ্চাৰ স্বাধীনতা থাকক, লগতে যিয়ে আগ্ৰহী সি একাণপতীয়াকৈ মূল (pure) চৰ্চাত লাগক, অসম আৰু অসমীয়াৰ ভাল হ’ৱ ||


মই শৰ্মা ডাঙৰীয়াৰ কথাক সমৰ্থন কৰিছো।কিন্তু ব্যক্তিগত ভাবে মই এটা কথা অনুভব কৰো যে এখন চিনেমা আৰু ভাওণাঁক তুলনা কৰিলে নিশ্বয় চিনেমা এখন বেছি মনোৰঞ্জক।ৰাতিটো টোপনি ক্ষতি কৰি কোনো লোকে মনোৰঞ্জনৰ বাবে ভাওঁনা নাচায়।গতিকে ভাওঁনাৰ ওপৰত অত্যাচাৰ নকৰাই ভাল।এই ভাওঁনা অসমীয়া কৃষ্টিৰ বৰ ভেটি। শ শ বছৰৰ আগতে শংকৰ দেৱেনো কি দি গল তাক জানিবৰ বাবে নতুন প্রজন্মক Remix ভাওঁনা দেখুৱাম নে ?মই ভাবো সংৰক্ষনৰ বাবে original বস্তুহে ব্যৱহাৰ কৰিব লাগে।নকল বা Remix বস্তু নহয়।কথাটো ভুলো হ'ব পাৰে। মইহে এনেকৈ ভাবিছো।








এনে ৰক্ষণশীলতা যদি কম নহয়, তেন্তে কেতিয়াবা আমাৰ আদিল হুচেইন ডাঙৰীয়া আদিয়ে যদি ইংলেণ্ডৰ ব্ৰডৱে’ইত শংকৰ দেৱৰ নাট এখনি তাৰ পৰিৱেশৰ অভিযোজনাৰে কৰিবলৈ যাই, আমাৰ আন্দোলনপ্ৰৱণ ৰাজ্য খনত ছাগে আৰু এটা নাট ৰক্ষা আন্দোলনেই আৰম্ভ হৈ যাৱ | অন্ততঃ এটা অসম ব্ন্ধ ||




মুকুল পাঠক Mukul Pathak 
ম‍ই উত্থাপন কৰা মূল বিষয়টোৱেই আছিল যে আমি আচলতে কি কৰা উচিত | এতিয়া দেখা গ’ল যে তীৰ্থ শৰ্মাই কোৱাৰ দৰে Applied and pure, এই দুইটাই সংস্কৃতিৰ প্ৰচলিত প্ৰথা | এটাক বাদ দি আনটো চলিব নোৱাৰে | কথা হ’ল, আমি কিছুমান বাধ্যবাধকতা আৰোপ কৰি মূল (pure) আধাৰটো তেনেকৈ ৰাখিব লাগে আৰু তাত যদি কিবা সংযোজন-বিযোজন কৰিব লগা আছে তাক বৈধ ভাবে কৰা উচিত | শ্ৰীমন্ত শংকৰ দেৱৰ ছখন নাট যেনেদৰে আছে তেনেকৈযে ৰাখি সেয়া মহাপুৰুষ জনাৰ অমূল্য অৱদান ৰূপে গ্ৰহণ কৰাই ভাল | তাৰ পাছতো যদি কোনোই নতুন পৰীক্ষা নিৰিক্ষা চলায়, তেন্তে তাত শ্ৰীমন্ত শংকৰদেৱৰ নামটো সাঙুৰি নোলোৱাই ভাল | পৌৰাণীক কাহিনী বা গ্ৰন্থৰ নতুন সংশ্লেষণ (synthesis) কৰা পৰম্পৰাটো নতুন নিশ্চয় নহয় | কিন্তু যি সময়ত আমি মূল বিষয়টোকে জনপ্ৰিয় আৰু সন্মানীয় পৰ্যায়লৈ নিব পৰা নাই, তেনেস্থলত নতুন প্ৰয়োগৰ বিষয়টো ভাবি চাব লগা | শ্ৰী যুত ৰয় ডাঙৰীয়াই মহাপুৰুষ জনাৰ সংলাপত হাত দিয়া আৰু নান্দী শ্লোক বা অন্যান্য আংগীক সলনি কৰাটো দৃষ্টিকটু হৈছে | নতুন চৰিত্ৰৰ সমাবেশো মন কৰিব লগা কথা |

মোৰ মতে ভাওনাক নতুন ৰূপত প্রদৰ্শণ কৰাৰ অৰ্থ নাই।একেবাৰে original ৰূপটোহে প্রদ্শণ হব লাগে।


