Manoranjan Majumder
জীয়েক সীমাই ঘনে ঘনে মাকৰ ফ’টো খনলৈ চাই সেৱাঁ কৰিছে | বৰুৱাৰো দুচকু সেমেকি উঠিছে | এনেতে খোৱাৰ সময় আহিল | আজিকালিৰ বুফে চিষ্টেমৰ দৰে কাৰবাৰ তেওঁ কৰা নাই | বেঞ্চ-ডেস্ক পাৰি অভ্যাগত সকলক খাবলৈ মাতিছে | বিয়ালৈ ময়ো আহিছোঁ | পিঠিয়া-পিঠিকৈ মানুহবোৰ শাৰী পাতি বহিছে | মোৰ পিছফালে বহিছে কেইগৰাকী মান মহিলা | কথা পকাই পকাই খোৱা আৰম্ভ কৰিছে | এনেতে শুনিলো - এগৰাকীয়ে কৈছে -
" মুদ্ৰাদোষ "
----------------------
বৰুৱাৰ আজি ব্যস্ততাৰ সীমা নাই
| আজি তেওঁৰ একমাত্ৰ জীয়েক সীমাৰ বিয়া | বৰুৱানী ঢুকুৱা কেইবাবছৰো হ’ল | জীয়েকৰ মৰমতে বৰুৱাই দুনাই বিয়াও নকৰালে | বহুতে উপদেশ দিছিল | আন কিছুমানে ছোৱালীও যাচিঁছিল | নাই , বৰুৱাৰ এক কথা | "বিয়া নকৰাওঁ "| তাতে কিছুমানৰ ঠাট্টা | "চাওঁচোন , কিমানদিন অকলে থাকে ?" এনেকৈ কোৱাৰ কাৰণ আছে | কলেজীয়া দিনত বৰুৱা আছিল সাংঘাটিক গ্লেমাৰাছ | সোঁৱে- বাঁৱে অসংখ্য ল’ৰা-ছোৱালীয়ে তেওঁক জুমুৰি মাৰি ধৰিছিল | ধনৰ অভাৱ নাছিল তেওঁৰ | যি কি নহওঁক , কিবা এটা চিন্তা কৰিয়েই বৰুৱাই দুনাই বিয়া নকৰালে |
- চাওঁকচোন ,আজি জীয়েকৰ বিয়াৰ দিনানো বৰুৱাই এনে কৰিব লাগে নে ?
- কিনো কৰিলে ?
- দেখা নাই ? মোলৈ চাই চকু টিপিয়াই আছে |
- অ’তো ,কি হ’ল তেওঁৰ ?
- বুঢ়া বয়সত পৰকিতি লৰিছে নেকি ?
তেওঁলোকৰ কথা শুনি মই পিছলৈ ঘুৰি চালো
| দেখিলো বৰুৱাই পাণ -তামোলৰ বটা এখন লৈ মহিলা দুগৰাকীৰ ঠিক সমূখত কিছু আতঁৰত থিয় দি আছে | মহিলা দুগৰাকীৰ কথা সচাঁ | বৰুৱাই চকু টিপিয়াই আছে | মই লগে লগে বুজি পালো বৰুৱাৰ চকু টিপিওৱাৰ কাৰণ | মই উভটি মহিলা দুগৰাকীক ক’লো -- বুজিছে বৰুৱাৰ সেয়া মুদ্ৰাদোষ | জানি- বুজি কৰা নাই |
- আপুনিনো কোন ?
- মই তেওঁৰ জীয়েকৰ কলেজৰ অধক্ষ্যা | এনে অভিজ্ঞতা মোৰো আগতে হৈছে |
(ৰচনাকাল - ৫ মে’ ২০১১ )
No comments:
Post a Comment