Manoranjan Majumder
--------------------
--------------------
চিগাৰেটতো জ্বলাই মুখত কিছুপৰ ৰাখিলো |আলিবাটৰ সিটো পাৰে বহা বুঢ়া ভিক্ষাৰীজনলৈ মোৰ চকু গ’ল |আজিও ঠিক সেই একে ঠাইতে ভিক্ষাৰীজন বহিছে |কাষেৰে পাৰ হৈ যোৱা মানুহ জাকক উদ্দ্যেশি বুঢ়াই কিবা-কিবি কৈ আছে |কিছুমানে হয়তো দুই-এটকা দলিয়াই থৈও গৈছে |হয়্তো পুতৌ ভাৱে অথৱা পূণ্য অৰ্জ্জনৰ আশাত |বুঢ়াই নিৰ্বিকাৰ ভাৱে টকা কিটা কাষতে থকা বাটিটোত থৈছে |মই নীৰৱ দৰ্শক হৈ মাত্ৰ চাই আছোঁ |থিয়েটাৰৰ এক বিশেষ মূহুৰ্ত্তত যেনেকৈ দৰ্শকে মৌন হৈ মাত্ৰ অভিনয় চাই থাকে ঠিক তেনেকৈ মৌন হৈ মই মাত্ৰ চাই আছোঁ |এনেতে সিফালৰ পৰা বোজাই ভৰ্ত্তি ট্ৰাক এখন আহিল |ট্ৰাকখন ভিক্ষাৰীজনৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল |বুঢ়াৰ দেহটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল |মানুহ বোৰে হৈ-হাল্লা কৰি ট্ৰাকখন ৰখালে |ভোকাতুৰ বাঘৰ দৰে মানুহবোৰ ট্ৰাকখনৰ ওপৰত জপিয়াই পৰিল |আলু আৰু পিয়াজঁ বোজাই কৰি আনিছিল ট্ৰাকখনে |বাটৰ মানুহ বোৰে যেনেকৈ পায় তেনেকৈ আলু -পিয়াজঁ বোৰ লৈ গ’ল |ট্ৰাকখনৰ চকাত এতিয়াও তেজৰ দাগ |মোৰ চিগাৰেটতো শেষ হোৱাত ময়ো ঘৰলৈ খোজ দিলো |
(ৰচনা কাল -১২ ফেব্ৰু’ ২০১১)
গল্পটো আগতে কৰবাত পঢ়িছিলো।
ReplyDeleteগল্পটো ভাল লাগিল,,
ReplyDeleteমানস প্ৰতীম শৰ্মা, হিন্দী টাইপিষ্ট, তেজপুৰ বিশ্ববিদ্য়ালয়
ReplyDeleteগল্পটো পঢ়ি নিজৰ জীৱনৰ এক মিনিট সময় বহু মূল্য়বান যেন অনুভৱ হল ।
ভাল লাগিল ।
ReplyDelete