Pankaj Barah 

অংকীয়া ভাওনাৰ নিজস্ব শৈলী আছে ৷ তাক বিকৃত কৰা উচিত নহয় ৷ সেইবুলি উপস্থাপনাৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰা পৰীক্ষা নিৰীক্ষাক নুই কৰিব নোৱাৰি ৷ কিছুদিন আগেয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অংকীয়া ভাওনা শৈলী (গায়ন, বায়ন আৰু সুত্ৰধাৰ আদি) নতুন নাটকত সংযোজনৰ চেষ্টা কৰিছিল ( বিজত তেণ্ডুলকাৰৰ বিখ্যাত ঘ ঁচীৰাম কটোৱাল নাটখনৰ নতুন উপস্থাপনাত তেনে কিছু গোন্ধ পাইছিলো) ৷ সেইদৰে অংকীয়া ভাওনাৰ মঞ্চত উপস্থাপনৰ বাবে পোহৰ ব্যৱস্থাপনা, অংগসজ্জা, মঞ্চসজ্জা আদিৰ কিছু পৰীক্ষামূলক কাম বহুতেই কৰিছে ৷ সেইবোৰ মুঠেই বেয়া নহয়, বৰং উৎসাহজনক কথা ৷ দুলাল ৰয়ে কি কৰিছে আমি ভালকৈ নেজানো ৷ অংকীয়া ভাওনাৰ মুল পাণ্ডুলিপি বা গাঠনিক পৰিৱৰ্তন কৰিলে তাক অংকীয়া ভাওনাৰ আধাৰত কৰা সৃজনীশীল নাটক বোলা ভাল ৷ আজিকালি বহু নৃত্য গুৰুৱে শংকৰী নৃত্যক আধাৰ হিচাপে লৈ "সৃজনীশীল আধুনিক নৃত্য " কৰিঅ'গ্ৰাফ কৰিছে ৷ কিন্তু তাক শংকৰী নৃত্য বোলা নাই বা বোলাৰ কাৰন নাই ৷ আমি অসমীয়া মানুহবোৰ অলপ মুক্তমনৰ হ'বৰ হ'ল ৷ অতিশয় ৰক্ষণশীল বুলি জনাজাত ভিয়েনাৰ অ'পেৰা সমূহৰ ক্ৰমবৰ্দ্ধমান শিথিল আৰু আধুনিক মনোভাৱ প্ৰতক্ষ্য কৰিছিলো মোৰ শেহতীয়া ভ্ৰমন কালত ৷



পংকজ বৰা ডাঙৰীয়া ! আপুনি ঠিকেই কৈছে।নাটকত অংকীয়া ভাওনা শৈলী (গায়ন, বায়ন আৰু সুত্ৰধাৰ আদি)ব্যৱহাৰ হোৱাটো খূব ভাল কথাহে।শ্রীদিপক মহন্তৰ এখন নটকটো ইয়াৰ সুন্দৰ ব্যৱহাৰ দেখিছো।কিন্তু গুৰু জনাৰ ভাওঁনাৰ অস্ত্রোপচাৰ মানিব পাৰি জানো ?


গুৰু জনাৰ ভাওঁনাৰ বিকৃতকৰণ কোনোকাৰনতেই মানি ল'ব নোৱাৰি ৷ কিন্তু মঞ্চ উপস্থাপনাৰ বাবে কিছু ব্যৱস্থাপনাগত আনুসংগিক পৰিৱৰ্তন লাগিবই ৷ একেইদৰে সংগীতত- আগতে বৰগীতত হাৰমনিয়াম বেহেলা চেতাৰ আদি ব্যৱহাত হোৱা নাছিল ৷ আজিকালি তাক মানি লোৱা হৈছে ৷ শেহতীয়াকৈ নাৰায়নপুৰৰ বেলগুৰি সত্ৰৰ এটা দলে দিল্লীৰ মঞ্চত ৰাম বিজয় নাট প্ৰদৰ্শন কৰি আহিছে অলপো বিকৃত নকৰাকৈ ৷


দুলাল ৰয়ৰ দৰে এগৰাকী নাট্যকাৰৰ পৰা এই ভুল একেবাৰে আশা কৰিব নোৱাৰি। তেখেতৰ এই ক্ষেত্ৰত কি মন্তব্য জানিবৰ খুবেই মন আছিল।

1 comment:

  1. Casinos Near Bryson City NC (Hancock) - Mapyro
    Find Casinos 여수 출장안마 Near 거제 출장안마 Bryson City 영천 출장샵 NC 익산 출장안마 (Hancock) with Mapyro, complete with reviews, ratings, latest photos, 용인 출장마사지 location maps,

    ReplyDelete