-----------------------
১/ মোৰ কাহিনীৰ নায়িকা মমতাৰ কথাৰে :
হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি” নামৰ কালজয়ী কবিতাটিৰ সোৱাদ নোপোৱা লোক হয়তো আজিৰ অসমত খুব কমেই পোৱা যাব | কি এক দুখ, কি এক প্ৰগাঢ় ভালপোৱা সন্নিবিষ্ট হৈ আছে তাক পঢ়োতাজনেহে বুজিব পাৰে | কবিতাৰ মাধ্যমেৰে কবিয়ে প্ৰকাশ কৰিছে মমতাৰ ভালপোৱা, আৰু ভালপোৱাজনক হেৰুৱাৰ বেদনা | ঠিক একেই বেদনা, একেই ভালপোৱা আছিল মোৰ কাহিনীৰ “মমতা”ৰ | মোৰ কাহিনীৰ মমতা বাস্তৱত তেজ মঙহৰ এগৰাকী মানুহ | ভদ্ৰ সমাজত কাঁঠফুলাৰ দৰে বাঢ়ি অহা আন এখন সমাজৰ বাসিন্দা তাই, যি নিশাৰ অন্ধকাৰত চঞ্চল হৈ উঠে | এক কথাত ক’বলৈ গ’লে আজিৰ তাৰিখত মোৰ কাহিনীৰ “মমতা” এগৰাকী “গণিকা”, এগৰাকী “বেশ্যা” | আপুনি হয়তো ভাবিব পাৰে আমাৰ সমাজত ঘৃণাৰ চকুৰে চোৱা এগৰাকী বেশ্যাৰ কথা আজি কিয় আলোচনাৰ বিষয় হৈ পৰিছে ! কিন্তু আপুনি হৃদয়ঙ্গম কৰিব লাগিব তাইৰ অনুভূতিবোৰ, তাইৰ ভালপোৱাবোৰ | আভিধানিক অৰ্থত আজিৰ “মমতা”ই ধনৰ বিনিময়ত নিজৰ দেহ বিক্ৰী কৰে | আমাৰ সমাজত, বাট-পথত অলেখ মমতাৰ ভিৰ আপুনি দেখিবলৈ পাব | সিহঁতৰ মাজৰে কিছুমানে ধন ঘটাৰ সহজ উপায় বিচাৰি উলিয়াইছে এইদৰে, কিন্তু কিছুমানক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰাইছো আমি, এই ভদ্ৰ সমাজে | মোৰ কাহিনীৰ নায়িকা এই দ্বিতীয় শ্ৰেনীৰ | জীৱনটোক ভালদৰে বুজি পোৱাৰ বয়সত তাই প্ৰেমত পৰিছিল, নিশাৰ আকাশত তৰা গণিছিল, শুকুলা মেঘৰ ঘৰ সাজিছিল সপোনত | দেও দি ফুৰা চৰাইৰ দৰে অনুভৱ কৰিছিল নিজকে | দুভাগ নিশা পাহাৰৰ সিপাৰে যেন তাইক কোনোবাই ৰিঙিয়াই কৈছিল “মোৰ ভালপোৱাৰ ঠিকনা তোমাৰ হৃদয়” | সপোনত যেন কোনোবাই তাইক কৈ উঠিছিল,
"এই !! শুনা !
তোমাৰ ওঁঠৰ জোখ লোৱা বহু দিন হ’ল
এই !! উঠানা ! প্লিজ !"
[কবিতা: এটা মাতাল উজাগৰী নিশা তোমাৰ নামত (মনোজ মন)]
২/ বান আহিছিল তাইৰ জীৱনলৈ :
ভালপোৱাৰ ফাকু-গুড়ি চটিয়াই লৈছিল তাই নিজৰ দেহত, আৰু এদিন আজীৱন প্ৰেমৰ নৈত সাঁতুৰি ফুৰাৰ প্ৰতিশ্ৰুতিৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাটনি মেলিছিল | তাই হয়তো জনা নাছিল, হৃদয়ৰ মাজুলীত যে এতিয়া গড়াখহনীয়াৰ বতৰ | এদিন তাই অনুভৱ কৰিলে, প্ৰেমৰ নৈত সাঁতুৰি ফুৰুতে উভটি যোৱাৰ বাটেই হেৰুৱালে | তাই দেখিলে বনৰীয়া লঁতাৰ দৰে মেৰিয়াই ধৰিবলৈ উদ্যত কিছুমান হাত, নিমিষতে গিলি পেলোৱা দৃষ্টিত আবদ্ধ তাইৰ শৰীৰ | পাহাৰৰ সিপাৰে ৰিঙিয়াই মতা তাইৰ মনৰ মানুহজন এতিয়াচোন ৰূপান্তৰিত হৈ পৰিছে এজন দানৱলৈ ! ধনৰ বিনিময়ত ঠেলি দিছে তাইক অন্ধকুপলৈ, য’ত তাইৰ বাবে অপেক্ষা কৰি ৰৈ থাকে এক কুটিল হাঁহি |
“বানে পোৱা নৈৰ বলিয়া সোঁতত উটি যাব নিবিচাৰো মই |
আশাবোৰ বুকুত সাৱতি বাট চাই ৰ’ম পাৰত বহি |
যদি সেই আশা বুকুতেই ৰৈ যায় !
