আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গৰ্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।

Saturday 7 May 2011

এক মিনিটৰ গল্প "এজন হৃদয়্হীন ব্যক্তিৰ স্বীকাৰোক্তি "

Manoranjan Majumder
-----------------------

হয় , মই এজন হৃদয়্হীন ব্যক্তি | হৃদয় বুলিবলৈ মোৰ একো নাই | বিবেক মই কেতিয়াবাই বৰ্জ্জন দিছোঁ | পঙ্গু মনৰ গ্লানি কঢ়িয়াই থকা মই এজন হৃদয়্হীন ব্যক্তি | কি ক’লে , মই এজন সন্ত্ৰাসবাদী ? হয়তো আপোনাৰ
চকুত মই এজন সন্ত্ৰাসবাদী | কিন্তু মোৰ নিজৰ দৃষ্টিত মই হয়তো আপোনাতকৈ বহুগুণে ভাল | কাৰণ মই আপোনাৰ দৰে দুখীয়াৰ দৰে তেজ শুহি নাখাওঁ , চকুৰ আগতে পত্নী , ভনীক কাৰোবাৰ কামনাৰ বলি হ’বলৈ নিদিওঁ |... হয় , আপুনি ঠিকেই শুনিছে , যোৱা সপ্তাহত চাৰি-আলিৰ বোমাটো ময়েই ফুটাইছিলো | সেই বোমাৰ আঘাতত মন্ত্ৰীৰ বুকু-কলিজা ফাটি চিৰা-চিৰ হৈছিল | মন্ত্ৰীৰ বিধৱা পত্নীয়ে ছিন্ন-বিছিন্ন হোৱা শৱ-দেহটোত পৰি হিয়া ঢাকুৰি কান্দিছিল | আৰু মোৰ কলিজা কিমান শাত পৰিছিল সেয়া হ্য়তো আপুনি কল্পনাও কৰিব নোৱাৰে |...
আপুনি মোৰ আদৰ্শৰ বিষয়ে সুধিছে ? আদৰ্শ মোৰ নাই | যিটো আদৰ্শত মই এই গোটটোত যোগদান কৰিছিলো সেই আদৰ্শ মই ইয়াত বিছাৰি নাপালো | এতিয়া এই বন্দুক টোৱেই মোৰ শেষ আদৰ্শ | কোনো কাৰণতে মই কাকো ক্ষমা কৰিব নোৱাৰো | সেয়ে মই এজন হৃদয়্হীন ব্যক্তি | আপোনাৰ জানিবলৈ মন নাযায় নে মোৰ হৃদয় ক’ত হেৰাই গ’ল ? ক’ত বিসৰ্জ্জন দিলো মই ইয়াক ? যিদিনাখনেই আপোনাৰ সৈন্য দল আহি মোৰ চকুৰ আগতে মোৰ পত্নী আৰু ভনীক উঠাই লৈ গ’ল আৰু পিছদিনা যেতিয়া সিহঁতৰ দেহ গাৱঁৰ সীমাৰ পথাৰখনত পালো তেতিয়াই মই হৃদয়ক বৰ্জ্জন কৰিলো |শিলত পৰিণত হ’ল মোৰ হৃদয় | আৰু এতিয়া এই ফাচীঁকাঠত উঠাৰ মুহুৰ্ত্ততো মই ক’বলৈ ভয় কৰা নাই যে মই এজন হৃদয়্হীন ব্যক্তি |
বিঃদ্ৰঃ এই লেখাটোৰ উদ্দেশ্য কোনো সন্ত্ৰাসবাদী গোটক প্ৰশ্ৰয় দিয়াটো নহয়|

(ৰচনাকাল- ১৯ মাৰ্চ ২০১১)

No comments:

Post a Comment