ছন্দপতন
--------
তেতিয়া আবেলি প্ৰায় ৪ বাজিছে
| অলস ভাৱে আকাশ - পাতাল ভাবি বিচনা খনতে পৰি আছিলো | এনেতে দুৱাৰত টোকৰ পৰাত উঠি গৈ দুৱাৰ খন খুলি দিলো | এক পলকৰ বাবে মোৰ মুখৰ মাত হেৰাই গ’ল |এয়া কি ? মোৰ কবিতাৰ প্ৰেৰণা , মোৰ সপোনৰ নাৰীচোন এয়া স্বয়ং মোৰ সমুখত বিদ্যমান | কিছুসময়লৈ দুৱাৰ মুখতে থৰ হৈ ৰ’লো |
- ভিতৰলৈ আহিব পাৰো নে ?
নাৰীৰ মাতত মোৰ মোহভঙ্গ ঘটিল
| উচপ খাই উঠিলো মই |- অ’ আহক , ভিতৰলৈ সোমাই আহক |
- আচলতে মই আপোনাৰ আগতীয়া অনুমতি অবিহনে লগ ধৰিবলৈ আহিলো | মই আপোনাৰ কবিতাৰ সাংঘাটিক অনুগ্ৰাহী | ক’বলৈ গ’লে আপোনাৰ প্ৰতিটো নতুন কবিতাৰ বাবে মই বলিয়াৰ দৰে অপেক্ষা কৰি থাকোঁ |
ছোৱালীজনীৰ মুখেৰে যেন ফুলহে বৰষিছে
| মই একো শুনা পোৱা নাই |কৰ্ণ কুহৰত কেৱল মৌ বৰষিছে | তাইৰ দীঘল চুলিটাৰি ককাললৈ বৈ আহিছে | কপালতো একোচা চুলি পেলাই থৈছে | ঈষত্ বেঙুনীয়া সাজেৰে সচাঁকৈয়ে তাইক তুলি ধৰিছে |ছোৱালীজনী মোৰ ঘৰৰ কাষতে থাকে | ইয়ালৈ নতুনকৈ আহিছে | চিনাকী হোৱাই নাছিলো | কিন্তু প্ৰথম দেখা দিনৰে পৰা মই তাইৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিছিলো | মোৰ বহু কবিতাৰ নায়িকা হৈ পৰিছিল ছোৱালীজনী |অনৰ্গল কথা কৈ গৈ আছে ছোৱালীজনীয়ে | মোৰ কাণত একো সুমোৱা নাই | একেথৰে মাত্ৰ তাইৰ মুখলৈ মই চাই আছোঁ | মনত সুতীব্ৰ ইচ্ছা হৈছে | কৈয়ে দিওঁ নেকি ?- ক’ত আছিলা তুমি ইমান দিনে ?তোমাক দেখা পোৱাৰ আগতে লিখা কবিতাবোৰ জাৱৰ আছিল | তুমিয়েই আহি মোৰ কবিতাত প্ৰাণ দিলা | তুমিয়েই মোৰ প্ৰেৰণা | মোৰ কবিতাৰ জীৱন | নাই , আৰু ৰ’ব নোৱাৰি |তাই হয়তো আচৰিত হ’ব | মুখৰ মাত স্তব্ধ হৈ যাব যেতিয়া গম পাব যে তাইৰ প্ৰিয় কবিগৰাকীৰ কবিতাৰ উত্স তাইয়েই | কি ক’ব বাৰু তাই ? - নাই , যি হয় হ’ব | কৈয়ে দিওঁ | নিজৰ বুকুৰ ঢপঢপনি খুব স্পষ্টকৈয়ে মই নিজেই শুনা পাইছোঁ |-
অ’ লীনা আহিছা ? ব’হাদেই অকণ | মই চাহ বনাই আছিলো | ভিতৰৰ পৰা তোমালোক দুয়োৰে কথাও শুনি আছিলো | খালী চাহ দেই |হাতত চাহৰ ট্ৰে
’ খন লৈ ঠিক সেই মুহুৰ্ত্ততে শ্ৰীমতী ওলাই আহিল |-
জানা লীনা | এওঁ যে লিখে কবিতাবোৰ ... প্ৰায়েই কয় , ময়েই হেনো এওঁৰ কবিতাৰ একমাত্ৰ নায়িকা | তেতিয়া মই কওঁ- হ’ব , এই বয়সত আপুনি আপোনাৰ কলেজীয়া প্ৰেম নেদেখুৱালেও হ’ব | ল’ৰা-ছোৱালীহালে কি ভাবিব বাৰু ?শ্ৰীমতীৰ অট্টহাস্যত মোৰ ছন্দপতন ঘটিল
| চাহ্কাপো গৰম লাভা হৈ ডিঙিয়েদি বৈ যোৱা যেন লাগিল |(
ৰচনাকাল - ৬ মে’ ২০১১ )
No comments:
Post a Comment