যদি নৈ বৈ ঢৌ বাগৰি সুঁতি সলায় !
তথাপিও বাট চাই ৰ’ম, আকৌ বাৰিষা আহক |
নৈৰ বুকুত যে এটা সৰু দ্বীপ আছে,
যাক হৃদয় বুলি কয়,
তাতেই আছিল মোৰ ঘৰ |”
[কবিতা: বান আহিছিল (মনোজ মন)]
৩/ তাই এতিয়াও বাট চাই আছে :
মোৰ কাহিনীৰ “মমতা”ৰ জীৱনলৈ ভালপোৱা আৰু উভটি নাহিল | সেইবোৰ বিক্ৰী হৈ গ’ল ধনৰ বিনিময়ত | এতিয়া তাই পৰিণত হ’ল অন্ধকাৰ গ’লিৰ এখন বেনাৰলৈ | অলেখ অযুত চেষ্টাৰেও মচিব নোৱাৰিলে তাত খোদিত লেতেৰা আখৰবোৰ | কিন্তু আপুনি জানো হত্যা কৰিব পৰিব প্ৰেমক ! তাইও নোৱাৰিলে | ভালপোৱাৰ দুগালত আঁকি দিয়া ওঁঠৰ দাগবোৰ বিচাৰি হাবাথুৰি খোৱা তাইক দেখিবলৈ পাব অপুনি নৈৰ ঘাটত, আউলি-বাউলি হৈ বহি ৰোৱা প্ৰতিটো গধূলি | যদি আপুনি কাণ পাতি ৰয় তেতিয়া হয়তো শুনিবলৈ পাব পাৰে তাইৰ উচুপনি | আপুনি যদি হৃদয়বান হয় তেন্তে চকু মুদিলেই দেখিবলৈ পাব এখন চিঠি; যাক হয়তো আপুনি নাম দিব পাৰে “এজনী বেশ্যাৰ এখন অশ্লীল চিঠি” |
“মৰমৰ,
আজি বহুত দিন হ’ল তোমাক নেদেখা |
মোক বাৰু তুমি ঘৃণা কৰা নেকি !
মোৰ দেহত এতিয়া শিয়াল-কুকুৰৰ আচোঁৰ |
তুমি যে গ’লা! এবাৰলৈও উভতি নাহিলা |
বিয়াৰ নিশা হোমৰ জুইঁক সাক্ষী কৰি
তুমিয়েই কোৱা নাছিলা জানো !
"মোৰ সাঁতোটা জীৱন তোমাৰ নামত" !
পিতাইৰ ঘৰৰ পৰা বিদায়ৰ দিনা
কান্দি আউলি-বাউলি হওঁতে
ভবাতো নাছিলো!
সেই যে সেমেকা মন আজিও সেমেকি ৰ’ব |
জনাতো নাছিলো তোমাৰ জীৱিকা মোৰ দেহ !
ৰাজপথত বিচাৰি ফুৰিবা
মোৰ বাবে নতুন নতুন প্ৰেমিক |
সিহঁতবোৰে মোৰ বুকুখন খুলি খুলি খোৱাৰ সময়ত
দুৱাৰৰ সিপাৰে বহি তুমি বাৰু কি ভাবি থাকা !
মোৰ লগত পাৰ কৰা ফুলশয্যাৰ নিশাৰ কথা?
তোমাক হয়তো মই জনোৱা নাই !
সিহঁতৰ উশাহঘন শব্দত বিচাৰো
তোমাৰ উপস্থিতি |
তোমাৰ বাবেই মই পাৰি দিছিলো সুকোমল শয্যা,
য’ত স্থান দিছিলা ৰুবিনা, পাৰৱিন, মিনতিহঁতক |
তুমি শুনিছিলানে !
দুৱাৰৰ সিপাৰৰ মোৰ উচুপনিবোৰ !
তুমিও থিক একেদৰেই উচুপি উঠা নেকি বাৰু !
মোৰ দেহৰ প্ৰেমত পৰা সেই এদিনিয়া প্ৰেমিকবোৰ দেখি !
তোমাৰ বাৰু হিয়া কঁপি উঠেনে ?
সিঁহ্তবোৰৰ অট্টহাস্য শুনি |
কি পাৰ্থক্য তোমাৰ আৰু সিহঁতৰ !
আৰু বিশেষ নিলিখো |
তুমি যদি কেতিয়াবা উজাই আহা
মোৰ বুকুৰ উপত্যকাত জিৰাবলৈ,
মোক জনাবলৈ নাপাহৰিবা |
কপালত আকিঁ ল’ম ৰঙা অকণমান ,
আৰু মেলি দিম দুহাত বুকু উদঙাই |
কিন্তু ! কিন্তু !!
মোৰ বুকুত যে এতিয়াও শিয়াল-কুকুৰৰ আঁচোৰ !
আকৌ আতঁৰি যাবা নেকি !
ৰুবিনা, পাৰৱিন, মিনতিহঁতৰ বুকুৰ উম বিচাৰি !!”
[কবিতা: এজনী বেশ্যাৰ এখন অশ্লীল চিঠি (মনোজ মন)]
No comments:
Post a Comment